• Home
  • Perspective
  • শব্দৰ পৰা সজাগতালৈ, সজাগতাৰ পৰা স্বাস্থ্য সুৰক্ষা লৈ ডিব্ৰুগড়ৰ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা আৰু IEC- BCCৰ ভূমিকা

শব্দৰ পৰা সজাগতালৈ, সজাগতাৰ পৰা স্বাস্থ্য সুৰক্ষা লৈ ডিব্ৰুগড়ৰ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা আৰু IEC- BCCৰ ভূমিকা

iec

ডেইজী গগৈ
জিলা গণমাধ্যম বিশেষজ্ঞ
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়


প্ৰস্তাৱনা: তথ্য,শিক্ষা আৰু যোগাযোগেৰে সলনি হোৱা জীৱনৰ ৰং

স্নেপশ্বট ১: ২০ বছৰ আগৰ কথা তাইৰ ৰিণি ৰিণি মনত পৰে। মীনাৰ খুড়ীয়েক পদ্মাৰ দ্বিতীয় সন্তানটি জন্মৰ সময়ত ঘৰতে ধাইয়ে প্ৰসৱ কৰাইছিল। প্ৰচুৰ ৰক্তস্ৰাৱ হৈছিল। ভাগ্য ভাল আছিল, খুড়ীয়েক পদ্মা বাচিল। কিন্তু সেই ভয়টো মীনাৰ মনৰ পৰা বহু বছৰলৈ যোৱা নাছিল। পিছে আজি সেই ভয় নাই। কাৰণ যোৱা ৫ মাহ ধৰি আশা কৰ্মী ৰমলা বাইদেৱে বাৰে বাৰে মীনাৰ ঘৰলৈ আহিছে। হাতত কেতিয়াবা আইৰণ বড়ি, এখন ফ্লিপবুক,‌কেতিয়াবা এখন লিফলেট। তাত থকা ছবিৰে বুজাইছে– “চা, এইটো তেজৰ অভাৱ। ইয়াক এনিমিয়া বুলি কয়। তই যদি ৰঙা আইএফএ বড়ি নাখাৱ, পুষ্টিকৰ খাদ্য নাখাৱ প্ৰসৱৰ সময়ত ৰক্তহীনতাৰ বাবে জটিলতাই দেখা দিব।”

স্নেপশ্বট ২: ভাদ মাহৰ আবেলি। ডিব্ৰুগড়ৰ লাহোৱালৰ ধনাই চাহ বাগিচাৰ ২ নং শ্ৰমিক লাইনৰ ছয় মাহৰ গৰ্ভৱতী পুনম তাচাৰ হাতত এখন MCP কাৰ্ড। ২১ বছৰ আগতে তাইৰ শাহুৱেক চম্পাৱতীয়ে তাইৰ দেৱৰেকক প্ৰসৱৰ সময়ত অত্যধিক ৰক্তস্ৰাৱত চিৰদিনৰ বাবে চকু মুদাৰ কথা তাই বিয়া হৈ অহাৰে পৰা শুনিছিল। তেতিয়া লাইনত কথা আছিল– “ভাগ্যত যি লিখা আছে, সেয়ে হ’ব।”

কিন্তু,আজি পুনমৰ ভাগ্য সলনি কৰিছে ASHA বাইদেউ লক্ষ্মীয়ে। যোৱা ছয় মাহত লক্ষ্মী ২০ বাৰৰো অধিক পুনমৰ ঘৰলৈ আহিছে। প্ৰতিবাৰেই তাইৰ জোলোঙাত থাকে এখন ফ্লিপবুক, এখন লিফলেট,মুখত এটি হাঁহি আৰু এটাই কথা– “পুনম, তোৰ আৰু তোৰ সন্তানৰ জীৱন বহু দামী। চাৰিবাৰ পৰীক্ষা কৰাবই লাগিব, পিএমএছএমএ-ৰ‌ বাবে লাহোৱাল পিএইচচি যাবই লাগিব। আমি এ এম চিত তোৰ প্ৰসৱ কৰোৱাম |” কিন্তু পুনম আগতে এইবোৰ শুনিবলৈ অনিচ্ছুক আছিল। “মোৰ একো হোৱা নাই, ঠিকে আছো, এনেয়ে কিয় যাম চিকিৎসালয়লৈ?”– এয়া আছিল তাইৰ উত্তৰ।


আশা কৰ্মী লক্ষ্মীয়ে জানে কিদৰে ভয় ভাঙিব লাগে, ভ্ৰান্ত ধাৰণা আঁতৰাব লাগে,‌উদাসীন মনত স্বাস্থ্য চেতনা জগাই তুলিব লাগে আৰু তাই এয়াও জানে তাই নোৱাৰিলে সহায়ৰ বাবে পখিলা গোট আহি তাইৰ‌ কাষত ঠিয় হ’ব| সেয়ে তাই বাৰে বাৰে পুনমক কয়– “তোৰ শাহু চম্পা কাকিৰ দৰে হ’বলৈ নিদিওঁ। তই ও ভালে থাকিবি, তোৰ সন্তানো ভালে থাকিব। মই আছোঁ নহয়।” আৰু এতিয়া পুনম লাহে লাহে সলনি হৈছে। তাইৰ ফোনত বাজি উঠে ‘কিলকাৰী’ৰ ডাঃ অনিতাৰ মাত– “মৰমৰ মা, আপুনি আজি আয়ৰণ বড়ি খালেনে?” সেই মাতটো শুনিলেই পুনমৰ বুকুখন ভৰি পৰে। কেতিয়াবা আকৌ তাইৰ WhatsAppত কিলকাৰীৰ পৰা আহে প্ৰাক্‌প্ৰসৱ যত্নৰ ভিডিঅ’। তাইৰ লাইনলৈ সপ্তাহত‌ এবাৰ‌ আহে‌ MMU খনো। লেবৰেটৰী পৰীক্ষা, চিকিৎসকৰ নিদান, গৰ্ভাৱস্হাৰ যতনৰ দিহা, ঔষধ পায় ঘৰৰ দুৱাৰমুখতে। এতিয়া তাই অনুভৱ কৰে, তাই অকলশৰীয়া নহয়। তাইৰ লগত আছে ডিব্ৰুগড় জিলাৰ সমগ্ৰ স্বাস্থ্য বিভাগ।
এয়া কেৱল মীনা‌ বা পুনমৰ কাহিনী নহয়। এইয়া হৈছে আজিৰ ডিব্ৰুগড় জিলাৰ হাজাৰ হাজাৰ মাতৃৰ কাহিনী।

