সমাজ (গল্প )

galpa

“অ’ বোলো হলধৰ ঘৰত আছনে?”

মহিমে পদূলিৰ পৰা মাত লগালে। সন্ধিয়া বলদ কেইটা গোহালিত বান্ধি হলধৰ এইমাত্ৰ ভৰি-হাত কেইটা ধুই অলপ জিৰাও বুলি বাৰাণ্ডাখনত পাৰি থোৱা আৰামী বেঞ্চখনত বহিছিলহে। তেনেতে মহিমৰ মাত শুনি সি ততাতয়াকৈ নঙলামুখ পালেগৈ আৰু মাত লগালে।

“আউ… ফুট গধূলীতে সকাম খাবলৈ ওলালিয়ে নে? মই এইমাত্ৰ আজৰি হৈছোহে। আহ, ফিকাচাহ একাপকে খাই ল’হি। অলপ পাছত দুয়োটা ওলাই যাম।”

“এ, নহয় অ’। সন্ধিয়াখন ঘৰত সোমাই থাকি বৰ আমনি পাও জাননে? মই বোলো হৰকান্তহঁ‌তৰ সকামলৈ যাম যেতিয়া অকণমান তঁ‌হতৰ ঘৰটো সোমাই তামোল-চালি এখন খাই যাম। সময়খিনিও পাৰ হ’ব। নে কি ক’ হল ..?”

এইবুলি কৈ গল খেকাৰী এটা মাৰি মহিমে হাতত মান-চাদা অলপ মলি মলি হলধৰৰ ঘৰৰ চোতাল পালেহি।

“এৰা ভালেই কৰিলি দে। মইও ঘৰত অকলেহে থাকো। আগলে পিছলে বুলিবলৈ মোৰ কোনো নাইয়ে। তহঁতবোৰ এনেদৰে আহি গৈ থাকিলে মইও সাহস এটা পাও দেচোন। ভিতৰত বৰ গৰম। তই বাহিৰতে বহ, আহ।”

ভিতৰৰ পৰা মুঢ়া এটা চোতাললৈ উলিয়াই দি হলধৰে কথাখিনি কৈ গ’ল।

“‘তই অলপ ইয়াতে বহ। মই তামোল চালি এখনৰ যোগাৰ কৰো।”

মহিমক বাহিৰতে বহিবলৈ দি হলধৰে ভিতৰলৈ গৈ বটা এটাত তামোল দুখনমান, পান, চূণ আৰু ধপাতৰ টুকুৰা কেইটামানৰ সৈতে লৈ আহিল।

“হু …খা। তেতিয়ালৈকে মোৰো ওলাই হৈ যাব।”

এইবুলি কৈ হলধৰ ততাতয়াকৈ ভিতৰত সোমাল আৰু ধূতি-পাঞ্জাৱীযোৰ পিন্ধিব ধৰিলে।

তেনেতে, তামোল এখন মুখত ভৰাই পেকেটিয়াই পেকেটিয়াই মহিমে ক’বলৈ ধৰিলে।

“বেচেৰা হৰকান্তটোলৈ বেয়াই লাগে বুজিছনে? বৰ অজলা মানুহ। ঘৈণীয়েকজনী ঢুকোৱা আজি এবছৰেই হ’ল। ল’ৰা-ছোৱালী দুটাও সৰু হৈ থাকিল। কোনোমতে পেটে ভাতে খাই আছে। ৰাইজৰ ৰোষৰ বলি নহ’বলৈ আজি বছৰেকীয়া ভাগ পাতিছে। ভালদৰে গ’লেই হ’ল আৰু।”

“এৰা.. ঠিকেই কৈছ। সকামভাগ যে আয়োজন কৰিব পাৰিছে, সেইটোয়ে তাৰ কাৰণে ডাঙৰ কথা। ব’ল, ব’ল। দেৰিয়ে হ’ব এতিয়া। মুঢ়াটো বাহিৰতে থাকক দে।”

ডিঙিত গামোছা খন মেৰিয়াই হলধৰ ভিতৰৰ পৰা ওলাই আহিল আৰু বাহিৰৰ পৰা দুৱাৰখনৰ খিলিটো লগাই মহিমৰ ফালে নোচোৱাকৈয়ে কথাখিনি কৈ গ’ল।

