অসমত পুতলা-নাচ
ড০ গীতালি শইকীয়া
পুতলা-নাচ অসমৰ অন্যতম জনপ্ৰিয় লোক-শিল্প। অসমত এই কলাৰ উদ্ভৱৰ সঠিক সময় নিৰ্দিষ্টভাৱে জনা নাযায়। বিভিন্ন ঐতিহাসিক তথ্যই প্ৰমাণ কৰে যে অসমত পুতলা-নাচৰ পৰম্পৰা শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ বহু আগৰে পৰা প্ৰচলিত হৈ আছিল।
এই ক্ষেত্ৰত ‘কালিকাপুৰাণ ‘এক গুৰুত্বপূৰ্ণ প্ৰমাণ। পণ্ডিতসকলৰ মতে, ‘কালিকাপুৰাণ’ খ্ৰীষ্টীয় নৱমৰ পৰা একাদশ শতিকাৰ ভিতৰত ৰচিত হৈছিল। এই গ্ৰন্থত ব্যৱহৃত “পাঞ্চালিকাবিহাৰ” শব্দটোৱে সেই সময়ত পুতলা-নাট্যৰ অস্তিত্বৰ ইংগিত বহন কৰে। সংস্কৃত ভাষাত “পাঞ্চালী” বা “পাঞ্চালিকা” শব্দৰ অৰ্থ হৈছে পুতলা। সেয়ে “পাঞ্চালিকাবিহাৰ” শব্দটোৱে কোনো বিশেষ ধৰণৰ পুতলা-প্ৰদৰ্শন বা পুতলা-নাট্যক বুজাইছে বুলি ধৰা হয়।
অসমত পুতলা-নাচৰ অস্তিত্বৰ আন এক উল্লেখযোগ্য প্ৰমাণ কথা-গুৰু-চৰিত গ্ৰন্থত পোৱা যায়। এই গ্ৰন্থত উল্লেখ থকা অনুসৰি, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উপলক্ষে তেওঁৰ পিতা কুসুম্বৰ শিৰোমণি ভূঞাৰ গৃহত এটি ছাঁ-পুতলা (Shadow Puppet) প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। এই উল্লেখে সেই সময়ত অসমত পুতলা-নাচৰ প্ৰচলন আৰু জনপ্ৰিয়তাৰ বিষয়ে স্পষ্ট সাক্ষ্য প্ৰদান কৰে।

দুৰ্ভাগ্যজনকভাৱে, বৰ্তমান অসমত কোনো ছাঁ-পুতলা (Shadow Puppet) দলৰ অস্তিত্ব নাই। বিশিষ্ট পণ্ডিত কালীৰাম মেধিয়ে মত প্ৰকাশ কৰিছিল যে শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ অংকীয়া নাট সৃষ্টিৰ ক্ষেত্ৰত অসমৰ বিভিন্ন থলুৱা শিল্পৰ উপাদান যেনে-, ওজাপালি, পুতলা-নাচ, ঢুলীয়া ভাওনা আদি গ্ৰহণ কৰিছিল। কালীৰাম মেধিৰ এই মত বহু অসমীয়া গৱেষক আৰু পণ্ডিতে সমৰ্থন কৰিছে, কিয়নো ভাওনাত অসমৰ বিভিন্ন লোক-নাট্যৰ প্ৰত্যক্ষ অথবা পৰোক্ষ প্ৰভাৱ সহজেই লক্ষ্য কৰা যায়।
সুপ্ৰসিদ্ধ পুতলা-শিল্পী নাৰায়ণ ডেকাৰ মতে, অসমত প্ৰচলিত পুতলা-নাট্যৰ একমাত্ৰ ধৰণ হৈছে সূতা-পুতলা (String Puppetry)। নাৰায়ণ ডেকা মূলতঃ এজন পৰম্পৰাগত পুতলা-শিল্পী। কিন্তু সাম্প্ৰতিক সময়ত দেখা যায় যে কিছুমান উৎসাহী নতুন পুতলা-শিল্পীয়ে তেওঁলোকৰ কাহিনীৰ প্ৰয়োজন অনুসৰি সূতা-পুতলা আৰু দণ্ড-পুতলা (Rod Puppets) উভয়ৰে ব্যৱহাৰ কৰিছে।
