• Home
  • Education
  • এজেণ্টিক এআইঃ সক্ৰিয় সহযোগী নে অনিশ্চিত প্ৰত্যাহ্বান?

এজেণ্টিক এআইঃ সক্ৰিয় সহযোগী নে অনিশ্চিত প্ৰত্যাহ্বান?

agentic_ai_1

স্বৰাজ ফুকন
প্ৰবক্তা
ডায়েট, ডিব্ৰুগড়

নিশা গভীৰ হৈ আহিছে। আপুনি বিচনাত বাগৰি টোপনি যোৱাৰ যো-জা কৰিছে। কিন্তু আপোনাৰ লেপটপটো এতিয়াও অন হৈ আছে। আচৰিত কথাটো হ’ল আপুনি একো টাইপ কৰা নাই, কোনো বুটাম টিপা নাই। অথচ স্ক্ৰীণত এটাৰ পিছত এটাকৈ ফাইল খোল খাইছে, ক’ডিং চলিছে আৰু এটা জটিল ছফ্টৱেৰৰ নক্সা তৈয়াৰ হৈ উঠিছে। এয়া কোনো বোলছবিৰ দৃশ্য নহয়, এয়া ‘এজেণ্টিক এআই’ (Agentic AI) বা স্বয়ংসম্পূৰ্ণ কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যৎ। বিগত সময়ছোৱাত চেটজিপিটি বা জেমেনাইৰ দৰে মডেলৰ জৰিয়তে আমি এআইৰ সৈতে বাৰ্তালাপ কৰিবলৈ শিকিলো। কিন্তু এজেণ্টিক এআই সেই পৰ্যায়তকৈ বহু আগবঢ়া প্ৰযুক্তিগত বিপ্লৱ। ই কেৱল প্ৰশ্নৰ উত্তৰ দিয়াতে সীমাবদ্ধ নাথাকি কোনো নিৰ্দেশ সম্পূৰ্ণ কৰিবলৈ নিজে পৰিকল্পনা কৰে আৰু ব্যৱহাৰকাৰীৰ হস্তক্ষেপ অবিহনেই স্বতন্ত্ৰভাৱে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা ৰাখে। এই প্ৰযুক্তিয়ে কিদৰে কাৰ্য সম্পাদন কৰে সেয়া বুজিবলৈ হ’লে আমি ইয়াক এজন অতি বুদ্ধিমান সহায়কৰ সৈতে তুলনা কৰিব পাৰো। ধৰি লওক আপুনি কোনো সাধাৰণ কৃত্ৰিম বুদ্ধিমত্তাৰ প্লেটফ’ৰ্মক নিৰ্দেশ দিছে, “মোক অহা সপ্তাহত গোৱালৈ যোৱাৰ এটা ট্ৰিপ প্লেন কৰি দিয়া।’’ এই নিৰ্দেশৰ প্ৰত্যুত্তৰত যিকোনো সাধাৰণ এআই প্লেটফ’ৰ্মে আপোনাৰ বাবে ভ্ৰমণ কৰিব পৰা সম্ভাব্য স্থানসমূহৰ এখন গতানুগতিক তালিকাহে প্ৰস্তুত কৰি দিব পাৰে। কিন্তু এজেণ্টিক এআইয়ে আপোনাৰ বেংক একাউণ্টৰ ক্ষমতা পৰীক্ষা কৰিব, উৰাজাহাজৰ টিকটৰ দাম তুলনা কৰিব, আপোনাৰ পছন্দৰ হোটেল বুক কৰিব আৰু আনকি আপোনাৰ অফিচৰ কেলেণ্ডাৰ পৰীক্ষা কৰি সেই কেইদিনৰ ছুটীৰ বাবে আবেদনো কৰি দিব। এই কাৰ্যদক্ষতাৰ মূল কাৰণ হ’ল ‘ৰিজ’নিং’ বা উন্নত যুক্তি প্ৰয়োগৰ ক্ষমতা। এজেণ্টিক এআইয়ে যিকোনো লক্ষ্যক বিভিন্ন স্তৰত ভাগ কৰি লয় আৰু প্ৰতিটো পদক্ষেপতে হ’ব পৰা সম্ভাৱ্য ত্ৰুটিসমূহ আগতীয়াকৈ অনুমান কৰি নিখুঁতভাৱে কাৰ্য সম্পাদন কৰে। এই স্বয়ংসম্পূৰ্ণ মডেলৰ কাৰ্যপদ্ধতি মূলতঃ চাৰিটা মুখ্য স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত-
(১)পৰিকল্পনা (Planning)- যিকোনো নিৰ্দেশ লাভ কৰাৰ পিছত ই পোনপটীয়াকৈ কামত প্ৰবৃত্ত হোৱাৰ পৰিৱৰ্তে প্ৰথমে লক্ষ্যটোক সৰু সৰু খণ্ডত ভাগ কৰি নিৰ্দিষ্ট কৰ্মসূচী তৈয়াৰ কৰে।
(২)স্মৃতি (Memory)- পূৰ্বৰ অভিজ্ঞতা আৰু সঞ্চিত তথ্যৰ পৰা শিকি ভৱিষ্যতৰ সিদ্ধান্তসমূহ অধিক খুঁতহীন কৰিব পাৰে।
(৩)সঁজুলিৰ ব্যৱহাৰ (Tools Use)- প্ৰয়োজন সাপেক্ষে ইণ্টাৰনেট চাৰ্চ কৰা, কেলকুলেটৰ ব্যৱহাৰ কৰা বা আনকি নতুন চফ্টৱেৰ সৃষ্টি কৰিবলৈও সক্ষম।
(৪)কাৰ্য্যকৰীকৰণ (Action)- পৰিকল্পনা অনুসৰি নিৰ্দিষ্ট সমলসমূহ প্ৰয়োগ কৰি বাস্তৱিক ফলাফল প্ৰদান কৰে।

