• Home
  • Ask & Answer
  • প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

question answer
Tumpa Bhoumik

এই মাহৰ বিশেষ অতিথি সকল:
টুম্পা ভৌমিক
২নং গোৰেশ্বৰ


১/ জীৱনত যদি ভয় আছে ,কিহৰ প্ৰতি ভয় আছে ,যিয়ে প্ৰতিপল বাধা দিয়ে?
উত্তৰ:- জীৱনত যদি ভয় আছে সেয়া নিজৰ ব্যক্তিগত মানুহৰ প্ৰতি। যেতিয়া নিজৰ মানুহে কথা সমূহ বুজি পোৱাৰ চেষ্টা নকৰে যিয়ে ভিতৰি তিলে তিলে শেষ কৰি দিয়ে আৰু তেতিয়াই যিকোনো ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।

২/ হাতত টকা-পইচা নথকাকৈ মানুহে মানুহৰ বাবে কি কি কাম কৰিব পাৰে?
উত্তৰ:- হাতত টকা-পইচা থাকিলেই যে আপুনি মনৰ ধনী সেয়া কেতিয়াওঁ নহয়।যদি আপুনি মনৰ এজন/এজনী ভাল ব্যক্তি আৰু আপোনাৰ কথাত যদি কোনোবাই মনোবল, সময়, দিব পাৰিছে তেতিয়া আপুনি মনৰ ধনী ব্যক্তি। এনেকৈ আমি সাহস দিব পাৰো।

৩/ জীৱনত এনে ৫ টা কাম, যিকেইটাৰ বাবে আপুনি আপোনাক ধন্যবাদ দিব বিচাৰে?
উত্তৰ:-
●টিউশ্বন পঢ়ায় যেতিয়া পইচাখিনি নিজৰ কামত লগতে মাক-দেউতাক দিব পাৰোঁ তেতিয়া অনুভৱ হয় মই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি।
●মাক-দেউতাৰ ভাল লগা কামবোৰ কৰি যাব পাৰিছো সেয়াই মোৰ বাবে যথেষ্ট।
●কেতিয়াবা কোনো কামত মোক পৰামৰ্শ দিব দিয়ে তেতিয়া মনটো ভাল লাগে।
●মোৰ সৰু পৃথিৱীখনত পৰিয়ালৰ সৈতে মই বহু সুখী সেইবাবে ভগৱানক ধন্যবাদ।
●কেতিয়াবা অসহায় মানুহক সহায় কৰিব পাৰো.. আগলৈকে যাতে ভাল লগা কামসমূহ কৰি যাব পাৰো।

৪/ আমি আচলতে কাৰ বাবে জীয়াই থাকো| নিজৰ বাবে, আনৰ বাবে?
উত্তৰ:- আমি আচলতে আনৰ বাবে জীয়াই থাকো।

৫/ আপুনি আপোনাৰ লগত কিমান সৎ?
উত্তৰ:- মই নাজানো মোৰ লগত মই কিমান সৎ কিন্তু এৰি অহা অতীতক ৰোমন্থন কৰি ভাল পাওঁ। নিজে নিজৰ পৰা লুকাই ফুৰিছোঁ।হয়তো সময়ে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিকাইছে।কোনোৱা ক্ষেত্ৰত মই সৎ হ’ব পৰা নাই..জীৱনটোত লুকাই ফুৰিছো।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top