ভূপেন কুমাৰ দাস
জ্যেষ্ঠ প্ৰবক্তা
ডায়েট, ডিব্ৰুগড়
ফ’নঃ ৯৯৫৪১২২৯৫২
এখন দেশ তথা ৰাজ্যৰ সপোনৰ দ্ৰষ্টা তথা স্ৰষ্টা হৈছে সেই দেশৰ নৱ প্ৰজন্মৰ নাগৰিক সকল।কাৰণ অসমীয়াত এশাৰী আপ্তবাক্য আছে যে “নল মৰিলে গজালি ওলায়।” চামে চামে মানুহ আহে আৰু যায়। এয়া প্ৰকৃতিৰ চিৰন্তন সত্য। এই সত্য মানিলৈ নৱ প্ৰজন্মই গভীৰ আস্থা আৰু বিশ্বাসেৰে সমাজখনৰ হিতৰ বাবে সৰ্বস্ৰ উজাৰি কাম কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব। এই মানসিকতা গঢ়ি তুলিবলৈ হ’লে আজিৰ যুৱ প্ৰজন্মই কৃচ্ছ সাধনা কৰিব লাগিব। ইয়াৰ বাবে প্ৰয়োজন হ’ব ইতিবাচক দৃষ্টি ভংগী, ধৈৰ্য,সাহস আৰু ত্যাগ। নহ’লে পৰিবৰ্তন শীল বিশ্বত নিজকে তাল মিলাই চলাই নিয়াত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব। কথাতে কয় নহয় “যোগ্য ভোগ্য বসুন্ধৰা।” অৰ্থাৎ যাৰ যোগ্যতা আছে তেওহে ভোগ কৰিব পাৰে। আজিৰ যুগ প্ৰজন্মই সাহিত্য-সংস্কৃতি, জ্ঞান -বিজ্ঞান,তথ্য প্ৰযুক্তিৰে নিজক সমৃদ্ধ কৰি গঢ়ি তুলিব লাগিব। সেই চাম উত্তৰাধিকাৰী বা ভৱিষ্যত প্ৰজন্মৰ হাততহে আমাৰ দেশৰ ভবিষ্যত সুৰক্ষিত। আজিৰ প্ৰজন্ম “বগলীৰ” দৰে ধৈৰ্যশীল হ’ব লাগিব। এচাম অযোগ্য, অদক্ষ প্ৰজন্মই কেতিয়াও দেশখনক প্ৰগতিৰ দিগন্তলৈ যে আগবঢ়ায় নিব নোৱাৰে এয়া এশ শতাংশই সত্য। মুৰ্খ ৰজা হ’লে দেশৰ প্ৰগতি শূণ্য। এতিয়া প্ৰশ্ন হ’ল আমি কোন চাম নৱপ্ৰজন্মৰ হাতত আমাৰ দেশৰ ভবিষ্যত এৰিথৈ যাম? কাক আমি আস্হা আৰু বিশ্বাস কৰিম। আমাৰ চাৰিওফালে সঘনাই সংঘটিত হৈ থকা ঘটনা প্ৰবাহে কি সূচায়? যুৱ প্ৰজন্মৰ উশৃংখলতাৰ কাৰণ কি? কিয় তেওঁ লোকে অবাটে বাট বুলিছে? ইয়াৰ বাবে জগৰীয়া কোন? আমাৰ শিক্ষা ব্যৱস্থা নে আমাৰ সমাজ ব্যৱস্থা? কিয় তেওঁলোকৰ মনত নিজৰ জীৱনৰ ওপৰত আস্হা বা বিশ্বাস নোহোৱা হৈছে, কিয় তেওঁলোকে নিজৰ জীৱনক ভাল পাবলৈ শিকা নাই? কিয় তেওঁলোকে নিজৰ শক্তি আৰু সামৰ্থৰ বিষয়ে উপলব্ধি কৰিব নিবিচাৰে? এই এশ এবুৰি প্ৰশ্ন আমাৰ সাম্প্ৰতিক সময়ৰ নৱ প্ৰজন্মৰ প্ৰতি।
