যোগেশ কিশোৰ ফুকন
সভাপতি
শিৱসাগৰ জিলা সাহিত্য সভা
‘যুঁজাৰু মই জন্মগত
আমৰণ মোৰ সংকল্প
অস্তিত্ব অপৰাজিত।
যদিও পৃথিবী নিঃশব্দ
মই মুক্ত সশব্দ।’
মৃত্যুজিনা শিল্পী জুবিন গাৰ্গৰ এইটো এটা কবিতাৰ স্তৱক। ‘ইউক্লিপটাছ গছৰ দৰে’’ নামৰ তেওঁৰ এটা কবিতাত উক্ত স্তৱকটো পাইছিলো। একেদৰে তেওঁ আন কিছুমান কবিতাতো উচ্চাৰিত হোৱা দেখা যায় ব্যতিক্রম চিন্তাই গঢ়ি তোলা এক কাব্য পৰিক্ৰমা। সাম্প্রতিক সময়ত জুবিন গার্গে স্বকীয় ধ্যান-ধাৰণাৰে গঢ়িছিল যি কাব্য পৰিমণ্ডল, সেয়া সংগীতৰ দৰেই বৈশিষ্ট্যপূর্ণ বুলি ভাবিব লাগিব।

প্রথমতেই দেখা যায় যে জীৱন আৰু জগতৰ বিবিধ বিষয় তেওঁৰ কাব্যচিন্তাত ভিন্ন ভংগীৰে সোমাই আছে। তেওঁৰ দৃষ্টিত ধৰা দিয়া বিষয়বোৰে নতুন তৰংগৰ সৃষ্টি কৰে বাবে আমাৰ দৃষ্টিও আকর্ষণ কৰিবলৈ সক্ষম হয়। উদাহৰণস্বৰূপে- ‘শীত’ নামৰ কবিতাটোলৈ আঙুলিয়াব পাৰি। প্ৰাচ্য আৰু পাশ্চাত্যৰ অনেক কবি শিৰোমণিৰ দৃষ্টিত শীত হৈ আছে নীৰস, নির্জীৱ, নিদ্রিত ঋতু, য’ত তাৎক্ষণিক সৃষ্টি মাধুর্য একেবাৰে শূন্য। শীত মৰা পৃথিৱীৰ সৈতে একে বুলিও এগৰাকী পাশ্চাত্যৰ অনুভৱীয়ে কৈ পেলাইছিল- Winter is the dread Land. পিছে আমাৰ গৰিমাময় সংগীতসাধক, কবি জুবিন গার্গে শীতক অন্য ধৰণে বিচাৰ কৰিবলৈ গৈ অন্য এক কাব্যধাৰণা পৰিস্ফুট কৰিলে এইদৰে-
‘শীত হেনো দুখৰ ঋতু
কোনে কয়
বিশ্বাস নকৰোঁ মই।
বিশ্বাস কৰিম
যদিহে ই মোক কন্দুৱাই যায়
বুকুৱেদি সৰকি যায়
নিবিড় দুখ নিচুকাই।’ (শীত)
এতেকে এনে কিছুমান মনোভংগীয়ে নির্মাণ কৰা তেওঁব কবিতাৰ পৰিমণ্ডলৰ মাজলৈ নতুন ধাৰণাৰ আগমন ঘটিছে। ফলস্বৰূপে মাজে-সময়ে তেওঁৰ কবিতা হৈ পৰিছে হৃদয়ৰ হৈও মগজুৰ কচৰত্। সাম্প্রতিক সময়ৰ বিশিষ্ট সুৰকাৰ, গীতিকাৰ, বোলছবি পৰিচালক, সংগীত পৰিচালক, সুদক্ষ অভিনেতা আদি গুণেৰে সমুজ্জ্বল ব্যস্তশিল্পী জুবিন গার্গে আজৰি পালেই কাব্য চর্চা৩ মনোনিৱেশ কৰাৰ খবৰ পাইছিলোঁ। এতিয়া দেখিছোঁ যে কলাত্মকভাৱেও সুষমাযুক্ত তেওঁৰ কবিতাত আছে অনাবিল দৃষ্টি। আকৌ কেতিয়াবা হয়তো দৃষ্টিয়ে দর্শনৰ সীমা চুব খোজে।
