নিশা ভূঞা
ফোন- ৯৭০৬৬২৫০২৫
এখন ৰাজ্য অথবা দেশৰ উন্নতিৰ সোপানৰ এক অন্যতম অংশস্বৰূপে চিকিৎসাখণ্ডৰ কথা বিবেচনা কৰা হয়। চৰকাৰেও এই ক্ষেত্ৰত সময়ে সময়ে নানান আঁচনি-পৰিকল্পনা আদিৰ সূচনাৰ দ্বাৰা ৰাইজৰ সর্বাংগীন উন্নয়নৰ পথ প্রশস্ত কৰে। কিন্তু প্রকৃতাৰ্থত সেই পথ প্রশস্ত হৈ পৰে জানো? কেৱল চৰকাৰেই জানো ৰাজ্য অথবা দেশৰ চিকিৎসা খণ্ডৰ বিকাশৰ কথা চিন্তা কৰে। নিশ্চয়কৈ নহয়। একাংশ ব্যক্তিৰ লোকসেৱাৰ মন আৰু অৱহেলিত চিকিৎসা সেৱাৰদ্বাৰা প্ৰাপ্ত তিক্ততাৰ ফলত লোৱা শপতৰ জীয়া কাহিনীয়েও ৰচনা কৰি গৈছে ভাৰতবৰ্ষৰ চিকিৎসা খণ্ডৰ নীৰৱ ইতিহাস। নাৰী মনৰ চিন্তন আৰু অক্লান্ত প্রচেষ্টাৰ ফলশ্রুতিম্বৰূপেও জীপাল হৈছে বহু চিকিৎসালয় প্রতিষ্ঠাৰ গুৰি কথা।

পশ্চিমবংগৰ সুভাসিনী মিস্ত্রী নামৰ মহিলাগৰাকীৰ জন্ম হৈছিল ১৯৪৯ চনত। সেই সময়ত দুৰ্ভাগ্যজনকভাৱে পশ্চিমবংগৰ হাজাৰ হাজাৰ কৃষকে অকাল মৃত্যুক সাবটি ল’বলগীয়া হৈছিল। সুভাসিনী মিন্ত্ৰীৰ জন্মৰ পৰাই দৰিদ্ৰতাৰ লগত সম্পর্ক আছিল অতি নিবিড়। তেওঁৰ পিতৃ আছিল এগৰাকী কৃষক। পৰিয়ালটোৰ মুঠ চৈধ্যটা সন্তানক পোহপাল দিবলৈ তেওঁ অসমৰ্থ আছিল। শিক্ষাদান কৰাটো আছিল এক অলীক কল্পনা। সুভাসিনীৰ মাতৃয়েও গাঁৱৰ মুখিয়াল, বিভিন্ন চৰকাৰী স্বেচ্ছাসেৱী সংস্থা আদিৰ পৰা খুজি-মাগি আনি সন্তানকেইটাৰ পেটৰ ভোক দূৰ কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু দুখজনকভাৱে পুষ্টিহীনতাৰ ফলত সুভাসিনীৰ সাতগৰাকী ভাতৃ-ভগ্নীৰ মৃত্যু হয়। ভালদৰে জীয়াই থাকিবৰ বাবেই সুভাসিনীকো কম বয়সতে হান্সপুকুৰ নামৰ গাঁৱৰ চন্দ্ৰা নামৰ এগৰাকী কৃষকলৈ বিয়া দিয়া হয়। সেইসময়ত চন্দ্রাই মাহিলি প্রায় দুশ টকাকৈ উপাৰ্জন কৰি কোনোমতে পৰিয়ালৰ অভাৱ দূৰ কৰিছিল।
কিন্তু ১৯৭১ চনত চন্দ্রাক গেষ্ট্ৰ’ এন্টাচিছ ৰোগে কোঙা কৰি পেলোৱাত সুভাসিনীয়ে তেওঁক চৰকাৰী জিলা চিকিৎসালয়লৈ লৈ যায়। কিন্তু টকাৰ অভাৱত চন্দ্রাই চিকিৎসালয়ত সুচিকিৎসাৰ পৰিৱৰ্তে মাথোঁ অৱহেলাহে লাভ কৰে। চিকিৎসালয়ত এখন বিচনা আৰু উপযুক্ত চিকিৎসা পোৱাৰ বিপৰীতে তেওঁ মজিয়াতেই পৰি ৰোৱাৰ লগতে বহু কটু কথা শুনিবলগীয়া হয়। সেই সময়তে সুভাসিনীয়ে বুজি উঠিছিল যে, চৰকাৰী চিকিৎসালয়ত চিকিৎসা বিনামূলীয়া হ’লেও সেই সেৱা কেৱল টকা অথবা চিনাকি সম্পৰ্কৰ সুবাদতহে লাভ কৰিব পাৰি। চিকিৎসাৰ অভাৱৰ ফলত চন্দ্ৰাৰ চিকিৎসালয়ৰ মজিয়াতে এদিন মৃত্যু হয়। ঘৰখনৰ একমাত্র কর্মী ব্যক্তিগৰাকীৰ মৃত্যু