অসমত প্ৰচলিত পুতলা-নাট্যৰ প্ৰকাৰসমূহ
অসমত সৰ্বাধিক জনপ্ৰিয় পুতলা-নাচ হৈছে সূতা-পুতলা (String Puppet)। অসমত প্ৰচলিত পুতলা-নাচক মূলতঃ তিনিটা শ্ৰেণীত ভাগ কৰিব পাৰি।
১. নামনি অসমৰ পুতলা-নাচ
প্ৰথম শ্ৰেণীৰ পুতলা-নাচ মূলতঃ নামনি অসমৰ কামৰূপ আৰু মঙলদৈ অঞ্চলত দেখা যায়। এই অঞ্চলৰ পুতলা-প্ৰদৰ্শনৰ সৈতে খুলীয়া ভাওনাৰ বহু সাদৃশ্য লক্ষ্য কৰা যায়। খুলীয়া ভাওনা নামনি অসমৰ এক জনপ্ৰিয় লোক-নাট্য। পুতলা-শিল্পীসকলে খুলীয়া ভাওনাৰ কাহিনী, সাজ-পোছাক আৰু উপস্থাপনৰ শৈলী গ্ৰহণ কৰি পুতলা-নাচ পৰিৱেশন কৰে। এই কাৰণেই এই অঞ্চলৰ পুতলা-নাচক “পুতলা ভাওনা” বুলিও জনা যায়।
২. উজনি অসমৰ পুতলা-নাচ
দ্বিতীয় শ্ৰেণীৰ সূতা-পুতলা মূলতঃ উজনি অসমৰ, বিশেষকৈ মাজুলীৰ সত্ৰসমূহত প্ৰচলিত। এই অঞ্চলৰ পুতলা-নাচৰ কাহিনী, সাজ-পোছাক আৰু উপস্থাপনা শৈলীত ভাওনাৰ স্পষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। ভাওনা উজনি অসমৰ এক প্ৰসিদ্ধ নাট্যধাৰা। সেইবাবে উজনি অসমৰ পুতলা-প্ৰদৰ্শনসমূহকো “পুতলা ভাওনা” নামেৰে অভিহিত কৰা হয়।
৩. দৰং জিলাৰ পুতলা-নাচ
তৃতীয় শ্ৰেণীৰ সূতা-পুতলা মূলতঃ দৰং জিলাৰ কলাইগাঁও অঞ্চলত দেখা যায়। এই অঞ্চলৰ পুতলা-দলসমূহ ভ্ৰাম্যমাণ নাট্যদল (মোবাইল থিয়েটাৰ)ৰ দ্বাৰা যথেষ্ট প্ৰভাৱিত। বিশেষজ্ঞসকলৰ মতে, পশ্চিমবংগৰ পৰা অহা এটা দলে দৰং জিলাত পুতলা-দল গঠনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ফলস্বৰূপে, এই অঞ্চলৰ পুতলা-নাচত পশ্চিমবংগীয় আৰু আধুনিক নাট্যধাৰাৰ প্ৰভাৱ লক্ষ্য কৰা যায়।
এখন সমাজৰ সাংস্কৃতিক ঐতিহ্যই সেই সমাজৰ স্বকীয় পৰিচয় বহন কৰে, আৰু পুতলা নাচো তাৰ ব্যতিক্ৰম নহয়। পুতলা-নাচৰ মূল উদ্দেশ্য —দৰ্শকক মনোৰঞ্জন প্ৰদান কৰা আৰু শিক্ষামূলক বাৰ্তা প্ৰচাৰ কৰা।
অসমৰ পুতলা-নিৰ্মাণ কলা
পুতলা-নাচ কেৱল অভিনয়ৰ মাধ্যম নহয়, ই এক উন্নত মানৰ শিল্পকৌশলৰো পৰিচায়ক। এজন দক্ষ পুতলা-নিৰ্মাতা কেৱল ভাস্কৰ্য কলাত পাৰদৰ্শী হ’লেই নহয়, তেওঁৰ চিলাই, চিত্ৰাংকন আৰু নান্দনিক সৃষ্টিশীলতাতো বিশেষ দক্ষতা থাকিব লাগে। পুতলা-নাচ অতি প্ৰাচীন লোক-শিল্প হোৱাৰ বাবে পুতলা নিৰ্মাণত সাধাৰণতে সহজলভ্য আৰু কম খৰচী সামগ্ৰী ব্যৱহাৰ কৰা হয়। এই বৈশিষ্ট্য প্ৰায় সকলো পৰম্পৰাগত পুতলা-দলৰ মাজত দেখা যায়।