সংগীতৰ অমৰ নক্ষত্র জুবিন গাৰ্গৰ বেলিকা কবিতাৰ এক মেজাংকৰী পৰিচয় থাকিব লাগে বুলি ভাবো। তেওঁৰ গীতত, সুৰত আৰু কবিতাতাচোন নতুনত্বৰ প্রতিধ্বনি বাজে। লুইতপৰীয়া অসমীয়াৰ তেওঁ অমৰ স্পন্দন। হিয়া চুই যাব পৰা গানৰ দবে তেওঁৰ কবিতাৰ কিছুমান স্তবক অত্যন্ত ক্রিয়াশীল। অবশ্যে সংগীত জগতত ব্যস্ত কবি জুবিনে কবিতাক ব্যাকৰণসিদ্ধ ৰূপত তুলি ধৰিবলৈ যোৱা নাই। তেওঁৰ কবিতাত বিষয়বস্তু আৰু আংগিক দুয়োটাই স্পষ্ট ৰূপত আছে। তথাপি আধুনিক কাব্য জিজ্ঞাসুসকলে তেওঁৰ কবিতাত প্রতীক, চিত্রকল্প আদিব সুষম প্রয়োগবৈভৱ বিচাৰি পোৱা টান হ’ব যেন লাগে।
কবি হিচাপে জুবিন গাৰ্গৰ কবিতাত আছে কিছুমান অভিনৱ বার্তা। গভীৰ অধ্যয়ন, অনুসন্ধান, সাধনা আদিয়ে তেওঁৰ সৃষ্টিক কৰিছে ক্ৰিয়াত্মক। ইয়াৰ সমানে সমানে তেওঁৰ কাব্য পৰিমণ্ডলৰ পৰা গুঞ্জৰিত হয় জন বার্তা। যোগ্য শব্দৰ ব্যৱহাৰৰ মাজেদি দৃঢ়পিনবদ্ধ চেতনাৰে তেওঁ ক’বলগা অভিব্যক্তি প্রকাশ কৰিহে শান্ত হোৱা যেন লাগে। এটা উদাহৰণ দিবলৈ এই স্তবকটোলৈ মন কৰিলেই হ’ব-
‘দিলোঁহেঁতেন এটা পেট, যি কেৱল
খাবলৈ নিশিকি এৰিবলৈও শিকিব
আনৰ বাবে।’
‘শুনিবলৈ সকলো’ নামৰ তেওঁৰ উক্ত কবিতাটোত প্রকাশ পাইছে আধুনিক আত্মকেন্দ্রিক সমাজৰ জীৱন যন্ত্রণা। এক দৃঢ় কথনকলাৰ দ্বাৰা উক্ত কবিতাটোৰ আন এটা স্বৱকত ইয়াৰ ভাববস্তু অধিক ক্রিয়াশীল হৈ পৰিছে এনেদৰে-
‘দিলোঁহেঁতেন এটা যৌনাংগ য’ত
কিলবিলাই ফুৰিব সহস্র বুদ্ধৰ বীর্য।’
