Ask and Answer

question answer
ask&answer

নেত্ৰধৰ ভূঞা
জ্যেষ্ঠ নাগৰিক
অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, জলসিঞ্চন বিভাগ।


১) জীৱনত সময়ে এনে কি কথা শিকালে, যি কথা মানুহে শিকাব নোৱাৰিলে?

উত্তৰ- জীৱনে মোক এইটোৱেই শিকালে যে- জীৱনৰ সঠিক সময় সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰিলে সেয়া পিছলৈ কেতিয়াও ঘূৰাই পোৱা নাযায়। যেনে- প্ৰথম বা দ্বিতীয় শ্ৰেণীত নেওতা মুখস্থ কৰিব নোৱাৰিলে অষ্টম-নৱম শ্ৰেণীত সেয়া সম্ভৱ হৈ নুঠে।

২) ‘ক্ষমা’ এই সময়খিনিত ক্ষমাক আপুনি কিদৰে বিশ্লেষণ কৰিব?

উত্তৰ- ক্ষমা এতিয়া মোৰ বাবে কোনো প্ৰাসংগিক নহয় বুলি ভাবোঁ। কাৰণ এতিয়াৰ সময়ত ক্ষমাৰ কোনো যোগ্যজন নাই বুলি ভাবোঁ।

৩) জীৱনৰ সকলোতকৈ অকলশৰীয়া সময় কোনখিনি আছিল আপোনাৰ?

উত্তৰ- ১৯৮৫ চনৰ জুলাই মাহত যেতিয়া মই বৰপেটাৰ মন্দিয়াত ১০৪ ডিগ্ৰী জ্বৰত বিছনাত চটফটাই আছিলোঁ, সেই সময়ত মোৰ এজন সহকৰ্মী ম: তলোৱাৰ বাহিৰে মোৰ কোনো পৰিয়ালৰ লোক অথবা মিতিৰ-কুটুম কাষত নাছিল। সেয়াই আছিল মোৰ জীৱনৰ সকলোতকৈ অকলশৰীয়া সময়।

৪) জীৱনে দিয়া সকলোতকৈ ডাঙৰ শিক্ষাটো কি?উত্তৰ- জীৱনে দিয়া সকলোতকৈ ডাঙৰ শিক্ষাটো হ’ল- নিজৰ কমৰত জোৰ নাথাকিলে বেলেগলৈ আশা কৰি কোনো লাভ নাই। কাৰণ কথাতেই কয়- “সাঁতোৰ সাঁতোৰ নিজ বাউসীৰ বলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে।”

৫) আপোনাৰ দৃষ্টিত সুখ কি?

উত্তৰ- মই ক’বলৈ হ’লে সুখৰ সংজ্ঞা কেৱল কিতাপৰ মাজতেই আবদ্ধ।

৬) জীৱনটো যদি আকৌ নতুনৰ পৰা আৰম্ভ কৰিবলৈ সুবিধা পাই তেনেহ’লে কোনটো ভুল আপুনি নকৰিব?

উত্তৰ- যদি এই সুবিধা মই আকৌ এবাৰ পাওঁ, তেনেক্ষেত্ৰত মই নিজৰ বাদে কাকো বিশ্বাসত নলবলৈ সকলোকে অনুৰোধ কৰিম। কাৰণ “আপোন ভালেই জগত ভাল।”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top