এন্ধাৰৰ পৰা পোহৰলৈ: ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ আলোকমুখী যাত্ৰা:::
ডিব্ৰুগড়। চাহপাতৰ সেউজীয়াৰে পৰিৱেষ্টিত এখন মনোৰম জিলা। কিন্তু এই প্ৰাকৃতিক সৌন্দৰ্যৰ আঁৰত এসময়ত লুকাই আছিল এক গভীৰ বেদনা। উজনি অসমৰ এই জিলা খনৰ মাতৃ আৰু শিশু মৃত্যুৰ হাৰ ৰাজ্যৰ ভিতৰতে‌ উদ্বেগ জনক আছিল। কিন্তু আজি ডিব্ৰুগড়ৰ চিত্ৰ ক্ৰমান্বয়ে সলনি হৈছে। মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ জোঁৱাৰ উঠিছে। মানৱ সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনবোৰ কেতিয়াও অস্ত্ৰৰে নহয়, সেইবোৰ সংঘটিত হয় শব্দ, বাৰ্তা , সজাগতা, সংস্কাৰ আৰু বিশ্বাসৰ জৰিয়তে। এগৰাকী মাতৃক দিয়া এষাৰ আশ্বাস, চাহ বাগিচাৰ লাইনত প্ৰচাৰিত এটা সতৰ্কবাণী– এই সৰু সৰু বাৰ্তাসমূহ যেতিয়া সমষ্টিগত শক্তিলৈ ৰূপান্তৰিত হয়, তেতিয়াই সেয়া জনস্বাস্থ্যৰ আন্দোলনত পৰিণত হয়। ডিব্ৰুগড়ৰ স্বাস্থ্য খণ্ডত যেতিয়া মাতৃ আৰু শিশু মৃত্যুৰ হাৰৰ সৰ্বোচ্চতাৰ দাগ লাগিছিল, জিলা স্বাস্থ্য বিভাগে হাৰ মনা নাছিল। বিভাগে বুজিছিল – ইটা-বালিৰে চিকিৎসালয়ৰ দেৱাল- ঘৰ সাজিলেই যথেষ্ট নহ’ব। অন্ততঃ প্ৰতিৰোধী স্বাস্থ্য সেৱাক শক্তিশালী কৰিবলৈ মানুহৰ মনৰ স্বাস্থ্যৰ অজ্ঞানতাৰ দেৱালখনো ভাঙিব লাগিব । সেই দেৱাল ভঙাৰ বাবে বিভাগে হাতত তুলি ল’লে দুটা শক্তিশালী অস্ত্ৰ– IEC অৰ্থাৎ তথ্য, শিক্ষা আৰু যোগাযোগ আৰু BCC অৰ্থাৎ আচৰণ সলনি কৰণৰ বাবে‌ যোগাযোগ।


IEC-BCC: প্ৰতিৰোধমূলক স্বাস্থ্যৰ মূল ভেঁটি :: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মূল লক্ষ্য– শিশু মৃত্যুৰ হাৰ আৰু মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, প্ৰজননৰ হাৰ নিয়ন্ত্ৰণ কৰা। এই সমূহ লক্ষ্যত উপনীত হ’বলৈ ডিব্ৰুগড়ে গ্ৰহণ কৰিছে “সজাগতাৰ জৰিয়তে প্ৰতিৰোধ আৰু সেৱাৰ জৰিয়তে প্ৰতিকাৰ” নীতি। IEC-BCC ইয়াত প্ৰতিৰোধৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ হিচাপে প্ৰমাণিত হৈছে।

IEC – BCC কি ?::: IEC অৰ্থাৎ Information, Education and Communication ( তথ্য, শিক্ষা আৰু যোগাযোগ) আৰু BCC অৰ্থাৎ Behavior Change Communication ( আচৰণ পৰিৱৰ্তনৰ বাবে‌ যোগাযোগ ) হৈছে আধুনিক জনস্বাস্থ্য ব্যৱস্থাৰ এটা মৌলিক স্তম্ভ। ই কেৱল তথ্য -প্ৰচাৰ মাধ্যম নহয়, ই এক প্ৰক্ৰিয়া যাৰ জৰিয়তে ব্যক্তি আৰু সমাজৰ জ্ঞান, মনোভাৱ আৰু আচৰণত ইতিবাচক পৰিৱৰ্তন অনা হয়। স্বাস্থ্য বিভাগত IEC BCC ৰ মুখ্য উদ্দেশ্য হ’ল জনসাধাৰণক ৰোগ প্ৰতিৰোধ, সময়মতে চিকিৎসা আৰু স্বাস্থ্যসেৱাৰ সুবিধাৰ বিষয়ে সজাগ কৰাৰ লগতে স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণৰ বাবে প্ৰেৰণা যোগোৱা আৰু তাৰ জৰিয়তে প্ৰতিৰোধী স্বাস্থ্যসেৱাৰ ভেটি সুদৃঢ় কৰা।

