ড° শিৰোমণি ভূঞা
অসমীয়া শিক্ষাশাস্ত্ৰীয় পৰিভাষা বুলি ক’লেই পৰিভাষিকভাবে চাৰিটা শব্দ আমাৰ সন্মুখলৈ আহে, যেনে শৈক্ষিক, শিক্ষাতত্ত্ব, শিক্ষাশাস্ত্ৰ আৰু শিক্ষাবিজ্ঞান। দৰাচলতে আমি শিক্ষা অৰ্থাৎ Education অভিধাটো সামুহিক অৰ্থতহে ব্যৱহাৰ কৰোঁ। ইয়াৰে আকৌ শিক্ষা এক বিষয় হিচাপে অধ্যয়ন কৰাৰ ক্ষেত্ৰত আমি সচৰাচৰ ব্যৱহাৰ কৰো শিক্ষাতত্ত্ব অভিধাটো। ইফালে শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ কলা আৰু বিজ্ঞান – দুয়োটা দিশ সামৰি আমি Pedagogy শব্দটো লিখো। এই Pedagogy ৰ অসমীয়া পৰিভাষা যদি পোনে পোনে শিক্ষাবিজ্ঞান বা শিক্ষণ বিজ্ঞান বুলি কওঁ, তেন্তে তাৰ ব্যুৎপত্তিগত অৰ্থ বিঘ্নিত হ’ব। কিয়নো এই শব্দটোৰ লগত কলা আৰু বিজ্ঞান- দুয়োটা জড়িত হৈ আছে। ইফালে Pedagogy বুজাবলৈ বহুতে শিক্ষণ শৈলী, পাঠদান পদ্ধতি, শিক্ষণ-শিকন শৈলী আদি অভিধা ব্যৱহাৰ কৰে। কিন্তু দেখা যায় Pedagogyৰ প্ৰকৃত সংজ্ঞাক এই এটা শব্দইয়ো নুচুৱেগৈ। এনে সন্ধিক্ষণত কেৱল শিক্ষাশাস্ত্ৰ বুলি ক’লেও কিমান যুগুত হ’ব, চিন্তনীয় কথা। সেয়ে এই লেখাত আক্ষৰিক অৰ্থত Terminology related to Education and Pedagogy – এই দিশটোকেই শিক্ষাশাস্ত্ৰীয় অভিধাটোৰ আওতাত সামৰি লোৱা হৈছে। সেই সুত্ৰে শিক্ষা, শিক্ষাতত্ব, শিক্ষণ-শিকন শৈলী – এই সমুহ বিষয়ৰ লগত জড়িত অসমীয়া পৰিভাষাৰ কিছু সমীক্ষাত্মক অধ্যয়ন এই লেখাৰ জৰিয়তে সামৰি ল’বলৈ চেষ্টা কৰা হৈছে। অধ্যয়নৰ পদ্ধতিগত দিশ হিচাপে পৰিভাষাৰ বিকাশ সম্পৰ্কীয় বৰ্ণনাত্মক অধ্যয়ন, অধ্যয়ন সমলৰ বস্তুনিষ্ঠ বিশ্লেষণ তথা ভাষাতাত্ত্বিক আৰু সংজ্ঞাত্মক তথা প্ৰসংগসুত্ৰৰ এক সংহত বিশ্লেষণ কৰিবলৈ চেষ্টা কৰা হৈছে। আপেক্ষিকভাবে দেখা যায় যে অসমীয়া শব্দভাণ্ডাৰৰ বিভিন্ন শব্দ যাদৃচ্ছিকভাবে অসমীয়া শিক্ষাশাস্ত্ৰীয় পৰিভাষাত সোমাই গৈছে। এই যাদৃচ্ছিকতাৰ মাজেৰেই নানা মুনিৰ নানা মত ধৰণেই এই শব্দভাণ্ডাৰ বা অভিধাৰ ভাণ্ডাৰটো গঢ় লৈ উঠে। লোকভাষাৰ বিকাশ এই সহজাত ধাৰাটোৰ পৰাই আৰম্ভ হয়, কিন্তু পৰিভাষা বুলি ক’লে কথাটো ইমান সহজে গ্ৰহণীয় নোহোৱাটোৱেই স্বাভাৱিক। কিয়নো পৰিভাষা হৈছে এক বিশেষ ক্ষেত্ৰৰ বা বিষয়ৰ নিৰ্দিষ্ট শব্দ যি প্ৰাসংগিক আৰু সংজ্ঞায়িত দৃষ্টিকোণক তুলি ধৰে। অক্সফৰ্ড লাৰ্নাছ ডিক্সনেৰীৰ মতে – “Terminology is the set of specialized words, technical terms or expressions used in a specific subject, field or profession.”
