• Home
  • Ask & Answer
  • প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

question answer
rupali sarmah

এই মাহৰ বিশেষ অতিথি সকল-
    ড° ৰূপালী শৰ্মা ,
গুৱাহাটী

১ম প্ৰশ্ন: জীৱনত যদি ভয় আছে, কিহৰ প্ৰতি ভয় আছে যিয়ে প্ৰতিপল বাধা দিয়ে?

উত্তৰ: মই ভাবো ‘ভয়’ প্ৰত্যেক মানুহৰ জীৱনত থকা এক স্বাভাৱিক প্ৰতিক্ৰিয়া। কাৰোবাৰ বাবে ভয়ৰ কাৰণ অকৃতকাৰ্যতা, মৃত্যু, পাপভয় ইত্যাদি, কিছুমানৰ আকৌ এন্ধাৰ, ভূত-প্ৰেত, নিজান ঠাই আদিও ভয়ৰ কাৰণ। ভয়ভাব থকাৰ বাবেই মানুহ অধিক সজাগ হোৱাৰ অৱকাশ ৰাখে। ভয়ভাবে যাতে মানুহক কাবু কৰিব নোৱাৰে তাৰবাবে আত্মবলৰ আৱশ্যক। ব্যক্তিগত ভাৱে মোৰ ভয়ভাব ওপৰোক্ত কাৰণ সমূহত নাই। মোৰ ভয় বৰ্তমানৰ পৰিবেশ পৰিস্থিতিৰ ওপৰত। আমি আমাৰ পৰৱৰ্তী প্ৰজন্মলৈ  এটি পৰিবেশ দি যাব বিচাৰিছোঁ য’ত শুদ্ধ বায়ু, পানীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সমূহ শুদ্ধ ভাৱে উপলব্ধ হ’ব । কিন্তু সম্প্ৰতি পৰিস্থিতিবোৰ দেখি মোৰ ভয় হয় ।  সেয়েহে মই প্ৰতিপল এই ভয় নিৰাময় কৰিবলৈ পৰিবেশ উন্নতিকৰণত মনোনিৱেশ কৰি আহিছোঁ ।  এই ভয়টোৰ বাবেই পৰিবেশ দূষিত কৰিব পৰা সকলো ধৰণৰ কাৰ্যৰ পৰা মই দূৰত থাকোঁ ।

২য় প্ৰশ্ন: হাতত টকা -পইচা নথকাকৈ মানুহে মানুহৰ বাবে কি কি কাম কৰিব পাৰে?

উত্তৰ: মই ভাবো টকা -পইচাতকৈ মানুহৰ মূল্য অধিক। টকাৰে সকলো বস্তু কিনিব নোৱাৰি, বিশেষকৈ সুখ, হাঁহি, টোপনি আদিৰ দৰে অনুভৱী বস্তুবোৰ। ভাৰতীয় সংস্কৃতি আৰু মানৱ প্ৰেমৰ প্ৰতীক, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই গোৱা কালজয়ী গীত ‘মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে…..’ গীতটোৱে আনৰ দুখ কষ্ট বুজিবলৈ আৰু সহানুভূতিশীল হ’বলৈ শিকায়। মই ভাবো তলত উল্লেখ কৰা কথাখিনিয়ে টকা পইচা ব্যৱহাৰ নকৰাকৈ মানুহে মানুহৰ বাবে কৰিব পৰা কিছু কাৰ্যৰ ইঙ্গিত দিব-

