খণ্ড – ০৮
CTETৰ অত্যন্ত গুৰুত্বপূৰ্ণ তথা নম্বৰ লাভৰ বাবে অতি সংবেদনশীল বিষয়টোৱেই হৈছে শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান (Child Development and Pedagogy – CDP)। এই সামগ্ৰিক পাঠ্যক্ৰমৰ ভিতৰত ‘ভাষা আৰু চিন্তা’ (Language and Thought) শীৰ্ষক অধ্যায়টোৱে সুকীয়া মৰ্যাদা বহন কৰে| কাৰণ ই স্বতন্ত্ৰ বিষয়ৰ উপৰি শিশুৰ সামগ্ৰিক বৌদ্ধিক আৰু সামাজিক প্ৰক্ৰিয়াৰ মেৰুদণ্ডস্বৰূপ। এজন সফল শিক্ষক হ’বলৈ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰীক্ষাত ধাৰণাগত স্পষ্টতা অৰ্জন কৰিবলৈ হ’লে ভাষা কেনেকৈ চিন্তাৰ বাহক হয় আৰু চিন্তাই কেনেকৈ ভাষাক পৰিচালিত কৰে সেই মনস্তাত্ত্বিক সংযোগক গভীৰভাৱে বুজি পোৱাটো পৰীক্ষাৰ্থীসকলৰ বাবে অপৰিহাৰ্য।
মনোবিজ্ঞানৰ জগতত ভাষা আৰু চিন্তাৰ পাৰস্পৰিক সম্পৰ্কক লৈ বিভিন্ন মতবাদ আগবঢ়োৱা হৈছে| এই মতবাদসমূহৰ ভিতৰত বিখ্যাত ছুইছ মনোবিজ্ঞানী পিয়াজে (Jean Piaget) আৰু ৰাছিয়ান মনোবিজ্ঞানী ভাইগটস্কি (Lev Vygotsky)ৰ দৃষ্টিভংগী প্ৰধান আৰু ইয়াৰ পৰাই পৰীক্ষাত ধাৰাবাহিকভাৱে প্ৰশ্ন সোধা দেখা গৈছে। পিয়াজেৰ তত্ত্ব অনুসৰি শিশুৰ জ্ঞানাত্মক বিকাশ (Cognitive Development) সদায় ভাষা বিকাশৰ অগ্ৰগামী। তেওঁ বিশ্বাস কৰিছিল যে শিশুৱে প্ৰথমে বস্তু এটাৰ ধাৰণা নিজৰ মনত গঢ়ি তোলে বা চিন্তা কৰে আৰু পৰৱৰ্তী সময়তহে তাক প্ৰকাশ কৰিবলৈ ভাষা ব্যৱহাৰ কৰে। অৰ্থাৎ পিয়াজেৰ দৃষ্টিভংগীত ভাষাই চিন্তাক নিৰ্ধাৰণ নকৰে| ইয়াৰ বিপৰীতে চিন্তাইহে ভাষাৰ সৃষ্টি আৰু প্ৰসাৰত মূল ভূমিকা লয়। বিষয় প্ৰসংগত ভাইগটস্কিয়ে সম্পূৰ্ণ ব্যতিক্ৰমী আৰু সামাজিক দৃষ্টিভংগী আগবঢ়াইছিল। ভাইগটস্কিৰ মতে জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত অৰ্থাৎ প্ৰায় তিনি বছৰ বয়সলৈকে ভাষা আৰু চিন্তা দুয়োটা সম্পূৰ্ণ স্বতন্ত্ৰ বা সুকীয়া সুঁতি হিচাপে বিকশিত হয়। কিন্তু তিনি বছৰ বয়সৰ পাছত এই দুয়োটা ধাৰা পৰস্পৰৰ সৈতে মিলি একাকাৰ হৈ পৰে আৰু ভাষাই শিশুৰ চিন্তাধাৰাক দিশ নিৰ্দেশনা দিবলৈ আৰম্ভ কৰে। ভাইগটস্কিয়ে সামাজিক আদান-প্ৰদানক ভাষাৰ মূল উৎস বুলি গণ্য কৰিছিল| তেওঁ কৈছিল যে ভাষা ভাব প্ৰকাশৰ মাধ্যমৰ উপৰি ই চিন্তাধাৰাক নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰাৰ আটাইতকৈ শক্তিশালী সঁজুলি।