অসমত পুতলা নাচৰ চৰ্চাকাৰীসকলক সাধাৰণতে তিনিটা ভাগত বিভক্ত কৰিব পাৰি— (১) পৰম্পৰাগত পুতলা-নাট্যৰীতি অক্ষুণ্ণ ৰখা দল, (২) পৰম্পৰাগত আৰু আধুনিক উভয় ধাৰাৰ মিশ্ৰণ অনুসৰণ কৰা দল আৰু (৩) সম্পূৰ্ণৰূপে আধুনিক পদ্ধতি গ্ৰহণ কৰা দল।
অসমৰ বিভিন্ন অঞ্চলত প্ৰচলিত পুতলা-নাট্যৰ নিজস্ব বৈশিষ্ট্য আছে। আঞ্চলিক শিল্পশৈলী, চিত্ৰাংকন আৰু ভাস্কৰ্যকলাৰ প্ৰভাৱ পুতলাসমূহত স্পষ্টভাৱে প্ৰতিফলিত হয়। বিভিন্ন পুতলা-দলে পুতলা নিৰ্মাণৰ ক্ষেত্ৰত ভিন্ন ভিন্ন কৌশল অনুসৰণ কৰে।
পৰম্পৰাগতভাৱে পুতলা নিৰ্মাণৰ সময়ত পুতলাৰ মূৰ, দেহ আৰু হাত-ভৰি পৃথকভাৱে তৈয়াৰ কৰি কাপোৰ আৰু সূতাৰ সহায়ত সংযোগ কৰা হয়।
অসমত প্ৰচলিত পুতলা-নিৰ্মাণ প্ৰক্ৰিয়াক তলত দিয়া তিনিটা ভাগত বিভক্ত কৰিব পাৰি—
(ক) কুহিলা পুতলা
কুঁহিলাৰে নিৰ্মিত পুতলা অসমৰ অন্যতম পৰম্পৰাগত পুতলা। কুঁহিলা সাধাৰণতে জলাহ অঞ্চলত উপলব্ধ। এই ধৰণৰ পুতলা নিৰ্মাণত কুহিলাৰ উপৰিও আঠা, বগা মাটি, ৰং আৰু চেণ্ডপেপাৰৰ ব্যৱহাৰ কৰা হয়।
পুতলাৰ মূল কাঠামো কুঁহিলাৰে তৈয়াৰ কৰা হয়। আনহাতে, মুখমণ্ডল আৰু হাত-ভৰি মদাৰ (Cordia myxa), শাল (Shorea robusta) আদি গছৰ পাতল কাঠেৰে নিৰ্মাণ কৰা হয়। কেতিয়াবা নাৰিকলৰ খোলাও মুখমণ্ডল তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। সাধাৰণতে এটা কুঁহিলা পুতলা সম্পূৰ্ণৰূপে নিৰ্মাণ কৰিবলৈ ১০ৰ পৰা ১৫ দিন সময় লাগে।
(খ) বাঁহৰ পাতিদৈ পুতলা
বাঁহৰ পাতিদৈ পুতলা অতি পাতল আৰু ব্যৱহাৰ কৰিবলৈ সহজ। এই ধৰণৰ পুতলা নিৰ্মাণত বাঁহৰ পাতি, বগা মাটি, গোবৰ, কাপোৰ, ৰং, কাগজৰ গুড়ি, আটা আৰু মেথি গুড়ি ব্যৱহাৰ কৰা হয়।
প্ৰথমে বাঁহৰ পাতিৰে পুতলাৰ মূল কাঠামো প্ৰস্তুত কৰা হয়। তাৰ পিছত গোবৰ, পচা কাগজ, আটা, বগা মাটি আৰু মেথি গুড়িৰ মিশ্ৰণ কাঠামোটোৰ ওপৰত প্ৰলেপ দিয়া হয়। মেথি গুড়ি ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে পোক-পতংগৰ আক্ৰমণৰ পৰা পুতলাক সুৰক্ষা প্ৰদান কৰা।
প্ৰলেপ দিয়াৰ পিছত পুতলাক ৰ’দত শুকাবলৈ দিয়া হয়। সম্পূৰ্ণ শুকাই যোৱাৰ পিছত চকু, নাক, কাণ আৰু ওঁঠ আদি অংকন কৰা হয়। এই ধৰণৰ পুতলাৰ এক সীমাবদ্ধতা হ’ল ইয়াৰ স্থায়িত্ব কম। সাৱধানে সংৰক্ষণ নকৰিলে সহজে ক্ষতিগ্ৰস্ত হ’ব পাৰে।
