খণ্ড ০১
ভাৰতবৰ্ষত শিক্ষকতাৰ সপোন বুকুত বান্ধি লোৱা প্ৰতিগৰাকী কেন্দ্ৰীয় শিক্ষক অৰ্হতা পৰীক্ষা বা চি-টেট (CTET)ৰ পৰীক্ষাৰ্থীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অপৰিহাৰ্য বিষয়টোৱেই হৈছে শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান (Child Development and Pedagogy- CDP)। এই সামগ্ৰিক বিষয়টোৰ প্ৰথম গুৰুত্বপূৰ্ণ অধ্যায়টো হৈছে ‘বৃদ্ধি আৰু বিকাশৰ ধাৰণা’ (Concept of Growth and Development), যাৰ ওপৰত ভিত্তি কৰি পৰীক্ষাত বহু জটিল আৰু প্ৰায়োগিক প্ৰশ্ন অহা দেখা যায়।
প্ৰথমতে আমি যদি ‘বৃদ্ধি’ (Growth)ৰ বিষয়ে আলোচনা কৰো তেন্তে দেখা পাওঁ যে ই হৈছে মূলতঃ শিশুৰ শৰীৰৰ পৰিমাণগত পৰিৱৰ্তন (Quantitative Change)। অৰ্থাৎ শিশু এজনৰ উচ্চতা বৃদ্ধি হোৱা, ওজন বৃদ্ধি হোৱা, শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগৰ আকাৰ বা হাঁড়ৰ গাঁথনি ডাঙৰ হোৱা আদি সকলোবোৰ প্ৰক্ৰিয়াই হৈছে বৃদ্ধিৰ অন্তৰ্ভুক্ত। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে জৈৱিক আৰু ইয়াক আমি যিকোনো জোখ-মাখৰ যন্ত্ৰৰে অতি সহজে আৰু সঠিকভাৱে পৰিমাপ কৰিব পাৰো। বৃদ্ধিৰ আটাইতকৈ মন কৰিবলগীয়া বৈশিষ্ট্যটো হৈছে যে ই জীৱনৰ নিৰ্দিষ্ট সময়সীমাৰ পাছত বিশেষকৈ কৈশোৰ কাল পাৰ হৈ পূৰ্ণবয়স্ক অৱস্থা বা পৰিপক্কতা (Maturity) লাভ কৰাৰ লগে লগে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে।
ইয়াৰ বিপৰীতে ‘বিকাশ’ (Development) হৈছে অত্যন্ত ব্যাপক, গভীৰ আৰু গতিশীল ধাৰণা| এই ধাৰণা মানৱ জীৱনত ‘জন্মৰ পৰা মৃত্যুলৈকে’ (Womb to Tomb) অবিৰতভাৱে চলি থকা অবিৰত প্ৰক্ৰিয়া। বিকাশৰ ক্ষেত্ৰত কেৱল পৰিমাণগতকৈ গুণগত পৰিৱৰ্তন (Qualitative Change) আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। ই শিশু এজনৰ কাৰ্যক্ষমতাৰ উন্নতি, আচাৰ-ব্যৱহাৰৰ পৰিপক্কতা, আৱেগিক নিয়ন্ত্ৰণ আৰু সামাজিক অভিযোজন ক্ষমতাৰ বিকাশক বুজায়। বৃদ্ধিৰ দৰে বিকাশক কোনো সাধাৰণ ফিটা বা ওজন জোখা যন্ত্ৰৰে জোখাটো সম্ভৱ নহয়| ইয়াক কেৱল শিশুৰ ব্যৱহাৰিক ক্ৰিয়াকলাপ আৰু মনস্তাত্ত্বিক পৰ্যৱেক্ষণৰ জৰিয়তেহে মূল্যায়ন বা নিৰীক্ষণ কৰিব পাৰি। আন কথাত ক’বলৈ গ’লে প্ৰতিটো বৃদ্ধিয়েই বিকাশৰ অংশ হ’ব পাৰে, কিন্তু সকলো বিকাশত সদায় দৃশ্যমান বৃদ্ধি নহ’বও পাৰে| কিয়নো এজন ব্যক্তিৰ শাৰীৰিক বৃদ্ধি বন্ধ হৈ যোৱাৰ পাছতো তেওঁৰ মানসিক, বৌদ্ধিক আৰু নৈতিক বিকাশ সমানেই গতিশীল হৈ থাকে।