স্বাস্থ্য বিভাগৰ কৰ্মীসকলে একোজন ব্যক্তি, একোটা পৰিয়াল, একোখন গাওঁ অথবা একোটা সমূহ- সম্প্ৰদায়ৰ সৈতে প্ৰত্যক্ষ যোগাযোগ, গোট- আলোচনা, গৃহ ভ্ৰমণ আৰু বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে স্বাস্থ্যৰে জড়িত বৈজ্ঞানিক তথ্য সহজবোধ্য ৰূপত জনসাধাৰণৰ মাজলৈ লৈ যায়। ভ্ৰান্ত বিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰি, স্বাস্থ্য সেৱা গ্ৰহণৰ প্ৰতি আস্থা বৃদ্ধি কৰি, IEC BCC য়ে স্বাস্থ্য নীতি আৰু কাৰ্যসূচীৰ মাজত সেতুৰ কাম কৰে। এইদৰে চালে IEC BCC কেৱল এটা প্ৰচাৰ কৌশল নহয়, ই জনস্বাস্থ্য উন্নীতকৰণৰ এক কৌশলগত আহিলা। ইয়াৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে স্বাস্থ্য সেৱাৰ ব্যৱহাৰ বৃদ্ধি পায়, ৰোগৰ বোজা হ্ৰাস পায় আৰু এক সুস্থ, স্বাস্থ্য সচেতন আৰু দায়িত্বশীল সমাজ গঠনৰ ভেটি মজবুত হয়।

ডিব্ৰুগড়ত কাৰ্যকৰী কৰা মূল IEC-BCC কৌশল সমূহ:

১. ASHA- ANM বাইদেউৰ জোলোঙাৰ যাদু – ” IPC ৰ শক্তি”:::
ASHA কৰ্মী লক্ষ্মী, ৰমলা‌ বা এ এন এম মামনি, জুলি বাইদেউ হঁতৰ বাবে ঘৰে ঘৰে গৈ ৰোগী বা হিতাধিকাৰীৰ লগত কথা হৈ স্বাস্থ্য সজাগতা সৃষ্টি কৰা কেৱল চাকৰিৰ অংশ‌ নহয়, ই এক ব্ৰত। তেওঁলোকৰ জোলোঙাত থাকে এখন ফ্লিপবুক, লিফলেট, আইৰণ বড়ি, নিশ্চয় কিট, গৰ্ভনিৰোধক বড়ি, অ’ আৰ এছ পেকেট আৰু ক’ত কি! লিফলেটত ছবিৰে অঁকা থাকে – কেনেকৈ তেজৰ অভাৱত মাতৃ দুৰ্বল হয়, কেনেকৈ ৪ বাৰ প্ৰাক প্ৰসৱ পৰীক্ষাই বিপদ আগতীয়াকৈ ধৰা পেলায়। বাৰে বাৰে ঘৰলৈ গৈ, বাৰে বাৰে বুজায় – বঢ়াই আশা- এ‌এন এম সকলে ‘অজ্ঞানতা’ নামৰ ৰোগটো নিৰ্মূল কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। তেওঁলোকক সংগ দিয়ে আশা চুপাৰভাইজৰ, চি এইচ অ’ অথবা প্ৰাথমিক স্বাস্থ্য সেৱা দল (CPHC TEAM)ৰ‌ আন‌ সদস্য সকলে। খণ্ড আৰু জিলা পৰ্যায়ৰ স্বাস্থ্য কৰ্মী সকলেও প্ৰয়োজন সাপেক্ষে তেওঁলোকক লগ দিয়ে। এই ব্যক্তিগত সংযোগেই হৈছে ডিব্ৰুগড় জিলাৰ‌ স্বাস্থ্য খণ্ডৰ IEC-BCC ৰ প্ৰাণ।

২. দেৱালৰ কথা, মাইকৰ মাত আৰু সজাগতা বাৰ্তা বাহক বেনাৰ, প’ষ্টাৰ- লিফলেট::::
ডিব্ৰুগড়ৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ দেৱাল সমূহত জিলিকি থাকে স্বাস্থ্য সজাগতামূলক বিভিন্ন পোষ্টাৰ, বেনাৰ কিম্বা জাননী। “চৰকাৰী চিকিৎসালয়ত প্ৰসৱ কৰাওঁক। জননী সুৰক্ষা যোজনাৰ অধীনত নগৰৰ মহিলাই ১০০০, গাঁৱৰ মহিলাই ১৪০০ টকা পাওঁক”, “বাগিচাৰ মহিলাই পাব সুৰক্ষিত মাতৃত্ব, মজুৰি ক্ষতিপূৰণ হ’ব চৰকাৰী দায়িত্ব”- স্বাস্থ্য জনিত আৰ্থিক সকাহৰ এই বাৰ্তা সমূহে ৰাইজক লাভান্বিত কৰে । Mobile Medical Unit সমূহে চাহ বাগিচা আৰু দুৰ্গম অঞ্চললৈ চিকিৎসাৰ লগতে শিক্ষা লৈ গৈছে। মাইকৰ‌ জৰিয়তে গাঁৱে- ভূঞেঁ,‌ চহৰে- নগৰে ঘোষণা কৰা হয়– “ডায়েৰিয়াৰ‌ পৰা হাত‌ সাৰিবলৈ হাত ধুৱক, পৰিস্কাৰ পানী খাওক”, “জাপানীজ এনকেফেলাইটিছৰ‌ পৰা হাত‌ সাৰক, শুৱাৰ সময়ত আঠুৱা ব্যৱহাৰ কৰক|”


