লিংগ (Gender)

ctet5

খণ্ড ৫

কেন্দ্ৰীয় শিক্ষক অৰ্হতা পৰীক্ষা বা CTETৰ শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান (CDP) শাখাৰ অন্যতম সঘনাই প্ৰশ্ন অহা আৰু অত্যন্ত স্পৰ্শকাতৰ বিষয় হৈছে ‘লিংগ’ (Gender)। প্ৰতি বছৰে এই অধ্যায়ৰ পৰা ১ ৰ পৰা ৩ নম্বৰৰ প্ৰশ্ন নিশ্চয়কৈ আহে। এগৰাকী সফল আৰু প্ৰগতিশীল শিক্ষক হ’বলৈ হ’লে শ্ৰেণীকোঠাত থকা লিংগভিত্তিক পক্ষপাতিত্ব আৰু কুসংস্কাৰসমূহ চিনি পোৱা আৰু সেইবোৰ দূৰ কৰাটো অপৰিহাৰ্য। এই গুৰুত্বপূৰ্ণ ধাৰণাক সহজ, সৰল আৰু পৰীক্ষামুখী দৃষ্টিভংগীৰে বুজি লওঁ আহক।

চি-টেট পৰীক্ষাত আটাইতকৈ বেছি বিভ্ৰান্তিৰ সৃষ্টি কৰা বিষয়টো হৈছে Sex আৰু Gender ৰ মাজৰ পাৰ্থক্য। মনোবিজ্ঞান আৰু শিক্ষণ বিজ্ঞানৰ মতে Sex হৈছে এটা সম্পূৰ্ণৰূপে জৈৱিক ধাৰণা (Biological Construct)। এই ধাৰণা প্ৰকৃতিপ্ৰদত্ত আৰু জন্মগতভাৱে পুৰুষ আৰু মহিলাৰ শাৰীৰিক ভিন্নতাৰ ওপৰত আধাৰিত। আনহাতে Gender বা লিংগ হৈছে এটা সামাজিক ধাৰণা (Social Construct)। সমাজে পুৰুষ আৰু মহিলাৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ভূমিকা, আচৰণ, আশা-আকাংক্ষা আৰু দায়িত্বসমূহেই হৈছে Gender। সহজ কথাত ক’বলৈ হ’লে, প্ৰকৃতিয়ে আমাক পুৰুষ বা মহিলা হিচাপে সৃষ্টি কৰে (Sex), কিন্তু সমাজে আমাক ‘ল’ৰা’ বা ‘ছোৱালী’ হিচাপে কেনে আচৰণ কৰিব লাগে তাৰ শিক্ষা দিয়ে (Gender)। পৰীক্ষাত প্ৰায়েই পোনপটীয়াকৈ প্ৰশ্ন আহে যে ‘Gender is a…’, যাৰ সঠিক উত্তৰ হ’ব ‘Social Construct’ বা সামাজিক ধাৰণা।

এই অধ্যায়টোৰ আন এক অতি গুৰুত্বপূৰ্ণ দিশ হৈছে লিংগভিত্তিক কুসংস্কাৰ বা পূৰ্বধাৰণা (Gender Stereotyping)। যেতিয়া সমাজে ল’ৰা বা ছোৱালীৰ ওপৰত কোনো এটা নিৰ্দিষ্ট আৰু অপৰিৱৰ্তনীয় ধাৰণা জাপি দিয়ে তাকেই জেণ্ডাৰ ষ্টেৰিঅ’টাইপিং বোলা হয়। উদাহৰণস্বৰূপে- ল’ৰাই কান্দিব নাপায়, ল’ৰা গণিত বা বিজ্ঞানত ভাল আৰু ছোৱালী ঘৰুৱা কামত বা কলা-সংস্কৃতিতহে পাকৈত, নাইবা ছোৱালী আৱেগিক আৰু ল’ৰা কঠোৰ প্ৰকৃতিৰ- এই সকলোবোৰেই হৈছে লিংগভিত্তিক কুসংস্কাৰৰ উদাহৰণ। চি-টেট পৰীক্ষাত এনেধৰণৰ পৰিস্থিতিভিত্তিক প্ৰশ্ন প্ৰায়েই দেখা যায়, য’ত সোধা হয় যে এগৰাকী শিক্ষকে ল’ৰাক ক্ৰীড়া আৰু ছোৱালীক কেৱল সংগীতত অংশ ল’বলৈ উৎসাহিত কৰাটোৱে কি প্ৰতিফলিত কৰে; ইয়াৰ পোনপটীয়া উত্তৰ হ’ব জেণ্ডাৰ ষ্টেৰিঅ’টাইপিং বা লিংগভিত্তিক পক্ষপাতিত্ব (Gender Bias)।

