প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

question answer

Prapriti Gogoi

এই মাহৰ বিশেষ অতিথি সকল- প্ৰপ্ৰীতি গগৈ, শিৱসাগৰ

১/ জীৱনত যদি ভয় আছে, কিহৰ প্ৰতি ভয় আছে, যিয়ে প্ৰতিপল বাধা দিয়ে?
উত্তৰঃ ভয় আছে, আপোন মানুহবোৰক হেৰুৱাৰ ভয় বহুত বেছি৷ কেতিয়াবা এই জনঅৰণ্যত নিজক হেৰুৱাই পেলোৱাৰ ভয় এটা নথকা নহয়, কিন্তু নিজ কৰ্ম কৰি গৈছোঁ৷ ফলত মই হেৰাই যোৱা নাই৷

২/ হাতত টকা-পইচা নথকাকৈ মানুহে মানুহৰ বাবে কি কি কাম কৰিব পাৰে?
উত্তৰঃ আজিকালি মানুহৰ হাতত সময় কম৷ গতিকে যাক আপোনাৰ সময়ৰ প্ৰয়োজন হৈছে সেই সময় দি অথবা জটিল সময়ত হাতত হাত থৈও মানুহৰ সহায় কৰিব পাৰি৷

৩/ জীৱনত এনে ৫ টা কাম ,যিকেইটাৰ বাবে আপুনি আপোনাক ধন্যবাদ দিব বিচাৰে?
উত্তৰঃ
ক) আত্মসন্মান মোৰ বাবে আটাইতকৈ ডাঙৰ বস্তু৷
খ) বৰ্তমানো মই শিক্ষাৰ ক্ষেত্ৰত নিজক নিয়োজিত কৰি ৰাখিছোঁ৷
গ) মই আজৰি সময়খিনিত নিজকে লেখা-মেলাৰ সৈতে জড়িত কৰি ৰাখিছোঁ৷
ঘ)মই মোৰ সন্তানক সহজ-সৰলভাৱে জীয়াই থাকিবলৈ অনুপ্ৰেৰণা যোগাইছোঁ৷
ঙ) মই মিছা কথা কমকৈ কওঁ৷ কেতিয়াবা সঁচা কথা কৈ বহু বিপদত পৰিছো কিন্তু সদায় সঁচাক প্ৰাধান্য দিওঁ৷

৪/ আমি আচলতে কাৰ বাবে জীয়াই থাকোঁ । নিজৰ বাবে ,আনৰ বাবে?
উত্তৰঃ আমি নিজৰ বাবে জীয়াই থাকোঁ, এয়া চিৰসত্য৷ এই নিজৰ বুলি কওঁতে আমাৰ প্ৰিয় মানুহ তথা সকলো প্ৰিয়ই সোমাই পৰে৷

৫ /আপুনি আপোনাৰ লগত কিমান সৎ?
উত্তৰঃমই নিজৰ লগত যথেষ্ট পৰিমাণে সৎ৷ নিজক ভালপাওঁ গতিকে নিজৰ প্ৰতি সৎ হ’বই লাগিব৷ নিজৰ দুৰ্বলতা আৰু সামৰ্থখিনি মই জানোঁ|

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top