নিশা ভূঁঞা
9706625025
জীৱনৰ কোনো আলি- কেঁকুৰিত প্ৰত্যেকজন ব্যক্তিয়েই সংঘাতৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰত্যেকজন ব্যক্তিকেই জীৱনত দুখৰ কৰুণ বতাহজাকে চুই যায়। অৱশ্যেই সেই সংঘাত, সেই দুখৰ পৰিমাপ সকলোৰে বাবে ভিন্ন হয়। কিন্তু সংঘাত অথবা দুখ যদি জীৱনৰ সহচৰ হৈ পৰে? হতাশাৰ বা-মাৰলীয়ে যদি জীৱনৰ প্ৰতি খোজতেই কোনো ব্যক্তিক সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিবলৈ প্ৰয়াস কৰে ? তেনেক্ষেত্ৰত সাধাৰণতে জীৱনৰ প্ৰতি মোহ হেৰুৱাই পেলোৱাই স্বাভাৱিক । পিছে তাৰ বিপৰীতে সীমাহীন দুখ-সংঘাত-হতাশা-হুমুনিয়াহৰ মাজতো স্থিতপ্ৰজ্ঞ হৈ ৰোৱাজনে জীৱন জয় কৰে… বহুজনৰ বাবে আদৰ্শৰ বাট কাটে। আৰতি মালহোত্ৰা হৈছে তেনে এগৰাকী স্থিতপ্ৰজ্ঞ নাৰীৰ নাম, যিয়ে অহৰহ জীৱন জিনাৰ মহামন্ত্ৰ আওৰাইছে। সমান্তৰালভাৱে ‘ইন্টাৰনেটৰ কী মাম্মী’ৰূপে বহুজনকে জীয়াই থাকিবলৈ, সাহসী হ’বলৈ অনুপ্ৰেৰণা যোগাইছে।
আৰতি মালহোত্ৰাৰ জন্ম হৈছিল হাৰিয়ানাৰ এটা সাধাৰণ পৰিয়ালত। পৰিয়ালৰ তিনিজনী কন্যা সন্তানৰ ভিতৰত আৰতি আছিল মাজু। ফাইন আৰ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা আৰতিয়ে নিজৰ পিতৃক ঘৰৰ সকলো কাম, দায়িত্ব পালনত সহায় কৰিছিল। ডাঙৰ বায়েকৰ বিয়াৰ সময়ত যৌতুকৰ নামত সৰ্বশ্ৰান্ত হৈ পৰা পিতৃক দেখি আৰতিয়ে যৌতুক দাবী নকৰা পৰিয়ালৰ ল’ৰালৈ সাধাৰণভাৱে বিয়া হৈ যোৱাৰ কথা চিন্তা কৰিছিল। এদিন আৰতিৰ পিতৃয়ে তেনে এটি পৰিয়ালৰ খবৰ লাভ কৰিছিল। কোনো যৌতুক দাবী নকৰা পৰিয়ালটোৱে অতি কম দিনৰ ভিতৰতে বিয়াখন হৈ যোৱাটো বিচাৰিছিল বাবেই এসপ্তাহৰ ভিতৰতে আৰতিক আগ্রাৰ সেই পৰিয়ালটোৰ ল’ৰালৈ বিয়া দিয়া হৈছিল। নিজৰ পৰিয়ালত কাহানিও হাই কাজিয়া দেখিবলৈ নোপোৱা আৰতিয়ে বিয়াৰ দ্বিতীয় দিনাৰ পৰা মানসিক নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল। পিছলৈ সেই নিৰ্যাতন শাৰীৰিক পৰ্যন্ত হৈ পৰিছিল। পৰিয়ালৰ হেঁচাতেই কম দিনৰ ভিতৰতে আৰতি গৰ্ভৱতী হৈছিল। কিন্তু জীৱনৰ সেই বিশেষ সময়ছোৱাৰ মৰম