ডাঃ দুলুমনি কলিতা
ফ’নঃ ৮৬৩৮৭৪৯৪৯৪
নাৰীৰ জীৱনত অতি সাধাৰণভাৱে উপেক্ষিত এটা সমস্যাৰ নাম হৈছে মূত্ৰ অসংযম বা প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা (Urinary Incontinence)। বহু নাৰীয়ে হাঁহাৰ সময়ত, কাঁহ মাৰোতে, দৌৰ মাৰোতে বা হঠাতে মূত্ৰচাপ আহিলে প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণ নোহোৱাৰ দৰে অনুভৱ কৰে। কিন্তু এই সমস্যাক অসুখ বুলি নাভাবে—“ডেলিভাৰীৰ পিছত এইবোৰ স্বাভাৱিক”, “বয়স হ’লে এইটো প্ৰায়েই দেখা যায়”, “ঘৰৰ কাম, সন্তান, দায়িত্বৰ মাজত এইবোৰৰ বাবে সময় ক’ত?”—এই ধৰণৰ ভাৱনাৰে অধিকাংশ নাৰীয়ে ইয়াক নীৰৱে সহি থাকে।আমাৰ সমাজত লাজ, সামাজিক টাবু আৰু “এইটো ক’বলগীয়া কথা নহয়” মনোভাৱৰ বাবে বহু নাৰীয়ে এই সমস্যাক নিজৰ ভিতৰতে গোপনে ৰাখে। ফলস্বৰূপে এই অসুখে ধীৰে ধীৰে নাৰীৰ আত্মবিশ্বাস, সামাজিক জীৱন আৰু মানসিক শান্তি নষ্ট কৰে। কিন্তু সত্যটো হৈছে—মূত্ৰ অসংযম কোনো নিয়তি বা দূৰাৰোগ্য ৰোগ নহয়, এইটো এটা চিকিৎসাযোগ্য অৱস্থা। আপুনি নাৰী মানেই সহ্য কৰিব লাগিব বুলি কোনো নিয়ম নাই। নিজৰ শৰীৰৰ সংকেতক অৱহেলা কৰাটো সাহস নহয়; বৰঞ্চ নিজৰ স্বাস্থ্যৰ যত্ন লোৱাই প্ৰকৃত শক্তি। সময়মতে জ্ঞান, চিকিৎসা আৰু সঠিক পথ্য গ্ৰহণ কৰিলে এই সমস্যাৰ পৰা মুক্তি পোৱা সম্ভৱ। প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতা (Urinary Incontinence) হৈছে এনে এক স্বাস্থ্য সমস্যা য’ত মানুহে নিজৰ প্ৰস্ৰাৱৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখিব নোৱাৰে। এই সমস্যা মহিলা সকল, বৃদ্ধ লোকৰ তথা স্নায়ৱিক আৰু মাংসপেশীৰ দুৰ্বলতাজনিত ৰোগত বেছিকৈ পৰিলক্ষিত হয়। প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতা (Urinary incontinence)-ৰ বিষয়ে বুজিবলৈ প্ৰথমে মূত্ৰৱহ তন্ত্ৰৰ গঠন বুজাটো অত্যন্ত প্ৰয়োজনীয়।মানৱ শৰীৰৰ মূত্ৰৱহ তন্ত্ৰ মূলতঃ চাৰিটা অংশে গঠিত।
১. বৃক্ক (Kidneys)— বৃক্ক দুটা শৰীৰৰ পিছফালে অৱস্থিত। ইহঁতে ৰক্ত পৰিস্ৰাৱন কৰি অপ্ৰয়োজনীয় পদাৰ্থ আৰু অতিৰিক্ত পানী পৃথক কৰি মূত্ৰ তৈয়াৰ কৰে।
২. মূত্ৰনলী (Ureters)—বৃক্কত তৈয়াৰ হোৱা মূত্ৰ এই সৰু নলী দুটাৰ জৰিয়তে মূত্ৰাশয়লৈ আহে।
৩. মূত্ৰাশয় (Urinary Bladder)—মূত্ৰাশয় এটা পেশীযুক্ত থলী সদৃশ অংগ, যিয়ে মূত্ৰ সঞ্চয় কৰি ৰাখে। ইয়াৰ বেৰত থকা ডেট্ৰুসৰ পেশী (Detrusor muscle)-য়ে মূত্ৰাশয় খালী কৰাৰ সময়ত সংকোচনত সহায় কৰে।
