মানচিত্ৰ (Maps)

ctet21

খণ্ড ২১


CTET পৰীক্ষাৰ বাবে প্ৰয়োজনীয় বিস্তৃত আৰু সৰল বিশ্লেষণমানৱ সভ্যতাৰ বিকাশ আৰু ভূগোল অধ্যয়নৰ ক্ষেত্ৰত মানচিত্ৰই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ সমাজ বিজ্ঞান বিষয়ত মানচিত্ৰৰ অৱধাৰণা (Concept of Maps) অত্যন্ত গুৰুত্বপূৰ্ণ। CTET পৰীক্ষাত মানচিত্ৰভিত্তিক চিন্তা (Spatial Thinking), দিশৰ ধাৰণা আৰু স্কেলৰ ব্যৱহাৰ সম্পৰ্কে নিয়মীয়াকৈ প্ৰশ্ন সোধা হয়।

ভূগোল আৰু আমাৰ চৌপাশৰ পৰিৱেশ বুজিবলৈ মানচিত্ৰ হৈছে প্ৰধান মাধ্যম। পৃথিৱীৰ সমগ্ৰ পৃষ্ঠভাগ বা ইয়াৰ কোনো এক অংশক এক সমতল পৃষ্ঠত (যেনে কাগজত) নিৰ্দিষ্ট স্কেল বা মাপকাঠিৰ সহায়ত অংকন কৰা ৰূপটোক মানচিত্ৰ বোলা হয়। গোলক (Globe) হৈছে পৃথিৱীৰ ত্ৰিমাত্ৰিক (3D) প্ৰতিৰূপ, যিয়ে সমগ্ৰ পৃথিৱীখনক সঠিক ৰূপত দাঙি ধৰে| কিন্তু গোলকত এক নিৰ্দিষ্ট সৰু স্থান, জিলা বা চহৰৰ বিষয়ে বিশদ তথ্য পোৱা কঠিন। ইয়াৰ বিপৰীতে মানচিত্ৰত অতিকৈ ক্ষুদ্ৰ তথা স্থানীয় তথ্যসমূহো অতি সুন্দৰভাৱে সন্নিৱিষ্ট কৰিব পাৰি।

মানচিত্ৰ প্ৰস্তুত কৰিবলৈ আৰু বুজিবলৈ তিনিটা প্ৰধান উপাদানৰ ধাৰণা থকাটো অত্যন্ত আৱশ্যক- দিশ (Direction), দূৰত্ব (Distance) আৰু প্ৰতীক (Symbols)। এই উপাদানসমূহেই ছাত্ৰ-ছাত্ৰীক মানচিত্ৰ সম্পৰ্কীয় চিন্তা বিকাশত সহায় কৰে।

দিশৰ ক্ষেত্ৰত চাৰিটা প্ৰধান দিশ হৈছে উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। এইবোৰক মুখ্য দিশ (Cardinal Points) বোলা হয়। ইয়াৰ উপৰি চাৰিটা মধ্যৱৰ্তী দিশ (Intermediate Directions) থাকে, যেনে- উত্তৰ-পূব, উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম। মানচিত্ৰত সাধাৰণতে ওপৰৰ ফালটোৱে উত্তৰ দিশ সূচায়। CTET পৰীক্ষাত প্ৰায়ে এটা স্থানৰ সাপেক্ষে আন এটা স্থানৰ দিশ নিৰ্ণয় কৰিবলৈ দিয়া হয়, য’ত এই মধ্যৱৰ্তী দিশৰ ধাৰণা কাৰ্যকৰী হয়।

দূৰত্ব নিৰূপণৰ বাবে মানচিত্ৰত ‘স্কেল’ (Scale) ব্যৱহাৰ কৰা হয়। স্কেল হৈছে ভূ-পৃষ্ঠৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত দেখুওৱা দূৰত্বৰ অনুপাত। উদাহৰণস্বৰূপে, মানচিত্ৰৰ ১ চেণ্টিমিটাৰে যদি ভূ-পৃষ্ঠৰ ১০ কিলোমিটাৰ বুজায় তেন্তে সেয়াই হৈছে উক্ত মানচিত্ৰখনৰ স্কেল। মানচিত্ৰক দুই ধৰণে ভগোৱা হয়- ডাঙৰ স্কেলৰ মানচিত্ৰ (Large Scale Map) আৰু সৰু স্কেলৰ মানচিত্ৰ (Small Scale Map)। এখন সৰু ঠাই বা গাঁৱৰ বিশদ বিৱৰণ দিবলৈ ডাঙৰ স্কেলৰ মানচিত্ৰ ব্যৱহাৰ কৰা হয়| আনহাতে মহাদেশ বা ডাঙৰ দেশ দেখুৱাবলৈ সৰু স্কেলৰ মানচিত্ৰৰ প্ৰয়োজন হয়।

মানচিত্ৰৰ তৃতীয়টো গুৰুত্বপূৰ্ণ উপাদান হৈছে প্ৰতীক। মানচিত্ৰত প্ৰকৃত গছ-গছনি, নদী, ৰেলপথ, বা ঘৰ-দুৱাৰ অংকন কৰা সম্ভৱ নহয়। সেয়েহে নিৰ্দিষ্ট ৰং, ৰেখা, আখৰ আৰু সংকেত ব্যৱহাৰ কৰা হয়। সমগ্ৰ বিশ্বতে একে অৰ্থত বুজিব পৰাকৈ যিবোৰ প্ৰতীক সৰ্বসন্মতিক্ৰমে ব্যৱহাৰ কৰা হয় সেইবোৰক প্ৰথাগত প্ৰতীক (Conventional Symbols) বোলা হয়। যেনে- পানী দেখুৱাবলৈ নীলা ৰং, পাহাৰ-পৰ্বতৰ বাবে মুগা ৰং আৰু সমভূমি অঞ্চলৰ বাবে সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়।

শিক্ষাশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা ছাত্ৰ-ছাত্ৰীক মানচিত্ৰ পঢ়োৱাটো কেৱল তত্ত্বভিত্তিক শিক্ষণ নহয়; ই শিশুৰ স্থানভিত্তিক সংযোগ (Spatial Relationships), চিত্ৰাত্মক উপস্থাপন আৰু কাৰ্যকাৰী দক্ষতা বৃদ্ধিত সহায় কৰে। শ্ৰেণীকোঠাত গ্ৰহণ কৰা প্ৰত্যক্ষ অভিজ্ঞতা (Experiential Learning) আৰু খেল-ভিত্তিক শিক্ষণৰ (Toy-Based Pedagogy) মাধ্যমেৰে শিক্ষাৰ্থীসকলে বাস্তৱ স্থানৰ সৈতে মানচিত্ৰৰ স্থানিক স্থানান্তৰ কৰিবলৈ সক্ষম হয়।

মানচিত্ৰ হৈছে ভূগোল আৰু পৰিৱেশ অধ্যয়নৰ শক্তিশালী ধাৰণাগত মূল আধাৰ। শিক্ষাৰ্থীৰ চিন্তা-ভাৱনাক গতিশীল কৰি তুলিবলৈ আৰু ব্যৱহাৰিক শিক্ষণক উৎসাহিত কৰিবলৈ মানচিত্ৰৰ ব্যৱহাৰিক ধাৰণা অপৰিহাৰ্য। CTET পৰীক্ষাৰ বাবে সাজু হওঁতে প্ৰাৰ্থীসকলে মানচিত্ৰৰ ধাৰণাগত স্পষ্টতা লাভ কৰাৰ লগতে ইয়াৰ শিক্ষাশাস্ত্রীয় প্ৰয়োগসমূহ নিখুঁতভাৱে অনুধাৱন কৰাটো অতি প্ৰয়োজনীয়।

📌 মানচিত্ৰ (Maps)- এই বিষয়টো অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়ৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ৩০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব।

CTET ·CDP · খণ্ড ২১

বিগত বৰ্ষৰ মানচিত্ৰ (Maps) আৰু ইয়াৰ প্ৰয়োগিক গুৰুত্ব সম্পৰ্কে আলোকপাত ৰ 3০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।

Score
0
0
📝 0/20

মানচিত্ৰ (Maps) আৰু ইয়াৰ প্ৰয়োগিক গুৰুত্বৰ ধাৰণা · পুনৰ পঢ়ক, পুনৰ অনুশীলন কৰক

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top