এগৰাকী আদৰ্শ শিক্ষক হিচাপে শ্ৰেণীকোঠাত এই লিংগ বৈষম্য দূৰ কৰিবলৈ ‘লিংগ নিৰপেক্ষতা’ (Gender Neutrality) অৱলম্বন কৰাটো অতি প্ৰয়োজনীয়। শিক্ষকে সদায় ব্যৱহাৰ কৰা ভাষাত ‘সতৰ্ক’ হ’ব লাগে। যেনে- ‘কেমেৰামেন’ বুলি নকৈ ‘কেমেৰাপাৰ্ছন’ বা ‘চেয়াৰমেন’ বুলি নকৈ ‘চেয়াৰপাৰ্ছন’ শব্দ ব্যৱহাৰ কৰিব লাগে, যাক ‘Gender-free language’ বা লিংগ-মুক্ত ভাষা বুলি কোৱা হয়। ইয়াৰ উপৰিও শ্ৰেণীকোঠাত ল’ৰা আৰু ছোৱালীক সমানে নেতৃত্ব দিয়াৰ সুযোগ প্ৰদান কৰা, আসন গ্ৰহণৰ ক্ষেত্ৰত কোনো বৈষম্য নাৰাখি মিশ্ৰিত দল গঠন কৰা আৰু সমাজৰ পুৰণি লিংগভিত্তিক ভূমিকাক প্ৰত্যাহ্বান জনোৱা উদাহৰণসমূহ (যেনে- মহিলা বিমান চালক বা পুৰুষ ৰান্ধনী) ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰাটো অতি জৰুৰী।

লিংগৰ ধাৰণাক কেৱল পৰীক্ষাৰ নম্বৰ লাভৰ বাবে পঢ়াটো উচিত নহয়। এজন শিক্ষক হিচাপে আমাৰ লক্ষ্য হ’ব লাগে এখন বৈষম্যহীন, গণতান্ত্ৰিক আৰু প্ৰগতিশীল শ্ৰেণীকোঠাৰ নিৰ্মাণ কৰা, য’ত প্ৰতিটো শিশুৱে নিজৰ লিংগ পৰিচয়ৰ ঊৰ্ধ্বত গৈ নিজৰ সৰ্বোচ্চ সম্ভাৱনা প্ৰকাশ কৰাৰ সম অধিকাৰ লাভ কৰে। এই ধাৰণাগত স্পষ্টতাই আপোনাক পৰীক্ষাত সফলতা প্ৰদান কৰাৰ লগতে ভৱিষ্যতে এজন প্ৰকৃত সমাজ সংস্কাৰক শিক্ষক হিচাপে গঢ়ি তুলিব।

‘Gender’ ৰ ধাৰণাটো অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়টোৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ২০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব-

CTET · CDP · খণ্ড ৫

বিগত বৰ্ষৰ ২০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।

Score
0
0
📝 0/20

লিংগ — সামাজিক নিৰ্মাণ  ·  পুনৰ পঢ়ক, পুনৰ অনুশীলন কৰক

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top