• Home
  • Featured Fortnightly
  • পৰিৱর্তিত ভাৰতীয় পৰিয়াল ব্যৱস্থা- পৰিসংখ্যাৰ আঁৰৰ বাস্তৱতা

পৰিৱর্তিত ভাৰতীয় পৰিয়াল ব্যৱস্থা- পৰিসংখ্যাৰ আঁৰৰ বাস্তৱতা

fortnight

ড০ অৰ্ণৱ নাৰায়ণ পাটোৱাৰী
অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়
৯৯৫৪৬২৭৮৭৫

এজন শিক্ষক হিচাপে প্ৰতিবছৰে নতুন নতুন ছাত্ৰ-ছাত্ৰীৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলাৰ সুযোগ লাভ কৰোঁ। শিক্ষকতাৰ বৃত্তিত খোজ দিয়াৰে পৰা পাঠদানৰ সীমা অতিক্ৰম কৰি এই Gen Z সকলৰ মনোজগতখন আৰু জীৱন-দৰ্শন সদায়ে বুজিবলৈ চেষ্টা কৰি আহিছোঁ। প্ৰায় দহ বছৰৰো অধিক শিক্ষকতাৰ দীঘলীয়া যাত্ৰাত মই এটা কথা গভীৰভাৱে অনুধাৱন কৰিব পাৰিছো যে যৌথ পৰিয়ালৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্ব, মানসিক স্থিৰতা, সহিষ্ণুতা, সামাজিক আচৰণ আৰু সম্পৰ্ক গঢ়ি তোলাৰ ক্ষমতা একক পৰিয়ালত ডাঙৰ-দীঘল হোৱা বহু শিক্ষাৰ্থীতকৈ লক্ষণীয় ভাৱে পৃথক। এই পাৰ্থক্য কেৱল আচাৰ-ব্যৱহাৰতে সীমাবদ্ধ নহয়; তেওঁলোকৰ চিন্তাধাৰা, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, সহমৰ্মিতা আৰু জীৱনৰ প্ৰতি থকা দৃষ্টিভংগীতো স্পষ্টভাৱে প্ৰতিফলিত হয়। সমাজৰ এই পৰিৱৰ্তন কোনো আকস্মিক ঘটনা নহয়। মোবাইলৰ দৰে প্ৰযুক্তিৰ অভূতপূৰ্ব বিস্তাৰ, দ্ৰুত নগৰীকৰণ, অর্থনীতি, কৰ্মসংস্থাপনৰ বাবে স্থানান্তৰ আৰু ব্যক্তিগত স্বাধীনতাক সৰ্বাধিক মূল্য দিয়া নতুন জীৱন দৰ্শনে নীৰৱে ভাৰতীয় যৌথ পৰিয়াল ব্যৱস্থাৰ অৱক্ষয় ঘটাইছে। কিন্তু এই পৰিৱৰ্তনৰ মাজত হেৰাই গৈছে এক অদৃশ্য সামাজিক নিৰাপত্তাৰ বলয়- যাৰ অস্তিত্বৰ কথা হয়তো আমি কেতিয়াও অনুভৱ কৰা নাছিলোঁ। আজিৰ সমাজত বৃদ্ধি পোৱা একাকিত্ব, মানসিক চাপ, অনিদ্ৰা, বৃদ্ধসকলৰ নিঃসংগ জীৱন, শিশুৰ লালন-পালনৰ জটিলতা, দুর্বল পাৰিবাৰিক সম্পৰ্ক হয়তো এই অস্তিত্বৰে প্ৰতিফলন। হিন্দী চলচ্চিত্ৰৰ সোণালী যুগত ডাঙৰ হোৱা প্ৰতিজন ভাৰতীয়ৰ মনত আজিও এক চিৰ পৰিচিত দৃশ্য