হোৱাত সুভাসিনীৰ মুৰত যেন সৰগখন ভাগি পৰে। স্বামীৰ মৃত্যুৰ সময়ত সুভাসিনীৰ কোলাত আছিল মুঠ চাৰিটা কণ কণ সন্তান। নিৰক্ষৰ সুভাসিনীৰ তেতিয়ালৈ ঘৰৰ বাহিৰত খোজ পেলাই অথবা ঘৰুৱা কামৰ বাহিৰে অন্য একো কাম কৰাৰ অভিজ্ঞতা নাছিল। প্ৰথম অৱস্থাত সন্তান কেইটাৰ মুখলৈ চাই আৰু স্বামীৰ মৃত্যুৰ কথা ভাবি তেওঁ বিব্ৰত হৈ পৰে যদিও নিজকে নিজেই সান্তনা দি ক্ৰমশঃ কঠোৰ হৈ পৰে।
নিয়তি ওচৰত আত্মসমর্পণ নকৰি সুভাসিনীয়ে কেৱল সন্তান কেইটাক ডাঙৰ-দীঘল কৰাৰেই নহয়, দৰিদ্র লোকসকলৰ বাবে এখন চিকিৎসালয় নিৰ্মাণৰ কৰাৰো দৃঢ় সংকল্প গ্ৰহণ কৰে। ভালদৰে চাৰিওটি সন্তানক লালন-পালন কৰিব নোৱাৰিব বুলি ভাবিয়েই তেওঁ নিজৰ দুটি ল’ৰাক কলিকতাৰ এখন অনাথ আশ্রমলৈ প্রেৰণ কৰে, যাতে তাৰ পৰাই ভালদৰে থাকিবলৈ আৰু উপযুক্ত শিক্ষাগ্রহণ কৰিবলৈ সক্ষম হয়। তেওঁ কাষৰ কেইঘৰমান ব্যক্তিৰ ঘৰত ঘৰুৱা কাম-বন কৰি কেইমাহমান মাহিলি এশ টকাকৈ উপার্জন কৰি তেওঁ নিজৰ লগত থকা ল’ৰা অজয় আৰু এগৰাকী কন্যাক পোহপাল দিবলৈ ধৰে। কিন্তু এয়া যে, সুভাসিনীৰ বাবে যথেষ্ট নাছিল। এখন চিকিৎসালয় নিৰ্মাণৰ সপোনে তেওঁক শান্তিৰ শ্বাস ল’বলৈ দিয়া নাছিল। সেয়েহে তেওঁ স্বামীৰ গাঁৱৰ সমীপৰ ধাপা নামৰ অন্য এখন গাঁৱলৈ গৈ নিজৰ দুই সহযোগত পাচলিৰ ব্যৱসায়ৰ আৰম্ভ কৰে। ক্রমশঃ পৰিয়ালটোৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰে। অক্লান্ত পৰিশ্ৰমেৰে সুভাসিনীয়ে ধন উপাৰ্জন কৰি সেই ধন ডাকঘৰত জমা কৰিবলৈ আৰম্ভ কৰে। লগতে তেওঁ অজয়ক এজন চিকিৎসক ৰূপে গঢ়ি তুলিবলৈ যথেষ্ট কষ্ট কৰে। ১৯৯২ চনত তেওঁ নিজৰ স্বামীৰ গাঁও হান্সপুকুৰলৈ প্রত্যাৱর্তন কৰি তাতেই দহ হাজাৰ টকাত এক একৰ মাটি ক্রয় কৰে। তেওঁ সমূহ গাঁওবাসীক একত্রিত কৰি নিজৰ উদ্দেশ্যৰ কথা ব্যক্ত কৰে আৰু চিকিৎসালয়ৰ নামত এটি চালিঘৰ নিৰ্মাণৰ বাবে সকলোৰে সহায় বিচাৰে। সুভাসিনীৰ এই বৈপ্লৱিক প্রস্তাৱে গাঁওবাসীক আপ্লুট কৰে আৰু তেওঁলোকে যথাসাধ্য দান-বৰঙণিৰে হান্সপুকুৰ প্ৰথমখন চিকিৎসালয় ‘মানবীয় চিকিৎসালয়’ (Humanity Hospital) গঢ়ি তোলে। ১৯৯৩ চনত গঢ়ি উঠা এই চিকিৎসালয়খনলৈ পোনপ্ৰথমবাৰৰ বাবে ডাঃ ৰঘুপাৰ্থী চেটাজী নামৰ এজন চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহে। সম্পূৰ্ণ বিনামূলীয়া চিকিৎসালয়খন স্থাপনৰ পঞ্চম দিনালৈ মুঠ ২৫২ জন ৰোগীয়ে তাত চিকিৎসা কৰায়। সেয়া আছিল সুভাসিনীৰ সপোনৰ চিকিৎসলয়খনৰ সফলতা।