ইয়াৰ মাজতো নগণ্য সংখ্যক যুৱ প্ৰজন্মই অহৰহ সংগ্ৰাম কৰি আছে দেশ তথা জাতিৰ প্ৰগতিৰ হকে। এয়া অত্যন্ত ইতিবাচক দিশ। গৰিষ্ঠসংখ্যক ব্যস্ত থাকে কেৱল সাময়িক সুখ-শান্তিৰ হকে। মদ- ড্ৰাগছ সেৱন কৰি নিজৰ জীৱন ধ্বংস কৰাৰ লগতে সমাজৰ পৰিকাঠামোও ভাঙি ঠান-বান কৰি পেলাইছে। গুৰু- গোঁসাই নমনা এই নৱ প্ৰজন্মৰ হাতত সমাজখনৰ নিৰাপত্তা নোহোৱাৰ উপৰি নিজ পিতৃ-মাতৃৰেই নিৰাপত্তা নোহোৱা হৈ পৰিছে। ড্ৰাগছ সেৱন কৰিবলৈ নোপোৱাৰ বাবেই নিজ পুত্ৰৰ হাতত পিতৃ-মাতৃৰ নিধন হোৱাৰ উদাহৰণে কোনখন সমাজক প্ৰতিনিধিত্ব কৰে? বৃদ্ধা আশ্ৰমত নিজৰ পিতৃ মাতৃক এৰি থৈ অহাৰ বাতৰিয়ে কি সূচায়? এই কথাবোৰ আজিৰ যুৱ প্ৰজন্মই ভাবি চোৱা উচিত। নহ’লে আদিম বৰ্বৰ সমাজ আৰু তথাকথিত আধুনিক সমাজৰ মাজত পাৰ্থক্যই নাথাকিব দেখোন। জ্ঞান -বিজ্ঞানে আমাক মহাকাশতো ঘৰ পাতি দিলে,যি চন্দ্ৰক আমি দেৱতামানি পূজা -অৰ্চনা কৰিছিলোঁ সেই চন্দ্ৰমাৰ পৰা মানুহে গৈ মাটি লৈ আহিল? কিন্তু বহুতৰ মন এতিয়াও অন্ধকাৰচণ্ণ। কবিয়ে সেই তাহানিতেই আমাক সোঁৱৰাই থৈ গৈছিল যে “মহা মহা পুৰুষৰ চানেকি লৈ আমিও আমাৰ জীৱন সাৰ্থক কৰিব পাৰো।” চিন্তা কৰিব জানিলে এই পৃথিৱীত মানুহে কৰিব নোৱাৰা টান বুলি একো কাম নাই। জীৱমণ্ডলৰ ভিতৰত কেৱল মানুহৰহে চিন্তা কৰিব পৰা শক্তি আছে, সেই বাবেই আমি জীৱ শ্ৰেষ্ঠ। এশজনে যিটো কাম কৰিব পাৰে তুমি বা মই সেই কাম কৰিব নোৱাৰা কোনো কথাই থাকিব নোৱাৰে। কিন্তু ইয়াৰ বাবে আমাক লাগিব অসীম ধৈৰ্য,দৃঢ় মনোবল, একাগ্ৰতা, অধ্যয়নশীল মনোভাৱৰ। সময়ৰ সৎ ব্যৱহাৰ কৰিব জানিলে অসাধ্য সাধন কৰিব পাৰে। সেইকাৰণে গুণীসকলে “সময়ৰ টিকনী আগফালে মামা‘” বুলি উল্লেখ কৰি গৈছে। সময়ক যি মূল্য দিয়ে তেওঁলোকৰ জীৱন ভাস্কৰ হৈ উঠে। কিন্তু অতি পৰিতাপৰ কথা যে আজিৰ প্ৰজন্মৰ অনেকেই এই মূল্যবান সময়ক তিলমানো গুৰুত্ব নিদি আড্ডা মাৰি,শুই -বহি, ম’বাইল চাই অপব্যয় কৰা উদাহৰণ অধিক। কষ্ট কৰাৰ মানসিকতা সমূলি নাই, কেৱল উশাহতে সকলো সুখ লাগে।বহু সন্তানে মাক দেউতাকক ‘আই ফ’ন’ বিচাৰি, দামী ‘বাইক’ বিচাৰি ঘৰৰ সা-সম্পত্তি ধ্বংস কৰা উদাহৰণ অলেখ। ক’লৈ গতি কৰিছে আমাৰ যুৱ প্ৰজন্ম! আমাক লাগে মহাভাৰতৰ অৰ্জুনৰ দৰে একলব্যৰ দৰে যুৱ প্ৰজন্মক। কিন্তু আমাৰ সন্মুখত যি প্ৰতিচ্ছবি ফুটি উঠিছে সেয়া আমাৰ সভ্যতা সংস্কৃতিৰ উত্তৰণৰ পথ নে জহন্নামলৈ লৈ যোৱা পথ ভাবিয়েই দুখ লাগে। পৰিশ্ৰম বিমুখ, এলেহুৱা, ধোদৰ পছলা এই চাম যুৱ প্ৰজন্ম সমাজৰ বাবে অভিশাপ। জীৱনটো কেৱল উপভোগৰ বাবেই নহয়| শয়ন, ভোজন, সন্তান উৎপাদন পশুৱেও কৰে, কিন্তু মানুহ পৃথক। কাৰণ মানুহে ভাল-বেয়া, উচিত-অনুচিত, সৎ-অসৎ এই কথা বোৰ চিন্তা কৰিব পাৰে। গতিকে পশুৰ দৰে জীৱন ধাৰণ কৰি কি লাভ হ’ব?
