খণ্ড ২৪
পৃথিৱীখন স্থিৰ নহয়, বৰং এক সুনির্দিষ্ট নিয়মেৰে নিৰন্তৰ গতিশীল হৈ থাকে। CTET পৰীক্ষাৰ সমাজ বিজ্ঞান (Social Science) আৰু পৰিৱেশ অধ্যয়নৰ পাঠ্যক্ৰমত ‘পৃথিৱীৰ গতি’ (Motions of the Earth) অন্যতম মৌলিক আৰু গুৰুত্বপূৰ্ণ বিষয়বস্তু। শিক্ষক হিচাপে ছাত্ৰ-ছাত্ৰীক মহাজাগতিক পৰিঘটনা আৰু ঋতু বৈচিত্ৰ্যৰ ধাৰণা প্ৰদান কৰাৰ বাবে এই বিষয়টোৰ তাত্ত্বিক আৰু বাস্তৱিক জ্ঞান আয়ত্ত কৰাটো অত্যন্ত অপৰিহাৰ্য।
পৃথিৱীৰ মূল গতি দুটা- আহ্নিক গতি (Rotation) আৰু বাৰ্ষিক গতি (Revolution)। পৃথিৱীয়ে নিজ মেৰুদণ্ড বা অক্ষত পশ্চিমৰ পৰা পূবলৈ ঘূৰণ কৰা প্ৰক্ৰিয়াটোকেই আহ্নিক গতি বোলা হয়। এই গতি সম্পূৰ্ণ কৰিবলৈ পৃথিৱীক প্ৰায় ২৪ ঘণ্টা বা এটা সৌৰ দিনৰ প্ৰয়োজন হয়। পৃথিৱীৰ নিজ অক্ষত ঘূৰ্ণনৰ ফলতেই পৃথিৱীৰ পৃষ্ঠত দিন আৰু ৰাতিৰ সৃষ্টি হয়। পৃথিৱীৰ গোলকীয় আকৃতিৰ বাবে ইয়াৰ কেৱল অৰ্ধেক অংশইহে একে সময়তে সূৰ্যৰ পোহৰ লাভ কৰে আৰু বাকী আধা অংশ আন্ধাৰত থাকে। যিডাল কাল্পনিক বৃত্তই দিন আৰু ৰাতিক বিভক্ত কৰে, তাক প্ৰদীপ্ত বৃত্ত (Circle of Illumination) বোলা হয়। মন কৰিবলগীয়া যে এই প্ৰদীপ্ত বৃত্তডাল পৃথিৱীৰ মেৰুদণ্ডৰ সৈতে একে নহয়, বৰং পৃথিৱীৰ অক্ষডাল ইয়াৰ কক্ষীয় সমতলৰ সৈতে ৬৬.৫ ডিগ্ৰী কোণ কৰি হেলনীয়া হৈ থাকে। যদিহে পৃথিৱীৰ আহ্নিক গতি নাথাকিলহেঁতেন তেন্তে এটা অংশই সদায় প্ৰচণ্ড উত্তাপ আৰু পোহৰ লাভ কৰিলেহেঁতেন আৰু আনটো অংশ চিৰকাল অন্ধকাৰ আৰু হিমশীতল হৈ ৰʼলহেঁতেন|
আনহাতে পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে নিৰ্দিষ্ট উপবৃত্তাকাৰ পথত পৰিক্ৰমণ কৰা গতিক বাৰ্ষিক গতি বোলা হয়। সূৰ্যৰ চাৰিওফালে এবাৰ সম্পূৰ্ণ পৰিক্ৰমণ কৰিবলৈ পৃথিৱীক ৩৬৫ দিন ৬ ঘণ্টা সময়ৰ প্ৰয়োজন হয়। সুবিধাৰ্থে আমি এটা বছৰত ৩৬৫ দিন হিচাপ কৰো আৰু অতিৰিক্ত ৬ ঘণ্টাক চাৰি বছৰ ধৰি সংগ্ৰহ কৰি চতুৰ্থ বছৰত ২৪ ঘণ্টা অৰ্থাৎ এটা সম্পূৰ্ণ দিন হিচাপে ফেব্ৰুৱাৰী মাহত যোগ কৰি ২৯ দিনীয়া কৰো। এই অতিৰিক্ত দিনযুক্ত ৩৬৬ দিনীয়া বছৰটোক অধিবৰ্ষ (Leap Year) বোলা হয়। পৃথিৱীৰ অক্ষৰ ধাৰাবাহিক হেলনীয়া স্থিতি আৰু বাৰ্ষিক গতিৰ যৌথ প্ৰভাৱৰ ফলতেই পৃথিৱীত বিভিন্ন ঋতুৰ আৱিৰ্ভাৱ ঘটে।