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ চি-টেট পৰীক্ষাৰ পাঠ্যক্ৰমত বিকাশৰ বিভিন্ন ক্ষেত্ৰ বা দিশসমূহ (Domains of Development)ৰ পৰা বহুতো পৰিস্থিতিভিত্তিক বা কেচ-ষ্টাদী সম্বলিত প্ৰশ্ন সোধা হয়| ইয়াৰ ভিতৰত শাৰীৰিক, বৌদ্ধিক বা জ্ঞানাত্মক (Cognitive), সামাজিক, আৱেগিক আৰু ভাষিক বিকাশ প্ৰধান। ইয়াৰে শাৰীৰিক বিকাশৰ ভিতৰত থকা Gross Motor Skills-যেনে দৌৰা, জপিওৱা বা ডাঙৰ মাংসপেশীৰ ব্যৱহাৰ আৰু Fine Motor Skills- যেনে লিখা, ছবি অঁকা, বেজীৰে সূতা ভৰোৱা আদিৰ পাৰ্থক্যবোৰৰ ওপৰত সঘনাই প্ৰশ্ন আহে। ঠিক সেইদৰে, পিঁয়াজে, ভাইগটস্কি আৰু ক’লবাৰ্গৰ দৰে বিশ্ববিশ্ৰুত মনোবিজ্ঞানীসকলৰ তত্ত্বসমূহ বুজিবলৈ হ’লে শিশুৰ জ্ঞানাত্মক আৰু নৈতিক বিকাশৰ স্তৰসমূহ পুঙ্খানুপুঙ্খভাৱে জনাটো অতি আৱশ্যক। পৰীক্ষাৰ্থীসকলে এই কথাটো সদায় মনত ৰখা উচিত যে বিকাশৰ এই আটাইকেইটা ক্ষেত্ৰ পৰস্পৰৰ সৈতে ওতপ্ৰোতভাৱে সাঙোৰ খাই থাকে| অৰ্থাৎ যদি কোনো শিশুৰ শাৰীৰিক বিকাশ বাধাগ্ৰস্ত হয় তেন্তে তাৰ প্ৰভাৱ স্বাভাৱিকতে তেওঁৰ মানসিক আৰু সামাজিক বিকাশৰ ওপৰতো পৰাটো নিশ্চিত।
পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰাৰ বাবে বৃদ্ধি আৰু বিকাশৰ মূল নীতিসমূহ (Principles of Development) আয়ত্ত কৰাটো আন এক অনিবাৰ্য চৰ্ত। ইয়াৰ ভিতৰত অন্যতম হৈছে ‘ধাৰাবাহিকতাৰ নীতি’ (Principle of Continuity)| এই নীতিৰ মতে বিকাশ কোনো হঠাট্ হোৱা অলৌকিক ঘটনা নহয়, বৰং ই ধীৰ আৰু ধাৰাবাহিকভাৱে চলি থকা এক নিয়মীয়া প্ৰক্ৰিয়া। আকৌ, ‘বিকাশৰ হাৰৰ অসমতাৰ নীতি’য়ে স্পষ্ট কৰে যে বিকাশ চিৰন্তন হ’লেও ইয়াৰ গতি সদায় একে নাথাকে; যেনে শৈশৱকালত বিকাশৰ গতি অতি তীব্ৰ হয়, কিন্তু বাল্যকালত ই কিছু মন্থৰ হৈ পৰি কৈশোৰত পুনৰ বৃদ্ধি পায়। একেদৰে ‘সাধাৰণৰ পৰা বিশেষ ক্ৰিয়াৰ নীতি’ (General to Specific Response) অনুসৰি এটা শিশুৱে প্ৰথমতে যিকোনো উদ্দীপকৰ প্ৰতি সমগ্ৰ শৰীৰেৰে সাধাৰণ প্ৰতিক্ৰিয়া দেখুৱায় আৰু পৰৱৰ্তী সময়তহে আঙুলি বা চকুৰ দৰে নিৰ্দিষ্ট অংগৰ সূক্ষ্ম সঞ্চালন কৰিবলৈ শিকে। চি-টেট পৰীক্ষাত ধাৰণাগত স্পষ্টতা জুখিবলৈ সঘনাই সোধা আটাইতকৈ গুৰুত্বপূৰ্ণ নীতিটো হৈছে ‘সৰ্পিল বনাম সৰলৰৈখিক