নিশা ভূঞা
সাতগাওঁ, গুৱাহাটী
ফোন-৯৭০৬৬২৫০২৫
সমগ্ৰ বিশ্বৰ গ্ৰন্থপ্ৰেমীসকলৰ মাজত জুল ভার্ন অতিকৈ জনপ্ৰিয়। অধিকাংশ গ্ৰন্থপ্ৰেমীৰ বাবে জুল ভার্ন কেৱল এটা নাম নহয়, জুল ভার্ন হৈছে শৈশৱৰ এছোৱা সন্মোহিনী সময়, কিতাপ পঢ়ি কল্পনাৰ সাগৰত উটি ভাঁহি ফুৰিব পৰা এক বিশেষ শক্তি। ১৮২৮ চনত জন্মগ্ৰহণ কৰা এইজন ফৰাছী লেখক সম্পূৰ্ণ বেলেগ নাম জুল গেব্ৰিয়ল ভার্ন। তেওঁক মূলতঃ বিজ্ঞান কল্পকথাৰ জনকৰূপে অভিহিত কৰা হয়। জুল ভাৰ্নে নিজৰ জীৱন কালত বহুতো গ্ৰন্থ ৰচনা কৰিছিল। বৰ্তমান সময়তো তেওঁ হৈছে বিশ্বৰ এগৰাকী অন্যতম প্ৰভাৱশালী কল্পবিজ্ঞান লেখক। তেওঁৰ সমূহ গ্ৰন্থ, মূলতঃ উপন্যাসসমূহ সমগ্ৰ বিশ্বতেই অতিকৈ জনপ্ৰিয়। ইয়াৰ ভিতৰত ‘টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছি’ , ‘জাৰ্নি টু দ্য চেণ্টাৰ অৱ দ্য আৰ্থ’ আদি অন্যতম। তেওঁৰ সকলো উপন্যাসেই গ্ৰন্থপ্ৰেমীৰ আকৰ্ষণ সমল। কিন্তু তাৰ মাজতো কেইখনমান উপন্যাস অতিকৈ বিশেষ। উল্লেখযোগ্য যে , এই উপন্যাসসমূহ ফৰাচী ভাষাত ৰচনা কৰা হৈছিল যদিও পিছলৈ ইংৰাজীলৈ অনুবাদ কৰা হয়। ক্ৰমশঃ এই সকলো উপন্যাস পৃথিৱীৰ অলেখ প্ৰান্তীয় ভাষালৈ অনুবাদ কৰা হয়। অসমীয়া ভাষাও তাৰ ব্যতিক্ৰম নহয়। তেওঁৰ প্ৰায়বোৰ উপন্যাসৰ মূল বিষয়বস্তু হৈছে ৰহস্যময় তথা বিপদজনক অভিযান আৰু আৱিষ্কাৰ। তেওঁৰ উপন্যাসৰ চৰিত্ৰসমূহ বিজ্ঞানপ্ৰেমী আৰু তেওঁলোকে ভ্ৰমণ কৰিও ভাল পায়। এই লেখাৰ জৰিয়তে যুৱ পঢ়ুৱৈসকলৰ বাবে জুল ভাৰ্নৰ মুঠ ১০ খন শ্ৰেষ্ঠ উপন্যাসৰ কিছু কথা আগবঢ়োৱা হৈছে।
●টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছি- এইখন জুল ভাৰ্নৰ অন্যতম জনপ্ৰিয় গ্ৰন্থ। উপন্যাসখনৰ আৰম্ভণি হয় মূল চৰিত্ৰ ড° এৰ’নাক্সৰ জৰিয়তে। উপন্যাসখনৰ আৰম্ভণিতে এটা বিশাল জীৱই (যাক ডাঃ এৰ’নাক্সে এটা বিশাল তিমি বুলি বিশ্বাস কৰে) সাগৰত জাহাজ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে। অতি সোনকালেই জাহাজৰেসকলোৱে আৱিষ্কাৰ কৰে যে ‘দৈত্যকায় জীৱ’টো আচলতে এখন বিশাল ছাবমেৰিনহে। এই ছাবমেৰিনক ‘নটিলাছ’ বোলা হয়। সেইখন নিয়ন্ত্ৰণ কৰে কেপ্তেইন নিমো নামৰ এজন উন্মাদ অধিনায়কে। উপন্যাসখনৰ কাহিনীভাগ মূল চৰিত্ৰ তিনিটাক কেন্দ্ৰ কৰিয়েই আগবাঢ়ি যায়, যিসকলক কেপ্তেইন নিমোৱে ছাবমেৰিনত বন্দী কৰি ৰাখে। ৰোমাঞ্চকৰ কাহিনী আৰু বৰ্ণনাশৈলীৰ বাবে ‘টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছি’ উপন্যাসখন সমগ্র বিশ্বতেই অতিকৈ জনপ্ৰিয়।