৩. দলীয় আলোচনা (Group Discussion), নিৰ্দিষ্ট বিষয় কেন্দ্ৰিক দলীয় আলোচনা( Focussed Group Discussion) আৰু উকালতি ( Advocacy) : সমূহীয়া চিন্তাৰ বিপ্লৱ:::
যেতিয়া আশা কৰ্মী, এ এন এম, চি এইচ অ’, গৰ্ভৱতী মাতৃ, তেওঁৰ স্বামী আৰু শাহু-আইয়ে একেলগে বহি আলোচনা কৰে, তেতিয়া “ঘৰত প্ৰসৱ নিৰাপদ”- এই ভ্ৰান্ত ধাৰণাৰ মৃত্যু হয় আৰু চিকিৎসালয়ত “সুৰক্ষিত প্ৰসৱ আৰু মাতৃত্ব”ৰ বাট মুকলি হয়। Focused Group Discussion য়ে স্বাস্থ্য জনিত বহু ভুল ধাৰণা মষিমূৰ কৰি স্বাস্থ্য সজাগতা আনে| ঠিক তেনেদৰে, ডিব্ৰুগড়ৰ চাহ বাগিচা সমাজত লাইন চৰ্দাৰ অথবা লাইন চকিদাৰৰ কথা বেদবাক্য। স্বাস্থ্য বিভাগে এই সত্যটোকে শক্তি হিচাপে ল’লে। আজি প্ৰতিখন বাগিচাৰ লাইন চৰ্দাৰে কয়– “মোৰ লাইনত কোনো ঘৰুৱা প্ৰসৱ হ’বলৈ দিয়া নহ’ব।” বাগিচাসমূহত Core Community Group গঠন কৰি তেওঁলোকক সজাগতা কাৰ্যসূচীৰ সক্ৰিয় বাহক কৰা হৈছে। প্ৰতিটো গ্ৰাম্য স্বাস্থ্য পুষ্টি দিৱস আৰু গ্ৰাম্য স্বাস্থ্য অনাময় কমিটিক সজাগতা সৃষ্টিৰ মাধ্যম হিচাপে গঢ়ি তোলা হৈছে।

৪. বাটৰ নাট: হাঁহি-ধেমালিৰে দিয়া স্বাস্থ্য শিক্ষা::: হাঁহি-ধেমালিৰ মাজেৰে যেতিয়া অভিনেতাই দেখুৱায় কেনেকৈ লেতেৰা হাতৰ পৰা বীজাণু পেটলৈ যায়, কেনেকৈ টিকাকৰণে জীৱন বচাই, কেনেকৈ পৰিয়াল পৰিকল্পনাই জীৱন সুখময়‌ কৰে তেতিয়া মানুহে অন্তৰেৰে বুজে।

৫. গণমাধ্যমৰ জৰিয়তে স্বাস্থ্য সজাগতা:::: ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগত জনসাধাৰণক বৃহৎ পৰিসৰত সজাগ কৰাৰ বাবে গণমাধ্যমক IEC BCC ৰ মুখ্য আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ অধীনত স্থানীয় ৰেডিঅ’ত স্বাস্থ্য বিষয়ক আলোচনা অনুষ্ঠান প্ৰচাৰ কৰা, খবৰ কাকতত বিভিন্ন স্বাস্থ্য কাৰ্যসূচী আৰু ৰোগ প্ৰতিৰোধৰ বিষয়ে বাতৰি প্ৰকাশ কৰা, লগতে সময়ে সময়ে সংবাদমেলৰ আয়োজন কৰি বিভাগীয় তথ্য আৰু সেৱাৰ বিষয়ে অৱগত কৰা হয়। এই মাধ্যমসমূহে ভ্ৰান্ত ধাৰণা দূৰ কৰি জনস্বাস্থ্যৰ বাৰ্তা ঘৰে ঘৰে প্ৰচাৰত সহায় কৰে।

৬. স্বাস্থ্য মেলা আৰু IEC ষ্টলৰ জৰিয়তে সজাগতা আৰু জনসংযোগ :: স্বাস্থ্য সেৱাক জনগণৰ ওচৰলৈ লৈ যোৱাৰ বাবে বিভিন্ন অনুষ্ঠান আৰু স্বাস্থ্য মেলা সমূহত স্বাস্থ্য বাৰ্তা কোষ বা IEC STALL স্থাপন কৰা হয়। এই IEC STALL সমূহত পুস্তিকা, পোষ্টাৰ, ফ্লিপচাৰ্ট আৰু অডিঅ’-ভিজুৱেল সামগ্ৰী আৰু পৰামৰ্শদাতা (Counsellor) ৰ জৰিয়তে স্বাস্থ্য আঁচনি, মাতৃ-শিশু স্বাস্থ্য, পুষ্টি, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰোগ প্ৰতিৰোধৰ বিষয়ে প্ৰত্যক্ষভাৱে সজাগতা সৃষ্টি কৰা হয়। এনেধৰণৰ ষ্টলে সাধাৰণ ৰাইজক সেৱাৰ বিষয়ে জানিবলৈ আৰু স্বাস্থ্যসন্মত আচৰণ গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।