দৰাচলতে যিকোনো ভাষাতেই কোনো এক অধ্যয়ন ক্ষেত্ৰৰ এক অভিধা এটা সাজু কৰিবলৈ যথেষ্ট অধ্যয়ন-গৱেষণাৰ প্ৰয়োজন হয়। সেয়ে হয়টো পৰিভাষা অধ্যয়ন ভাষা বিভাগসমূহৰ এক উজ্জ্বলতম শাখা। সচৰাচৰ আমি দৈনন্দিন জীৱনযাত্ৰাত বিভিন্ন সাধাৰণভাবে প্ৰায়োগিক বা প্ৰযুক্তিগত সমলক বুজাবলৈ সাধাৰণ পৰিভাষিক শব্দবোৰ ব্যৱহাৰ কৰোঁ। আনফালে কিছুমান অৰ্ধপৰিভাষিক শব্দ আমি ব্যৱহাৰ কৰি থাকো যাৰ এটা সাধাৰণ অৰ্থ থাকে, আনফালেদি প্ৰসংগ ভেদে সেই শব্দটো সাধাৰণ হৈ নাথাকি এটা অভিধা বা Termত পৰিণত হয়, যেনে ‘মূল্য’ (Value), এই শব্দটো দাম বুজোৱাৰ ঠিক নিকটৱৰ্তী অৰ্থত ব্যৱহাৰ কৰা হয় যদিও শৈক্ষিক ক্ষেত্ৰত ই এটা মানক বুজাই, যাৰ আমি অসমীয়া পৰিভাষা- ‘মূল্যবোধ’ হিচাপে বিবেচনা কৰোঁ। য’ত মূল ইংৰাজী প্ৰতিশব্দ একে আছে, কিন্তু প্ৰসংগ সাপেক্ষে ইংৰাজী শব্দটোৱেও অৰ্থ সলনি কৰিছে। ইফালে ‘টকা’ (Money) টো আকৌ বিহুৰ বাদ্যযন্ত্ৰৰ ৰূপ ল’লে একে ‘টকা’ বানানটোৱেই থাকিব কিন্তু ইয়াৰ অৰ্থ সম্পুৰ্ণ বেলেগ হ’ব। একেদৰে শিক্ষা বুলি সাধাৰণ অৰ্থত আমি শিক্ষা গ্ৰহণ কৰা প্ৰক্ৰিয়াটোকো বুজো, আনফালে ‘শিক্ষা’ এক বিদ্যায়তনিক বিষয়। যাক আমি অধিক স্পষ্টকৈ বুজাবলৈ শিক্ষাতত্ত্ব বুলি কওঁ। কিন্তু মন কৰিবলগীয়া কথাটো হ’ল বহুক্ষেত্ৰত অধ্যয়নৰ স্তৰ বা শিকন ক্ৰমৰ আধাৰতো কিছুমান বিষয়ৰ লগত কিছুমান অভিধা যোগ কৰা হয়, যাৰ অসমীয়া পৰিভাষা বা যিকোনো ভাষিক পৰিভাষা সেই নিৰ্দিষ্ট ক্ৰম বা Order টোৰ ওপৰত বিশেষভাবে নিৰ্ভৰ কৰে যেনে Social Study (সমাজ অধ্যয়ন) আৰু Sociology(সমাজতত্ত্ব), দুয়োটা সমাজ বিষয়ক অধ্যয়নৰে অভিধা কিন্তু স্তৰ আৰু তাত্ত্বিক ক্ৰম অনুসাৰে মূল ভাষিক পৰিভাষাও সলনি হৈছে, তৰ্জমাকৃত পৰিভাষাও সলনি হৈছে, সেইকাৰণে যিকোনো পৰিভাষা সাজু কৰিবলৈ সেই বিশেষ বিষয়টোৰ আৰু সংশ্লিষ্ট ভাষাটোৰ তাত্ত্বিক জ্ঞান আৰু ব্যৱহাৰ জানিবই লাগিব। অন্যথা পৰিভাষা বেবেৰিবাং হৈ পৰিব পাৰে। আনফালেদি পূৰ্ণ পৰিভাষিক শব্দবোৰ মুলতঃ বিশেষ ক্ষেত্ৰৰ অভিধা হিচাপে পৰিৱেশিত হয় যেনে শিক্ষক, অধ্যাপক, দণ্ডাধীশ, উকীল, চিকিৎসক আদিবোৰ।