যুৱ প্ৰজন্মৰ প্ৰতি উল্লেখ কৰি মহান বিজ্ঞানী তথা ভাৰতৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালাম দেৱে কৈছিল “ডাঙৰ সপোন দেখিবা, কাৰণ সপোনেই চিন্তাক জন্ম দিয়ে আৰু চিন্তাই সফলতাৰ পথ মুকলি কৰে।” গতিকে নিজক উপযুক্ত তথা কৰ্মদক্ষ মানৱ সম্পদ হিচাপে গঢ়ি তুলিবলৈ হ’লে সৰুৰে পৰা ডাঙৰ সপোন দেখা উচিত। কিন্তু আজিৰ প্ৰজন্মই সপোন নেদেখে, সপোনৰ পম খেদি ঢপলিয়াব নুখোজে। সকলো উপভোগ্য সামগ্ৰী হাতৰ মুঠিতে লাগে। চিন্তাত পৰিপক্কতাৰ অভাৱ। এনেধৰণৰ আধা কেচেলুৱা যুৱ প্ৰজন্মই কি ফুল ফুলাব? ভূপেন দাই কোৱাৰ দৰেই ৰাঙলী মদাৰৰ সমাজত কোনো আদৰ নথকাৰ দৰে কথা। যাৰ গুণ আছে, যাৰ সাধনাই সমাজ খনক পোহৰৰ সংজ্ঞা দিব পাৰে তেনে ব্যক্তিহে পূজনীয় আৰু স্মৰণীয়। জ্যোতিপ্ৰসাদে মাত্ৰ ৪৭ টা বছৰতে অসমীয়া ভাষা, সাহিত্য-সংস্কৃতিলৈ যিমান অৱদান আগবঢ়াই থৈ গ’ল তাৰ তুলনা কস্মিন কালেও নহয়। নৱ প্ৰজন্মৰ শক্তিক জাগৰিত কৰাৰ উদ্দেশ্যেৰেই তেখেতে গীতৰ ভাষাৰে আহ্বান জনায় কৈছিল- “বিশ্ব বিজয়ী নৱ জোৱান, বিশ্ব বিজয়ী নৱ জোৱান, শক্তিশালী ভাৰতৰ ওলাই আহা ওলাই আহা সন্তান তুমি বিপ্লৱৰ।”
আমাৰ যুৱ প্ৰজন্ম হ’ল প্ৰচণ্ড শক্তি আৰু সামৰ্থৰ অধিকাৰী, তেওঁলোকে ইচ্ছা কৰিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। কিন্তু এলাহ তেওঁলোকৰ প্ৰধান শত্ৰু। এলাহক জয় কৰিব পাৰিলেই তেওঁলোকে বিশ্ব জয় কৰিব। বিখ্যাত দাৰ্শনিক পণ্ডিত এলবাৰ্ট আইনষ্টাইনে কৈছিল “কৌতুহল হ’ল জ্ঞান আহৰণৰ মূল উৎস। প্ৰশ্ন সোধা আৰু চিন্তা কৰা মানুহেই নতুন সত্য উদ্ভাৱন কৰে।” গতিকে কিবা এটা কৰিবলৈ হ’লে, বিশ্ব ব্ৰহ্মাণ্ডৰ ৰহস্য জানিবলৈ হ’লে অনুসন্ধিৎসু মনৰ অধিকাৰী হ’ব লাগিব। দেখা যায় বহু ছাত্ৰ বা ছাত্ৰীয়ে লাজ, ভয় -শংকাৰ বসৱৰ্তী হৈ প্ৰশ্ন নুসুধে। বিজ্ঞানী চি ভি ৰমণে নতুন প্ৰজন্মক বৈজ্ঞানিক চিন্তা-চৰ্চাৰে সমৃদ্ধ হোৱাত গুৰুত্ব আৰোপ কৰিছে। বৈজ্ঞানিক চিন্তা ধাৰাৰ অভাৱৰ বাবেই আজিও সমাজখন অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আকণ্ঠ নিমজ্জিত হৈ আছে। নতুন প্ৰজন্মই এই সমূহ দূৰীকৰণৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগিব।