৪. মূত্ৰমাৰ্গ (Urethra)—মূত্ৰাশয়ৰ পৰা বাহিৰলৈ মূত্ৰ ওলাই যায় এই নলীৰে।এই অংশত দুটা গুৰুত্বপূৰ্ণ নিয়ন্ত্ৰক পেশী থাকে— Internal sphincter (আন্তঃ স্ফিঙ্ক্টাৰ)আৰু External sphincter (বাহ্যিক স্ফিঙ্ক্টাৰ)। এই পেশীবোৰ আৰু পেলভিক ফ্ল’ৰ মাংসপেশী একেলগে কাম কৰি মূত্ৰ ধৰি ৰাখে। এই পেশী বা স্নায়ুবোৰ দুৰ্বল বা ক্ষতিগ্ৰস্ত হ’লে প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাৰ সৃষ্টি হয়।
প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতাৰ বিস্তৃত কাৰণসমূহঃ
১. শাৰীৰিক আৰু গঠনগত কাৰণ -• পেলভিক ফ্ল’ৰৰ মাংসপেশীৰ দুৰ্বলতা• প্ৰসূতি সময়ত পেশী আৰু স্নায়ুৰ ক্ষতি• মূত্ৰাশয় বা মূত্ৰনালীৰ গাঠনিগত অস্বাভাৱিকতা• পেলভিক অৰ্গান প্ৰলেপ্স (uterus বা bladder তললৈ নামি অহা)
২. স্নায়ৱিক কাৰণ (Neurological Causes)-মূত্ৰাশয় আৰু মগজুৰ মাজত থকা স্নায়ু সংকেত ব্যাহত হ’লে• ষ্ট্ৰোক• পাৰ্কিনচন ৰোগ• মাল্টিপল স্ক্লেৰ’চিছ• মেৰুদণ্ডৰ আঘাত– এই ক্ষেত্ৰত মূত্ৰাশয় ঠিকমতে সংকোচন বা শিথিল হ’ব নোৱাৰে।
৩. হৰম’নজনিত কাৰণ• ৰজোনিবৃত্তিৰ ( menopause) পাছত ইষ্ট্ৰ’জেন হৰম’নৰ অভাৱ হয়। ইয়ে মূত্ৰনলী আৰু পেলভিক পেশী দুৰ্বল কৰি তোলে।
৪. ৰোগজনিত কাৰণ• ডায়েবেটিছ (Diabetic neuropathy)• মূত্ৰনালীৰ সংক্রমণ (UTI)• প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি (পুৰুষৰ ক্ষেত্ৰত)• দীঘলীয়া কোষ্ঠকাঠিন্য
৫. জীৱনশৈলী আৰু বাহ্যিক কাৰণ• স্থূলতা• দীঘলীয়া কাঁহ (ধূমপানজনিত)• অত্যধিক চাহ, কফি, এলক’হল সেৱন• কিছুমান ঔষধ (diuretics, sedatives)
৬. মানসিক আৰু কাৰ্যগত কাৰণ• স্মৃতিভ্ৰংশ• ডিমেনচিয়া• চলাচলত অসুবিধা• এই ক্ষেত্ৰত শৌচালয় পোৱাৰ আগতেই প্ৰস্ৰাৱ ওলাই যায় (Functional incontinence)।
মূত্ৰ অসংযমৰ প্ৰধান প্ৰকাৰঃ
1. Stress Incontinenceহাঁচি, কাঁহ, হাঁহি, ওজন উঠোৱা আদি অৰ্থাৎ চাপ পোৱা কাম কৰাৰ সময়ত অলপ প্ৰস্ৰাৱ ওলাই যোৱা। এইটো সাধাৰণতে পেলভিক মাংসপেশী দুৰ্বল হ’লে হয়।
2. Urge Incontinenceএনে ক্ষেত্ৰত হঠাৎ প্ৰস্ৰাৱৰ তীব্ৰ বেগ আহে আৰু শৌচালয় পোৱাৰ আগতেই প্ৰস্ৰাৱ ওলাই যায়।
3. Overflow Incontinenceমূত্ৰাশয় সম্পূৰ্ণ খালী নোহোৱা বাবে বাৰে বাৰে অলপ অলপকৈ প্ৰস্ৰাৱ ওলাই থাকে।
4. Functional Incontinenceশাৰীৰিক বা মানসিক সমস্যাৰ বাবে সময়মতে প্ৰচাৱগাৰ পোৱাৰ আগতেই প্ৰচাৱ নিৰ্গত হয়।