  • দুখ/আনন্দৰ মূহুৰ্তত উপস্থিত থকা:
    দুখৰ দিনত কাৰোবাৰ কান্ধত হাত এখন থৈ দুখী মানুহজনৰ দুখৰ ভাৰ কিছু হ’লেও কমাব পাৰি। তাৰোপৰি কাৰোবাৰ কৃতকাৰ্যতা বা পৰীক্ষাৰ শুভফলৰ অংশীদাৰ হৈ ভবিষ্যতে অধিক সফলতাৰ বাবে কৰা আহ্বানে মানুহক উৎসাহিত কৰে। এষাৰ ভাল মাতে মানুহৰ জীৱন সলনি কৰি দিব পাৰে।
  • সহায়ৰ হাত আগবঢ়োৱা:
    আত্মীয়/ ওচৰ- চুবুৰীয়াৰ বিয়া বা অন্য সকামত বজাৰ সমাৰ বা অন্য কামত সহায়ৰ হাত আগবঢ়াব পাৰি। স্ব-ইচ্ছাৰে ৰাষ্টা-ঘাট, নৰ্দমা আদি পৰিষ্কাৰ কৰি সুস্থ পৰিৱেশ গঢ় দিয়া, বয়ষ্ক/ ৰোগত আক্ৰান্ত লোকৰ খবৰ লোৱা, দুখীয়া ছাত্ৰ-ছাত্ৰীক পৰীক্ষা সংক্ৰান্তত যেনে    form fill up, admit card/ result download আদি কামত সহায় কৰিব পাৰি ।
  • সময় দিয়া:
    আজিকালি সকলো মানুহেই ভীষণ ব্যস্ত। কিন্তু তাৰ মাজতেই আমি বয়ষ্ক/পৰিয়ালৰ লোকৰ মনৰ কথা শুনিবলৈ সময় উলিয়াবলৈ যত্ন কৰিব লাগে। কাৰোবাৰ বাবে ব্যয় কৰা অলপ সময়েই প্ৰেৰণাদায়ক উপহাৰ হ’ব পাৰে।
  • জ্ঞানৰ ভাগ দিয়া:
    আমি সকলোৱে জানো যে জ্ঞান ভাগ কৰিলে সদায়েই বাঢ়ে। যিকোনো দক্ষতা সম্পন্ন ব্যক্তিয়ে নিজৰ জ্ঞান, সি লাগিলে যিকোনো বিষয়ৰে যেনে – শিক্ষা, কৃষি, ৰন্ধা বঢ়া ইত্যাদি, বেলেগৰ লগত ভগাই ল’লে এক পৰম আত্মতৃপ্তি পোৱা যায়।
    শেষত ইয়াকে ক’বলৈ লৈছো যে মৰম, ভালপোৱা, সহানুভূতি, কৃতজ্ঞতা,দয়া, ক্ষমা আদি যিবোৰ টকা পইচা অবিহনেও মানুহে মানুহৰ বাবে কৰিব পাৰে, তাক সকলোৱে জীৱনৰ মন্ত্ৰ হিচাপে লোৱা উচিত।

৩য় প্ৰশ্ন: জীৱনত এনে ৫টা কাম, যিকেইটাৰ বাবে আপুনি আপোনাক ধন্যবাদ দিব বিচাৰে ?

উত্তৰ: নিজকে ধন্যবাদ দিব লগা ৫টা কাম-
(১) মই নিজক লৈ গৌৰৱ অনুভৱ কৰোঁ এই বাবেই যে মোৰ ইচ্ছাশক্তি অতি প্ৰবল। চাকৰি, ঘৰ-সংসাৰ, ল’ৰা-ছোৱালীৰ স্কুল সকলো চম্ভালি স্নাতকোত্তৰ ডিগ্ৰী (১ম বিভাগ) তথা পি. এইচ, ডি সম্পূৰ্ণ কৰা মোৰ বাবে ইমান সহজ নাছিল। কিন্তু যিদিনা মই মোৰ ইপ্সিত লক্ষ্যত উপনীত হৈছিলো, মই নিজকে ধন্যবাদ জ্ঞাপন কৰিছিলোঁ, কিয়নো মই বিশ্বাস কৰোঁ মাতৃ শিক্ষিত হ’লেহে দেশ শিক্ষিত হয়।