(গ) কাঠত কটা পুতলা (Wooden Puppet)
কাঠত কটা পুতলা বা কাঠৰ পুতলা অসমৰ পৰম্পৰাগত পুতলা-নিৰ্মাণৰ আন এক গুৰুত্বপূৰ্ণ ধাৰা। সাধাৰণতে মদাৰ (Cordia myxa), শাল (Shorea robusta) আদি পোহৰ কাঠ ব্যৱহাৰ কৰি এই পুতলাসমূহ নিৰ্মাণ কৰা হয়। পোহৰ কাঠ ব্যৱহাৰ কৰাৰ ফলত পুতলাসমূহ সহজে পৰিচালনা কৰিব পাৰি।
তীক্ষ্ণ সঁজুলি যেনে ছুৰী, বটালি আদিৰ সহায়ত কাঠত বিভিন্ন অংগ-প্ৰত্যংগ খোদিত কৰি পুতলাৰ আকৃতি প্ৰস্তুত কৰা হয়। সাধাৰণতে কাঠৰ পুতলাত অংগসমূহ সংযোগ কৰাৰ বাবে পৃথক জইণ্টৰ ব্যৱস্থা নাথাকে। নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত পুতলাৰ চৰিত্ৰ আৰু ভূমিকাৰ সৈতে সংগতি ৰাখি বিভিন্ন ৰঙেৰে সজোৱা হয়।
অসমৰ পুতলা-নিৰ্মাণ কলাই ৰাজ্যখনৰ লোক-ঐতিহ্য, ভাস্কৰ্যকলা আৰু সৃষ্টিশীল দক্ষতাৰ এক অনন্য নিদৰ্শন বহন কৰে। এই শিল্পকলাই কেৱল মনোৰঞ্জনৰ মাধ্যম হিচাপে নহয়, বৰঞ্চ অসমৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ উপায় হিচাপেও পৰিগণিত হৈ আহিছে।
অসমৰ পুতলাৰ সাজ-পোছাক
নাট্যশাস্ত্ৰই অভিনয়ক চাৰিটা ভাগত বিভক্ত কৰিছে— আহাৰ্য, আংগিক, বাচিক আৰু সাত্ত্বিক। এই চাৰিটা উপাদানৰ অবিহনে অভিনয় সম্পূৰ্ণ হ’ব নোৱাৰে।
আহাৰ্য অভিনয়ৰ অন্তৰ্গত হৈছে সাজ-পোছাক, অলংকাৰ আৰু মঞ্চ-সজ্জা। “আহাৰ্য অভিনয়ত সাজ-পোছাক আৰু অলংকাৰে বহিঃপ্ৰকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে” বুলি উল্লেখ পোৱা যায়।
পুতলা-নাট্যতো সাজ-পোছাক এক অতি গুৰুত্বপূৰ্ণ অংশ। পুতলাসমূহ অলংকাৰেৰে সজোৱা হয়। নাৰী চৰিত্ৰৰ পুতলাসমূহ সাধাৰণতে অসমৰ পৰম্পৰাগত অলংকাৰ যেনে জোনবিৰি, ঢোলবিৰি আদি ব্যৱহাৰ কৰি সজোৱা হয়। প্ৰয়োজন অনুসৰি পৌৰাণিক চৰিত্ৰৰ বাবে মুকুট আৰু আধুনিক চৰিত্ৰৰ বাবে টুপী আদি ব্যৱহাৰ কৰা হয়। সাজ-পোছাক আৰু প্ৰসাধনে নাট্য উপস্থাপনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।পুতলাৰ সাজ-পোছাক সাধাৰণতে কাহিনীৰ প্ৰয়োজন অনুসৰি নিৰ্বাচিত কৰা হয়। ৰামায়ণ, মহাভাৰত বা অন্যান্য পৌৰাণিক কাহিনীৰ আধাৰত পুতলা-নাট্য পৰিৱেশন কৰিলে সেই অনুসৰি সাজ-পোছাক ব্যৱহাৰ কৰা হয়।