পোৱাৰ বিপৰীতে আৰতি অকথ্য নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু এদিন সকলো সীমা অতিক্ৰম কৰি স্বামীয়ে আৰতিক হত্যা কৰিবলৈ চেষ্টা কৰাত নিজৰ সন্তানৰ কথা ভাবিয়েই আৰতিয়ে সেই নৰকসদৃশ স্বামীগৃহ ত্যাগ কৰি পুনৰ পিতৃগৃহলৈ উভতি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সেই ঘটনাৰ এমাহৰ পিছত আৰতিয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। বিয়াৰ পূৰ্বে আৰতিয়ে এখন বিদ্যালয়ত চাকৰি কৰি আছিল যদিও বিয়াৰ পিছত সেই চাকৰি এৰিবলৈ বাধ্য হৈছিল। কিন্তু পৰৱৰ্তী সময়ত আৰতিৰ পুত্ৰ আৰভি অলপ ডাঙৰ হোৱাত তেওঁ পুনৰ এখন বিদ্যালয়ত চাকৰি কৰিবলৈ লয়। তেতিয়ালৈ আৰভি আৰতিৰ সম্পূৰ্ণ পৃথিৱী হৈ পৰিছিল। পূৰ্বৰ সকলো দুখ কষ্ট পাহৰি তেওঁ আৰভিৰ বাবে জীয়াই আছিল। আৰতিক দেখি দেখিয়েই তেওঁৰ পুত্ৰ আৰভিয়েও ছবি আঁকিবলৈ আৰু ঘৰতে কলাত্মকভাৱে সৰু সৰু কিছু বস্তু তৈয়াৰ কৰিবলৈ লৈছিল। আৰভিয়ে আগ্ৰহেৰে তৈয়াৰ কৰা কানফুলি, হাতৰ খাৰু, চুলিত মৰা ক্লিপ আদি বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলক উপহাৰ দিছিল। ফৰিদাবাদৰ দিল্লী পাব্লিক স্কুলত অধ্যয়নৰত আৰভিৰ সৃষ্টিশীল কামবোৰ দেখি সকলোৱে ভাল পাইছিল, প্ৰশংসা কৰিছিল। তেনেদৰেই দিন বাগছিল । এদিন আৰতীয়েও নিজৰ পুত্ৰৰ বিদ্যালয়তে শিক্ষয়িত্ৰীৰূপে যোগদান কৰে। পিছে কোভিড-১৯ মহামাৰী আৰু লকডাউনে যেন আৰতি-আৰভিৰ সম্পূৰ্ণ পৃথিৱীখনেই সলায় পেলায়।

লকডাউনৰ সময়ত আৰভি নৱম শ্ৰেণীৰ ছাত্র আছিল। অন্যদিনাৰ দৰে সেইদিনাও আৰভি অনলাইন ক্লাছ ব্যস্ত হৈ আছিল । কিন্তু হঠাৎ আৰভিৰ শ্বাস-প্ৰশ্বাস তীব্র হৈ পৰে আৰু আচৰণ কিছু অস্বাভাৱিক হৈ পৰে। অৱস্থা গুৰুতৰ হৈ পৰাত মাতৃ আৰতিয়ে আৰভিক চিকিৎসালয়লৈ লৈ যায়। আৰভিৰ পেনিক এটেক হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। পিছলৈ মনোৰোগ বিশেষজ্ঞৰ কাষ চপাত আৰভিয়ে কিছু শিহৰণকাৰী কথা জানিবলৈ দিয়ে। দৰাচলতে সেইদিনা অনলাইন ক্লাছত এজনী ছোৱালী নিজৰ বিদ্যালয়ত মানসিকভাৱে সহপাঠীৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ সন্দৰ্ভত এটা পাঠ আৰভিয়ে পঢ়ি আছিল। আৰু সেয়া যেন আৰভিৰ নিজৰেই কাহিনী আছিল। বিগত ৩-৪ বছৰৰ পৰাই আৰভি বিদ্যালয়ত নিজৰেই কেইগৰাকীমান সহপাঠীৰ দ্বাৰা মানসিকভাৱে নিৰ্যাতিত হৈ আছিল। দৰাচলতে সৰল মনৰ আৰভিয়ে কলাত্মক কাম কৰি ভাল পাইছিল বাবেই সহপাঠী সকলে তাক তৃতীয় লিংগৰ ব্যক্তি , ছোৱালী বুলি জোকাইছিল। পিছলৈ সেই মানসিক নিৰ্যাতন শাৰীৰিক আৰু যৌন নিৰ্যাতনলৈ পৰ্যবসিত হৈছিল। কিছুকথা আৰভিয়ে নিজৰ শ্ৰেণীৰ শিক্ষকক জনাইছিল যদিওঁ কোনেও গুৰুত্বসহকাৰে লোৱা নাছিল। অন্যহাতে মাতৃ আৰতিক জনালে তেওঁকো ধৰ্ষণ কৰি হত্যা কৰি পেলাব বুলি আৰভিৰ সহপাঠীকেইজনে ভাবুকি দিছিল। সেইবাবেই একেখন বিদ্যালয়তে শিক্ষকতা কৰা স্বত্বেও আৰতিয়ে কোনো কথাৰ উমান পোৱা নাছিল। কথাবোৰ মনত পেলাই ক্ৰমশঃ আৰভিৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। কেতিয়াবা এদিনতে ১৫-১৬ বাৰ পৰ্যন্ত পেনিক এটেক আৰু চিজাৰে ১৫ বছৰীয়া আৰভিক জৰ্জৰিত কৰি তোলে। তেনে পৰিস্থিতিত ভাগি নপৰি আৰতিয়ে নিজ পুত্ৰক বহু কেইজন চিকিৎসকৰ সহযোগিতাত কাউন্সিলিং কৰাবলৈ লয়। কথাবোৰ বিদ্যালয়ত জনোৱা হয় যদিও বিশেষ গুৰুত্বপূৰ্ণ বুলি কোনেও বিবেচনা নকৰে। আৰভিৰ চিকিৎসা আৰু টকা-পইচাৰ কথা ভাবিয়েই আৰতিয়ে অনিচ্ছা স্বত্বেও সেইখন বিদ্যালয়তে শিক্ষকতা কৰি যায়। ৬-৭ মাহৰ ভিতৰত আৰভি কিছু সুস্থ হৈ পৰে। এইবাৰ আৰভিয়ে ককাক-আইতাকৰ ঘৰৰ পৰা আঁতৰি নিজকে ফ্লেটত ভাড়া লৈ থাকিবলৈ মন কৰে। নিজৰ পুত্ৰৰ ইচ্ছাক সন্মান জানাই আৰতিয়ে ফৰিদাবাদতে এটা ফ্লেটত এপাৰ্টমেণ্ট ভাড়া লয়। দুয়ো মাতৃ- পুত্ৰৰ জীৱন ক্ৰমশঃ চিজিল হ’বলৈ ধৰে। আৰভিয়ে পুনৰবাৰ নিজৰ ভাল লগা কামবোৰ কৰিবলৈ লয়। এপাৰ্টমেণ্টটো মনৰ হেঁপাহেৰে সজায়। কিন্তু আৰতি মালহোত্ৰাৰ সেই সুখতো যেন এদিন গ্ৰহণ লাগে।