প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতাৰ চিকিৎসাঃ সময়মতে চিকিৎসা কৰিলে প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতাৰ পৰা সম্পূৰ্ণ আৰোগ্য সম্ভৱ। ইয়াৰ চিকিৎসা তলত দিয়া ধৰণৰ-
১. জীৱনশৈলীৰ পৰিৱৰ্তন• ওজন নিয়ন্ত্ৰণ• চাহ, কফি আৰু মাদক দ্ৰৱ্য সীমিত কৰা• নিয়মিত সময়মতে প্ৰস্ৰাৱ কৰাৰ অভ্যাস• পানী খোৱাৰ সঠিক সময় নিৰ্ধাৰণ
২. পেলভিক ফ্ল’ৰ ব্যায়াম (Kegel Exercise)এই ব্যায়ামে মূত্ৰাশয় আৰু পেলভিক মাংসপেশী শক্তিশালী কৰে। নিয়মীয়াকৈ এই ব্যায়াম কৰিলে বহু ক্ষেত্ৰত প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতাৰ সমস্যাটো যথেষ্ট কমে।
৩. ঔষধি চিকিৎসা(চিকিৎসকৰ পৰামৰ্শ অনুযায়ী)—মূত্ৰাশয় শিথিল কৰা ঔষধহৰম’ন থেৰাপি (কিছুমান মহিলাৰ ক্ষেত্ৰত)
৪. শল্য চিকিৎসাযদি আন সকলো উপায় ফলপ্ৰসূ নহয়, তেন্তে কিছুমান ক্ষেত্ৰত শল্য চিকিৎসা কৰা হয়।
আয়ুৰ্বেদিক দৃষ্টিভংগীঃআয়ুৰ্বেদ অনুসাৰে প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতা মূলতঃ আপান বায়ু (Apana Vata)-ৰ বিকৃতিৰ ফল। আপান বায়ুয়ে পেলভিক অঞ্চলত অৱস্থিত আৰু মূত্ৰ, মল, ঋতুস্ৰাৱ আৰু প্ৰসূতিৰ অন্যান্য দৈহিক কাৰ্য নিয়ন্ত্ৰণ কৰে। এই বায়ু দুৰ্বল বা বিপথগামী হ’লে মূত্ৰবেগৰ নিয়ন্ত্ৰণ হেৰুৱায়। প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতা আয়ুৰ্বেদত সাধাৰণতে— মূত্ৰদৌৰ্বল্য, বস্তি দৌৰ্বল্য এই শ্ৰেণীত অন্তৰ্ভুক্ত কৰিব পাৰি।

আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিঃ
১. আহাৰ আৰু জীৱনশৈলী (Pathya–Apathya)• পথ্য আহাৰ গ্ৰহণ- গৰম, সহজে হজম হোৱা আৰু পুষ্টিকৰ আহাৰ যেনে- গাখীৰ, ঘিউ, খিচিৰি, কল, ডালিম, সেউজীয়া শাক-পাচলি গ্ৰহণ।• অপথ্য আহাৰৰ পৰা বিৰত থাকিব লাগিব- অত্যধিক টেঙা, জ্বলা, মছলা, চাহ, কফি, এলক’হল বা যিকোনো মদ্য, শীতল পানীয় আদি বৰ্জনীয়।• ৰাতি দেৰিলৈ জাগি থকা বৰ্জনীয়।
২. আয়ুৰ্বেদিক ঔষধঃ তলত উল্লেখিত ঔষধসমূহ কেৱল অভিজ্ঞ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শত অনুসাৰেহে ব্যবহাৰ কৰিব। • গোক্ষুৰ (Gokshura) – মূত্ৰাশয় শক্তিশালী কৰে• অশ্বগন্ধা – স্নায়ু আৰু পেশী শক্তি বৃদ্ধি কৰে• শীলাজিত – ৰসায়ন আৰু মূত্ৰথলীৰ বাবে ট’নিক হিচাবে কাম কৰে• চন্দ্ৰপ্ৰভা ৱটী – মূত্ৰ ৰোগত বহুল ব্যৱহৃত। • বৰুণাদি ক্বাথ – মূত্ৰনলী শক্তিশালী কৰে।
৩. পঞ্চকৰ্ম চিকিৎসাআয়ুৰ্বেদত বস্তি চিকিৎসা হ’ল প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতাৰ অতি গুৰুত্বপূৰ্ণ চিকিৎসা। • অনুবাসন বস্তি (তৈল বস্তি)• নিৰূহ বস্তি (ক্বাথ বস্তি)ইয়ে আপান বায়ুৰ সমন্বয় কৰি পেলভিক অঞ্চল শক্তিশালী কৰে।