১.১ অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যঃ
যিহেতু এই লেখাৰ মূল বিষয়বস্তু অসমীয়া শিক্ষাশাস্ত্ৰীয় পৰিভাষা য’ত অসমীয়া ভাষাৰ ভাষাতাত্ত্বিক বৈশিষ্ট্যৰ প্ৰাথমিক কথাবোৰৰ অনুসৰণ অৱশ্যম্ভাৱী। পৰিভাষা মুলতঃ বিশেষ বিষয় আৰু প্ৰসংগৰ শব্দমালা হ’লেও এই শব্দবোৰৰ গঠনত সেই ভাষাৰ ভাষাতাত্ত্বিক চৰিত্ৰ প্ৰতিফলন হ’বই। গতিকে সেই দিশেৰে অসমীয়া শিক্ষাশাস্ত্ৰীয় পৰিভাষাটো সেই বিশিষ্ট ভাষাতাত্ত্বিক কথাবোৰ যেনে ধ্বনিতাত্ত্বিক বৈশিষ্ট্য(Phonological), ৰূপতাত্ত্বিক বৈশিষ্ট্য(Morphological), বাক্যতাত্ত্বিক বৈশিষ্ট্য (Syntactic) তথা বিভিন্ন তৎসম আৰু তদ্ভৱ শব্দৰ ব্যৱহাৰ। এই সমূহ বৈশিষ্ট্যৰ মাজত আকৌ কেতবোৰ অন্তৰীণ দিশো লুকাই আছে। যেনে স্বৰধ্বনি, ব্যঞ্জনধ্বনি,অনুনাসিক তথা উচ্চাৰণ বৈশিষ্ট্য। ঠিক একেদৰে সংস্কৃতমূলীয় ভাষাৰ বাদেও আন আন ভাষাৰ পৰা মিহলি হোৱা অনেক শুৱলা শব্দগুচ্ছৰ সমাহাৰ আমাৰ অসমীয়া ভাষাটোত আছে। বৃহত্তৰ অসমীয়া জাতিসত্ত্বাৰ ভিন্ন জনগোষ্ঠীৰ শব্দই অসমীয়া ভাষাক চহকী কৰিছে। আমোদজনক এনে বহু জনগোষ্ঠীয় শব্দৰ মাজতে কিন্তু আমি সাধাৰণ পৰিভাষিক শব্দৰ আধিক্য দেখা পাওঁ। কিয়নো ঠাই নিৰ্বিশেষে বহু নামবাচক শব্দও আমাৰ মূল অসমীয়া ভাষাত প্ৰৱেশ কৰিছে, যিখিনি এটা ভাষাৰ বাবে নিশ্চয়কৈ পুষ্টিদায়ক। ইফালে অসমীয়া ভাষাৰ কেতবোৰ অদ্ভুত সুষমা আছে যেনে আমি Palatalization ৰ কথা ক’ব পাৰোঁ য’ত বহু তালব্য ধ্বনি দন্ত্য ধ্বনিৰ ৰূপান্তৰ হিচাপে বিদ্যমান কিন্তু আপাত দৃষ্টিত এনে দিশবোৰ লেখন সচেতন বৰ্ণহে। ইফালে দন্ত্যধ্বনি আৰু মূৰ্ধন্য ধ্বনিৰ একে উচ্চাৰণ ইত্যাদিবোৰৰ কথাও মন কৰিব পাৰি। অসচেতনভাবে ধবনি শুনি