কথাৰ মহলা মাৰি মাৰি দুয়ো হৰকান্তৰ ঘৰ পালেগৈ।

যথাস্থানত সেৱক হৰকান্তই ভকতসকলক নিজৰ সমগ্ৰ ভাৱ-ভক্তিৰে বহিবলৈ দিলে। নাম-কীৰ্তন আৰম্ভ হোৱাৰ আগে আগে সকলোকে চাহ আৰু ৰসগোল্লাৰে আপ্যায়ন কৰা হ’ল। তাৰপিছত আৰম্ভ হ’ল ভগৱানৰ গুণানুকীৰ্তন। পাঠকে পাঠ কৰি গ’ল আৰু ব্যাখ্যাকাৰে সুন্দৰভাৱে প্ৰতিটো অধ্যায় ব্যাখ্যা কৰি গ’ল। কোনোবাই মন দি শুনিলে আৰু দুই এজনে গোটেই সময়খিনি বহি বহিয়ে টোপনি মাৰিলে। যথাসময়ত নাম-কীৰ্তনৰ সামৰণি পৰিল। নাম চলি থকা সময়ত টোপনিত লাল-কাল ভকত সকলে নাম সামৰণীৰ সময় আহি পৰাত টোপনিৰ পৰা উঠিল আৰু ভালদৰে নিজ নিজ আসনত ভক্তিভাবেৰে বহি ল’লে।

“ভকত বান্ধব সকল। আমাৰ নামৰ সামৰণী পৰিল। সেৱকীয়ে সেৱা ল’ব পাৰে।”

পাঠক গৰাকীয়ে পুথিভাগ সামৰি মাত লগালে। ভকতসকলৰ মাজৰ দুই এজনে সেৱকীক নামৰ সেৱা ল’বলৈ আমন্ত্ৰণ জনালে আৰু সেৱা ধৰিবৰ কাৰণে শৰাইভাগ সজাবলৈ আহ্বান জনালে।

সেৱকী হৰকান্তই শৰাই ভাগ তামোল-পাণ এযোৰ আৰু এশ এটকাৰ সহিতে আগবঢ়াই ভকতসকলৰ সন্মুখত থাপনা ভাগক উদ্দেশ্যি সেৱা ল’বলৈ সাজু হ’ল।

তেনেতে এটা সাংঘাটিক অথন্তৰে দেখা দিলে। এনে হ’ব বুলি হৰকান্তই হয়টো সপোনতো ভবা নাছিল।

“এনেদৰে সমাজ নচলে হৰকান্ত। সমাজখনত নিয়ম বোলা বস্তু এটা আছে। এনেকৈ তই সমাজ এখনক মাতি আনি অপমান কৰিবলৈ ক’ত সাহস পালি?”

সমাজৰ বৰমূৰীয়া এজনে হঠাৎ চিঞৰি উঠিল।

তিৰোতা নথকা ঘৰ এখনত লৰালৰিকৈ সকাম এভাগ আয়োজন কৰা হৈছে। তাত ক’ৰবাত দিওতে থওতে অনেক খিনি অপৰাধ হ’ব পাৰে। ইয়াকে ভাবি হৰকান্তই আঁ‌ঠু কাঢ়ি হাতযোৰ কৰি অতি বিনম্ৰভাবে ক’লে –

“ৰাইজ, মই অকলশৰীয়া মানুহ। ঘৰৰ ইটো-সিটো কামত সহায় কৰোতা মোৰ কোনো নাই। পাৰ্যমানে মই আজিৰ এই সকামভাগিৰ আয়োজন কৰিছো। মোৰ যদি ক’ৰবাত কিবা ভুল হৈছে, আঙুলিয়াই দিলে কৃতাৰ্থ হ’ম।”

“ভুল তোৰ হৈছে হৰকান্ত। প্ৰথম কথা হ’ল শৰাইভাগি তই আগবঢ়াই দিওঁ‌তে ভালদৰে ঢাকি দিয়া নাই। দ্বিতীয় তথা আটাইতকৈ ডাঙৰ ভুলটো হৈছে তই ৰাইজলৈ বুলি আগবঢ়োৱা অৰিহণাভাগ। আমাৰ হৰিমন্দিৰৰ প্ৰাংগনত সকলোৰে সৰ্ব-সন্মতি ক্ৰমে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তই পাহৰিলি নেকি? শৰাইৰ মূল্য কোনো গুণে তিনিশ টকাৰ কম হ’ব নোৱাৰে।”

আন এজন বৰমূৰীয়াই মাত লগালে। তাকে শুনি হৰকান্তই সেমেনা সেমেন কৰিলে আৰু লাজ আৰু সংকোচত তলমুৰ কৰিলে। অলপ সময়ৰ কাৰণে গোটেই পৰিৱেশটো কাঁ‌হ পৰি জীণ যোৱাৰ দৰে হ’ল।

তাকে দেখি সকামগৃহৰ একেবাৰে পিছৰ শাৰীত বহি থকা হলধৰে মাত লগালে-

“কি হে দদাইহঁ‌ত? তঁ‌হতে ইয়াত ভক্তিভাবেৰে শ্ৰাদ্ধভাগ কৰিবলৈ একগোট হৈছ নে ব্যৱসায় কৰিবলৈ? সি বেচেৰাই মনৰ পৰা যিমান অৰিহণা আগবঢ়াইছে তাতে সন্তুষ্ট থকাতনো তহঁতৰ কি আপত্তি আছে? যি নহওক, সি যে সমাজখনত আঁ‌ঠু লৈছে, সেইটোহে আচল কথা। এইটো মুহূৰ্তত টকা-পইচাৰ হিচাপ কৰাটো জানো ভাল কথা।”