(২) জীৱনৰ আদবয়সত ঘটা এটি অপূৰণীয় ক্ষতিয়ে মোৰ জীৱনটো স্তব্ধ কৰি তুলিছিল। তেতিয়াই মই আমাৰ ঘৰৰ চাদৰ ওপৰত এখন পাচলিৰ বাগিছা আৰম্ভ কৰিবলৈ লও। যিখনৰ প্ৰতিপালনে মোৰ মনটোক প্ৰশান্তি প্ৰদান কৰি আহিছে তথা মই পৰিবেশৰ উন্নতিৰ হকেও নিশ্চয় কিছু অৰিহণা যোগাইছোঁ ।আনকি ২০,০০০ লিটাৰ বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থাও আজিৰ পৰা ২০ বছৰ আগৰ পৰাই আমাৰ চৌহদত উপলব্ধ। আজি এই পাচলিৰ বাগিছাখন আৰু বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা, এই দুয়োটাৰ বাবে নিজকে ধন্য মানো ।

(৩) চাকৰি কালত, কাৰ্যলয়ৰ যিসকল কৰ্মচাৰীৰ শিক্ষা – দীক্ষা কম আছিল, আজিৰ দিনত তেওঁলোকৰ ল’ৰা -ছোৱালী সকলেও উচ্চ শিক্ষা গ্ৰহণত আগবঢ়ি আহিছে। মই এনে বহু ল’ৰা – ছোৱালীক স্কুলৰ প্ৰজেক্ট, অনলাইন স্কুলৰ মাচুল পৰিশোধ কৰা, ভৰ্তিকৰন, পৰীক্ষা সংক্ৰান্তীয় আদি কামত সেই সকল কৰ্মচাৰীক সদায়েই সহায়ৰ হাত আগবঢ়াইছিলোঁ । তাৰোপৰি যিকোনো ঘৰুৱা সমস্যা হ’লে তেওঁলোকে মোৰ লগত আলোচনা তথা পৰামৰ্শ বিচাৰিছিল। তেওঁলোকক এনেদৰে সহায় কৰিবলৈ পাই মই নিজকে ধন্য মানিছিলোঁ।

(৪) জীৱনত বহুক্ষেত্ৰত বহুধৰণৰ প্ৰতাৰণাৰ ( আৰ্থিক/মানসিক) সন্মুখীন হৈছোঁ। বহুতে অন্তৰত কষ্টও দিছে। এই ক্ষেত্ৰত মই সকলো নেদেখা জনৰ ওচৰত ন্যায় কৰিবলৈ এৰি দিছোঁ। সকলোকে ক্ষমা কৰি দিছোঁ। কিন্তু এটা কথা অনুভৱ কৰো যে কাৰো মনত ক্ষোভৰ সৃষ্টি কৰিব নাপায়। মই মোৰ নিজৰ শক্তিৰে বেয়া লগাবোৰক পৰাভূত কৰিছোঁ আৰু মোৰ নিজৰ স্থিতিক লৈ মই নিজকে ধন্যবাদ জনাও।

(৫) মোৰ নিজৰ এটা মন আছে, যি মনে মোক কি কৰি ভাল পাও তাক কৰিবলৈ উৎসাহিত কৰে। মোৰ আত্মসন্মানক মই সদায় গুৰুত্ব দিও। কোনোবাই বেয়া পাব বুলিয়েই মোৰ মনে নিবিচৰা কাম এটি মই কৰিবলৈ নাযাওঁ, সেয়েহে সুদীৰ্ঘ ৩৫ বছৰ ৬ মাহ চাকৰি কৰি অৱসৰ লোৱাৰ সময়ত মনলৈ আহিছিল কিমান সফলতাৰে মোৰ চাকৰি জীৱনৰ পৰিসমাপ্তি ঘটিল, কিমানক জ্ঞানৰ পোহৰ (পুথিভঁৰালত) লাভত সহায়ৰ হাত আগবঢ়ালোঁ। এইবোৰে মোক ধন্য কৰিলে।

৪ ৰ্থ প্ৰশ্ন: আমি আচলতে কাৰ বাবে জীয়াই থাকো? নিজৰ বাবে, আনৰ বাবে?