২০২২ চনত চিবিএছই বৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত আৰভি অৱতীৰ্ণ হয়। প্ৰথম ১-২ টা পৰীক্ষা ভালদৰে দিয়ে যদিও পিছলৈ আৰভি পুনৰ অসুস্থ হৈ পৰে। পৰীক্ষা কেন্দ্ৰত লগ পাই সহপাঠী কেইজনে আৰভিক পুনৰ নিৰ্যাতিত কৰে। অন্যহাতে শাৰীৰিক অসুস্থতাৰ কথা কোনো শিক্ষকে গুৰুত্বসহকাৰে নলয়। কথাবোৰ জানিবলৈ পাই আৰতিয়ে পৰীক্ষাৰ পিছত দুয়ো সেই বিদ্যালয় এৰিব বুলি আৰভিক সাহস দিয়ে। কিন্তু আৰতিৰ সকলো প্ৰচেষ্টা বিফল হয়। শেষৰ দুটা পৰীক্ষাৰ আগত দিয়া বন্ধৰ এদিন, ঘৰত মাতৃ আৰতি মালহোত্ৰা নথকা অৱস্থাত পুত্ৰ আৰভিয়ে ফ্লেটৰ ১৫ নং মহলাৰ পৰা জাপ মাৰি আত্মহত্যা কৰে। পিছলৈ ঘৰত আৰভিয়ে নিজ হাতে লিখি যোৱা এটা টোকা উদ্ধাৰ হয়। সেই টোকাত আৰভিয়ে নিজৰ বিদ্যালয়খনৰ লগতে কেইজনমান বিশেষ সহপাঠী, শিক্ষকক নাম মৃত্যুৰ বাবে জগৰীয়া বুলি উল্লেখ কৰি থৈ যায়। তেতিয়াৰ পৰাই আৰতি মালহোত্ৰাৰ জীৱনৰ গতিপথ সলনি হয়।
পুত্ৰৰ অন্তিম সময়ৰ ৰীতি-নীতি সকলো নিজেই কৰি আৰতি মালহোত্ৰা ন্যায় যুদ্ধৰ বাবে সাজু হয়। বিদ্যালয়ৰ চাকৰি এৰি দিয়ে। জীৱনত নিজেই বহু অন্যায় সহ্য কৰি আৰতিয়ে কাহানিও আৰক্ষীৰ কাষ চপা নাছিল। কিন্তু নিজ পুত্ৰৰ বাবে ন্যায় বিচাৰি আৰতি আৰক্ষী চকী আৰু আদালতৰ কাষ চাপে। আত্মহত্যাৰ টোকাত স্পষ্টকৈ নাম লিখা আছিল যদিও ঘটনাৰ সৈতে সমাজৰ উচ্চ বৰ্গৰ পৰিয়ালৰ সন্তান জড়িত থকা আৰু বিদ্যালয়খনৰ সৈতেও ক্ষমতাশালী লোক জড়িত হৈ থকাৰ বাবে ন্যায় প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰে। কেইবছৰমানৰ অন্তত অভিযুক্তসকলক আটক কৰা হয় যদিও প্ৰাপ্তবয়স্ক নোহোৱাৰ বাবে কম দিনৰ ভিতৰতে এৰি দিয়া হয়। এই ক্ষেত্ৰত আৰতি মালহোত্ৰাৰ যুঁজখন আজিও চলি আছে।
পুত্ৰ আৰভিৰ মৃত্যুৰ পিছত আৰতিয়ে অকলশৰীয়া ঘৰখনত বহি বৰ্তমানৰ সমাজখন, আৰভিৰ দৰে বহুজনে সন্মুখীন হোৱা সমস্যবোৰৰ কথা গভীৰভাৱে চিন্তা কৰিবলৈ লয়। তাৰ এক সৰল সমাধানৰূপে তেওঁ ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ সহায় লোৱাৰ কথা চিন্তা কৰে। তেওঁ ‘ইণ্টাৰনেট কী মাম্মী’ নামেৰে চেনেল আৰু একাউণ্ট মুকলি কৰে। নিজৰ পুত্ৰ আৰভিৰ দৰে নিজৰ কথাবোৰ খুলি ক’ব নোৱাৰা অন্য বহু কিশোৰ- কিশোৰী আৰু যুৱক-যুৱতীৰ বাবে আৰতি মালহোত্ৰাই ভিডিঅ’ প্ৰস্তুত কৰিবলৈ লয়। ক্ৰমশঃ এনে সমস্যা সৈতে যুঁজি থকা বহুতেই তেওঁক যোগাযোগ কৰিবলৈ লয়। তেওঁ সকলোকে সমাধানৰ পথ দিয়াৰ লগতে জীৱনৰ সৰল শিক্ষাও দিয়ে। সমান্তৰালভাৱে তেওঁ ভিডিঅ’ৰ জৰিয়তে ঘৰত বাহিৰত পঢ়ি থকা অথবা চাকৰি কৰাসকলৰ বাবে বাহিৰৰ খাদ্য খোৱাৰ বিপৰীতে নিজেই কিদৰে সৰলভাৱে ঘৰুৱা তথা সুস্বাদু খাদ্য প্ৰস্তুত কৰিব পাৰি, সেই কথাও শিকাবলৈ লয়। এককথাত আৰতি মালহোত্ৰা ভাৰ্চুৱেল পৃথিৱীখনৰ এগৰাকী মমতাময়ী মাতৃ হৈ পাৰে। নিজৰ একমাত্ৰ পুত্ৰক হেৰুৱায়ো যেন তেওঁ সহস্ৰজনৰ মাতৃ হৈ পৰে। উল্লেখযোগ্য যে, এই যাত্ৰাৰ মাজতে তেওঁ এলজিবিটিকিউ+ কমিউনিটিৰ বহু সদস্যৰ মেছেজ লাভ কৰে, যিসকলক প্ৰায়ে শিক্ষানুষ্ঠান বা কৰ্মস্থলীত নিৰ্যাতন চলোৱা হয়, অপদস্থ কৰা হয়। তেওঁলোকৰ বাবেও আৰতি মালহোত্ৰা জীৱনদায়িনী শক্তি আৰু এগৰাকী মমতাময়ী মাতৃ হৈ পৰে। ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ সমান্তৰালভাৱে প্ৰত্যক্ষভাৱে এইক্ষেত্ৰ কাম কৰিবলৈ তেওঁ নিজ পুত্ৰৰ স্মৃতিত ‘আৰভি এষ্টেটিক ফাউণ্ডেশ্যন’ নামৰ এটা বেচৰকাৰী সংস্থা মুকলি কৰে। কেইগৰাকীমান শুভাকাংক্ষীৰ সৈতে তেওঁ বর্তমান সেই সংস্থাটোৰ জৰিয়তে এই ক্ষেত্ৰত যথেষ্ট কাম কৰি আছে। তাৰ ভিতৰত সজাগতামূলক সভা, মানসিক স্বাস্থ্য সম্পৰ্কীয় কেম্প, মুকলি আলোচনা আদি অন্যতম। তদুপৰি অভিভাৱকসকলক সন্তানৰ মানসিক স্বাস্থ্যৰ সন্দৰ্ভত সজাগ কৰিবলৈ, সন্তানৰ মনৰ কথাবোৰ বুজিবলৈ, সন্তানৰ সৈতে মুকলিমুৰীয়াকৈ কথা পাতিবলৈ তেওঁ সদায়ে আহ্বান জনাই আহিছে। এই ক্ষেত্ৰত তেওঁ যথেষ্ট সফলো হৈছে। সেয়াই তেওঁৰ প্ৰাপ্তি। আৰতি মালহোত্ৰাই কয়, ‘ বঁটা অথবা তথা কথিত সন্মানতকৈ এই মৰম উৰ্দ্ধত। এনে লাগে যেন আৰভিক হেৰুৱালেও অন্য বহু সন্তানৰ মৰম পাইছোঁ। আৰভিৰ ক্ষেত্ৰত এগৰাকী সজাগ মাতৃৰূপে সফল হ’ব নোৱাৰিলেও অন্য বহু অভিভাৱকক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। সকলোৰে ভাল হওক।’ সঁচাকৈ, জীৱনত সকলো হেৰুৱাইয়ো অন্যৰ কুশল কামনা কৰা, অন্যৰ ভালৰ বাবেই কাম কৰা আৰতি মালহোত্ৰাৰ ভাল হওক।