আনহাতে, সামাজিক বিষয় বা আধুনিক বিষয়ৰ নাট্যৰ ক্ষেত্ৰত চৰিত্ৰ অনুসৰি আধুনিক সাজ-পোছাক ব্যৱহাৰ কৰা হয়। সাজ-পোছাকে এটা চৰিত্ৰৰ ব্যক্তিত্ব গঢ়ি তোলে আৰু দৰ্শকে চৰিত্ৰটো চিনাক্ত কৰাত সহায় কৰে— ধনী-দুখীয়া, বৃদ্ধ-যুৱক, ভাল-বেয়া আদি ৰূপে বিভাজন কৰাত ই সহায়ক হয়।
পুতলা-শিল্পীৰ সাজ-পোছাক
পুতলা-শিল্পীসকলেও পৰিৱেশনৰ সময়ত এক বিশেষ ধৰণৰ সাজ-পোছাক পৰিধান কৰে। দলৰ মুখ্য পুতলা-শিল্পী বা বায়ানে সাধাৰণতে ধুতি আৰু দীঘল হাতৰ চোলা পৰিধান কৰে। সহায়ক শিল্পীসকলেও ধুতি আৰু চোলা পৰিধান কৰে। মহিলা সহায়কসকলে অসমীয়া পৰম্পৰাগত সাজ-মেখেলা চাদৰ পৰিধান কৰে। পৰিৱেশনৰ আগতে সকলো সদস্যই কপালত চন্দন গুড়িৰে এটি বৃত্তাকাৰ তিলক আঁকে। পুতলা-শিল্পীসকলৰ বিশ্বাস অনুসৰি এই চিহ্নই তেওঁলোকক অশুভ শক্তি আৰু অপ্রত্যাশিত বিপদৰ পৰা সুৰক্ষা প্ৰদান কৰে।
পুতলা-দলৰ সদস্যসকল আৰু তেওঁলোকৰ কাৰ্য
পুতলা-দলসমূহ সাধাৰণতে সাতৰ পৰা দহজন সদস্যৰে গঠিত হয়, যদিও প্ৰদৰ্শনৰ কৌশল অনুসৰি বিভিন্ন দলত সদস্যসংখ্যা ভিন্ন হ’ব পাৰে।
দলৰ সদস্যসকলক তেওঁলোকৰ দায়িত্ব অনুসৰি বিভিন্ন নামত বিভক্ত কৰা হয়।
সূত্ৰধাৰ
সূত্ৰধাৰ পুতলা-নাট্যৰ অন্যতম কেন্দ্ৰীয় ব্যক্তি। লোক-নাট্যৰ প্ৰায় সকলো ৰূপতেই সূত্ৰধাৰৰ উপস্থিতি অত্যাৱশ্যকীয়। তেওঁ দলৰ প্ৰযোজক আৰু নিৰ্দেশক দুয়োটা ভূমিকাত কাৰ্য কৰে। সূত্ৰধাৰক দৰ্শক আৰু অভিনেতাৰ মাজৰ সেতুবন্ধ হিচাপে গণ্য কৰা হয়। তেওঁ পুতলাসমূহক সঞ্চালন কৰি নৃত্য-ভংগীমা প্ৰদৰ্শন কৰায় আৰু মঞ্চৰ পিছফালে থকা ক’লা পৰ্দাৰ আঁৰত অৱস্থান কৰে।
যেনেকৈ ফুলৰ মালা নিৰ্মাতাই বিভিন্ন ফুল সংগ্ৰহ কৰি এক সুন্দৰ মালা তৈয়াৰ কৰে, তেনেকৈ সূত্ৰধাৰে পুতলা-নাট্যৰ সকলো উপাদান একত্ৰিত কৰি প্ৰদৰ্শনক সফল কৰি তোলে। তেওঁ বিভিন্ন ভূমিকা পালন কৰে আৰু পুতলাৰ সংলাপ আৰু শাৰীৰিক চলাচলৰ মাজত সমন্বয় স্থাপন কৰে। মধ্যযুগীয় অসমত পুতলা-শিল্পীক “তাতেকীয়া বাজিকৰ” নামেৰে জনা গৈছিল।
গায়ন-বায়ন
গায়ন-বায়নে পুতলা-নাট্যৰ কাহিনী বৰ্ণনা কৰে আৰু নাট্কখন আগবঢ়ায়। গায়নজন সংগীত আৰু বাদ্যযন্ত্ৰত দক্ষ হ’ব লাগে, কিয়নো তেওঁ গীত গাই কাহিনী আগবঢ়ায় নিয়ে।
পালি
পালিসকল গায়ন-বায়নৰ সহায়ক সদস্য। সাধাৰণতে এজন বা দুজন পালিয়ে “জুৰি”, “মঞ্জিৰা” আদি সৰু তালবাদ্য বজায়। আন কিছুমান পালিয়ে গীত আৰু সংলাপ পাঠত সহায় কৰে।
পুতলা-নাচৰ মঞ্চ