●ফ্ৰম দ্য আৰ্থ টু দ্য মুন- ১৮৬৫ চনত প্ৰকাশিত এই উপন্যাসখনৰ মূল কাহিনী বন্দুক ভাল পোৱা একাংশ লোকৰ এটা ক্লাৱৰ বিষয়ে। ক্লৱটোৰ নাম ‘ক্লাৱ বাল্টিমোৰ’। সেই ক্লাৱৰ সকলোৱে মিলি এটা স্পেছগান নিৰ্মাণ কৰে আৰু নিক্ষেপ কৰিবলৈ চেষ্টা কৰে। সময়ত স্পেছগানটোৱে মুঠ তিনিজন লোকৰ সৈতে মহাকাশলৈ যাত্ৰা কৰে। স্পেছগানটোৱে সঠিকভাৱেই গৈ চন্দ্ৰত অৱতৰণ কৰে। উল্লেখযোগ্য যে, কাহিনীভাগ সম্পূৰ্ণ কাল্পনিক যদিও উপন্যাসখনত সকলো কথাই বিজ্ঞানসন্মতভাৱে সঠিকভাৱে বৰ্ণনা কৰা হৈছে বুলি মহাকাশ গৱেষণাৰ সৈতে জড়িত বহুলোকে উল্লেখ কৰে। বিশেষকৈ উপন্যাসখনত জুল ভাৰ্নে নিৰপেক্ষ তথা নিখুঁটভাৱে কেনেকৈ ‘স্পেচ কেনন’ নিৰ্মাণ কৰিব পাৰি তাৰ বৰ্ণনা কৰিছে। এই গ্ৰন্থখনৰ পৰৱৰ্তী অংশৰ নাম হৈছে ‘ এৰাউণ্ড দ্য মুন’।

● ফাইভ উইকছ ইন এ বেলুন- ‘ফাইভ উইকছ ইন এ বেলুন’ বা ‘এ জাৰ্নি অৱ ডিস্কভাৰী বাই থ্ৰী ইংলিছ মেন ইন আফ্ৰিকা’ নামৰ উপন্যাসখন ১৮৬৩ চনত প্ৰকাশ হৈছিল।এই উপন্যাসখনত ড° চেমুৱেল ফাৰ্গুচন আৰু ৰিচাৰ্ড কেনেডীৰ আফ্ৰিকা মহাদেশৰ যাত্ৰাৰ কাহিনী অতি আকৰ্ষণীয়ভাৱে বৰ্ণনা কৰা হৈছে। সেই সময়ত ইউৰোপীয়সকলে এই ভূ-প্ৰকৃতিৰ বিষয়ে বৰকৈ জনা নাছিল। আফ্ৰিকাৰ যাত্ৰা তথা অভিযানক অধিক ৰোমাঞ্চকৰ কৰিবলৈ ড° চেমুৱেল ফাৰ্গুচন আৰু ৰিচাৰ্ড কেনেডীয়ে হট এয়াৰ বেলুনত উঠি ৰাওনা হয়। এই উপন্যাসখনত অসংখ্য দুঃসাহসিক অভিযানৰ কথা উল্লেখ কৰা হৈছে। তাৰে এটা হৈছে নীল নদীৰ উৎস বিচাৰি উলিওৱাৰ কাহিনী। উপন্যাসখন আজিৰ তাৰিখতো শিশুসকলে সমান্তৰালভাৱে বয়সৰ সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ বাবে প্রিয়।
●এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটি দেইজ- ১৮৭২ চনত ফৰাচী ভাষাত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা ‘এৰাউণ্ড দ্য ৱৰ্ল্ড ইন এইটি দেইজ’ নামৰ উপন্যাসখনত ফিলিয়াছ ফগ আৰু তেওঁৰ দাস এজনৰ দুঃসাহসিক অভিযানৰ কাহিনী বৰ্ণিত হৈছে। দৰাচলতে ২০ হাজাৰ পাউণ্ডৰ বাজিত তেওঁলোকে ৮০ দিনত বিশ্ব ভ্ৰমণ কৰে। আজিও পঢ়ুৱৈয়ে এই উপন্যাসখন পঢ়ি মূল চৰিত্ৰসমূহৰ বিশ্বৰ যাত্ৰাৰ এক কাল্পনিক মানচিত্ৰ তৈয়াৰ কৰে। এই উপন্যাসখনক আজিও জুল ভাৰ্নৰ অন্যতম জনপ্ৰিয় উপন্যাস হিচাপে গণ্য কৰা হয়।