ভাঁহি উঠে—এখন বিশাল চোতাল- য’ত একেখন ছাদৰ তলত বাস কৰে ককা-আইতা, মা-দেউতা, পেহী-মাহী, ভাই-ভনী, নাতি-নাতিনী আৰু আত্মীয়-স্বজন। পৰিয়ালৰ জ্যেষ্ঠজনৰ সিদ্ধান্তই আছিল শেষ কথা আৰু ব্যক্তিৰ সাফল্য-ব্যৰ্থতা আছিল সমগ্ৰ পৰিয়ালৰ আনন্দ-বেদনা। “হাম আপকে হ্যায় কৌন” বা “হাম সাথ-সাথ হ্যায়” আদিৰ দৰে চলচ্চিত্ৰই সেই সময়ৰ ভাৰতীয় সমাজৰ বাস্তৱতাকেই ৰূপালী পৰ্দাত প্ৰতিফলিত কৰিছিল। কিন্তু সময়ৰ আহবানত সেই সামাজিক চিত্ৰ ক্ৰমে ইতিহাসৰ পাতলৈ গতি কৰিছে। তাৰ ঠাইত গঢ় লৈছে সৰু, ব্যক্তিকেন্দ্ৰিক পৰিয়াল—কৰ্মব্যস্ত স্বামী-স্ত্ৰী, এটি সন্তান অথবা সন্তানবিহীন জীৱন আৰু আত্মীয়-স্বজনৰ সান্নিধ্যৰ ঠাইত পেছাদাৰী সেৱাৰ ওপৰত নিৰ্ভৰশীল এক নতুন পৰিৱৰ্তনে আমাক অধিক স্বাধীনতা দিছে ঠিকেই, কিন্তু একে সময়তে কাঢ়ি লৈ গৈছে পাৰস্পৰিক নিৰ্ভৰশীলতা, সহমৰ্মিতা আৰু একেলগে জীৱন যাপনৰ সেই অনন্য সংস্কৃতি, যি যুগ যুগ ধৰি ভাৰতীয় সমাজৰ শক্তিৰ অন্যতম আধাৰ আছিল। ২০১১ চনৰ লোক পিয়লৰ তথ্যৰ আধাৰত টাইমছ অৱ ইণ্ডিয়াত ৫ জুলাই, ২০১৭ তাৰিখে প্ৰকাশিত সুবোধ বৰ্মাৰ কৰা এক বিশ্লেষণধৰ্মী প্ৰতিবেদনত ভাৰতীয় পৰিয়াল ব্যৱস্থাৰ এক গভীৰ ৰূপান্তৰৰ পৰিসাংখ্যিক চিত্ৰ উন্মোচিত কৰিছে। প্ৰতিবেদনখনৰ মতে, ভাৰতীয় সমাজত ১৯৯০-ৰ দশকৰ পৰাই একক (নিউক্লিয়াৰ) পৰিয়াল মুঠ পৰিয়াল (২৪.৮৮ কোটি) ৰ অর্ধেকতকৈ অধিক স্থান দখল কৰিছে, আনহাতে যৌথ পৰিয়ালৰ অংশ মাত্ৰ প্ৰায় ১৬ শতাংশ। কিন্তু পৰিয়ালৰ এই পৰিৱৰ্তনক কেৱল ‘একক’আৰু ‘যৌথ’—এই দুটা শ্ৰেণীতে ভাগ কৰি সীমাবদ্ধ কৰিব নোৱাৰি। ইয়াৰ মাজতেই গঢ় লৈ উঠিছে এক নতুন সামাজিক বাস্তৱতা—”পৰিপূৰক একক পৰিয়াল (Supplemented Nuclear Household)”-অর্থাৎ স্বামী-স্ত্ৰী আৰু সন্তানৰ লগতে এজন বা এগৰাকী অবিবাহিত ভাই-ভনী, বৃদ্ধ পেহী, মাহী বা আন আত্মীয় একেলগে বাস কৰে। এই শ্ৰেণীও প্ৰায় ১৬ শতাংশ। যিয়ে স্পষ্টকৈ দেখুৱায় যে ভাৰতীয় পৰিয়াল ব্যৱস্থা সময়ৰ আহবান অনুসৰি নিজকে নতুন