অগ্ৰগতিৰ নীতি’ (Principle of Spiral vs. Linear Advancement)। এই নীতি অনুসৰি মানৱ বিকাশৰ গতিপথ কেতিয়াও এডাল পোন আৰু অপৰিৱৰ্তনীয় সৰলৰেখাৰ দৰে নহয়। ই আচলতে এটা সৰ্পিল স্প্ৰিং বা পকাই পকাই আগবাঢ়ি যোৱা প্ৰক্ৰিয়াহে, য’ত শিশুৱে কোনো এটা স্তৰত নতুন দক্ষতা লাভ কৰি অবিৰতভাৱে একে গতিৰে আগলৈ ঢাপলি নেমেলে। ইয়াৰ বিপৰীতে তেওঁলোকে কিছু দূৰ অগ্ৰগতি লাভ কৰাৰ পাছত যেন ক্ষন্তেক সময়ৰ বাবে থমকি ৰয় বা অলপ পিছলৈ ঘূৰি আহে- যাতে পূৰ্বতে অৰ্জন কৰা শাৰীৰিক বা মানসিক দক্ষতাবোৰক পৰিপক্ক আৰু সুদৃঢ় (Consolidate) কৰিব পাৰে। এইদৰে নিজৰ স্থিতিক শক্তিশালী কৰাৰ পাছতহে শিশুটি পুনৰ অধিক গতিৰে পৰৱৰ্তী উচ্চ স্তৰলৈ আগবাঢ়ি যাবলৈ সাজু হৈ উঠে।
বিকাশৰ সমগ্ৰ প্ৰক্ৰিয়াটোক আটাইতকৈ বেছি প্ৰভাৱিত কৰা অপৰিহাৰ্য কাৰক দুটা হৈছে বংশগতি (Heredity) আৰু পৰিৱেশ (Environment)। প্ৰসিদ্ধ মনোবিজ্ঞানী উডৱৰ্থৰ মতে, মানৱ বিকাশ কেতিয়াও কেৱল বংশগতি বা কেৱল পৰিৱেশৰ যোগফল নহয়| ই হৈছে এই দুয়োটাৰ অপৰিহাৰ্য যুটীয়া গুণফল বা গুণফলঃ (Development = Heredity × Environment)| মনোবিজ্ঞানৰ ভাষাত এই ভাৰসাম্যটোক ‘প্ৰকৃতি বনাম প্ৰতিপালন’ (Nature vs. Nurture) বুলিও আখ্যা দিয়া হয়। ইয়াত ‘প্ৰকৃতি’ (Nature) মানে হৈছে শিশুটিয়ে জন্মগতভাৱে মাক-দেউতাকৰ পৰা লাভ কৰা বংশগত বা জৈৱিক সম্ভাৱনা, যিয়ে তেওঁৰ বিকাশৰ অন্তিম সীমা নিৰ্ধাৰণ কৰি দিয়ে। আনহাতে, ‘প্ৰতিপালন’ (Nurture) মানে হৈছে চৌপাশৰ পৰিৱেশ, যিয়ে সেই জন্মগত সম্ভাৱনাক বাস্তৱত পৰিস্ফূত হ’বলৈ উপযুক্ত শিক্ষা, প্ৰয়োজনীয় পুষ্টি আৰু উপযুক্ত সুযোগ-সুবিধাৰ যোগান ধৰে। সহজ আৰু অধিক সাবলীল ভাষাত ক’বলৈ হ’লে বংশগতিয়ে যদি শিশু এজনৰ বিকাশৰ ভেটিটো নিৰ্মাণ কৰে তেন্তে চৌপাশৰ পৰিৱেশে সেই আধাৰক পূৰ্ণাংগ ৰূপ দিয়ে। এই আধুনিক মনস্তাত্ত্বিক ধাৰণাসমূহক যদি পৰীক্ষাৰ্থীসকলে কেৱল মুখস্থ নকৰি নিজৰ বাস্তৱিক শিক্ষণ কৌশলৰ সৈতে একাকাৰ কৰি তুলিব পাৰে তেন্তে চি-টেটৰ চি.ডি.পি (CDP) শাখাৰ যিকোনো কঠিন প্ৰশ্নৰ উত্তৰ দিয়াটো অত্যন্ত সহজ হৈ পৰিব। এই তাত্ত্বিক গভীৰতা আৰু ধাৰণাৰ স্পষ্টতাই এজন পৰীক্ষাৰ্থীক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত সফলতা প্ৰদান কৰাৰ লগতে ভৱিষ্যতে এজন আদৰ্শ আৰু সফল শিক্ষক হিচাপে গঢ়ি তোলাত সহায় কৰিব|