কেতিয়াবা শুদ্ধ বানান লিখিব নোৱাৰিবও পাৰে। সেয়ে সাধাৰণজনে শুদ্ধ লিখনৰ বাবে ভাষিক প্ৰৱেশ্যতা অধিক হোৱাটো প্ৰয়োজন হৈ পৰে। যি কি নহওক এই প্ৰাথমিক আলোচনা কৰাৰ অৰ্থ হৈছে আমি শিক্ষাশাস্ত্ৰ বা শিক্ষা এক বিষয় হিচাপে লৈ যিবোৰ অভিধা ব্যৱহাৰ কৰি আছো তাত এই ভাষাতাত্ত্বিক বৈশিষ্ট্যবোৰেও গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়।
২.১ অসমীয়া শিক্ষাশাস্ত্ৰীয় পৰিভাষাঃ
ইতিমধ্যে এই লেখাৰ আৰম্ভণিতে অসমীয়া শিক্ষাশাস্ত্ৰীয় পৰিভাষাৰ কিছু বৈচিত্ৰ্যৰ কথা তুলি ধৰা হৈছিল। যদিও সমগ্ৰ শিক্ষাশাস্ত্ৰীয় অভিধাবোৰৰ বিষয়ে এই চমু লেখাত তুলি ধৰাটো সম্ভৱ নহয়, তথাপি কেইটামান উদাহৰণৰ মাজেৰে শিক্ষাশাস্ত্ৰীয় পৰিভাষিক দিশবোৰৰ এক ৰেঙনিহে দেখুওৱা হ’ব। Pedagogy ৰ কথা আমি আলোচনা কৰিছিলোঁ, এই Pedagogy ৰ দৰেই নিকট অৰ্থৰ আন এটা শব্দ Andragogy। এই শব্দটোৱে শিক্ষণ-শিকনৰ কলা আৰু বিজ্ঞানকেই প্ৰতিনিধিত্ব কৰে কিন্তু এই শিক্ষণ-শিকন বিশেষভাবে প্ৰৌঢ় বা প্ৰাপ্তবয়স্কসকলৰ বাবে নিবিষ্ট কৰা হয়, যিটো বুজাবলৈ খুব বিশেষ অসমীয়া পৰিভাষা নথকাৰ দৰেই। সাধাৰণভাবে আমি এই Andragogy ৰ তৰ্জমা কৰোঁ ‘প্ৰাপ্তবয়স্ক শিক্ষাপ্ৰণালী’ বুলি। কিন্তু এই Andragogy ৰ সম্পৰ্কত মেলকম ন’উলছ্ নামৰ আমেৰিকাৰ শিক্ষাবিদজনে কেতবোৰ নীতি দি থৈ গৈছে, যেনে প্ৰাপ্তবয়স্কৰ বাবে পৰিকল্পনাত্মক শিক্ষণ, নিৰ্দিষ্ট কাৰ্যসূচিত নিৰ্দেশনা, শিকাৰুৰ ব্যক্তিগত আৰু বৃত্তিগত জীৱন চৰ্যা য’ত মানুহ এজনৰ স্বাভিমান ইত্যাদি বিষয়বোৰৰ যথেষ্ট সচেতনতা অৱলম্বন কৰা হয় আৰু চতুৰ্থ নীতিটো হৈছে সমস্যা-কেন্দ্ৰিক নিদান। এনে পৰিপ্ৰেক্ষিতত সেই মূল শব্দ Pedagogy তকৈ Andaragogy ৰ তাত্ত্বিক দিশটোত বহুখিনি সংযোজন আছে। বয়স অনুসাৰে আমি শিক্ষণ-শিকনৰ প্ৰয়োগকৃত কলা আৰু বিজ্ঞানবোৰ বুজি লও আৰু সেই অনুসাৰে আমি শিকিবলৈ আৰম্ভ কৰোঁ। গতিকে য’ত Pedagogy