• Home
  • Editorial
  • নদী প্ৰদূষণ- জীৱকূলৰ সংকট

নদী প্ৰদূষণ- জীৱকূলৰ সংকট

editorial
📖 সম্পাদকীয়

প্ৰকৃতিয়ে অকৃপণ হাতেৰে অসমক উপহাৰ দিছে অসংখ্য জলভাণ্ডাৰ। কিন্তু চৰম পৰিতাপৰ কথা যে নদীমাতৃক ৰাজ্য অসমত এতিয়া কেবাখনো নদী সংকটত। নদীসমূহলৈ নামি অহা বহু সংকটৰ অন্যতম হৈছে প্ৰদূষণ। অৱশ্যে এয়া কেৱল অসমৰ নদীৰ সমস্যা নহয়। পৰিৱেশ বিজ্ঞানী ডঃ পাৰ্থজ্যোতি দাসৰ মতে মানৱজাতিলৈ আগবঢ়োৱা অলেখ অৱদানৰ পিছতো সমগ্ৰ বিশ্বতে নদীয়েই আটাইতকৈ বিপদাপন্ন প্ৰাকৃতিক সত্তা।

“মানুহ আৰু নদীৰ মাজত আছে অবিচ্ছেদ্য সম্পৰ্ক। নদী বাচিলেহে সভ্যতা বাচিব।”

নদীৰ প্ৰতি মানুহৰ দায়িত্ব

পুনৰ দোহৰাৰ প্ৰয়োজন নাই যে মানুহ আৰু নদীৰ মাজত আছে অৱিচ্ছিন্ন সম্পৰ্ক। অথচ নদীৰ গুৰুত্ব যেন আজিও সঠিককৈ মূল্যায়ন হোৱা নাই। সাম্প্ৰতিক সময়ত জলবায়ু পৰিৱৰ্তন, বায়ু প্ৰদূষণ, কৃত্ৰিম বান, ভূমিস্খলন, হাতী-মানুহৰ সংঘাতৰ দৰে সমস্যাৰ দৰে নদী প্ৰদূষণৰ বাবেও মানুহেই মূল জগৰীয়া।

নদী প্ৰদূষণৰ মূল কাৰণ

  • ঔদ্যোগিক প্ৰদূষণ
  • মানৱসৃষ্ট জাবৰ-জোথৰ
  • কৃষিক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু কীটনাশক
  • অব্যৱস্থাপিত নগৰায়ন
  • ভূগৰ্ভস্থ পানীৰ প্ৰদূষণ

প্ৰদূষিত পানীৰ ভয়ংকৰ প্ৰভাৱ

নদীত পেলোৱা জাবৰ, পলিথিন, মল-মূত্ৰ, উদ্যোগৰ বিষাক্ত অৱশিষ্ট, সীহ, এম’নিয়া, নাইট্ৰজেন, ফছফৰাছ আদি পদাৰ্থ পানীৰ সৈতে মিহলি হৈ মানৱ শৰীৰত প্ৰৱেশ কৰে। ফলত কলেৰা, গ্ৰহণী, টাইফয়ড, লেপ্ট’স্পাইৰ’চিছ, জণ্ডিচ, বৃক্ক বিকলতা, এলাৰ্জি, ছালৰ বিভিন্ন ৰোগ, ভেঁকুৰ আৰু বেক্টেৰীয়াজনিত অসুখ বৃদ্ধি পায়।

গৱেষণাই কি কয়?

শেহতীয়াকৈ বহু নদীৰ পানীত মেংগানিজৰ পৰিমাণ বৃদ্ধি পোৱা দেখা গৈছে। অত্যধিক মেংগানিজে মগজুৰ স্থায়ী ক্ষতি, স্নায়বিক সমস্যা, খোজকঢ়াত অসুবিধা, খং বৃদ্ধি, বিৰক্তিভাৱ আৰু অনূৰ্বৰতাৰ সমস্যাও সৃষ্টি কৰিব পাৰে।

জলজ জীৱৰ ওপৰত প্ৰভাৱ

প্ৰদূষিত পানীয়ে কেৱল মানুহৰ ক্ষতি নকৰে। মাছ, কাছ, সাপ, জলজ উদ্ভিদ আৰু অসংখ্য জীৱৰ জীৱন বিপন্ন কৰি তোলে। ডিডিটি, এলড্ৰিন আদি বিষাক্ত ৰাসায়নিক ব্যৱহাৰ কৰি মাছ ধৰা, বৈদ্যুতিক সঁজুলীৰে মাছ ধৰা আদিৰ ফলত মাছৰ উৎপাদন হ্ৰাস পোৱাৰ লগতে জৈৱ বৈচিত্ৰ্য ভয়ংকৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

আইন আছে, কিন্তু সজাগতা?

জল সংৰক্ষণ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ বিধি ১৯৮৪, জল প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন ১৯৭৭ আদিয়ে ব্যৱস্থা গ্ৰহণৰ সুযোগ প্ৰদান কৰে। কিন্তু আইন কঠোৰভাৱে বলৱৎ নকৰিলে আৰু সমাজৰ প্ৰতিজন ব্যক্তি দায়বদ্ধ নহ’লে নদী সংৰক্ষণ সম্ভৱ নহয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top