লোক-নাট্যৰ অন্যতম বিশেষ বৈশিষ্ট্য হ’ল ইয়াৰ সুসংগঠিত মঞ্চৰ অনুপস্থিতি। কাৰণ লোক-নাট্য হৈছে লোকৰ বাবে, লোকৰ দ্বাৰা আৰু লোকৰ মাজতেই পৰিৱেশন কৰা এক শিল্পৰূপ। সেয়ে ইয়াৰ বাবে জটিল বা স্থায়ী মঞ্চৰ প্ৰয়োজন সাধাৰণতে নাথাকে আৰু দৰ্শকৰ সক্ৰিয় অংশগ্ৰহণক উৎসাহিত কৰা হয়।
তথাপিও সূতা-পুতলা আৰু ছাঁ-পুতলাৰ বিশেষ উপস্থাপন পদ্ধতিৰ বাবে এক নিৰ্দিষ্ট মঞ্চৰ প্ৰয়োজনীয়তা অনুভূত হয়। এই মঞ্চ সাধাৰণতে জটিল নহয় আৰু অধিক বৃহৎও নহয়। আৰম্ভণিতে বাঁহৰ খুঁটিৰে এটা সৰল কাঠামো নিৰ্মাণ কৰা হয়। মঞ্চৰ সমুখৰ অংশ বাদ দি আন তিনিটা ফাল ৰঙীন কাপোৰেৰে ঢাকি দিয়া হয়।
মঞ্চৰ উচ্চতা সাধাৰণতে মাটিৰ পৰা প্ৰায় তিনিফুটমান হয়। মঞ্চৰ সন্মুখভাগৰ ওপৰ আৰু তলৰ অংশ কাপোৰেৰে আংশিকভাৱে ঢাকি দিয়া হয়, যাতে দৰ্শকে পুতলাৰ চলাচল সহজে উপভোগ কৰিব পাৰে। পুতলা সঞ্চালনাৰ বাবে ব্যৱহৃত সূতাসমূহ সাধাৰণতে ক’লা ৰঙৰ হয়, যাতে দৰ্শকৰ দৃষ্টিত পুতলাসমূহ নিজে নিজে চলাচল কৰা যেন অনুভৱ হয়।
মঞ্চৰ পিছফাল সদায় ক’লা পৰ্দাৰে ঢাকি ৰখা হয়। গায়ক আৰু বাদ্যযন্ত্ৰীসকলে মঞ্চৰ আগফালে এটা কোণত আসন গ্ৰহণ কৰে, আনহাতে সূত্ৰধাৰ বা সঞ্চালকসকল মঞ্চৰ পিছফালে পৰ্দাৰ আঁৰত থাকে। পুতলা-নাট্যৰ সফলতা মূলতঃ পুতলাৰ সুসংগঠিত আৰু নিখুঁত চলাচলৰ ওপৰত নিৰ্ভৰ কৰে, যি সূত্ৰধাৰৰ দক্ষ আঙুলিৰ সঞ্চালনৰ ফল।
আধুনিক সময়ত বহু পুতলা-দলে দুই বা তিনিতলীয়া মঞ্চ ব্যৱহাৰ কৰে, বিশেষকৈ বৃহৎ আকাৰৰ পুতলা ব্যৱহাৰৰ ক্ষেত্ৰত। মঞ্চৰ সন্মুখভাগত বাদ্যযন্ত্ৰী আৰু শব্দ-ব্যৱস্থাৰ অপাৰেটৰসকলৰ বাবে স্থান ৰখা হয়, যাক পৰ্দাৰে আৱৰি দৰ্শকৰ দৃষ্টিৰ পৰা লুকুৱাই ৰখা হয়।
পুতলা-নাচৰ উপস্থাপন কৌশল আৰু পদ্ধতি
প্ৰতিটো শিল্পৰূপৰ নিজস্ব কিছুমান উপস্থাপন কৌশল আৰু পদ্ধতি থাকে, যিয়ে সেই শিল্পক এক স্বকীয় পৰিচয় প্ৰদান কৰে। পুতলা-নাচো ইয়াৰ ব্যতিক্ৰম নহয়। তথাপিও অসমৰ বিভিন্ন অঞ্চলৰ পুতলা-দলসমূহৰ উপস্থাপন শৈলীত আঞ্চলিক বৈচিত্র্য লক্ষ্য কৰা যায়।
উজনি অসমৰ পুতলা-দলসমূহে সাধাৰণতে অংকীয়া ভাওনা পৰম্পৰা অনুসৰণ কৰে, আনহাতে নামনি অসমৰ দলসমূহে দৰং আৰু মঙলদৈ অঞ্চলৰ খুলীয়া ভাওৰীয়া পৰম্পৰা অনুসৰণ কৰে। পৰম্পৰাগত পুতলা-দলসমূহে সাধাৰণতে বিশেষ ছন্দযুক্ত তালবাদ্য যেনে খোল আৰু তালৰ সুৰে সৈতে মঙ্গলসূচক গীতেৰে প্ৰদৰ্শন আৰম্ভ কৰে। এই প্ৰাৰম্ভিক পৰ্বটোক “গুৰুঘাট” বা “পূৰ্বৰংগ” বুলি কোৱা হয়।