ড ভূপেন হাজৰিকাই “মানুহ মানুহৰ বাবে” বুলি তেখেতে সকলোকে আহ্বান জনাইছিল। আমি যি কৰোঁ বা যি কৰিম সেয়া মানৱ সমাজৰ হিতৰ বাবে হোৱা উচিত। আমি আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰোঁ অসমৰ চিৰ নমস্য ব্যক্তি সকল যেনে বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ লগতে বিজ্ঞানী ৰুবুল মাউট, মুকুট গোহাঁই, খেলুৱৈ হিমা দাস, লাভলীনা বুঢ়াগোহাঁই আদি। তেখেত সকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসমীয়া জাতিৰ নাম বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ। চাৰিওফালৰ পৰা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ ওপৰত আগ্ৰাসন আৰম্ভ হৈছে। এনেদৰে হৈ থাকিলে অদূৰ ভৱিষ্যতে অসমীয়া জাতি বিশ্ব মানচিত্ৰৰ পৰা বিলুপ্ত হৈ যাব।
সময় পৰিবৰ্তনশীল। লেণ্ডলাইনৰ সলনি স্মাৰ্ট ফ’ন আহিল, ফৰ জি ফাইব জি হ’ল। ষাঠি বছৰৰ আগৰ ব্যক্তি আৰু আজিৰ প্ৰজন্মৰ মাজত চিন্তা ধাৰাৰ পাৰ্থক্য দেখা পোৱাটো স্বাভাৱিক। সেইবুলি মৰম-স্নেহ, সহানুভূতি, সততা, সত্য, কৰ্মস্পৃহাত কোনো পাৰ্থক্য থাকিব নোৱাৰে। সময়ৰ মূল্য অতীত যেনে আছিল এতিয়াও আছে। বিশ্ব বিজয়ী নেপোলিয়নে এক মিনিটৰ ব্যৱধানৰ বাবেই ৱাটাৰলুৰ যুদ্ধত পৰাজয়ৰ গ্লানি সহ্য কৰিবলগীয়া হৈছিল।
আজিৰ যুৱ প্ৰজন্মই সময় মূল্য দিবলৈ শিকিব লাগিব। ইংৰাজীত এশাৰী বাক্য আছে যে- No pain no gain. অৰ্থাৎ কিবা এটা পাবলৈ হ’লে আমি কষ্ট কৰিব লাগিব। কষ্টৰ ফল হে মিঠা। কষ্ট কৰিবলৈ আমি শিকিব লাগিব। কষ্ট কৰিবলৈ যাওঁতে আমি আমাৰ চৰিত্ৰ নিকা কৰি ৰাখিব লাগিব। ধন টকা পইছা হানি হ’লে একো হোৱা নাই, কিন্তু চৰিত্ৰ হানি হ’লে সকলো হানি। চৰিত্ৰ হ’ল পবিত্ৰ গংগা জলৰ দৰে। গতিকে আমি সৎ চৰিত্ৰৰ গৰাকী হ’বলৈ যত্নবান হ’ব লাগিব।
শেষত, সকলো প্ৰকাৰে গুণবান, চৰিত্ৰ বান এক শ্ৰেণী নতুন প্ৰজন্মৰ সৃষ্টিৰ বাবে আমাৰ পৰিয়াল, সমাজ, চৰকাৰ সকলোৰে নৈতিক দায়িত্ব আছে। চাপৰিলে যেনেকৈ মেঘ নাতৰে ঠিক তেনেদৰে কেৱল নৱপ্ৰজন্মৰ গালৈ সকলো দোষ ঠেলি দি আমি নিৰাপদ হ’ব নোৱাৰো। কিয় এনে হৈছে তাৰ সঠিক কাৰণ উলিয়াই সমাধানৰ ব্যৱস্থা কৰিব লাগিব। তেতিয়াহে আমাৰ সমাজখন নিৰাপদ হ’ব।