কিন্তু পিছৰ বছৰৰ বাৰিষাৰ কালত এই চিকিৎসালয়ৰ ভিতৰলৈ একাঠু পানী সোমাই পৰাত মূল পথতে ৰোগীক চিকিৎসা কৰাবলগীয়া হোৱাত সুভাসিনী ভাগি পৰে। তেওঁ নিজেই ইটা আনি পকী চিকিৎসালয় গাঁঠিবলৈ ধৰাত তেওঁৰ পুত্ৰ অজয়ে ৰাজ্য চৰকাৰৰ ওচৰত পকী চিকিৎসালয়গৃহ নিৰ্মাণৰ আবেদন কৰে। বহু কষ্টৰ অন্তত স্থানীয় বিধায়ক মালিনী ভট্টাচাৰ্যৰ সহযোগত ‘মানবীয় চিকিৎসালয়ে’ পকীগৃহ লাভ কৰে। পিছলৈ এই চিকিৎসালয়ত সকলো বিভাগ মুকলি কৰি গাঁওখনৰ দৰিদ্ৰ লোকসকলক প্রয়োজনীয় চিকিৎসা প্রদান কৰা হয়। অজয়েও মাতৃ সুভাসিনীৰ ইচ্ছা অনুসৰি কলকাতা মেডিকেল কলেজৰ পৰা ডাক্তৰী ডিগ্রী লাভ কৰি উক্ত চিকিৎসালয়ত সেৱা আগবঢ়াবলৈ লয়। মুঠ এক একৰ মাটিত চল্লিশ বর্গ ফুটৰ গৃহৰে আৰম্ভ হোৱা এই চিকিৎসালয় বৰ্তমান মুঠ তিনি একৰ মাটিৰ ন হাজাৰ বৰ্গফুটৰ গৃহলৈ সম্প্ৰসাৰিত হৈছে। দৰিদ্ৰতা আৰু যাতনাই দিয়া অনুভৱ তথা চৰকাৰী চিকিৎসালয়ৰ অৱহেলাই নমাই অনা অমানিশাৰ পোহৰ ফালি সুভাসিনী মিস্ত্ৰীৰ এই মানবীয়তাৰ সুদীর্ঘ যাত্ৰাক ভাৰতবৰ্ষৰ চিকিৎসা খণ্ডৰ প্ৰকৃত উন্নতি বুলিব পাৰি। আচৰিত কথা এয়ে যে, বয়স বৃদ্ধি হোৱাৰ বাবে সুভাসিনী মিস্ত্রীয়ে পথৰ দাঁতিত পাচলি বিক্রী কৰাটো এৰি দিছিল যদিও তেওঁৰ এগৰাকী কন্যাই অতি গৌৰৱেৰে মাতৃৰ দুই দশকজোৰা এই বৃত্তিকেই অৱলম্বন কৰি কৰ্ম সংস্কৃতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে। সুভাসিনী মিস্ত্ৰীৰ দৃঢ় সংকল্প আৰু সেই সপোন সপোন যেন লগা এই যাত্ৰাই ভাৰতবৰ্ষৰ লগতে বিশ্ব বহুলোকৰ অন্তৰ চুই গৈছে।
এই অনন্য কৰ্মৰাজীৰ বাবে তেওঁলৈ ২০১৮ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়াইছে। তদুপৰি তেওঁ ২০০৯ চনত মাইণ্ড-অফ-ষ্টীল শাখাত সন্মানীয় গডফ্ৰে ফিলিপছ নেচনেল ব্ৰেভাৰী বঁটাও লাভ কৰিছে। ২০১৭ চনত ৱ’মেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটা লাভ কৰা ১২ গৰাকীৰ ভিতৰতো তেওঁ অন্যতম আছিল। এই সকলো বঁটা- সন্মানৰ বিষয়ে তেওঁ কয় – ‘ মোৰ কামক চৰকাৰে স্বীকৃতি দিয়াত মই অত্যন্ত সুখী হৈছো। অৱশ্যে ইয়াৰ পৰা আন লোকে প্ৰেৰণা লৈ সমাজৰ উন্নতিৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিলে মই আৰু সুখী হ’ম। চিকিৎসালয়খন মুকলি দিনটোতে মই মোৰ প্ৰাপ্য বঁটা লাভ কৰা যেন অনুভৱ হৈছিল। সেই চিকিৎসালয়খনত যে প্ৰথমজন ৰোগীৰ সফলতাৰে চিকিৎসা হৈছিল, সেই দৃশ্যই মোক আজিও সকাহ দিয়ে।’ সঁচাকৈয়ে, জীৱন নামৰ ৰূপকথাৰ সফল নায়িকা সুভাসিনী মিস্ত্ৰী সদায়ে কুশলে থাকক…