হলধৰৰ কথাষাৰ শুনি চাৰিওফালে বু বু বা বা আৰম্ভ হ’বলৈ ধৰিলে। দুজনমানেতো খঙত অগ্নিশৰ্মা হৈ কৈয়ে পেলালে-

“এনেদৰে সমাজ এখনক ব্যৱসায়ী বুলি ক’বলৈ তই ক’ত সাহস পালি। ঘোৰ পাপ কৰিছ তই। তোৰ যদি এই সমাজখনত থাকিবলৈ মন আছে, তই এতিয়ায়ে সমজুৱাভাবে ক্ষমা খুজ। অন্যথা পৰিস্থিতি ভীষণ হ’ব। তই যদি ক্ষমা নুখুজ আজি হৰকান্তৰ ঘৰৰ সকামৰ প্ৰসাদ আমি কোনেও গ্ৰহণ নকৰো।”

পৰিস্থিতি বেয়ালৈ যোৱা বুলি জানি হলধৰৰ কাষত বহি থকা মহিমে লাহেকৈ হলধৰৰ হাত দুখনত ধৰি ক’লে –

“শুন হল। তই কোৱা কথাখিনি মিছা একেবাৰে নহয়। কিন্তু তই, মই আৰু হৰকান্ত সৰু মানুহ। তোৰ-মোৰ দৰে মানুহৰ কথা সমাজে কিয় শুনিব? তই এবাৰ হৰকান্তৰ মুখখনলৈ চাচোন । অন্ততঃ নিজৰ কাৰণে নহ’লেও তাৰ কথা ভাবি আজি তই ক্ষমা খুজিব লাগিব।”

বহুত সময় হলধৰ তলমূৱা হৈ ৰ’ল। কিবা এক বুজাব নোৱাৰা আবেগ এটাই তাক হেঁচা মাৰি ধৰিলে। চকু দুটা লাজ আৰু অপমানত চলচলীয়া হৈ পৰিল। হৰকান্তৰ নিঃকিন মুখখনে তাক বৰকৈ আমনি কৰিব ধৰিলে। হঠাৎ সি নিজৰ বহা ঠাইখিনিৰ পৰা উঠিল আৰু পোনচাতে গৈ সমাজখনৰ আগত আঁ‌ঠু লৈ ক্ষমা খুজিবলৈ বাধ্য হ’ল।

“ৰাইজ। মোৰ ভুল হ’ল। ক্ষমা কৰিব।”

এইবুলি কৈ সাষ্টাংগে হলধৰে ৰাইজৰ আগত আঁঠু ল’লে। ৰাইজেও আৰু কথা ন~বঢ়াই হলধৰৰ ক্ষমা প্ৰাৰ্থনা স্বীকাৰ কৰিলে।

সিফালে হৰকান্তই ক’ৰবাৰ পৰা আৰু দুশমান টকাৰ ব্যৱস্থা কৰি শৰাইভাগত ঢাকি-ঢুকি দিয়াৰ পাছতহে সেৱকীৰ সেৱাভাগ ৰাইজে গ্ৰহণ কৰিলে । সকলোৱে আনন্দমনে মাহ-প্ৰসাদ গ্ৰহণ কৰি পৰিস্থিতি ভালদৰে শাম কাটিলে বুলি মনতে ভাবি লৈ ঘৰমুৱা হ’ল।

দিনবোৰ এনেদৰেই পাৰ হ’ব ধৰিলে। সমাজখন আগৰ দৰেই চলি থাকিল। শৰাইৰ অৰিহণা পূৰ্বনিৰ্ধাৰিত ৰূপত একে ভাগে চলি থাকিল। পাঠক সকলৰ কীৰ্তন পাঠো একে ভাগে চলি থাকিল। ৰাইজৰ ৰোষৰ বলি নহ’বলৈ আৰ্থিকভাবে দুৰ্বল দুই এঘৰৰ শ্ৰাদ্ধ আয়োজনৰ যুঁজখনো একে ভাগে চলি থাকিল। সলনি হ’ল মাথো এটাই। সমাজৰ একেবাৰে পিছৰ শাৰীত মহিম আজি-কালি অকলেই বহে। তাক সংগ দিবলৈ হলধৰ যে নাই।

সমুজ্জ্বল বৰা
প্ৰবক্তা
ডায়েট, ডিব্ৰুগড়

1 Comments Text
  • Very progressive thought and action!

  • Leave a Comment

    Your email address will not be published. Required fields are marked *

    Scroll to Top