৭. সামাজিক মাধ্যম‌: স্বাস্থ্য সচেতনতাৰ নৱতম সংস্কৰণ::: পৰম্পৰাগত IEC-BCC কৌশলৰ লগতে ডিব্ৰুগড়ত বৰ্তমান সামাজিক মাধ্যমকো স্বাস্থ্য সজাগতাৰ এক শক্তিশালী আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। Facebook, X আদি জিলা স্বাস্থ্য বিভাগৰ সামাজিক মাধ্যম‌ৰ পৃষ্ঠাসমূহৰ জৰিয়তে গৰ্ভৱতী মহিলাৰ পঞ্জীয়ন, টীকাকৰণৰ তাৰিখ, পুষ্টি আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ,প্ৰাক – প্ৰসৱ, প্ৰসৱোত্তৰ যতন,‌ স্বাস্থ্য বিভাগৰ বিভিন্ন আঁচনি ইত্যাদি সম্পৰ্কীয় বাৰ্তা তৎক্ষণাত জনসাধাৰণৰ মাজলৈ প্ৰচাৰ কৰা হৈছে। বিশেষকৈ স্বাস্থ্য জনিত ভুল তথ্য দূৰ কৰি সঠিক স্বাস্থ্য বাৰ্তা প্ৰদান কৰাত সামাজিক মাধ্যমক গুৰুত্বপূৰ্ণ আহিলা ৰূপে ব্যৱহাৰ কৰা হৈছে । WhatsApp group ৰ জৰিয়তে স্বাস্থ্য বাৰ্তা সমূহ সময়মতে ৰাইজ আৰু স্বাস্থ্য কৰ্মীলৈ লৈ যোৱা হৈছে। এইদৰে IEC-BCC ৰ পৰম্পৰাগত আৰু ডিজিটেল দুয়োটা মাধ্যমৰ সমন্বয়ে ডিব্ৰুগড়ত প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাক অধিক ফলপ্ৰসূ আৰু জনসাধাৰণৰ বাবে সহজলভ্য কৰি তুলিছে জিলাৰ স্বাস্থ্য বিভাগে।

৮. পৰামৰ্শদানৰ জৰিয়তে ব্যক্তিগত যোগাযোগ::: VHSND, গৃহ ভ্ৰমণ, চিকিৎসালয় আৰু PMSMA অধিবেশনত পৰামৰ্শদানক IEC BCC ৰ এক অতি ফলপ্ৰসূ আহিলা হিচাপে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগত ব্যৱহাৰ কৰা হৈছে। VHSND ৰ সময়ত ASHA, ANM আৰু স্বাস্থ্য পৰামৰ্শদাতাসকলে গৰ্ভৱতী মহিলা, মাতৃ আৰু পৰিয়ালক পুষ্টি, পৰিয়াল পৰিকল্পনা, টীকাকৰণ আৰু প্ৰসৱৰ পূৰ্বৰ যত্নৰ বিষয়ে একে-একে পৰামৰ্শ দিয়ে। একেদৰে গৃহ ভ্ৰমণৰ সময়ত স্বাস্থ্য কৰ্মী সকলে উচ্চ-বিপদজনক গৰ্ভৱতী, TB, NCD ৰোগী আৰু নৱজাতকৰ পৰিয়ালক ব্যক্তিগতভাৱে বুজাই স্বাস্থ্যসন্মত আচৰণ গ্ৰহণ কৰিবলৈ উদ্বুদ্ধ কৰে।

ইয়াৰ উপৰি চিকিৎসালয়ত পৰামৰ্শ কেন্দ্ৰ আৰু প্ৰতিমাহে অনুষ্ঠিত PMSMA অধিবেশনত প্ৰশিক্ষিত পৰামৰ্শদাতাই গৰ্ভৱতী মহিলাক প্ৰসৱৰ বাবে প্ৰস্তুতি, বিপদৰ চিন, পুষ্টি আৰু প্ৰসৱৰ পিছৰ যত্নৰ বিষয়ে বিৱৰিতভাৱে তথ্য প্ৰদান কৰে। তদুপৰি অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত থকা AFHC অর্থাৎ Adolescent Friendly Health Clinic ত কিশোৰ-কিশোৰীসকলৰ বাবে বিশেষ পৰামৰ্শ সেৱা আগবঢ়োৱা হয়। ইয়াত পৰামৰ্শদাতাসকলে পুষ্টি, মানসিক স্বাস্থ্য, ঋতুচক্ৰৰ স্বাস্থ্য, মাদকদ্ৰব্যৰ প্ৰতি থকা নিচা পৰিহাৰ আৰু সুস্থ জীৱনশৈলীৰ বিষয়ে গোপনীয়তা ৰক্ষা কৰি পৰামৰ্শ দিয়ে। মনোৰোগ আৰু মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি Psychiatric Counselor য়ে উদ্বেগ, হতাশা, প্ৰসৱৰ পিছৰ মানসিক অৱসাদ আৰু অন্যান্য মানসিক স্বাস্থ্য সমস্যাৰ বিষয়ে পৰামৰ্শ আৰু প্ৰয়োজনীয় দিশ-নিৰ্দেশনা প্ৰদান কৰে। এনেধৰণৰ ব্যক্তিগত যোগাযোগৰ জৰিয়তে ভ্ৰান্ত ধাৰণা দূৰ কৰি সেৱা গ্ৰহণৰ হাৰ বৃদ্ধি কৰাত সহায় হয়।