ঋতু পৰিৱৰ্তনৰ সময়ত চাৰিটা মহাজাগতিক অৱস্থা বিশেষভাৱে মন কৰিবলগীয়া। ২১ জুন তাৰিখে উত্তৰ গোলাৰ্ধ সূৰ্যৰ পিনে হেলনীয়া হৈ থাকে আৰু সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তি ৰেখাৰ ওপৰত পোনপটীয়াকৈ পৰে। ইয়াৰ ফলত উত্তৰ গোলাৰ্ধত দীঘল দিন আৰু চুটি ৰাতিৰ সৈতে গ্ৰীষ্মকাল অনুভৱ হয়। এই দিনটোক গ্ৰীষ্ম অয়নান্ত বা উত্তৰ অয়নান্ত (Summer Solstice) বোলা হয় আৰু এই সময়ত সুমেৰু বৃত্তৰ উত্তৰৰ অঞ্চলসমূহত প্ৰায় ছমাহ ধৰি নিৰন্তৰ দিন থাকে। ইয়াৰ বিপৰীতে ২২ ডিচেম্বৰত সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তি ৰেখাৰ ওপৰত লম্বভাৱে পৰে, যাৰ ফলত দক্ষিণ গোলাৰ্ধত গ্ৰীষ্মকাল আৰু উত্তৰ গোলাৰ্ধত শীতকাল হয়। ইয়াক দক্ষিণ অয়নান্ত বা শীত অয়নান্ত (Winter Solstice) বুলি জনা যায়। সেইবাবেই অষ্ট্ৰেলিয়াকে ধৰি দক্ষিণ গোলাৰ্ধৰ দেশসমূহত গ্ৰীষ্মকালত বৰদিন উদযাপন কৰা হয়। ইয়াৰ মাজতে ২১ মাৰ্চ আৰু ২৩ ছেপ্টেম্বৰত সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত সম্পূৰ্ণ লম্বভাৱে পৰে আৰু কোনো এটা মেৰুৱেই সূৰ্যৰ ফালে হেলনীয়া হৈ নাথাকে। ফলস্বৰূপে সমগ্ৰ পৃথিৱীতে দিন আৰু ৰাতি সমান হয়। এই দুয়োটা বিশেষ দিনক Equinox বোলা হয়।
পৃথিৱীৰ আহ্নিক আৰু বাৰ্ষিক গতি প্ৰকৃতিৰ নিয়ম আৰু সময় গণনাৰ মূল ভিত্তি। CTET পৰীক্ষাত এই ভৌগোলিক ধাৰণাসমূহ কেৱল তথ্য হিচাপেই নহয়, গঠনমূলক আৰু বাস্তৱভিত্তিক প্ৰশ্নৰূপে সোধা হয়। সেয়েহে মেৰুদণ্ডৰ হেলনীয়া অৱস্থা, প্ৰদীপ্ত বৃত্ত আৰু ঋতু পৰিৱৰ্তনৰ কাৰণসমূহ স্পষ্টকৈ অনুধাৱন কৰিলে পৰীক্ষাৰ্থীসকলে অতি সহজেই উৎকৃষ্ট ফলাফল লাভ কৰিবলৈ সক্ষম হʼব।
পৃথিৱীৰ গতি আৰু ঋতু পৰিৱৰ্তনৰ ৰহস্য- এই বিষয়টো অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়ৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ৩০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব।
বিগত বৰ্ষৰ “পৃথিৱীৰ গতি আৰু ঋতু পৰিৱৰ্তনৰ ৰহস্য (Motions of the Earth)” গুৰুত্ব সম্পৰ্কে আলোকপাতৰ 3০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।