ৰে অসমীয়া পৰিভাষা এতিয়াও বিক্ষিপ্ত হৈ থকা যেন লাগে, তেনে অৱস্থাত Andragogy ৰ অসমীয়া পৰিভাষা ‘প্ৰাপ্তবয়স্ক শিক্ষণ প্ৰণালী’ বুলি কৈ দিয়াৰ লগে নানাজনৰ নানা মত উত্থাপিত হোৱাটো স্বাভাৱিক হৈ পৰে। ইফালে শিশুৰ বৃদ্ধি আৰু বিকাশৰ লগত জড়িত আন এটা গুৰুত্বপূৰ্ণ অভিধা হৈছে Cognitive অথবা Cognitiion। এই Cognitive ৰ লগত Development যোগ কৰি ‘Cognitive Development’ শব্দটো আমি প্ৰায়ে ব্যৱহাৰ কৰোঁ যাৰ সচৰাচৰ ব্যৱহৃত অসমীয়া পৰিভাষা হৈছে সংজ্ঞানাত্মক বিকাশ। এতিয়া এই Cognitive ৰে অসমীয়া অৰ্থটো হৈছে মূলতঃ জ্ঞানভিত্তিক কিন্তু Cognition এক প্ৰক্ৰিয়া হিচাপে এক সাংঘাতিক জটিল অন্তৰীণ ধাপৰ সমষ্টি। য’ত শিশু এটাৰ শাৰীৰিক বৃদ্ধি আৰু বিকাশৰ সমান্তৰালভাবে মানসিক প্ৰক্ৰিয়া সমহাৰত বিকাশ হোৱাৰ প্ৰয়োজনীয়তাখিনি জড়িত হৈ থাকে। শিশুৰ আৰম্ভণিকালৰ পেশীয় সঞ্চালনৰ পৰা আৰম্ভ কৰি এৰিকছনে (Erikson) প্ৰদান কৰা সমাজ-মনস্তাত্ত্বিক স্তৰবোৰৰ মাজেৰে আগবাঢ়ি আহি পৰৱৰ্তী পৰ্যায়ত জ্য পিয়াজে (Jean Piaget) আগবঢ়োৱা Cognitive Development ৰ স্তৰবোৰ পোৱালৈকে সমগ্ৰ পৰিক্ৰমা অধ্যয়ন কৰিলে ইয়াৰ অসমীয়া পৰিভাষা ‘সংজ্ঞানাত্মক বিকাশ’ ক লৈ এক প্ৰচণ্ড খোকোজা উদ্বেগ হোৱাটো স্বাভাৱিক। কিন্তু এই শব্দটোক Pedagogy ৰ দৰে বিষম খোকোজা নাই, ব্যুৎপত্তিগত অৰ্থৰ ফালৰ পৰা ‘সংজ্ঞানাত্মক’ অভিধাটো বহুল ব্যৱহাৰ গ্ৰহণীয় ৰূপত চলি আছে, কিন্তু তাৰ পিছতো জ্ঞানমূলক, চিন্তাত্মক আদি আদি শব্দও কম বেছি পৰিমানে ক’ৰবাত ক’ৰবাত ব্যৱহাৰ হোৱা দেখা যায়। যেনেকৈ ৰসায়ন বিজ্ঞানৰ Valency বুজাবলৈ ‘যোজ্যতা’ পৰিভাষাটো অদ্বিতীয় ৰূপত বিদ্যমান, সেইধৰণে শিক্ষাশাস্ত্ৰীয় পৰিভাষাত কিন্তু বহুত অসমীয়া অভিধাৰে সুনিৰ্দিষ্টতা নথকাটো লক্ষ্যনীয়। এইক্ষেত্ৰত এই বিষয়ক সমল ব্যক্তিসকলৰ এক সন্মিলিত প্ৰচেষ্টা বিৰাট ৰূপত দৰকাৰ হৈছে। এনেকুৱাও