৯. পখিলা উদ্যোগ: অনিচ্ছুকক ইচ্ছুক কৰাৰ আন্তৰিক প্ৰয়াস::: পখিলা হৈছে স্বাস্থ্য বিভাগৰ এক মানৱীয় উদ্যোগ– কাউন্সেলিং কাৰ্যক শক্তিশালী কৰাৰ এক বিপ্লৱ। ইয়াৰ উদ্দেশ্য হৈছে সেইসকল ব্যক্তি, মাতৃ আৰু পৰিয়ালৰ ওচৰলৈ যোৱা, যিসকল অশিক্ষিত, স্বাস্থ্য সেৱা ল’বলৈ অনিচ্ছুক, ভ্ৰান্ত ধাৰণাৰে ভৰা। ‘চিকিৎসালয়লৈ নাযাওঁ’, ‘ধাইয়েই ভাল’– এইধৰণৰ মনোভাৱ পোষণ কৰা ব্যক্তিক বাৰে বাৰে লগ ধৰি, মৰমেৰে বুজাই- ভয় ভাঙি, সজাগতাৰ‌ সৃষ্টি কৰি স্বাস্থ্য সেৱাৰ আওতালৈ অনাটোৱেই পখিলাৰ কাম। ডিব্ৰুগড় জিলাত এই পখিলা কাৰ্যসূচীৰ সফল ৰূপায়ণেৰে সজাগতাৰ যাত্ৰা অব্যাহত ৰখা হৈছে।

১০. প্ৰযুক্তিৰ সংমিশ্ৰণেৰে সজাগতাৰ বাৰ্তা ::: কিলকাৰী, ডিব্ৰুগড়ৰ মাতৃৰ বাবে মোবাইল ফোনটো এতিয়া স্বাস্থ্যৰ সংগী। ‘কিলকাৰী’ৰ পৰা প্ৰতি সপ্তাহে অহা মাতষাৰে গৰ্ভৱতী মহিলা সকলক সোঁৱৰাই দিয়ে – “মা আপুনি নিজৰ যত্ন লৈছেনে? আজি আপোনাৰ টিটেনাছৰ তাৰিখ। আপোনাৰ কণমাণিটি এতিয়া কমলা টেঙাৰ সমান।”

১১. বিদ্যালয় ভিত্তিক কাৰ্যসূচীৰ জৰিয়তে IEC BCC ::: স্থানীয় অংশগ্ৰহণ নিশ্চিত কৰা আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক জড়িত কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে বিভিন্ন বিশেষ অনুষ্ঠান আৰু গুৰুত্বপূৰ্ণ স্বাস্থ্য দিৱস যেনে- ৰাষ্ট্ৰীয় পেলুনাশক দিৱস, বিশ্ব আয়ডিনৰ অভাৱজনিত বিসংগতি প্ৰতিৰোধ দিৱস, যোগ দিৱস ইত্যাদিত বিদ্যালয় ভিত্তিক কাৰ্যসূচীৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে প’ষ্টাৰ অংকন, কুইজ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, চাইকেল ৰেলী আদি কাৰ্যকলাপ অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীসমূহৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল স্বাস্থ্য আৰু স্বাস্থ্যসন্মত অভ্যাসৰ বিষয়ে অধিক সজাগ হৈ উঠে। তদুপৰি, ডিব্ৰুগড় জিলাত RBSK ৰ অধীনত গঠন কৰা Mobile Health Team সমূহে নিয়মীয়াকৈ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ ভ্ৰমণ কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অংগনৱাড়ী কৰ্মীসকলৰ মাজত স্বাস্থ্য বিষয়ক সজাগতা অধিবেশন পৰিচালনা কৰে। অধিবেশনত পুষ্টি, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, ঋতুস্ৰাৱ পৰিচ্ছন্নতা, হাত ধোৱা, কৃমি- ডায়েৰিয়া প্ৰতিৰোধ, টীকাকৰণ আৰু কিশোৰ- কিশোৰী স্বাস্থ্যৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে প্ৰদৰ্শন আৰু প্ৰশ্নোত্তৰ জৰিয়তে শিশুসকলক সক্ৰিয়ভাৱে জড়িত কৰা হয়। এই প্ৰত্যক্ষ যোগাযোগে শিশুসকলৰ মাজত সঠিক স্বাস্থ্য আচৰণ গঢ়ি তোলাত সহায় কৰে যিয়ে তেওঁলোকৰ জৰিয়তে ঘৰলৈকে স্বাস্থ্যৰ বাৰ্তা প্ৰচাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

IEC – BCC ৰ এই আহিলা সমূহ প্ৰয়োজন অনুসৰি প্ৰজনন, মাতৃ, শিশু, নৱজাতক, কিশোৰ আৰু বয়োজ্যেষ্ঠ স্বাস্থ্যৰ লগতে সংক্ৰামক আৰু অসংক্ৰামক ৰোগৰ বাবে সমানে ব্যৱহৃত হৈছে।