৪. যোগ চিকিৎসা (Yoga Therapy)যোগাভ্যাসে মূত্ৰাশয়, পেলভিক ফ্ল’ৰ আৰু স্নায়ু নিয়ন্ত্ৰণ উন্নত কৰে। আধুনিক চিকিৎসাত বহুলভাৱে উপদেশ দিয়া কিগেল এক্সাৰচাইজ’ দৰাচলতে প্ৰাচীন কালৰ পৰা উল্লিখিত যোগাভ্যাসৰ বাহিৰে আন একো নহয়।প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতাত যোগৰ ভুমিকা অতি গুৰুত্বপূৰ্ণ-
১. যোগাসন• মলাসন- ই পেলভিক ফ্ল’ৰ পেশী শক্তিশালী কৰে।• ভুজঙ্গাসন- ই স্নায়ু আৰু মূত্ৰাশয় সক্ৰিয় কৰে।• সেতুবন্ধাসন- ই পেলভিক অঞ্চলৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে।• পশ্চিমোত্তানাসন- ই মূত্ৰাশয় নিয়ন্ত্ৰণ উন্নত কৰে।• বদ্ধ কোণাসন- ই মহিলাসকলৰ বাবে বিশেষ উপকাৰী।
২. প্ৰাণায়াম• অনুলোম-বিলোম- ই স্নায়ু শান্ত কৰে।• ভ্ৰমৰী প্ৰাণায়াম- ই মানসিক চাপ কমায়।• উজ্জায়ী প্ৰাণায়াম- ই শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ উন্নত কৰে।
৩. মূলবন্ধ (Moola Bandha) এইটো প্ৰস্ৰাৱৰ নিয়ন্ত্ৰনহীনতা ৰোধৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ যোগ ক্ৰিয়া।মূলবন্ধ মানে হৈছে— পেলভিক ফ্ল’ৰ পেশী সংকোচন আৰু শিথিল কৰা।
Kegel exercise কৰাৰ নিয়মঃমূত্ৰ ধৰি ৰখাৰ দৰে শৌচাদ্বাৰৰ পেশী সংকোচন কৰক — ৫–১০ ছেকেণ্ড ধৰি ৰাখক — পুনৰ শিথিল কৰক। দিনে ২০–৩০ বাৰ কৰিব। ই পেলভিক ফ্ল’ৰ পেশী শক্তিশালী কৰি মূত্ৰ নিয়ন্ত্ৰণ উন্নত কৰে।
প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতা কোনো লাজ বা গোপন কৰি ৰাখিবলগীয়া সমস্যা নহয়। ই মহিলাসকলৰ দৈনন্দিন জীৱন, আত্মবিশ্বাস আৰু মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পেলাব পৰা এটা গভীৰ কিন্তু চিকিৎসাযোগ্য অৱস্থা। আধুনিক চিকিৎসা, আয়ুৰ্বেদিক ব্যৱস্থাপনা, যোগাসন, জীৱনশৈলীৰ পৰিৱর্তন আৰু নিয়মিত পেলভিক ফ্ল’ৰ ব্যায়ামৰ সহায়ত এই সমস্যাক যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণ বা সম্পূৰ্ণভাৱে সুস্থ কৰা সম্ভৱ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল—সময়মতে চিকিৎসকৰ পৰামৰ্শ লোৱা আৰু নিজৰ শৰীৰৰ সংকেতসমূহক গুৰুত্ব দিয়া। মহিলাসকলে যদি নিজৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিয়ে, তেন্তে প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণহীনতাৰ পৰা মুক্ত হৈ পুনৰ আত্মবিশ্বাস আৰু সুস্থতাৰে দৈনন্দিন জীৱন যাপন সম্পূৰ্ণ সম্ভৱ।