উত্তৰ: প্ৰকৃততে অকল নিজৰ বাবে বা আনৰ বাবে কোনেও জীয়াই থাকিব নোৱাৰে।ই ইটো সিটোৰ পৰিপুৰক। নিজকে প্ৰথমতে ভাল পাবই লাগিব। নিজৰ মন, শৰীৰৰ নিস্বাৰ্থভাৱে যত্ন আৰু দায়িত্ব ল’ব পাৰিলেহে আমি আনৰ জীৱনৰ বাবে কাম কৰিব পাৰো। বহুক্ষেত্ৰত আমাৰ মাতৃসমাজক দেখিছোঁ যে তেওঁলোকে ৰাতিপুৱাৰে পৰা ৰাতিলৈকে পৰিয়ালৰ সদস্য সকলৰ যত্ন, খোৱা – বোৱা, কাপোৰ কানি ধোৱা, ঘৰ চম্ভালা আদি কামত ইমানেই ব্যস্ত থাকে যে তেওঁলোকৰ নিজৰ শৰীৰৰ যত্ন, মনৰ শান্তি আদিৰ কথা একেবাৰে নাভাবে। ই অতি চিন্তনীয় বিষয়। এই ক্ষেত্ৰত পৰিয়ালৰ সদস্য সকল সচেতন হ’ব লাগে। আগতেই কৈছোঁ, প্ৰথমতে নিজৰ যত্ন, তাৰ পিছতহে কাৰোবাক সহায়ৰ হাত, কাৰোবাৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰা উচিত। এটা কথা মনত ৰখা ভাল যে অকল নিজৰ বাবে জীয়াই থকাৰো কোনো মানে নাই। লোকৰ বাবে জীয়াব পৰাটোহে হৈছে প্ৰকৃত মানৱতা।
পৰোপকাৰ, সহযোগিতা, মানৱতা ইত্যাদি গুণবোৰ প্ৰকৃত অৰ্থত কাৰ্যকৰী কৰিব পাৰিলেই মানুহৰ সেৱা কৰা হয়। কিছুমান নিৰ্দিষ্ট কাম যেনে শিক্ষাদান, পৰিৱেশ সংৰক্ষণ বা স্বাস্থ্য সেৱা আদিৰেও আনৰ বাবে জীয়াই থকাৰ দৰে মহৎ কাৰ্য কৰিব পাৰি। আনৰ বাবে জীয়াই থকাৰ তাৎপৰ্য সমূহৰ ভিতৰত মানবীয় গুণ, আত্মিক শক্তি তথা সমাজৰ উন্নতি জড়িত হৈ থাকে। শেষত ইয়াকে কওঁ যে নিজৰ বাবে সকলোৱে জীয়াই থাকে, কিন্তু যিসকলে আনৰ বাবে জীয়াই থাকে তেওঁলোকক মানুহে যুগ যুগান্তৰলৈ মনত ৰাখে।

৫ ম প্ৰশ্ন: আপুনি আপোনাৰ লগত কিমান সৎ?

উত্তৰ: এজন লোকক সৎ বুলি ক’বলৈ হ’লে তেওঁ নিজৰ বিবেকৰ ওচৰত পৰিস্কাৰ আৰু তেওঁৰ কোনো কামত ছল- চাতুৰী নাথাকে। সৎ ব্যক্তিৰ বৈশিষ্ট্যসমূহ হ’ল – সত্যবাদিতা, নিৰ্ভীকতা, বিধ্বস্ততা, ন্যায্যতা আৰু নৈতিকতা। সৎ হোৱাটো অতি কঠিন। সকলো মানুহেই দোষ গুণৰে সমৃদ্ধ। কথাতে আছে যে মানুহৰ দোষবোৰ তেওঁৰ পিঠিত থাকে, যাৰবাবে নিজৰ দোষসমূহ নিজে দেখা নাপায়। মানুহৰ সৎ স্বভাৱ গঢ় লয় সৎ সঙ্গ, সুশৃঙ্খল পৰিয়াল আৰু পৰিবেশৰ ওপৰত। সৎ স্বভাৱ আয়ত্ত কৰিবলৈ হ’লে আত্মনিয়ন্ত্ৰণৰ আৱশ্যক। ইন্দ্ৰিয় দমন কৰিব নোৱাৰিলে সৎ স্বভাৱ আয়ত্ত কৰিব নোৱাৰি। সৎলোকৰ ওচৰত সকলো বশ হয়।কথা বতৰাত বিনম্ৰতা, ধনাত্মক দৃষ্টিভংগী, সাধুতা, সত্যবাদী আদি গুণবোৰ সৎলোকৰ ভূষণ। নিজৰ লগত সৎ হ’বলৈ হ’লে আত্মনিয়ন্ত্ৰণৰ খুবেই আৱশ্যক। খঙাল, মিছলীয়া, কথাৰ তিতা লোকসকল সৎ হ’ব নোৱাৰে। সৎ হ’বলৈ জীৱনত কঠোৰ সাধনাৰ আৱশ্যক।