agentic_ai_2

যিকোনো নিৰ্দেশ লাভ কৰাৰ পিছত ই পোনপটীয়াকৈ কামত প্ৰবৃত্ত হোৱাৰ পৰিৱৰ্তে প্ৰথমে গভীৰ বিশ্লেষণ বা ‘ব্ৰেইনষ্টৰ্মিং’ আৰম্ভ কৰে। সঞ্চিত অভিজ্ঞতাৰ পৰা তথ্য সংগ্ৰহ কৰাৰ উপৰিও প্ৰয়োজন সাপেক্ষে ইণ্টাৰনেটৰ সহায়ত নতুন ছফ্টৱেৰ সৃষ্টিও কৰি ল’ব পাৰে। উদাৰণস্বৰূপে, তথ্য বিশ্লেষণৰ খাতিৰত ‘পাইথন ক’ড’ৰ প্ৰয়োজন হ’লে নিজেই সেই ক’ড লিখি কাৰ্যকৰী কৰে। ইয়াৰ প্ৰধানতম ইতিবাচক গুণ হ’ল ‘স্ব-সংশোধন’ (Self-correction) অৰ্থাৎ ভুল হ’লে হাৰ নামানি নিজেই সমাধান বিচাৰি উলিওৱাৰ ক্ষমতা ৰাখে।

