• Home
  • CTET Corner
  • ক’লবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব

ক’লবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব

ctet20

খণ্ড ২০


শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশৰ ধাৰণাত নৈতিক বিকাশ (Moral Development) অতিশয় গুৰুত্বপূৰ্ণ। শিশুৱে কিদৰে ন্যায়, অন্যায়, শুদ্ধ আৰু অশুদ্ধৰ মাজত প্ৰভেদ কৰিবলৈ শিকে সেই সম্পৰ্কে আমেৰিকান মনোবিজ্ঞানী লৰেন্স ক’লবাৰ্গে (Lawrence Kohlberg) আগবঢ়োৱা নৈতিক বিকাশৰ তত্ত্বটো Child Development and Pedagogy শাখাৰ অন্যতম প্ৰধান বিষয়। পিয়াঁজেৰ (Jean Piaget) জ্ঞানাত্মক বিকাশৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি ক’লবাৰ্গে এই তত্ত্বটো গঢ়ি তুলিছিল। তেওঁ ধাৰণা কৰিছিল যে মানুহৰ নৈতিক চিন্তা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বয়স বা জ্ঞানাত্মক পৰিপক্কতাৰ লগে লগে ক্ৰমান্বয়ে বিকাশ লাভ কৰে। CTET আৰু বিভিন্ন ৰাজ্যিক টেট পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলৰ বাবে এই তত্ত্বৰ গভীৰ অনুধাৱন অত্যন্ত প্ৰয়োজনীয়।

ক’লবাৰ্গে তেওঁৰ গৱেষণাত কেইবাটাও নৈতিক দ্বিধাদ্বন্দ্ব বা ‘মৰেল ডিলেমা’ (Moral Dilemmas) ব্যৱহাৰ কৰিছিল| যিসমূহৰ ভিতৰত ‘হাইনজৰ দ্বিধাদ্বন্দ্ব’ (Heinz Dilemma) সৰ্বাধিক প্ৰসিদ্ধ। এই কাহিনীটোত হাইনজ নামৰ এজন ব্যক্তিয়ে নিজৰ কৰ্কট ৰোগাক্ৰান্ত পত্নীৰ জীৱন ৰক্ষা কৰিবলৈ চৰা দামৰ ঔষধ চোৰ কৰিবলগীয়া হৈছিল। ক’লবাৰ্গে বিভিন্ন বয়সৰ শিশুক প্ৰশ্ন কৰিছিল যে হাইনজে কৰা কামটো শুদ্ধ আছিলনে? তেওঁৰ লক্ষ্য কেৱল উত্তৰটো ‘হয়’ বা ‘নহয়’ত পোৱাটো নাছিল, বৰং সেই সিদ্ধান্তৰ আঁৰত শিশুসকলে আগবঢ়োৱা যুক্তি (Moral Reasoning) বিশ্লেষণ কৰাটোহে আছিল মূল উদ্দেশ্য। এই যুক্তিৰ ওপৰত ভিত্তি কৰিয়েই ক’লবাৰ্গে নৈতিক বিকাশক মূলতঃ তিনিটা স্তৰ (Levels) আৰু ছটা উপ-পৰ্যায়ত (Stages) ভাগ কৰিছিল।

প্ৰথমটো স্তৰ হ’ল প্ৰাক্‌-পৰম্পৰাগত স্তৰ (Pre-Conventional Level), যি সাধাৰণতে ৪ ৰ পৰা ১০ বছৰ বয়সলৈ দেখা যায়। এই স্তৰত শিশুৰ নিজস্ব কোনো নীতি-নিয়ম নাথাকে| তেওঁলোকৰ নৈতিকতা সম্পূৰ্ণৰূপে বাহ্যিক নিয়ন্ত্ৰণ, শাস্তি আৰু পুৰস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ প্ৰথম উপ-পৰ্যায় হৈছে ‘শাস্তি আৰু আজ্ঞাবহতা’ (Obedience and Punishment Orientation), য’ত শিশুৱে শাস্তিৰ পৰা ৰক্ষা পাবলৈ নিয়ম মানি চলে। দ্বিতীয় উপ-পৰ্যায় হৈছে ‘ব্যক্তিগত উপকাৰ বা বিনিময়’ (Individualism and Exchange), য’ত নিজৰ স্বাৰ্থ সিদ্ধি আৰু ‘তুমি মোৰ বাবে কি কৰিলে মই তোমালোকৰ বাবে কৰিম’ ধৰণৰ পাৰস্পৰিক বিনিময় ভাৱনাই কাম কৰে।