সমন্বিত প্ৰচেষ্টা আৰু পৰিসংখ্যাই কথা কয়: IEC-BCC য়ে যিদৰে সমাজক সজাগ কৰিছে, সেইদৰে চিকিৎসা সেৱা, ঔষধ, আন্তঃগাঁথনি আৰু সকলো‌ পৰ্যায়ৰ স্বাস্থ্যকৰ্মীৰ অক্লান্ত পৰিশ্ৰমে সেই সজাগতাক ফলপ্ৰসূ কৰিছে। ইয়াৰ সমন্বিত ফল বিভিন্ন ক্ষেত্ৰত ইতিমধ্যে প্ৰতিফলিত হৈছে। উদাহৰস্বৰূপে- শেহতীয়াকৈ ডিব্ৰুগড়ৰ মাতৃ আৰু শিশু মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ Swasthya Sewa Dapoon ( SSD) পৰ্টেলত উপলব্ধ ডিব্ৰুগড় জিলাৰ মাতৃ মৃত্যুৰ পৰিসংখ্যালৈ চালে দেখা পোৱা যায় যে, ২০১৯ -২০ বৰ্ষত ৩৬ গৰাকী, ২০২০-২১ বৰ্ষত ৩০ গৰাকী, ২০২১-২২ বৰ্ষত ৩০ গৰাকী, ২০২২-২৩ বৰ্ষত ২৪ গৰাকী, ২০২৩-২৪ বৰ্ষত ১৪ গৰাকী, ২০২৪-২৫ বৰ্ষত ১২ গৰাকী‌ মাতৃৰ মৃত্যু হৈছে। পূৰ্বৰ সময়ছোৱাত এই সংখ্যা সমূহ বৃহৎ আছিল। একেদৰে শিশু মৃত্যুৰ সংখ্যালৈ চালে দেখা যায় যে, ২০১৯ -২০ বৰ্ষত ২৭৪ টা, ২০২০-২১ বৰ্ষত ২৫২ টা, ২০২১-২২ বৰ্ষত ২২৮ টা, ২০২২-২৩ বৰ্ষত ২০১ টা, ২০২৩-২৪ বৰ্ষত ১৩৯ টা, ২০২৪-২৫ বৰ্ষত ১৩৩ টা, ২০২৫-২৬ বৰ্ষত ১০০ টি শিশুৰ মৃত্যু হৈছে। এই পৰিসংখ্যা সমূহে‌ মাতৃ- শিশু মৃত্যুৰ সংখ্যাৰ ক্ৰমাগতভাৱে হ্ৰাসমুখী প্ৰৱণতাক দৰ্শায়। উল্লেখযোগ্য যে, অসমৰ MMR অৰ্থাৎ মাতৃ মৃত্যুৰ হাৰ ৰাষ্ট্ৰীয় গড়তকৈ তললৈ নামিছে। MMR ২০১৮-২০ বৰ্ষৰ ১৯৫ ৰ পৰা ২০২০-২২ বৰ্ষত ১২৫ লৈ হ্ৰাস পাইছে। এই ৰাজ্যিক সফলতাৰ বুকুত ডিব্ৰুগড়ৰ কিঞ্চিত অৱদান সোণালী আখৰেৰে নিশ্চয় লিখা থাকিব। অৱশ্যে শিশু মৃত্যু হ্ৰাস কৰাটো অধিক জটিল, কাৰণ ইয়াৰ লগত পুষ্টি, সংক্ৰমণ, নৱজাতকৰ যত্ন আদি বহু অন্তৰ্নিহিত কাৰক জড়িত হৈ থাকে। তথাপিও শিশুৰ মৃত্যুৰ সংখ্যাৰ এই হ্ৰাসো বিভাগৰ বাবে এক উল্লেখযোগ্য সাফল্য। একেদৰে জিলাখনত প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰো বৃদ্ধি পাইছে।

সামৰণি:
পৰিৱৰ্তনৰ মূল ভেটি “সমন্বিত প্ৰচেষ্টা”

উপৰোক্ত এই সকলো পৰিৱৰ্তনৰ আঁৰৰ মূল সূত্ৰধাৰ হৈছে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগে, ৰাজ্যিক কাৰ্যালয়ৰ তত্বাৱধানত জৰুৰীকালীন প্ৰসূতি সেৱা শক্তিশালী কৰণ, Delivery Point, FRU, CHC, PHC, NRC, আয়ুষ্মান আৰোগ্য মন্দিৰৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, চাহ বাগিচা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ পৰ্যবসিতকৰণ আৰু সামূহিক স্বাস্থ্য বিষয়া (CHO) ৰ নিযুক্তি, চিজাৰিয়ান প্ৰসৱৰ ব্যৱস্হা, প্ৰশিক্ষণৰ‌ জৰিয়তে চিকিৎসা সেৱাৰে জড়িত মানৱ সম্পদৰ কৌশলৰ বিকাশ, কায়াকল্প, লক্ষ্য, NQAS আদিৰ জৰিয়তে চিকিৎসালয়ৰ গুণগত মান অক্ষুণ্ণ ৰখাৰ কাৰ্যসূচী, ঔষধৰ‌ উপলব্ধতা, সংক্ৰামক আৰু অসংক্ৰামক ৰোগৰ‌‌ ব্যৱস্থাপনা, চাহ-বাগিচাৰ বাবে মোবাইল মেডিকেল ইউনিটৰ মোতায়েন, Patient Transport Vehicle, জৰুৰীকালীন এম্বুলেন্সৰ ব্যৱস্হা ৰ সমান্তৰালভাৱে IEC-BCC কো‌ সৰ্বোচ্চ অগ্ৰাধিকাৰ দিলে। স্বাস্থ্য বিভাগৰ প্ৰত‌্যেকটো কাৰ্যসূচীৰ বাবে IEC BCC ৰ বিভিন্ন আহিলা আৰু কৌশলৰ ব্যৱহাৰে কাৰ্যসূচীসমূহৰ কাৰ্যতঃ সফল ৰূপায়ণ সম্ভৱ কৰি তুলিছে ডিব্ৰুগড় জিলাত। কিয়নো বিভাগে বুজি উঠিছে যে কেৱল ঔষধ দিলেই নহ’ব, মানুহৰ মনৰ ঔষধো দিব লাগিব। আজি ডিব্ৰুগড়ৰ জিলাৰ চিকিৎসক, নাৰ্ছ, চি এইচ অ’, ফাৰ্মাচীষ্ট, MPW, ASHA, ANM ৰ পৰা আৰম্ভ কৰি স্বাস্থ্য প্ৰশাসন- আঁচনি প্ৰবন্ধন, কাৰিকৰী, অ-কাৰিকৰী , সকলো পৰ্যায়ৰ স্বাস্থ্য কৰ্মীৰ নিষ্ঠা, ত্যাগ আৰু সজাগতা সৃষ্টিৰ পদক্ষেপ প্ৰতিটো সফল প্ৰসৱ কিম্বা ব্যক্তিৰ জীৱনৰ সুস্হতাৰ সৈতে জড়িত। সেয়েহে এই সাফল্য কোনো এটা অংশৰ একক প্ৰচেষ্টাৰ ফল নহয়। ই এক সমন্বিত প্ৰচেষ্টাৰ ফচল।