ৰূপত পুনৰগঠন কৰিছে। প্ৰতিবেদনখনৰ আন এক তাৎপৰ্যপূৰ্ণ তথ্য হৈছে “ভগ্ন সম্প্ৰসাৰিত পৰিয়াল (Broken Extended Household)”-ৰ দ্ৰুত বৃদ্ধি। স্বামী বা স্ত্ৰী নথকা এজন ব্যক্তিয়ে কিছুমান আত্মীয়ৰ সৈতে গঠন কৰা এনে পৰিয়ালৰ সংখ্যা যদিও মুঠ পৰিয়ালৰ প্ৰায় ৪ শতাংশ, তথাপিও ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত ইয়াৰ বৃদ্ধি ১৮০ শতাংশ হৈছে। এই পৰিৱৰ্তনে কেৱল জনসংখ্যাগত পৰিসংখ্যাৰ এক নতুন ধাৰাকেই প্ৰতিফলিত নকৰে; ই ভাৰতীয় সমাজত নাৰীসকলৰ ক্ৰমবৰ্ধমান আৰ্থিক স্বাৱলম্বিতা, পৰিয়ালৰ দায়িত্ব গ্ৰহণৰ সক্ষমতা আৰু সামাজিক ভূমিকাৰ পৰিৱৰ্তনৰো এক তাৎপৰ্যপূৰ্ণ ইংগিত বহন কৰে। একে সময়তে কৰ্মসংস্থাপন আৰু উচ্চশিক্ষাৰ সন্ধানত হোৱা ব্যাপক নগৰমুখী প্ৰব্ৰজনৰ ফলত এজনীয়া পৰিয়ালৰ সংখ্যাও প্ৰায় ৩৫ শতাংশ বৃদ্ধি পাইছে। ২০০১-২০১১ দশকৰ ভিতৰত মুঠ পৰিয়ালৰ সংখ্যা ২৯ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে যৌথ পৰিয়ালৰ বৃদ্ধি মাত্ৰ ৯ শতাংশ আছিল; লক্ষণীয়ভাৱে, গ্ৰাম্যাঞ্চলত যৌথ পৰিয়াল প্ৰায় স্থবিৰ হৈ থকাৰ বিপৰীতে নগৰাঞ্চলত ইয়াৰ কিছু বৃদ্ধি লক্ষ্য কৰা যায়। আগন্তুক, ২০২৬ ৰ লোকপিয়লত এই পৰিৱর্তনে কেনেধৰণৰ ৰূপ ল’ব সেইয়া লক্ষণীয় হ’ব।

সৰু পৰিয়ালৰ প্ৰতি আকৰ্ষণৰ কাৰণবোৰ সহজেই বুজিব পৰা যায়। সৰু পৰিয়ালে এনে এক ব্যক্তিগত পৰিসৰ প্ৰদান কৰে, যিটো যৌথ পৰিয়ালত বহু সময়ত পোৱা নাযায়। কম সদস্য মানে সিদ্ধান্ত গ্ৰহণত কম হস্তক্ষেপ, গৃহ পৰিচালনাত কম মতানৈক্য আৰু ভাৰতীয় টেলিভিছনৰ জনপ্ৰিয় “শাহু-বোৱাৰী” সংঘাতৰ দৰে দৈনন্দিন মতানৈক্য। বিশেষকৈ বহু মহিলাৰ বাবে যৌথ পৰিয়াল এৰি ওলাই অহা মানে কেৱল ঘৰ সলনি কৰা নহয়; কঠোৰ নিয়ন্ত্ৰণ, অবৈতনিক গৃহশ্ৰম আৰু পৰম্পৰাগত ক্ষমতাৰ স্তৰবিন্যাসৰ পৰা মুক্তিৰ পথ বুলি বহুতেই ভাবে। এনে স্বাধীনতা বাস্তৱ আৰু সেয়েহে আজিৰ প্ৰজন্মৰ মাজত একক পৰিয়াল অধিক আকৰ্ষণীয় হৈ উঠাটো স্বাভাৱিক। কিন্তু এই ব্যৱস্থা