অধ্যয়নবিহীন এটা জাতি জীৱন্তে মৃত সদৃশ। কিতাপ অধ্যয়নৰ জৰিয়তে দূৰৈৰ মনিক হাততে পাই বুলি সত্যনাথ বৰা দেৱে কৈ গৈছে। অসমীয়াৰ হিয়াৰ আমঠু সদ্যপ্ৰয়াত জুবিন গাৰ্গে কৈছিল যে “কিতাপৰ অবিহনে গামোচাই এটা জাতিক ধৰি ৰাখিব নোৱাৰে।” কিন্তু পৰিতাপৰ বিষয় যে উঠি অহা প্ৰজন্মৰ গৰিষ্ঠ সংখ্যকেই কিতাপ বুলিলে একপ্ৰকাৰৰ এলাৰ্জি সদৃশ। যিমানেই পঢ়িব সিমানেই গুণী আৰু জ্ঞানী হ’ব। এশ মুৰ্খ পুত্ৰতকৈ পাঁচ পাণ্ডৱেই ভাল। অসমীয়াত এশাৰী মহৎ উক্তি আছে যে “পঢ়াই পঢ়ে আৰু ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন।” ইয়াৰ অৰ্থ হৈছে যি পঢ়াই তেওঁ পঢ়োৱাৰ বাদে আন কথা ভাবিব নালাগে, পঢ়ি থকা জনেও পঢ়াৰ সময়ত অন্য মনস্ক হ’ব নালাগে। তদ্ৰুপ কৃষকেও কৃষি কৰ্মৰ বাদে আন চিন্তাত মগ্ন হ’লে কষ্টৰ ফল নধৰে।
উঠি অহা প্ৰজন্মই কিতাপ অধ্যয়নৰ জড়িয়তে যিমান পাৰে সিমান জ্ঞানৰ মনি মুকুতা গোটাব লাগে। দামী মটৰ চাইকেল লৈ, তিনি আলি চ’কত আড্ডা মাৰি আৰু ওৱাইন শ্বপৰ সমুখত শাৰী পাতি থাকি সময় খৰচ কৰাতকৈ যদি কিতাপ অধ্যয়নত ব্যস্ত থাকে নিজৰটো উৎকৰ্ষ সাধন হ’বই লগতে জাতিৰ স্বাভিমানো বহুদূৰলৈ খ্যাতিমান হ’ব। মনত ৰখা উচিত হ’ব যে আমাৰ সৰলতা, দুৰ্বলতা তথা কৰ্মবিমুখীতাৰ আচিলা লৈ বিদেশী বনিয়াই ইতিমধ্যে মাটি, বাৰী, বজাৰ সমাৰ সকলো গ্ৰাস কৰি লৈছে, এতিয়াও থাকিবি জানো শুই।
সৌ তাহানিতে ডঃ ভূপেন হাজৰিকা দেৱে গীতৰ ভাষাৰে আমাক সোঁৱৰাই দিছিল যে “আমি অসমীয়া নহওঁ দুখীয়া, বুলি শান্তনা লভিলে নহ’ব, আজিৰ অসমীয়াই নিজক নিচিনিলে ঘৰতেই মগনীয়া হ’ব।” ইতিমধ্যে আমি মগনীয়া আৰু ভগনীয়া হৈছোঁৱেই, সৌ সিদিনা ভূমিপুত্ৰ কাৰ্বিসকলক নিজ ভূমিতেই “কাৰ্বি চিনি গ’বেক” বুলি ক’বলৈ সাহস কেনেকৈ পালে! গতিকে আমি জাগিবৰ হ’ল।
“বাজক ডবা, বাজক শঙ্খ,বাজক মৃদং- খোল,
অসম আকৌ উন্নতিৰ পথত, জয় আই অসম বোল।”