●জাৰ্নি টু দ্য চেণ্টাৰ অৱ দ্য আৰ্থ – ‘জাৰ্নি টু দ্য চেণ্টাৰ অৱ দ্য আৰ্থ’ হৈছে জুল ভাৰ্নৰ আন অন্য বিখ্যাত উপন্যাস। এই উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ১৮৬৪ চনত। তাৰ পিছত ১৮৬৭ চনত এই উপন্যাসখন পুনৰ প্ৰকাশ কৰা হয়।এই উপন্যাসখনত অধ্যাপক অট্টো লিডেনব্ৰক আৰু তেওঁৰ সংগীসকলে পৃথিৱীৰ গভীৰতালৈ কৰা অবিশ্বাস্য তথা বিপদজনক যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। জুল ভাৰ্নে ইয়াত উপস্থাপন কৰা পৃথিৱীৰ কেন্দ্ৰৰ কাল্পনিক ছবিখনে ১০০ বছৰতকৈও অধিক সময় ধৰি পঢ়ুৱৈক শিহৰিত কৰি আহিছে। এই উপন্যাসৰ আধাৰত কেইবাখনো চিনেমা নিৰ্মাণ কৰা হৈছে। তদুপৰি এই উপন্যাস পৰা অনুপ্ৰাণিত হৈ বহু লেখকে নিজাকৈ গ্ৰন্থও ৰচনা কৰিছে।
● এন এণ্টাৰটিক মিষ্ট্ৰি- দুটা ভাগত বিভক্ত এই উপন্যাসখন ১৮৯৭ চনত ৰচনা কৰা হৈছিল। বিখ্যাত লেখক এডগাৰ এলান প’ৰ ‘দ্য নেৰেটিভ অৱ আৰ্থাৰ গৰ্ডন পিম অৱ নান্টুকেট’ৰ পৰা অনুপ্ৰাণিত হৈ জুল ভাৰ্নে এই উপন্যাসখন ৰচনা কৰে। দুৰ্গম দ্বীপত বাস কৰা জীৱ-জন্তুবোৰৰ ওপৰত গৱেষণা কৰি কিছু সময় কটোৱা এজন ধনী আমেৰিকানৰ মুখেৰে কাহিনীটো আগবাঢ়ে। তেওঁ মূলতঃ দূৰত থকা দ্বীপবোৰত বসবাস কৰা জীৱ-জন্তুৰ ওপৰত গৱেষণা কৰে। তেওঁ হলব্ৰেনৰ পৰা জাহাজত উঠি আমেৰিকালৈ উভতি যাবলৈ বিচাৰে । উপন্যাসখনৰ সেই অংশৰ পৰা পৰাই আৰম্ভ হয় তেওঁৰ প্ৰকৃত দুঃসাহসিক অভিযান।
● দ্য মিষ্টিৰিয়াছ আইলেণ্ড- বহুতেই এই উপন্যাসখনক ‘টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছি’ উপন্যাসখনৰ ছিকুৱেল বুলিও অভিহিত কৰে । ১৮৭৫ চনত প্ৰকাশিত এই উপন্যাসখনত ‘টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছি’ আৰু ‘ইন চাৰ্চ অৱ কাষ্টৱেজ নামৰ’ উপন্যাসৰ কিছু সমল সন্নিবিষ্ট কৰা হৈছে। আমেৰিকাৰ গৃহযুদ্ধৰ ভিতৰছোৱাৰ কাহিনী উপন্যাসখনত উন্মোচিত হৈছে। উত্তৰ আমেৰিকাৰ পাঁচজন যুদ্ধবন্দীৰক কেন্দ্ৰ কৰি উপন্যাসখনৰ কাহিনীটো আগবাঢ়ে । এই উপন্যাসখনত পঢ়ুৱৈ পুনৰবাৰ কেপ্তেইন নিমোৰ সন্মুখীন হয়। তেওঁৰ অতীত জীৱনৰ অতীত কাহিনীও এই উপন্যাসখনত তুলি ধৰা হৈছে। এই উপন্যাস পঢ়িলে কেপ্তেইন নিমোয়ে কিয় ‘টুৱেণ্টি থাউজেণ্ড লীগছ আণ্ডাৰ দ্য ছি’ উপন্যাসখনত প্ৰতিশোধ ল’বলৈ ওলাইছিল, সেই কথা জানিব পাৰি । এই বিখ্যাত উপন্যাসখনৰ আধাৰত এখন জনপ্ৰিয় টেলিভিছন ধাৰাবাহিক নিৰ্মাণ কৰা হৈছিল।