সুচাৰুৰূপে চলে যেতিয়ালৈ একক পৰিয়ালৰ প্ৰতিজন প্ৰাপ্তবয়স্ক ব্যক্তি সুস্থ, কৰ্মক্ষম আৰু মানসিকভাৱে সুস্থ হৈ থাকে। সাম্প্ৰতিক প্ৰেক্ষাপটত ভাৰতীয় সমাজে একক পৰিয়ালৰ গাঁথনি গ্ৰহণ কৰিছে যদিও যৌথ পৰিয়ালৰ অন্তৰালত থকা সহায়-সহযোগিতাৰ শক্তিশালী ব্যৱস্থাটোৰ বিকল্প এতিয়াও গঢ়ি তুলিব পৰা নাই। ভাৰতৰ দৰে দেশত চৰকাৰী সামাজিক সুৰক্ষা ব্যৱস্থা এতিয়াও সীমিত। আনহাতে, নগৰাঞ্চলত জীৱনধাৰণৰ ব্যয় ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এনে এক পৰিৱেশত পৰিয়ালৰ সদস্য সকলৰ মাজত বুজাবুজি আৰু সহায়-সহযোগিতা এক মৌলিক প্ৰয়োজন হৈ পৰিছে। যুগ যুগ ধৰি ভাৰতীয় যৌথ পৰিয়ালেই এই দায়িত্ব নীৰৱে পালন কৰি আহিছিল। এক অৰ্থত যৌথ পৰিয়াল আছিল ভাৰতীয় সমাজৰ এক অনানুষ্ঠানিক কল্যাণমূলক ব্যৱস্থা (Informal Welfare System)। যেনে, আইতা-ককাই নাতি-নাতিনীৰ লালন-পালনৰ দায়িত্ব গ্ৰহণ কৰিছিল, আত্মীয়-স্বজনে অসুস্থতাৰ সময়ত আগবঢ়াইছিল সহায়ৰ হাত, পৰিয়ালৰ এজন সদস্য আৰ্থিক সংকটত পৰিলে সেই বোজা সমগ্ৰ পৰিয়ালেই একেলগে বহন কৰিছিল যৌথ পৰিয়ালে এনে এক জীৱন-দৰ্শন শিকায়- যি পাঠ্যপুথি, মোবাইল এপ বা আধুনিক প্ৰতিষ্ঠানে সম্পূৰ্ণৰূপে শিকাব নোৱাৰে। ইয়াতেই শিকা যায় একেজন মানুহক একে সময়তে কেনেদৰে গভীৰভাৱে ভাল পাব পাৰি, অভিমানো কৰিব পাৰি, খঙো কৰিব পাৰি; তথাপিও সম্পৰ্ক অটুট ৰাখিব পাৰি। কিয়নো আপোচ মানেই পৰাজয় নহয়, বৰঞ্চ একেলগে জীয়াই থকাৰ এক অনন্য শিল্প। কিন্তু এই ব্যৱস্থাৰ লাহে লাহে হোৱা ভাঙনৰ ফলত জীৱনৰ বহু স্বাভাৱিক ঘটনাও এতিয়া সৰু পৰিয়ালৰ বাবে ডাঙৰ সংকটত পৰিণত হৈছে। বেমাৰ-আজাৰ, চাকৰি হেৰুৱা, আৰ্থিক অনিশ্চয়তা বা নতুন সন্তানৰ জন্ম—যিবোৰ দায়িত্ব এসময়ত সমগ্ৰ পৰিয়ালে ভাগ-বতৰা কৰি বহন কৰিছিল, সেইবোৰ এতিয়া মুষ্টিমেয় সদস্যৰ ওপৰত আহি পৰিছে। আগতে যি যত্ন আৰু সেৱা আত্মীয়তাৰ বন্ধনে আগবঢ়াইছিল, সেইয়া আজিৰ সমাজত টকাৰ বিনিময়ত ক্ৰয় কৰিবলগীয়া সেৱাত পৰিণত