উজনি অসমৰ দলসমূহে ভাওনা শৈলীৰ অনুসৰণ কৰি সাধাৰণতে গায়ন-বায়নৰ দ্বাৰা প্ৰদৰ্শন আৰম্ভ কৰে। ইয়াত বায়ন মুখ্য ব্যক্তি হিচাপে থাকে, যিয়ে নাটকৰ কাহিনী বৰ্ণনা কৰে। এই ধৰণৰ পুতলা-নাচত ৰাম আৰু কৃষ্ণ সাধাৰণতে মুখ্য চৰিত্ৰ হিচাপে থাকে।
নামনি অসমৰ পুতলা-দলসমূহৰ উপস্থাপন শৈলীত কিছু ভিন্নতা দেখা যায়। মঞ্চ প্ৰস্তুত কৰাৰ পিছত প্ৰাৰম্ভিক অনুষ্ঠান আৰম্ভ কৰা হয়। মঞ্চৰ খোলা অংশত এখন পৰ্দা টাঙি দিয়া হয়। খোল, তাল, বাঁহী, নাগৰা, হাৰমনিয়াম আদি বাদ্যযন্ত্ৰ এক নিৰ্দিষ্ট ছন্দত বজোৱা হয়, যিয়ে মঞ্চৰ আৰম্ভণি সংকেত দিয়ে। পুতলা-শিল্পীৰ ভাষাত এই পৰ্বটোক “মঞ্চ মুক্তি” বুলি কোৱা হয়।
তাৰ পিছত দেৱতাৰ প্ৰতি প্ৰণাম জ্ঞাপন কৰাৰ ৰীতি আৰম্ভ হয়। অধিকাংশ দলেই নাটৰ সফলতাৰ বাবে নটৰাজক, কিছুমানে গণেশ বা সৰস্বতীক পূজা কৰে। ইয়াৰ পিছত পৰ্দা টানি মঞ্চৰ মূল অংশ উন্মুক্ত কৰা হয়।
প্ৰধান নাট আৰম্ভ হোৱাৰ আগতে সাধাৰণতে এক সৰু পৰিসৰৰ নৃত্য-নাটিকা পৰিৱেশন কৰা হয়। ইয়াৰ পিছতেই মূল নাট আৰম্ভ হয়। সাধাৰণতে এটা পুতলাত কমেও চাৰি ডোঙা সূতা সংযুক্ত থাকে। এই সূতাসমূহৰ এটা অংশ পুতলাৰ লগত সংযুক্ত থাকে আৰু আনটো অংশ শিল্পীৰ আঙুলিত বা বাঁহৰ পাতল দণ্ডত ঘূৰাই ধৰা হয়।
সূত্ৰধাৰ আৰু বৰ্ণনাকাৰীৰ সুসমন্বয়ে পুতলাক জীৱন্ত ৰূপ প্ৰদান কৰে। অৰ্থাৎ বৰ্ণনাকাৰীৰ কণ্ঠই নিৰ্জীৱ পুতলাক সজীৱ ৰূপলৈ ৰূপান্তৰ কৰে। কেতিয়াবা পৰম্পৰাগত দলসমূহে মানুহৰ কণ্ঠৰ পৰিৱৰ্তে বাঁহ বা বেতৰে নিৰ্মিত “পেপা” নামৰ বাদ্যযন্ত্ৰৰ সহায়ত ক্ৰিক-ক্ৰিক ধৰণৰ শব্দ উৎপন্ন কৰি সংলাপৰ বিকল্প ব্যৱহাৰ কৰে।
এই বাদ্যযন্ত্ৰটো মুখবাদ্যৰ দৰে বজোৱা হয়। বায়নে সেই ক্ৰিক শব্দৰ ব্যাখ্যা দৰ্শকৰ আগত আগবঢ়ায়।
বৰ্তমান কিছুমান আধুনিক দলে প্লাষ্টিকৰ হুইষ্টলো ব্যৱহাৰ কৰা দেখা যায়।
অসমৰ পুতলা-নাট্যত ব্যৱহৃত সংগীত
সংগীত এক সফল নাট্য-প্ৰদৰ্শনৰ আত্মা বুলি কোৱা হয়। পুতলা-নাচ এক সংগীত আৰু নৃত্য-ভিত্তিক লোক-নাট্য। ইয়াত সংগীতৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বহু ক্ষেত্ৰত সংলাপতকৈ সংগীতক অধিক প্ৰাধান্য দিয়া হয়।পৰম্পৰাগত পুতলা-দলসমূহে মূলতঃ লোক-সংগীত ব্যৱহাৰ কৰে।