এই অধ্যায়টোৰ আন এক গুৰুত্বপূৰ্ণ ধাৰণা হৈছে ‘ব্যক্তিগত বা আত্ম-কেন্দ্ৰিক কথোপকথন’ (Private Speech / Egocentric Speech)। শিশুৱে নিজৰ সৈতে নিজে মনে মনে বা ডাঙৰকৈ কথা পতাৰ এই প্ৰৱণতাটোক পিয়াজে আৰু ভাইগটস্কিয়ে দুটা ভিন্ন নামেৰে নামকৰণ কৰিছে। পিয়াজে ইয়াক ‘আত্ম-কেন্দ্ৰিক ভাষা’ (Egocentric Speech) বুলি অভিহিত কৰিছিল আৰু ইয়াক শিশুৰ অপৰিপক্কতা তথা আনৰ দৃষ্টিভংগী বুজি নোপোৱাৰ লক্ষণ বুলি গণ্য কৰিছিল। কিন্তু ভাইগটস্কিয়ে ইয়াক ‘ব্যক্তিগত ভাষা’ (Private Speech) বুলি কৈ ইয়াৰ অত্যন্ত ধনাত্মক আৰু শৈক্ষিক গুৰুত্ব দাঙি ধৰিছিল। তেওঁৰ মতে শিশুৱে নিজৰ সৈতে কথা পাতি কোনো জটিল কাৰ্য কৰাৰ সময়ত নিজৰ আচৰণ আৰু চিন্তাক নিজেই দিশ নিৰ্দেশনা (Self-regulation) প্ৰদান কৰে। পৰীক্ষাত প্ৰায়ে এনে পৰিস্থিতিভিত্তিক প্ৰশ্ন আহে য’ত সোধা হয় যে কোনো এটি শিশুৱে খেলি থকাৰ সময়ত নিজে নিজে কথা পাতি আছে- ইয়াক ভাইগটস্কিৰ মতে কি বুলি কোৱা হ’ব বুলি সুধিলে ইয়াৰ সঠিক উত্তৰ হ’ব ‘প্ৰাইভেট স্পীচ’।
ইয়াৰ উপৰি ভাষা আৰু চিন্তাৰ সম্পৰ্কক বুজিবলৈ হ’লে আমেৰিকান ভাষাবিদ বেঞ্জামিন লি হোৱৰ্ফৰ ‘ভাষিক আপেক্ষিকতাবাদ তত্ত্ব’ (Linguistic Relativity Hypothesis) ৰ বিষয়েও কিছু ধাৰণা থকা দৰকাৰ| এই ধাৰণা মতে আমি কোৱা ভাষাটোৱে আমাৰ চিন্তা আৰু বিশ্বক চোৱাৰ দৃষ্টিভংগীক সলনি বা নিৰ্ধাৰণ কৰিব পাৰে। সামগ্ৰিকভাৱে ক’বলৈ গ’লে ভাষা আৰু চিন্তাৰ এই যুটীয়া ক্ৰিয়াই শিশুৰ বৌদ্ধিক বিকাশত অনন্য মাত্ৰা প্ৰদান কৰে। এজন সচেতন শিক্ষক হিচাপে শ্ৰেণীকোঠাত শিশুৰ স্বাধীন চিন্তা আৰু ভাষিক প্ৰকাশক সমানেই গুৰুত্ব দি ধনাত্মক বাৰ্তালাপৰ পৰিৱেশ গঢ়ি তোলাটোৱেই হৈছে এই পাঠ্যক্ৰমৰ মূল লক্ষ্য। এই বৈজ্ঞানিক আৰু মনস্তাত্ত্বিক ধাৰণাসমূহ সঠিকভাৱে অনুধাৱন কৰিলে CTET পৰীক্ষাৰ চি.ডি.পিৰ উপৰি ভাষা শিক্ষণৰ (Language Pedagogy) বাবেও প্ৰস্তুতি সহজ হৈ পৰে।
‘ভাষা আৰু চিন্তা (Language and Thought)’ৰ ধাৰণা অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়টোৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ২০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব-
বিগত বৰ্ষৰ ভাষা আৰু চিন্তা (Language and Thought)ৰ ২০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।










