• Home
  • CTET Corner
  • নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন (CCE)

নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন (CCE)

ctet16

খণ্ড ১৬


CTET পৰীক্ষাৰ ‘শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান’ (Child Development and Pedagogy) শাখাটোৰ বাবে নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন অৰ্থাৎ Continuous and Comprehensive Evaluation (CCE) অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। শিক্ষাৰ অধিকাৰ আইন ২০০৯ (RTE Act 2009) অনুসৰি ভাৰতীয় বিদ্যালয় শিক্ষা ব্যৱস্থাত এই মূল্যায়ন পদ্ধতিক বাধ্যতামূলক কৰা হৈছে। পৰম্পৰাগতভাৱে চলি অহা কলম-কাগজৰ পৰীক্ষা বা কেৱল নম্বৰভিত্তিক মূল্যায়নৰ ঠাইত ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশ সাধন কৰাই এই ব্যৱস্থাৰ মূল লক্ষ্য। আহক, এই প্ৰবন্ধটোৰ জৰিয়তে পৰীক্ষামুখী দৃষ্টিভংগীৰে CCEৰ মূল ধাৰণা আৰু ইয়াৰ প্ৰকাৰসমূহ সহজ ভাষাত বুজি লওঁ।

নামটোৰ দৰেই এই মূল্যায়ন প্ৰক্ৰিয়াটো দুটা প্ৰধান অংশত বিভক্ত- ‘নিৰন্তৰ’ (Continuous) আৰু ‘ব্যাপক’ (Comprehensive)। ইয়াৰ প্ৰথম অংশ ‘নিৰন্তৰ’ শব্দটোৱে মূল্যায়ন প্ৰক্ৰিয়াটোৰ ধাৰাবাহিকতাক সূচায়। ইয়াৰ অৰ্থ হ’ল মূল্যায়ন কেৱল বছৰটোৰ শেষত হোৱা কোনো এটা পৰীক্ষাতে সীমাবদ্ধ নাথাকি শিক্ষণ-শিকন প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে গোটেই বছৰ ধৰি চলি থাকিব। ইয়াৰ ফলত শিক্ষকে শিক্ষাৰ্থীৰ শিকনৰ ব্যৱধান বা দুৰ্বলতাসমূহ (Learning Gaps) আৰম্ভণিতে ধৰা পেলাব পাৰে আৰু সেই অনুসৰি নিদানমূলক শিক্ষণ (Diagnostic Teaching) আৰু প্ৰতিকাৰমূলক শিক্ষণৰ (Remedial Teaching) ব্যৱস্থা কৰিব পাৰে। আনহাতে, দ্বিতীয় অংশ ‘ব্যাপক’ শব্দটোৱে শিক্ষাৰ্থী এজনৰ বিকাশৰ সকলো দিশ সামৰি লোৱাটো বুজায়। কেৱল কিতাপৰ জ্ঞান বা শৈক্ষিক দিশতে (Scholastic Area) ক্ষান্ত নাথাকি ছাত্ৰ-ছাত্ৰীৰ সহ-শৈক্ষিক দিশসমূহ (Co-scholastic Area) যেনে- জীৱন শৈলী, কলা, ক্ৰীড়া, সামাজিক মূল্যবোধ আৰু আৱেগিক বিকাশকো ইয়াৰ দ্বাৰা মূল্যায়ন কৰা হয়।

পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা CCEৰ অধীনত থকা মূল্যায়নৰ প্ৰকাৰসমূহ ভালদৰে বুজি পোৱাটো জৰুৰী। ইয়াত প্ৰধানকৈ তিনিধৰণৰ মূল্যায়ন দেখা পোৱা যায়-

শিকনৰ বাবে মূল্যায়ন (Assessment for Learning)

শিকনৰ মূল্যায়ন (Assessment of Learning) আৰু

শিকন হিচাপে মূল্যায়ন (Assessment as Learning)

‘শিকনৰ বাবে মূল্যায়ন’ হৈছে এক গঠনাত্মক প্ৰক্ৰিয়া (Formative Assessment)| এই প্ৰক্ৰিয়া শ্ৰেণীকোঠাত পাঠদান চলি থকাৰ সময়তে সম্পন্ন হয়। কুইজ, আলোচনা বা মৌখিক প্ৰশ্ন আদিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক তাৎক্ষণিক প্ৰতিক্ৰিয়া (Feedback) প্ৰদান কৰাই ইয়াৰ উদ্দেশ্য। আনহাতে, ‘শিকনৰ মূল্যায়ন’ হৈছে সমাপ্তিমূলক বা সামগ্ৰিক প্ৰক্ৰিয়া (Summative Assessment)| এই প্ৰক্ৰিয়া সাধাৰণতে কোনো এটা গোট (Unit) বা কাৰ্যকালৰ শেষত কৰা হয় আৰু ইয়াৰ মূল উদ্দেশ্য হ’ল ছাত্ৰ-ছাত্ৰীৰ সাফল্য নিৰূপণ কৰি গ্ৰেড বা নম্বৰ প্ৰদান কৰা। শেষৰটো গুৰুত্বপূৰ্ণ ধাৰণা হৈছে ‘শিকন হিচাপে মূল্যায়ন’, য’ত শিক্ষাৰ্থীয়ে নিজৰ শিকন প্ৰক্ৰিয়া নিজেই পৰ্যবেক্ষণ আৰু স্ব-মূল্যায়ন (Self-Assessment) কৰাৰ সুযোগ লাভ কৰে|

CCE ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ ভীতি আৰু মানসিক চাপ বহু পৰিমাণে হ্ৰাস কৰে। ই শিক্ষাৰ্থীক মুখস্থ বিদ্যাৰ (Rote Learning) পৰা আঁতৰাই আনি উচ্চ চিন্তন দক্ষতা (Higher-Order Thinking Skills) আৰু সৃজনীশীলতাৰ বিকাশত সহায় কৰে। CTET পৰীক্ষাত এই অধ্যায়ৰ পৰা আহিবলগীয়া প্ৰশ্নসমূহ সমাধান কৰিবলৈ সদায় মনত ৰাখিব যে CCE হ’ল সম্পূৰ্ণৰূপে এটা শিশু-কেন্দ্ৰিক (Child-Centric) আৰু প্ৰগতিশীল ধাৰণা| এই ধাৰণাৰ লক্ষ্য হৈছে শিশুৰ সৰ্বাংগীণ বা সামগ্ৰিক বিকাশ (Holistic Development) সাধন কৰা।

📌 নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন (CCE)- এই বিষয়টো অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়ৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ৩০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব-

CTET ·CDP · খণ্ড ১৬

বিগত বৰ্ষৰ নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন (CCE) সম্পৰ্কে আলোকপাত ৰ ৩০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।

Score
0
0
📝 0/20

নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন (CCE) ৰ ধাৰণা আৰু ইয়াৰ গুৰুত্বপূৰ্ণ তত্ত্বসমূহ · পুনৰ পঢ়ক, পুনৰ অনুশীলন কৰক

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top