বুদ্ধ শব্দই ইয়াত নিশ্চয় জ্ঞানক প্রতিনিধিত্ব কৰিছে। অমিতাভ জ্ঞানৰ প্রাচুর্যত ঐতিহাসিক বুদ্ধ জনকুলৰ ত্ৰাণকর্তা ৰূপত বিস্তাৰিত হৈছে। যুগৰ পৰা যুগান্তৰলৈ বিয়পি গৈছে বুদ্ধৰ মহিমা। সত্যই সত্য আৰু সভ্যতাৰ, জ্ঞানে জ্ঞান আক সংস্কাৰৰ জন্ম দিয়াৰ দৰে এই সময়ত প্রয়োজন হৈছে ‘বুদ্ধৰ বীর্য’। ধ্বংসৰ দৌৰাত্ম্যক বিনাশ কৰি নির্মাণ হয় যেন স্বাস্থ্যবান পৃথিবী। সুস্থ ধৰিত্ৰীৰ নিৰ্মাণৰ কাৰ্যসূচনাৰ বাবেই অন্যতম শক্তিশালী সৰঞ্জাম হ’ব বুদ্ধৰ বীর্য।
জুবিন গাৰ্গৰ কবিতাৰ পবিমণ্ডলত মানুহ, প্রকৃতি, জোন, তৰা, জোনাক, ফুল, পাত, গছ, লতা, নৈ, পথাৰ- এই আটাইবোৰে ভুমুকিয়াইছে। লগতে এৰি অহা অতীতে কবিক শক্তি-সামর্থ্যৰে কৰি তোলে অভিযাত্রী। সেই অভিযান হ’ব পাবে নতুনৰ পৰা নতুনলৈ কৰা অবিৰাম অভিযান। এটা কথা ঠিক যে অতীতৰ ভেটিত বর্তমান আক বর্তমানৰ ভেটিত থিয় হয় ভবিষ্যৎ। ল’ৰালিক শিল্পী গার্গে সংগীতৰ মাধুর্য সানি ব্যঞ্জনাৰ সৃষ্টিৰে স্থায়িত্ব দিয়াৰ খবৰ আমি জানো; যেনে, মনলৈ উভতি আহে ল’ৰালি, তোৰে মোৰে এটি এটি ধেমালি…।’ শিল্পী কবিয়ে তেওঁৰ ল’ৰালিক ‘বন্য ল’ৰালি’ বুলিছে। বন্ধনশূন্য ল’ৰালিৰ বিন্দুত সুপ্ত হৈ থাকে পঁচিশ বছৰীয়া যৌৱনৰ পৰিপূৰ্ণ শক্তি আৰু সামর্থ্য। এনে এক ধাৰণা পোষণ কৰিয়েই হ’বলা ল’ৰালিক বখানি কবি জুবিনৰ কলম উত্রাৱল। সৰা শেৱালি দেখি ল’ৰালিৰ চোতালখনলৈ মনত পৰা, বিনন্দীয়া পদুলিত উশাহ লোৱা, দুবৰিয়ে ল’ৰালিৰ বার্তা কোৱা, গছে-বনে অমলিন চেতনা বিলীন হৈ থকা আদিবোৰ বন্য ল’বালিৰ অমলিন ঘটনা। ইয়াৰ পাছতো সেউজীয়া পথাৰ অথবা বাউলি বতাহতো সেই একেই ল’ৰালি- ‘স্মৃতিৰে ৰাঙলী মোৰ বন্য ল’ৰালি’।
‘নৈশ বিলাপ’ত কবিৰ অশ্ৰু তিৰবিৰাই জ্বলে। কিন্তু তেওঁ হেনো সেই অশ্রুময় চকুত ঢালি দিয়ে মদিৰা, ঘোলা চকুত সানি দিয়ে দুখ। আকৌ কবিৰ আছে অত্যন্ত ‘স্বাভিমান’। নিজৰ সিদ্ধান্তত তেওঁ বিচাৰি পাই স্বাধীনতা। তেওঁক আনে বুজক বা নুবুজক, সেই লৈ তেওঁ চিন্তিত নহয় বুলি কৈছে-
‘অসাধাৰণ মই
মোৰ স্বাধীনতা
মোৰ কথা, মোৰ গান, কবিতা
মাজে মাজে মোৰ নীৰৱতা।’ (স্বাভিমান)