● পাৰ্চেজ অৱ দ্য নৰ্থ প’ল- এই উপন্যাসখনৰ আন এটা নাম হৈছে ‘টপ্সি টাৰ্ভি’। উপন্যাসখন ১৮৮৯ চনত প্ৰকাশ হৈছিল। ‘ফ্ৰম দ্য আৰ্থ টু দ্য মুন’ আৰু ‘এৰাউণ্ড দ্য মুন’ নামৰ উপন্যাস দুখনৰ পিছত জুল ভাৰ্নে বাল্টিমোৰ গান ক্লাৱৰ বিষয়ে লিখা এইখন হৈছে তৃতীয়খন উপন্যাস। এই উপন্যাসখন প্ৰথম উপন্যাসৰ পৰিঘটনাৰ ২০ বছৰৰ পাছত ৰচনা কৰা হৈছে। এই উপন্যাসখনৰ প্ৰথম দুখন প্ৰিক্যুৱেলৰ কিছুমান চৰিত্ৰক পঢ়ুৱৈয়ে পুনৰ লগ পাবলৈ সক্ষম হ’ব । উপন্যাসত পৃথিৱীৰ উত্তৰ মেৰুৰ মালিকীস্বত্বৰ বাবে নিলাম অনুষ্ঠিত হোৱাৰ কথা বৰ্ণনা আছে। নিলামত জয়ী হয় এজন নাম প্ৰকাশত অনিচ্ছুক আমেৰিকান লোক। পিছলৈ জানিবলৈ পোৱা যায় যে মানুহজন এটা বিশেষ গোটৰ সদস্য। এই গোটৰ উদ্দেশ্য হ’ল পৃথিৱীৰ বিষুৱৰেখা হেলনীয়াৰ পৰা পোন কৰা। গোটটোৱে বিশ্বাস কৰে যে তেওঁলোকে নিজৰ ‘স্পেচ কেনন’ ব্যৱহাৰ কৰি পৃথিৱীখন পোন কৰিব পাৰে। এই বিজ্ঞান কল্পকথাই আজিও বহুতকে আচ্ছন্ন কৰি ৰাখিছে।
●দ্য চাইল্ড অৱ কেভাৰ্ন- এই উপন্যাসখনৰ আন এটা নাম হ’ল ‘ব্লেক ইণ্ডিজ’ । ১৮৭৭ চনৰ মাৰ্চ আৰু এপ্ৰিল মাহত কোনো কাকতত ধাৰাবাহিকভাৱে প্ৰকাশ পোৱা এই উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে স্কটলেণ্ডৰ এটা খনি শ্ৰমিক সম্প্ৰদায়ৰ জীৱনশৈলী। স্কটলেণ্ডত এটা বিশেষ খনি আছিল। সকলোৱে ভাবিছিল যে সেই খনিটোত বিশেষ একো নাই। কিন্তু যেতিয়া খনিটো পুনৰ মুকলি কৰা হয়, তেতিয়া উপন্যাসখনৰ মূল চৰিত্ৰবোৰে আৱিষ্কাৰ কৰে যে খনিটোৰ গভীৰতাত যুগ যুগ ধৰি এটা সৰু সম্প্ৰদায়ে বাস কৰি আহিছে। তাৰ পৰাই উপন্যাসখনে অন্য মাত্ৰা লাভ কৰে।
●ফেচিং দ্য ফ্লেগ- ফেচিং দ্য ফ্লেগ জুল ভাৰ্নৰ এনে এখন উপন্যাস, যিখন জুল ভার্নৰ ভয়েজ এক্সট্ৰাঅৰ্ডিনেৰিছ শৃংখলাৰ অংশ। ১৮৭৯ চনত প্ৰকাশিত এই উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে দেশপ্ৰেম। এই উপন্যাসখনত কেনেকৈ ফ্ৰান্সকে ধৰি সমগ্ৰ বিশ্বই এক ভয়ানক অস্ত্ৰৰ ভাবুকিৰ সন্মুখীন হয়, সেই কথা বৰ্ণনা কৰা হৈছে। ক’তো সেই অস্ত্ৰ বিক্ৰী কৰিব নোৱাৰি অস্ত্ৰৰ উদ্ভাৱকজন দিনক দিনে উন্মাদ হৈ পৰে। মূলতঃ কাহিনীভাগ আৰু শিহৰণকাৰী বৰ্ণনাৰ বাবে উপন্যাসখন অতিকৈ জনপ্ৰিয়।