এইদৰেই, IEC BCC ৰ বিভিন্ন কৌশলে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য খণ্ডত ধনাত্মক ৰূপান্তৰৰ বাট মুকলি কৰিছে। স্বাস্থ্য কৰ্মী সকলৰ IPC য়ে অহৰহ ৰাইজৰ হৃদয় স্পৰ্শ কৰিছে। পখিলাই অনিচ্ছুকক স্বাস্থ্য সেৱামুখী কৰাৰ সমান্তৰালভাৱে নিৰ্দিষ্ট বিষয় কেন্দ্ৰিক দলীয় আলোচনা ( Focussed Group Discussion) ই ৰাইজৰ স্বাস্থ্য বিষয়ক ভ্ৰান্ত ধাৰণা দূৰ কৰিছে। যদি Advocacy য়ে স্থানীয় নেতৃত্বক জড়িত কৰিছে, লিফলেট, বেনাৰ -পোষ্টাৰ, Miking আৰু IEC Van য়ে স্বাস্থ্য সজাগতাৰ‌ বাৰ্তা বিলাইছে,‌ গণমাধ্যম – সামাজিক মাধ্যমে বৃহৎ পৰিসৰত ৰাইজক সজাগ কৰিছে। সংক্ষেপত ক’বলৈ গ’লে, IEC-BCC য়ে মানুহক চিকিৎসা ব্যৱস্থাৰ‌ প্ৰতি বিশ্বাসী কৰি চিকিৎসালয়লৈ আনিছে আৰু চিকিৎসা ব্যৱস্থাই সেই বিশ্বাসৰ মৰ্যাদা ৰক্ষা কৰিছে। দুয়োটা নহ’লেই স্বাস্থ্য সেৱাৰ ছবিখন অপূৰ্ণ। IEC BCC ৰ সকলো কৌশলৰ সমন্বিত প্ৰয়োগ আৰু চিকিৎসা সেৱাৰ ফলপ্ৰসূতাৰ বাবেই আজি ডিব্ৰুগড় জিলাৰ স্বাস্থ্যৰ ভেটি ঠন ধৰি উঠিছে। বিভাগৰ দূৰদৰ্শী কাৰ্যপন্থা, তৃণমূলৰ পৰা আৰম্ভ কৰি সকলো পৰ্যায়ৰ সেৱা প্ৰদানকাৰীৰ নিষ্ঠা আৰু IEC-BCC ৰ সজাগতাৰ পোহৰৰ‌ জৰিয়তে ডিব্ৰুগড় জিলাৰ স্বাস্থ্যখণ্ড আলোকিত হৈছে। সেই আলোকত জিলিকি উঠিছে বয়োজ্যেষ্ঠ সকলৰ সকাহ পোৱা মুখ, নৱজাতকৰ কলৰৱ আৰু মাতৃসকলৰ এধানি হাঁহি ।‌ যিয়ে প্ৰমাণ কৰিছে স্বাস্থ্য খণ্ডত স্বাস্থ্যসেৱাৰ লগতে IEC-BCC ৰো গুৰুত্ব অপৰিসীম। প্ৰমাণ কৰিছে; IEC- BCC কেৱল প্ৰচাৰ নহয়, ই জীৱন ৰক্ষাৰ বিজ্ঞান, সমাজ পৰিৱৰ্তনৰ কলা আৰু প্ৰতিৰোধী স্বাস্থ্যসেৱাৰ আমোঘ অস্ত্ৰ।

দ্বিমত নাই যে স্বাস্থ্য এক নিৰৱচ্ছিন্ন ‍আন্দোলন আৰু IEC-BCC এই আন্দোলনৰ বাহক। সেয়েহে আগন্তুক দিনতো IEC – BCC আৰু চিকিৎসা সেৱাৰ এই সমন্বয় অটুট ৰাখি সকলো অংশীদাৰৰ সহযোগিতাত ডিব্ৰুগড়ক এখনি সুস্থ, সুৰক্ষিত, সুস্বাস্থ্যবান আৰু স্বাস্থ্য সজাগ জিলা হিচাপে গঢ়ি তোলাৰ বাবে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগ বদ্ধপৰিকৰ। কাৰণ এয়া হ’ল ডিব্ৰুগড়ৰ আৰ্হি– স্বাস্থ্য সজাগতা আৰু সেৱাৰ একত্ৰিকৰণেৰে সকলোৰে‌ বাবে সুস্বাস্থ্যৰ অমিয়া বাট বোলাৰ‌ আৰ্হি।

1 Comments Text
  • Adrita's avatar Adrita says:

    Great initiative

  • Leave a Comment

    Your email address will not be published. Required fields are marked *

    Scroll to Top