তেওঁৰ কবিতাৰ পৰিমণ্ডলত পাঠকে বিচাৰি পাব তুমুল খেয়ালি মনৰ জুবিন গাৰ্গক। প্রেমৰ প্রতি তেওঁ বিৰাগ নহয়, বিশেষকৈ মানৱপ্রেমৰ গংগা-যমুনা-সৰস্বতীৰ মহাসংযোগ ঘটিছে তেওঁৰ বুকুত। সেয়াই অমৃত সংযোগ। ভাল-বেয়া, সপোন-দিঠক তেওঁ বিচাৰ কৰিব নাজানে, মাত্র প্রেমৰ সিন্ধুত সাঁতুৰি-নাদুৰি স্পন্দন তুলিব জানে, জাগ্রত কৰিব জানে মহাপৃথিবীক-
‘আকণ্ঠ পান কৰিব দিয়া মোক
তোমাৰ প্রেমৰ সৰোবৰত
বহু যুগ মই পিয়াহত আছোঁ।
পুৰি ছাই হ’ব দিয়া মোক
তোমাৰ ৰৌদ্রৰ প্রসৰতাত।’ (অন্য এক আৱেগ)
এই একেজন কবি গার্গে কবিতাবে কৈ দিয়ে ‘বান্দৰ হোৱাৰ পথত আমি’ বুলি। ‘বেলতলা কাণ্ডৰ স্মৃতিত’ তেওঁৰ এটা সৰু কবিতা পঢ়িছিলো। তাত জীৱৰ তথা মানুহৰ ক্রমবর্ধমান (Evolution)ৰ সূত্ৰৰ ইংগিত পোৱা যায়। কিন্তু সেই পুনৰাবৃত্তি ডাৰউইনৰ ‘The Descent of Man’ত কোৱাৰ দবে নহৈ অন্যপ্রকাৰে পৰিঘটনা হৈ যাব পাৰে। অর্থাৎ প্ৰজন্মৰ পাছত প্রজন্মলৈ চয়তানী তেজৰ উত্তৰণ ঘটিব লাগিলে মানুহ উলটিব লাগিব বান্দৰলৈ। ভাবিলে গাৰ নোম শিয়াৰি উঠা তেনে পৰিঘটনা ঘটিবলৈ দিব নোৱাৰি। তেনে এক মনোবিজ্ঞানৰ ধাৰণাৰে কবিয়ে কবিতাটোত নিক্ষেপ কৰিছে এক তীব্র কটাক্ষ (Satire)।
আশা কৰোঁ যোগ্য বিজ্ঞসকলে অম্লান শিল্পী, কোটি জনতাৰ অখণ্ড স্পন্দন জুবিন গাৰ্গৰ কবিতাৰ বিচাৰ-বিশ্লেষণ আগবঢ়াব। আমি তেওঁৰ কবিতা একত্রিত ৰূপত এতিয়াও পোৱা নাই। মাত্র ২৩ ছেপ্টেম্বৰ, ২০২৫ তাৰিখৰ ‘নিয়মীয়া বার্তা’ কাকতত ‘প্রাণৰ শিল্পীলৈ শ্রাদ্ধাঞ্জলি’ নামৰ এটা পৃষ্ঠাত জুবিন গাৰ্গৰ ২৩টা কবিতা প্রকাশ হৈছিল আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ সৌজন্যত বুলি উল্লেখ হৈছিল। শিল্পীজনৰ সেই কবিতাকেইটা প্রকাশ কৰি আমাক পঢ়াৰ সুবিধা কৰি দিয়াৰ বাবে সংশ্লিষ্টসকলক জনাইছোঁ কৃতজ্ঞতা। বিচাৰ কৰিলে আমি নিশ্চয় পাম জনহিয়া পখালিব পৰা জুবিন গাৰ্গৰ অধিক কবিতা।