হৈছে কোনো এজন লেখকে অসমীয়া ভাষাত শিক্ষাতত্ত্বৰ এখন কিতাপ লিখিছে। তেওঁ বহু ঠাইতে হয়টো নিজা উদ্যোগত কেতবোৰ পৰিভাষা ব্যৱহাৰ কৰি দিলে। সেয়াই হয়টো শিক্ষাৰ্থীয়েও অনুসৰণ কৰিলে, কিন্তু বাস্তৱিকতে সেই পৰিভাষাবোৰ উপযুক্ত আৰু শুদ্ধ ৰূপত পৰিগ্ৰহণ হোৱালৈ ৰৈ থাকোতেই ভুলে শুদ্ধই বহু শব্দ সমাজৰ মাজলৈ গুছিয়েই যায়। কিন্তু যেনেকৈ অসমীয়া বৈজ্ঞানিক পৰিভাষাৰ ক্ষেত্ৰত এতিয়ালৈকে যিদৰে সংগঠিত ৰূপত কাম কাজ হৈছে ঠিক একেদৰে শিক্ষাশাস্ত্ৰীয় বিষয়টোৰো পৰিভাষা অধ্যয়ন আৰু বিজ্ঞানসন্মত নিৰ্মাণৰ কাম কৰাৰ প্ৰয়োজন এতিয়াও আছে। যেনেকৈ Balanced Equation ৰ পৰিশীলিত অসমীয়া ‘সমতুল সমীকৰণ’, ঠিক তেনেকুৱা আৰ্হিৰে পৰিশীলিত আৰু সংবদ্ধৰূপত শিক্ষাশাস্ত্ৰীয় পৰিভাষাবোৰ তুলি ধৰিব লাগিব। একে বিষয়ৰে আন এটা গুৰুত্বপূৰ্ণ অভিধা হৈছে Constructivism য’ত অভিজ্ঞতামূলক আৰু উদ্দীপনামূলক চিন্তা চৰ্চাৰ মাজেৰে জ্ঞানৰ ধাৰা নিৰ্মাণ হয়। এই Constructivism বুজাবলৈ ‘গঠনবাদ’ অভিধাটো ব্যৱহৃত হৈ আহিছে। কোনো কোনোৱে আকৌ একে অৰ্থতে ‘সংগঠনবাদ’ অভিধাটোও ব্যৱহাৰ কৰিছে। একেধৰণে Structuralism বুজাবলৈ ভাষা সাহিত্য তথা সমাজ বিজ্ঞান, শিক্ষা আদিত গঠনবাদ, সংযুতিবাদ, গঠনতন্ত্ৰবাদ আদি পৰিভাষা ব্যৱহাৰ হৈ আহিছে য’ত ভাষা সাহিত্যৰ ছাত্ৰ ছাত্ৰীয়ে মুলতঃ সংযুতিবাদ শব্দটো গ্ৰহণ কৰা দেখা গৈছে। কিন্তু এই শব্দটো আন বহুকেইটা বিষয়ত ব্যৱহাৰ হয় যেনে সমাজবিজ্ঞান, মনোবিজ্ঞান, শিক্ষাতত্ত্ব ইত্যাদি। শিক্ষাৰ ক্ষেত্ৰত Structuralism ৰ কথা বুজাবলৈ যাওঁতে বহু শিক্ষাবিদ শিকনবিন্দুসমূহৰ আন্তঃসম্পৰ্কৰ গাঁথনি এটাৰ কথা সূচিত কৰে। যিদৰে শৰীৰৰ প্ৰতিটো অংগ এটাৰ লগত আনটোৰ সুদৃঢ় সম্পৰ্ক, য’ত এটা অংগৰ কিবা অসুবিধা আন এটা অংগৰ কাৰ্যপ্ৰণালীত প্ৰভাৱ পৰে ঠিক একেদৰে সমাজবিজ্ঞানৰ ক্ষেত্ৰতো এই প্ৰণালীবদ্ধতাৰ কথা সূচিত কৰা হয়, একেদৰে শিক্ষাশাস্ত্ৰটো এই প্ৰণালীবদ্ধতাৰ মাজেৰেই আগবঢ়া হয়।