হৈছে। সৰু পৰিয়ালৰ মহিলাসকলৰ কান্ধত নীৰৱে আৰোপিত হোৱা অবৈতনিক শ্ৰমলৈ ৰূপান্তৰিত হৈছে। এই বাস্তৱতাই কেৱল পাৰিবাৰিক গাঁথনিকে নহয়, সামাজিক সমতা, মানসিক স্বাস্থ্য আৰু জীৱনৰ মানদণ্ডকো গভীৰভাৱে প্ৰভাৱিত কৰিছে। যৌথ পৰিয়ালৰ উপকাৰিতা কেৱল অনুভৱৰ বিষয় নহয়; গৱেষণায়ো ইয়াক সমৰ্থন কৰে। জি কে তিৱাৰী আৰু সহযোগী গৱেষকসকলে ২০২২ চনত প্ৰকাশ কৰা গৱেষণাত ২০১৯–২০ চনৰ ক’ভিড মহামাৰীৰ সময়ত যৌথ পৰিয়ালত শৃংখলা, সহযোগিতা আৰু মতভেদ সমাধানৰ ক্ষমতা অধিক শক্তিশালী পোৱা গৈছিল। এনে পৰিয়ালৰ সদস্যসকলৰ মাজত মহামাৰীৰ মানসিক চাপ অধিক সফলতাৰে মোকাবিলা কৰাৰ সামর্থ্য দেখা গৈছিল। পৰৱৰ্তী গৱেষণাসমূহত যেনে কে. এম. প্ৰতিমা (২০২৫) আৰু সহযোগী গৱেষকৰ গৱেষণা অনুসৰি যৌথ পৰিয়ালত বসবাস কৰা লোকসকলৰ মাজত মানসিক স্থিৰতা, সামাজিক সংযোগ আৰু পাৰস্পৰিক সম্পৰ্কৰ মান অধিক উন্নত বুলি পোৱা গৈছে। আনহাতে ওবেৰয় আৰু সিং, ২০২৫ ৰ অধ্যয়নে যৌথ পৰিয়ালৰ মধ্যবয়সীয়া ব্যক্তিসকলৰ ক্ষেত্ৰত উন্নত শাৰীৰিক, মানসিক আৰু সামাজিক জীৱন মানদণ্ড প্ৰতিপন্ন কৰিছে। আকৌ, গৱেষণাৰ তথ্য অনুসৰি, তিনিটা প্ৰজন্ম একেলগে বাস কৰা যৌথ পৰিয়ালত কেৱল ৰন্ধনৰ কৌশল, গৃহস্থালিৰ অভিজ্ঞতা বা পৰম্পৰাগত আচাৰ-অনুষ্ঠানেই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চাৰিত নহয়, ইয়াৰ লগতে নীৰৱে বংশানুক্ৰমে সঞ্চাৰিত হয় জীৱনৰ উত্থান-পতন সন্মুখীন কৰাৰ সাহস, সংকট মোকাবিলাৰ প্ৰজ্ঞা, সহনশীলতা, ত্যাগৰ মূল্য, পাৰস্পৰিক সন্মান, সাংস্কৃতিক, স্মৃতি আৰু সামাজিক দায়বদ্ধতাৰ বোধ। এই শিক্ষা কোনো পাঠ্যপুথি, ডিজিটেল এপ, কৃত্ৰিম বুদ্ধিমত্তা নাইবা আনুষ্ঠানিক প্ৰতিষ্ঠানে সম্পূৰ্ণৰূপে প্ৰদান কৰিব নোৱাৰে; কাৰণ এইবোৰ শিকোৱা নহয়, দৈনন্দিন জীৱনৰ অভিজ্ঞতাৰ মাজেৰে স্বাভাৱিকভাৱে আহৰণ কৰা হয়।

fortnight1