মই নিজকে যিমান দূৰ অনুভৱ কৰিবলৈ যত্ন কৰো তাৰপৰা ভাবো যে মই নিজৰ লগত সৎ হৈ চলিবলৈ সদায়ে যত্ন কৰি আছোঁ। পৰাপক্ষত আনৰ অন্যায় কৰি নিজৰ মনত দুখ ভোগ কৰিবলৈ ইচ্ছুক নহয়। মই মোৰ বিবেকক সন্মান কৰোঁ। সৎ চিন্তা, সৎ ব্যৱহাৰ আৰু এটি সৰল জীৱন যাপনেই মোৰ জীৱনৰ লক্ষ্য।

2 Comments Text
  • Jahanara Begum Syeda's avatar Jahanara Begum Syeda says:

    মোৰ স্কুলীয়া বান্ধবী ড°ৰূপালী শৰ্মাক মই ১৯৭৭চন মানৰ পৰাই জানো ।ৰঙিয়া ছোৱালী হাইস্কুলত আমি সহপাঠী আছিলো।তেও প্ৰচুৰ মেধাসম্পন্ন ছোৱালী আছিল।সুন্দৰ মন আৰু ধুনীয়া চেহেৰাৰ ৰূপালী আৰু মোৰ মাজত প্ৰতিদন্দিতা আছিল পঢ়াৰ ক্ষেত্ৰত ,যিয়ে আমাক অধ্যায়নৰ প্ৰতি অত্যুৎসাহী কৰি তুলিছিল । ক্লাচ ফাইভৰ পৰা ক্লাছ ছিক্স লৈ উত্তীৰ্ন হওতে ৰৃপালী প্ৰথম হৈছিল। আকৌ ক্লাছ চিক্সৰ পৰা চেভেনলৈ উত্তীৰ্ন হওতে মই প্ৰথম হৈছিলো। ক্লাছ চেভেনৰ বছেৰেকীয়া পৰীক্ষাৰ আগে আগে ৰূাপালীহত দেউতাকৰ কৰ্মসূত্ৰে নলবাৰীলৈ যাব লগীয়া হল।আমি এৰা এৰি হলো । পুনৰ সন্দিকৈ কলেজত ৰূপালীক লগ পাইছিলো ।বৰ্তমানো তাইৰ লগত মোৰ ভাল বন্ধুত্ব ।তাইৰ পোষ্ট ৰিটায়াৰমেন্ট জীৱনৰ সুখ,সফলতা আৰু সুস্বাস্থ্য কামনা কৰিলো ।❤️🙏

  • Anuj sarma's avatar Anuj sarma says:

    ৰূপালী শৰ্মা এগৰাকী সফল আৰু মহীয়সী নাৰী। তেখেতক মই প্ৰায় ৪০ বছৰ ধৰি জানো। এজনী গৃহিনী ,এজন সৎ চৰকাৰী কৰ্মচাৰী আৰু এগৰাকী সফল নাৰী। ৰূপালী বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো।

  • Leave a Comment

    Your email address will not be published. Required fields are marked *

    Scroll to Top