খণ্ড ১৫
Child Development & Pedagogyৰ অত্যন্ত গুৰুত্বপূৰ্ণ তথা অপৰিহাৰ্য বিষয়বস্তু হৈছে সংজ্ঞান (Cognition) আৰু অনুভূতি (Emotion)। CTET পৰীক্ষাত এই বিষয়টোৰ পৰা প্ৰতি বছৰে প্ৰশ্ন সোধা দেখা যায়। এগৰাকী সফল শিক্ষক হিচাপে শ্ৰেণীকোঠাত শিশুৰ সৰ্বাংগীণ বিকাশ সাধন কৰিবলৈ হ’লে চিন্তা-ভাৱনা আৰু আৱেগ-অনুভূতিৰ মাজৰ আন্তঃসম্পৰ্ক বুজি পোৱাটো অত্যন্ত প্ৰয়োজনীয়।
সংজ্ঞান বা Cognition শব্দটোৱে মানুহৰ মগজুৰ সেইবোৰ মানসিক প্ৰক্ৰিয়াক বুজায় যাৰ দ্বাৰা আমি জ্ঞান অৰ্জন কৰো, চিন্তা কৰো, মনত ৰাখো আৰু সমস্যা সমাধান কৰো। ইয়াৰ ভিতৰত মনোযোগ, স্মৃতিশক্তি, কল্পনা, সিদ্ধান্ত গ্ৰহণ আদি সকলোবোৰ বৌদ্ধিক কাম-কাজ অন্তৰ্ভুক্ত হৈ থাকে। আনহাতে অনুভূতি বা Emotion হৈছে আমাৰ আৱেগিক স্থিতি, যেনে- ভয়, খং, আনন্দ, দুখ আদি। পূৰ্বতে এই দুয়োটাকে পৃথককৈ চোৱা হৈছিল যদিও আধুনিক মনোবিজ্ঞান আৰু শিক্ষণ বিজ্ঞানৰ মতে সংজ্ঞান আৰু অনুভূতি এটা আনটোৰ সৈতে ওতঃপ্ৰোতভাৱে সাঙোৰ খাই থাকে। ইহঁত হৈছে দ্বিমুখী (Bi-directional) অৰ্থাৎ এটাৰ প্ৰভাৱ আনটোৰ ওপৰত পৰে। উদাহৰণস্বৰূপে, যদি এজন শিক্ষাৰ্থী পৰীক্ষাৰ চাপ বা ভয়ৰ বাবে অত্যন্ত মানসিক উদ্বেগত থাকে তেন্তে তেওঁৰ চিন্তা কৰাৰ ক্ষমতা অৰ্থাৎ সংজ্ঞানাত্মক কাৰ্যক্ষমতা হ্ৰাস পায়। ঠিক তেনেদৰে শ্ৰেণীকোঠাৰ ধনাত্মক আৰু আনন্দদায়ক পৰিৱেশে শিক্ষাৰ্থীৰ মনোযোগ আৰু শিকিব পৰা ক্ষমতা বৃদ্ধি কৰে। মনোবিজ্ঞানী ৰবাৰ্ট জাজংক (Robert Zajonc) ৰ দৰে ব্যক্তিয়ে সংজ্ঞান আৰু অনুভূতিক স্বতন্ত্র (Independent) বুলি কৈছিল যদিও সাধাৰণ দৃষ্টিকোণৰ পৰা ইহঁতক পৰস্পৰ সংলগ্ন বা আন্তঃনিৰ্ভৰশীল (Intertwined) বুলি গণ্য কৰা হয় যাৰ ওপৰত ভিত্তি কৰি CTET পৰীক্ষাত সঘনাই প্ৰশ্ন সোধা দেখা যায়। শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ ধাৰণামূলক বুজাবুজি সফল কৰিবলৈ শিক্ষকসকলে শিশুৰ আৱেগিক দিশটোৰ প্ৰতি বিশেষ চকু দিয়াটো বাঞ্ছনীয়।
সংজ্ঞান আৰু অনুভূতিৰ সম্পৰ্কটোক পৃথক কৰি চোৱা অসম্ভৱ। CTET পৰীক্ষাত সফলতা লাভ কৰিবলৈ আৰু এগৰাকী দক্ষ শিক্ষক হ’বলৈ এই দুয়োটাৰে প্ৰভাৱ শ্ৰেণীকোঠাৰ শিক্ষণ-শিকন প্ৰক্ৰিয়াত কেনেদৰে পৰে তাক ভালদৰে জনাটো দৰকাৰ। শিশুৰ মনস্তত্বক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি সহানুভূতিশীল পৰিৱেশ গঢ়ি তুলিলেহে প্ৰকৃত শিক্ষা সম্ভৱ হ’ব।
সংজ্ঞান আৰু অনুভূতিৰ গতিশীল সম্পৰ্ক- এই বিষয়টো অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়ৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ৩০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব-
বিগত বৰ্ষৰ নিৰন্তৰ আৰু ব্যাপক মূল্যায়ন (CCE) সম্পৰ্কে আলোকপাত ৰ ৩০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।










