• Home
  • Editorial
  • স্বৰাজ দৰ্পণ: জ্ঞান অন্বেষণ-বিস্তাৰৰ যাত্রা

স্বৰাজ দৰ্পণ: জ্ঞান অন্বেষণ-বিস্তাৰৰ যাত্রা

editorial
📖 সম্পাদকীয়

স্বৰাজ দৰ্পণ

জ্ঞান, সংস্কৃতি, বিজ্ঞান আৰু সমাজ উন্নয়নৰ এক ডিজিটেল অভিযান।

তথ্য-প্ৰযুক্তিৰ আকাশলংঘী সফলতাই আজিৰ সমাজৰ প্ৰত্যেকজন ব্যক্তিকে প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে প্ৰভাৱিত কৰিছে। মানুহে নিজৰ মনৰ আৰু জ্ঞানৰ পৰিধি প্ৰতিদিনেই প্ৰসাৰিত কৰিব খোজে। বিশ্বৰ বিস্ময়কৰ তথ্য, জ্ঞান-উদ্দীপক আলোচনা আৰু নতুন নতুন চিন্তাৰ সন্ধানত মানৱ মন সদায় আগ্ৰহী।

বাতৰি কাকত, আলোচনী, টিভি আৰু ৰেডিঅ’ই বহু বছৰ ধৰি এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু জ্ঞান আহৰণৰ নতুন মাধ্যমৰ সন্ধানত জন্ম ল’লে ৱেবছাইট

“জ্ঞানৰ সীমা নাই, আৰু সেই সীমাহীন জ্ঞানৰ দুৱাৰ মুকলি কৰিবলৈ আহিছে স্বৰাজ দৰ্পণ।”

১৯৯১ চনৰ ৬ আগষ্টত বিশ্বৰ প্ৰথম ৱেবছাইট মুকলি কৰা হৈছিল। আজিৰ বিশ্বত ১৯০ কোটিতকৈ অধিক ৱেবছাইটে বিভিন্ন বিষয়ৰ তথ্য মানুহৰ কাষলৈ লৈ গৈছে।

প্ৰশ্ন উঠিব পাৰে—স্বৰাজ দৰ্পণৰ প্ৰয়োজন কিয়? কাৰণ আমাৰ লক্ষ্য কেৱল তথ্য প্ৰদান নহয়, বৰং সমাজৰ সৰ্বাঙ্গীণ বিকাশৰ বাবে শুদ্ধ, বিশ্বাসযোগ্য আৰু গৱেষণাধৰ্মী সমল সহজলভ্য কৰি তোলা।

আমাৰ লক্ষ্য

🎭 লোকসংস্কৃতি

অসমৰ লোকসংস্কৃতি, ঐতিহ্য আৰু উপেক্ষিত লোকশিল্পীসকলক বিশ্বৰ আগত উপস্থাপন।

📚 শিক্ষা

ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাবে বিশ্বাসযোগ্য প্ৰবন্ধ, ৰচনা আৰু তথ্যভাণ্ডাৰ।

🔬 বিজ্ঞান

বৈজ্ঞানিক আলোচনা, নতুন আৱিষ্কাৰ আৰু বিজ্ঞানমনস্ক সমাজ গঠন।

💼 আৰ্থিক উন্নয়ন

আৰ্থিক সবলীকৰণ, উদ্যোগ আৰু আত্মনিৰ্ভৰশীলতাৰ দিশ-দৰ্শন।

সাম্প্ৰতিক সময়ত বহুতে কিতাপ-কাগজৰ পৰা কিছু আঁতৰি গৈছে যদিও ডিজিটেল মাধ্যমত তথ্যৰ বিশাল ভাণ্ডাৰ উপলব্ধ। এনে এক পৰিৱেশতে আপোনাৰ জ্ঞানযাত্ৰাৰ বিশ্বস্ত সঙ্গী হ’বলৈ আগবাঢ়িছে স্বৰাজ দৰ্পণ।

Scroll to Top