দ্বিতীয়টো স্তৰ হ’ল পৰম্পৰাগত স্তৰ (Conventional Level)| এই স্তৰ ১০ ৰ পৰা ১৩ বছৰ বয়সলৈ বিস্তাৰিত। এই স্তৰত শিশুৱে সমাজৰ নীতি-নিয়ম, মূল্যবোধ আৰু শৃংখলা আদৰণি জনাই গ্ৰহণ কৰে। ইয়াৰ তৃতীয় উপ-পৰ্যায়টো হ’ল ‘ভাল ল’ৰা/ভাল ছোৱালীৰ ধাৰণা’ (Good Interpersonal Relationships), য’ত শিশুৱে সমাজ বা আনৰ চকুত প্ৰশংসা পাবলৈ আৰু ভাল হৈ থাকিবলৈ চেষ্টা কৰে। চতুৰ্থ উপ-পৰ্যায় হৈছে ‘সামাজিক শৃংখলা ৰক্ষা’ (Maintaining the Social Order), য’ত সমাজৰ আইন আৰু নিয়ন্ত্ৰণ বজায় ৰখাটোকে প্ৰতিজন নাগৰিকৰ কৰ্তব্য বুলি ধৰি লোৱা হয়।

তৃতীয় তথা অন্তিম স্তৰটো হ’ল উত্তৰ-পৰম্পৰাগত স্তৰ (Post-Conventional Level)| এই স্তৰ কৈশোৰ আৰু প্ৰাপ্তবয়স্ক অৱস্থাত দেখা যায় যদিও সকলো মানুহ এই স্তৰত উপনীত হ’ব নোৱাৰে। এই স্তৰত নৈতিকতা সামাজিক নিয়মৰ উৰ্দ্ধলৈ গৈ ব্যক্তিগত মূল্যবোধ আৰু সাৰ্বজনীন মানৱীয় ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত হয়। ইয়াৰ পঞ্চমাটো উপ-পৰ্যায় হৈছে ‘সামাজিক চুক্তি আৰু ব্যক্তিগত অধিকাৰ’ (Social Contract and Individual Rights), য’ত ব্যক্তিয়ে সমাজৰ নিয়মক নমনীয় বুলি ভাবি জনকল্যাণৰ বাবে নিয়মৰ সালসলনি সমৰ্থন কৰে। ষষ্ঠ আৰু সৰ্বোচ্চ উপ-পৰ্যায় হৈছে ‘সাৰ্বজনীন নৈতিক নীতি’ (Universal Ethical Principles), য’ত মানুহে নিজৰ বিবেক, ন্যায়, সমতা আৰু মানৱ অধিকাৰৰ দৰে অমূৰ্ত ধাৰণাৰ আধাৰত সিদ্ধান্ত গ্ৰহণ কৰে| আনকি ই সমাজৰ আইনৰ বিপৰীতে গ’লেও পিছ হুঁহকি নাহে।

ক’লবাৰ্গৰ এই তত্ত্বই শিক্ষকসকলক শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ চিন্তাধাৰাৰ পৰিপক্কতা বুজি পোৱাত সহায় কৰে। অৱশ্যে কেৰল গিলিগানৰ (Carol Gilligan) দৰে চিন্তাবিদে এই তত্ত্বত নাৰীসুলভ আৱেগ আৰু যত্নৰ দিশটো (Ethics of Care) আওকাণ কৰা হৈছে বুলি পুৰুষ-কেন্দ্ৰিক লিঙ্গীয় পক্ষপাতিত্বৰ (Gender Bias) সমালোচনাও কৰিছে। তথাপি CTET পৰীক্ষাৰ প্ৰশ্নসমূহৰ সঘনাই সোধা ‘হাইনজৰ দ্বিধাদ্বন্দ্ব’, ‘সামাজিক চুক্তি’ বা ‘শাস্তি নিবাৰণ’ৰ দৰে বিষয়সমূহ প্ৰধানকৈ ক’লবাৰ্গৰ নৈতিক বিকাশৰ স্তৰসমূহৰ বিশ্লেষণৰ ওপৰতেই প্ৰতিষ্ঠিত।

📌 ক’লবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব- এই বিষয়টো অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়ৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ৩০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব।

CTET ·CDP · খণ্ড ২০

বিগত বৰ্ষৰ – ক’লবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব (Kohlberg’s Theory of Moral Development) সম্পৰ্কে আলোকপাত ৰ ৩০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।

Score
0
0
📝 0/20

খণ্ড ২০- ক’লবাৰ্গৰ নৈতিক বিকাশৰ তত্ত্ব ৰ ধাৰণা আৰু ইয়াৰ গুৰুত্বপূৰ্ণ তত্ত্বসমূহ · পুনৰ পঢ়ক, পুনৰ অনুশীলন কৰক

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top