কোনো শিকন বিন্দুৰ গাঁথনিটোৰ গভীৰতম দিশটো এই আৰ্হিত চোৱা যায়। যেনে ইতিহাসৰ বিষয় এটা পঢ়োতে সেই সময়ানুক্ৰমিক ধাৰাভাষ্যতে সীমাবদ্ধ নাথাকে। ইতিহাসে তুলি ধৰা সেই ক্ৰম, ঘটনাপ্ৰৱাহ, ধাৰাভাষ্যৰ গাঁথনিটোৰ গভীৰতালৈ যদি সোমাই যোৱা যায় তেতিয়া তদকালীন সমাজ বাস্তৱতাৰ অমোঘ সত্যবোৰ বিশ্লেষণ কৰিব পৰাৰ সুযোগ আহে। সেয়ে বাগধাৰা, ঘটনাপ্ৰবাহ, সময়ানুক্ৰম আদিবোৰৰ গাঠনিবোৰ অধ্যয়ন কৰাটো বৰ জৰুৰী। এনেক্ষেত্ৰত সম্পৰ্কিত বহুকেইটা বাদৰ মাজৰে এক অন্যতম অভিধা Structuralism ৰ পৰিভাষা আমি সংযুতিবাদ লিখিম নে গঠনবাদ লিখিম। সেইক্ষেত্ৰতো কিন্তু খোকোজা আহে। কিয়নো গঠনবাদ, সংগঠনবাদ আদিবোৰৰ মুল ইংৰাজী অভিধাবোৰৰ সংজ্ঞা,ধাৰণাৰ লগত পৰিভাষিক শব্দৰ অমিলবোৰে সমগ্ৰ অভিগমনবোৰকেই ভুল বাটে লৈ যাব পাৰে।
যিহেতু ভাষা চিন্তাৰ ক্ৰমবিকাশৰ ইতিহাস ব্যাকৰণ, ভাষাতত্ত্ব আৰু ভাষাবিজ্ঞান – এই তিনিটা পৰ্যায় অতিক্ৰম কৰি আগবাঢ়িছে। আনহাতেদি পৰিভাষা নিৰ্মাণৰ ক্ষেত্ৰত মূল বিষয়ৰ সেই অভিধাবোৰৰ সন্দিগ্ধ চিন্তা, ধাৰণা আৰু সংজ্ঞা ফুটাই তোলাৰ নিমিত্তে কৰ্ষণ কৰা হয়। ভাষাও এক কৰ্ষণীয় বিষয়। একেদৰে ভাষাৰেই অভ্যন্তৰৰ এই পৰিভাষিক অধ্যয়নৰ দিশটো অতি বেছি কৰ্ষণ আৰু পুনৰীক্ষণৰ মাজেৰেহে আগবাঢ়ে। সেয়ে শিক্ষাশাস্ত্ৰীয় অভিগমনসমূহত তাত্ত্বিক, ভাষিক, নিহিত গাঁথনি, আনুষংগিক সম্বন্ধ আদিবোৰ সচেতনভাবে অন্তস্থ কৰি আগবাঢ়িব লাগিব। উপৰোক্ত উদাহৰণবোৰৰ মাজেৰে ক’ব খোজা শিক্ষাশাস্ত্ৰীয় পৰিভাষাৰ চমু সমীক্ষণত আন হাজাৰটা উদাহৰণ হয়টো ওলাব। কিন্তু একেবাৰে মূল শব্দবোৰৰে পৰিভাষাৰ জটিলতাখিনিকেই পোনপ্ৰথমে তুলি ধৰা হৈছে। ভাষাৰ সহজ প্ৰৱেশ্যতা নিশ্চয় কাম্য, গতিকে যিবোৰ পৰিভাষা চলি আছে, সেইখিনিক ভুল ধৰিবলৈ এই লেখা প্ৰস্তুত কৰা হোৱা নাই। বহুক্ষেত্ৰতে আমিও এই পৰিভাষাবোৰেই স্থানান্তৰত