পুতলা-নাট্যত ব্যৱহৃত বাদ্যযন্ত্ৰ
পুতলা-নাচ এক লোক-শিল্প হোৱাৰ বাবে ইয়াত ব্যৱহৃত বাদ্যযন্ত্ৰসমূহো মূলতঃ লোক-সংগীতৰ সৈতে জড়িত। এই বাদ্যযন্ত্ৰসমূহৰ কোনো নিৰ্দিষ্ট উদ্ভাৱক নাই; এইসমূহ পৰম্পৰাগতভাৱে সহজলভ্য সামগ্ৰীৰে নিৰ্মিত।
পুতলা-নাট্যত ব্যৱহৃত মূল বাদ্যযন্ত্ৰ
অসমৰ পৰম্পৰাগত পুতলা-নাট্যত সাধাৰণতে খোল, তাল আৰু বাঁহী মূল বাদ্যযন্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়। আধুনিক সময়ত হাৰমনিয়াম আৰু তবলা আদিও ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান বহু আধুনিক পুতলা-দলে আগতীয়া বাণীবদ্ধ কৰা সংগীত ব্যৱহাৰ কৰে, য’ত গীটাৰ আৰু অন্যান্য আধুনিক বাদ্যযন্ত্ৰৰো সংযোজন থাকে।
পুতলা-নাট্যত সংলাপ
সংলাপ হৈছে বাচিক অভিনয়ৰ এক অতি গুৰুত্বপূৰ্ণ উপাদান। সংলাপ ৰচনা নিজেই এক স্বতন্ত্ৰ কলা। পুতলা-নাচত সংলাপে ‘মেৰুদণ্ড’ৰ দৰে ভূমিকা পালন কৰে।
পুতলা-নাচত সংক্ষিপ্ত আৰু সহজ সংলাপ অধিক উপযোগী বুলি গণ্য কৰা হয়, কাৰণ পুতলাৰ গতি আৰু মুখভংগী সীমিত। দীঘল সংলাপে দৰ্শকৰ মনোযোগ হ্ৰাস কৰিব পাৰে।
পুতলা-নাট্যৰ মঞ্চ সাধাৰণতে সৰু হোৱা বাবে একেটা দৃশ্যত চৰিত্ৰৰ সংখ্যা চাৰিৰ পৰা পাঁচজনৰ ভিতৰত সীমিত ৰখা হয়। অধিক চৰিত্ৰ একেলগে উপস্থাপন কৰিলে নাটকৰ গতি ব্যাহত হ’ব পাৰে।
উপযুক্ত সংলাপৰ অবিহনে পুতলা-নাচৰ উদ্দেশ্য দৰ্শকৰ কাষলৈ সফলভাৱে প্ৰেৰণ কৰিব নোৱাৰি। সেয়েহে পুতলা-নাচত সংক্ষিপ্ত, স্পষ্ট আৰু সহজে বোধগম্য সংলাপ ব্যৱহাৰ কৰা হয়।
অসমত এসময়ত পুতলা-নাচ অতি জনপ্ৰিয় আছিল। কিন্তু বৰ্তমান সময়ত পুতলা-নাচে নিজৰ পূৰ্বৰ গৌৰৱ কিছু পৰিমাণে হেৰুৱাইছে। বৰ্তমান অসমত আধুনিক মনোৰঞ্জনৰ নতুন নতুন উপাদানৰ আগমন আৰু নতুন প্ৰজন্মৰ আগ্ৰহৰ অভাৱ এই পতনৰ মূল কাৰণসমূহৰ ভিতৰত অন্যতম।
বহু পুতলা-নাচৰ শিল্পী আৰ্থিকভাবে দুৰ্বল যদিও এই শিল্পৰ প্ৰতি গভীৰ ভালপোৱা আৰু আবেগিক সংযোগ তেওঁলোকে বজাই ৰাখিছে। তেওঁলোকে আগ্ৰহী লোকসকলক প্ৰশিক্ষণ দি এই শিল্পৰ প্ৰচাৰ-প্ৰসাৰত নিয়োজিত হৈ আছে। বহু শিল্পীৰ মতে, পুতলা-নাচ কেৱল জীৱিকা নহয়, ই তেওঁলোকৰ জীৱনৰ এক আবেগ আৰু পৰিচয়।









তথ্যসমৃদ্ধ লেখাটো পঢ়ি উপকৃত হʼলো।লেখকলৈ আন্তৰিক ধন্যবাদ।