এনে প্ৰেক্ষাপটত আমাৰ মনত স্বাভাৱিকতে প্ৰশ্নৰ উদয় হয় যে এই প্ৰযুক্তিৰ পৰিসৰ প্ৰকৃততে কিমান সুদূৰপ্ৰসাৰী? ইয়াৰ উত্তৰটো ৰোমাঞ্চকৰ লগতে উদ্বেগজনকো। বিশেষজ্ঞসকলৰ মতে ২০৩০ চনৰ ভিতৰত বিশ্ব অৰ্থনীতিৰ বৃহৎ অংশ এই প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত হ’ব। কল্পনা কৰক এনে এক সময়ৰ য’ত মানৱ কৰ্মচাৰী অবিহনেই একোটা প্ৰতিষ্ঠানৰ চিইঅ’ৰ পৰা মাৰ্কেটিং মেনেজাৰলৈকে সকলো দায়িত্ব এআই এজেণ্টে পালন কৰিব। এই ধাৰণা এতিয়া কেৱল বিজ্ঞানৰ কল্পকাহিনী হৈ থকা নাই। ‘ডেভিন’ (Devin) নামৰ পৃথিৱীৰ প্ৰথম এআই চফ্টৱেৰ ইঞ্জিনীয়াৰৰ উদ্ভাৱনে ইতিমধ্যে ইয়াৰ ইংগিত বহন কৰিছে। ইয়াৰ পৰা স্পষ্ট হয় যে আগন্তুক দিনত মানুহে কেৱল পৰিকল্পনা কৰিব আৰু এআই হ’ব সেই পৰিকল্পনাৰ কাৰ্যকৰী শক্তি। অৱশ্যে এই অগ্ৰগতিৰ সমান্তৰালভাৱে শংকাও লুকাই আছে। ইয়াক বৈজ্ঞানিক ভাষাত ‘এলাইনমেণ্ট প্ৰব্লেম’ (Alignment Problem) বুলি অভিহিত কৰা হৈছে। ইয়াৰ অৰ্থ হ’ল এআইৰ লক্ষ্য আৰু মানুহৰ নৈতিক মূল্যবোধৰ মাজৰ সমন্বয়হীনতা। এজেণ্টিক এআইয়ে স্বয়ংসম্পূৰ্ণৰূপে সিদ্ধান্ত ল’বলৈ আৰম্ভ কৰিলে মানুহৰ নিয়ন্ত্ৰণ সীমিত হৈ পৰিব পাৰে। ধৰি লওক আপুনি এআইক নিজৰ ব্যৱসায়ৰ লাভ দহগুণ বৃদ্ধি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিলে। এনেক্ষেত্ৰত লক্ষ্য পূৰণৰ নামত বিবেক আৰু আৱেগহীন এই স্বশাসিত ব্যৱস্থাই কেৱল নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ গৈ নৈতিক বা আইনী সীমা নেওচি যাব পাৰে। আমি আমাতকৈ দ্ৰুত এটা মগজু গঢ়ি তুলিবলৈ চেষ্টা কৰিছো ঠিকেই কিন্তু ইয়াৰ ওপৰত মানুহৰ নিয়ন্ত্ৰণ কিমান থাকিব সেয়া চলমান সময়ৰ ডাঙৰ প্ৰশ্ন। ব্যৱসায় বা কাৰিকৰী দিশৰ উপৰিও চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো এজেণ্টিক এআইৰ প্ৰভাৱ হ’ব সুদূৰপ্ৰসাৰী। কল্পনা কৰক এনে এক এআই এজেণ্টৰ কথা যিয়ে বিশ্বৰ সমস্ত চিকিৎসা গৱেষণা পলকতে বিশ্লেষণ কৰি ৰোগীৰ লক্ষণ অনুযায়ী ঔষধৰ ফৰ্মুলা প্ৰস্তুত কৰিব পাৰে আৰু লেবৰেটৰীৰ ৰবটিক হাতক সেই ঔষধ প্ৰস্তুতৰ নিৰ্দেশ দিব পাৰে। ইয়াৰ ফলত মানুহৰ দ্বাৰা হ’ব পৰা ভুলৰ সম্ভাৱনা নুন্যতম হৈ পৰিব। গাৰ্টনাৰ (Gartner) ৰ দৰে গৱেষণা প্ৰতিষ্ঠানৰ তথ্য অনুসৰি ২০২৬ চনৰ ভিতৰত ছফ্টৱেৰ ডেভেলপাৰৰ প্ৰায় ৫০ শতাংশ কাম এই এআই এজেণ্টসমূহে চম্ভালিব। এইখিনিতে যন্ত্ৰক স্বাধীনতা দি কামবোৰ সহজ কৰাৰ লগে লগে আমাৰ মৌলিক চিন্তাশক্তি হেৰাই যোৱাৰ আশংকাকো নুই কৰিব নোৱাৰি। যন্ত্ৰই সকলো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে মানুহৰ যুগ-যুগান্তৰৰ অভিজ্ঞতা একপ্ৰকাৰ প্ৰাসংগিকতাহীন হৈ পৰিব পাৰে। অৱশ্যে একে সময়তে এজেণ্টিক এআইৰ জলসিঞ্চন আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে জটিল গোলকীয় সমস্যা সমাধান কৰিব পৰা ক্ষমতাই আমাক উৎসাহিতও কৰে।

প্ৰযুক্তিৰ অপৰিসীম ক্ষমতাই অনা পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত এজেণ্টিক এআই মানৱ ইতিহাসৰ নতুন দিশ হিচাপে পৰিগণিত হৈছে। আমাৰ দৈনন্দিন ব্যৱহৃত সঁজুলিবোৰ এতিয়া কেৱল যন্ত্ৰৰ পৰিৱৰ্তে সক্ৰিয় সহযোগী হৈ পৰিছে। যন্ত্ৰৰ এই বুদ্ধিমত্তাক সঠিক দিশত ব্যৱহাৰ কৰাটোৱেই আমাৰ সমুখত সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান। যন্ত্ৰৰ মেধা আৰু মানুহৰ বিবেকৰ এই যুগলবন্দীয়ে উজ্জ্বল ভৱিষ্যত নে অনিশ্চিত সংকট কঢ়িয়াই আনিব সেয়া আগন্তুক দিনতহে স্পষ্ট হ’ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top