শৈক্ষিক কামত যাদৃচ্ছিকভাবে ব্যৱহাৰ কৰি আহিছো। কিন্তু শৈক্ষিক কামৰ মাজত দ্বিতীয় অন্বেষণ নিশ্চয় থাকে। সেই আপাহতে আমাৰ শিক্ষাশাস্ত্ৰীয় পৰিভাষাসমূহৰ সুবিস্তৃত অধ্যয়ন প্ৰস্তাৱ কৰি এই লেখাৰ আৰম্ভণি কৰা হ’ল। এয়া মাথো আৰম্ভণি। ভাষাৰ ছাত্ৰ নোহোৱা বাবে এই দিশৰ সীমাবদ্ধতা নিশ্চয়কৈ বিৰাজমান। তৎস্বত্ত্বেও ভাষাবিজ্ঞানৰ পিতৃস্বৰূপ ফাৰ্ডিনাণ্ড দ্য চ্যচুৰৰ ভাষাৰেই কওঁ যে ভাষাৰ সকলো সমল সম্বন্ধৰ ক্ৰম আৰু অনুষংগৰ ওপৰত নিৰ্ভৰশীল। ভাষাতাত্ত্বিক বিষয়ৰ বিশেষজ্ঞসকলে নিশ্চয়কৈ এই আৰ্হিৰেই আন্তঃবিষয়ৰ সমলব্যক্তিসকলক চিন্তন মনন কৰি আগবাঢ়ে। সেয়ে এই লেখাও তেনে এক আন্তঃ অন্বেষণৰ অংশ।
Reference Books and Resources :
1. Aggarwal, J. C. (2013). Theory and principles of education (13th ed.). Vikas Publishing House.
2. Assam Science Society. (2015). অসমীয়া বৈজ্ঞানিক পৰিভাষা. Assam Science Society.
3. Bora, K. P. (2018). অসমীয়া পৰিভাষা: মনোবিজ্ঞান শিক্ষা. Gauhati University Press.
4. Chaliha, S. (Ed.). (2017). Adhunik Asamiya sabdakosh (12th ed.). Bani Mandir.
5. Kalita, N., & Bora, B. (Eds.). (2021). ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা. Purvayan Prakashan.
6. Knowles, M. (n.d.). Malcolm Knowles, informal adult education, self-direction and andragogy. Retrieved from
https://infed.org/dir/welcome/malcolm-knowles-informal-adult-education-self-direction-and-andragogy/
7. National Council of Educational Research and Training. (2017). Glossary of educational terms. NCERT.
8. Erikson, E. H. (n.d.). Psycho-social theory of development. Retrieved from
https://www.verywellmind.com/erik-eriksons-stages-of-psychosocial-development-2795740