পৰিয়াল ব্যৱস্থাৰ পৰিৱর্তনৰ লগতে বিশ্বজুৰি বিবাহ আৰু মাতৃত্বৰ ক্ষেত্ৰতো এক নীৰৱ পৰিৱৰ্তন ঘটিছে । মৰ্গান ষ্টেনলি (Morgan Stanley)-ৰ Rise of the SHEconomy শীৰ্ষক বিশ্লেষণত পূৰ্বাভাস দিয়া হৈছে যে ২০৩০ চনৰ ভিতৰত যুক্তৰাষ্ট্ৰত ২৫–৪৪ বছৰ বয়সৰ প্ৰায় ৪৫ শতাংশ মহিলা অবিবাহিতা হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হৈছে যে মহিলাসকলে সন্তান জন্ম দিয়াত পলম কৰিছে অথবা আগৰ তুলনাত কম সন্তান জন্ম দিছে। যদিও এই পূৰ্বাভাস যুক্তৰাষ্ট্ৰৰ প্ৰেক্ষাপটত কৰা, তথাপিও ইয়াৰ অন্তৰ্নিহিত সামাজিক-অৰ্থনৈতিক ধাৰাসমূহ—উচ্চশিক্ষাৰ প্ৰসাৰ, কৰ্মজীৱনত নাৰীৰ অধিক অংশগ্ৰহণ, আৰ্থিক স্বাৱলম্বিতা, বিবাহৰ বয়স বৃদ্ধি আৰু ব্যক্তিগত জীৱন-নিৰ্বাচনৰ প্ৰতি অধিক গুৰুত্ব—ভাৰততো ক্ৰমান্বয়ে দৃশ্যমান হৈ উঠিছে। বিশেষকৈ মহানগৰ আৰু নগৰাঞ্চলত এই পৰিৱৰ্তনৰ স্পষ্ট আভাস ইতিমধ্যে লক্ষ্য কৰা যায়। এই বাস্তৱতাই সূচায় যে ভাৰতীয় পৰিয়াল ব্যৱস্থাও ধীৰে ধীৰে এক নতুন সামাজিক ৰূপান্তৰৰ মাজেৰে আগবাঢ়িছে, য’ত পৰম্পৰাগত পৰিয়ালৰ ধাৰণাৰ সমান্তৰালভাৱে ব্যক্তিকেন্দ্ৰিক জীৱনশৈলী আৰু বিকল্প পৰিয়াল-গাঁথনিয়েও ক্ৰমে অধিক স্বীকৃতি লাভ কৰিছে।

শেষত, এই পৰিৱৰ্তন কোনো আকস্মিক সাংস্কৃতিক বিপ্লৱ নহয়; ই বহু দশক ধৰি চলি থকা এক গভীৰ সামাজিক পুনৰগঠনৰ ফল। এফালে একক পৰিয়ালৰ ব্যক্তিগত স্বাধীনতা, গোপনীয়তাৰ দৰে ইতিবাচক দিশসমূহ অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু আনফালে, যৌথ পৰিয়ালে যুগ যুগ ধৰি প্ৰদান কৰি অহা অদৃশ্য সামাজিক সুৰক্ষা ব্যৱস্থাটোৰ বিকল্প ভাৰতীয় সমাজে এতিয়াও সৃষ্টি কৰিব পৰা নাই। সেইবাবে প্ৰশ্নটো কেৱল যৌথ নে একক পৰিয়াল—সেইটো নহয়। মূল প্ৰশ্ন হৈছে, সমাজে যদি পুৰণি নিৰাপত্তাৰ জালখন এৰি আহিছে, তেন্তে তাৰ ঠাইত নতুন প্ৰজন্মৰ বাবে কি ধৰণৰ সহায়-সহযোগিতাৰ ব্যৱস্থা গঢ়ি তুলিব? ভৱিষ্যতৰ ভাৰত অধিক স্বাধীন হ’ব নে অধিক নিঃসংগ—তাৰ উত্তৰ এতিয়াও সময়, নীতি-নিৰ্ধাৰক আৰু সমাজৰ সমূহীয়া প্ৰজ্ঞাৰ হাততেই ন্যস্ত হৈ আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top