• Home
  • Education
  • গুগল নোটবুকএলএম : অধ্যয়নৰ আধুনিক সাৰথি

গুগল নোটবুকএলএম : অধ্যয়নৰ আধুনিক সাৰথি

notebook_LLM

স্বৰাজ ফুকন
প্ৰবক্তা
ডায়েট, ডিব্ৰুগড়


তথ্য-প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনশীল সময়ছোৱাত তথ্যৰ বিশাল ভাণ্ডাৰ গঢ়ি উঠিছে। কিন্তু তথ্যৰ প্ৰাচুৰ্যতাৰ সাগৰত আমি কেতিয়াবা দিশহাৰা হৈ নপৰা নহয়। তথ্য বিচাৰি পোৱাতকৈও সঠিক তথ্য সঠিক সময়ত বিচাৰি পোৱাটোহে আজিৰ সময়ৰ সবাতোকৈ ডাঙৰ প্ৰত্যাহ্বান। কল্পনা কৰক সেই ছাত্ৰজনৰ মানসিক অৱস্থা যিজনৰ পৰীক্ষা সমাগত অথচ তেওঁ পিডিএফ, ক্লাছ নোট আৰু সীমাহীন ইউটিউব ভিডিঅ’ৰ ডিজিটেল অৰণ্যত বাট বিচাৰি দিশহাৰা হৈ পৰিছে। সমলৰ বিশালতাৰ মাজত কি পঢ়িব, ক’ৰ পৰা আৰম্ভ কৰিব সেয়া ভাবোঁতেই তেওঁৰ বহুখিনি সময় অপচয় হয়।

এনে মানসিক চাপযুক্ত পৰিস্থিতিত গুগলৰ অভিনৱ সৃষ্টি ‘নোটবুকএলএম’ (NotebookLM) আশীৰ্বাদস্বৰূপ হৈ ধৰা দিছে। এই কৃত্ৰিম বুদ্ধিমত্তাৰ প্লেটফৰ্মটোৱে অধ্যয়নৰ পৰম্পৰাগত ধাৰণাটোকেই সলনি কৰি দিছে। তথ্যৰ দ্ৰুতবেগী প্ৰবাহৰ মাজত বিশৃংখল হৈ থকা নোটসমূহ সুশৃংখলিত কৰি ৰখাটো বৰ্তমানৰ শিক্ষাৰ্থীসকলৰ বাবে অন্যতম প্ৰত্যাহ্বান। পৰম্পৰাগত নোটবুকত সকলো তথ্য নিখুঁতকৈ ধৰি ৰখাৰ সীমাবদ্ধতাৰ বাবে গুগলৰ ‘নোটবুকএলএম’ কাৰ্যকৰী ব্যক্তিগত শিক্ষা-সহায়ক তথা ব্যতিক্ৰমী সমাধান ৰূপে জনপ্ৰিয় হৈছে। অন্য কৃত্ৰিম বুদ্ধিমত্তাৰ বিপৰীতে ‘নোটবুকএলএম’ৰ স্বকীয় বৈশিষ্ট্য আছে। ই অন্য কৃত্ৰিম বুদ্ধিমত্তাৰ প্লেটফৰ্মসমূহৰ দৰে যিকোনো উৎসৰ পৰা তথ্য সংগ্ৰহ নকৰি কেৱল ব্যৱহাৰকাৰীয়ে যোগান ধৰা নথি-পত্ৰসমূহৰ ওপৰত ভিত্তি কৰিহে নিখুঁত বিশ্লেষণ আগবঢ়ায়। এই বিশেষত্বই নোটবুকএলএমক প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে নিৰ্ভৰযোগ্য আৰু অনন্য ব্যক্তিগত শিক্ষা-সহায়ক ৰূপে প্ৰতিষ্ঠিত কৰিছে। যিহেতু এই সমগ্ৰ প্ৰক্ৰিয়াটো ব্যৱহাৰকাৰীয়ে যোগান ধৰা তথ্যৰ ওপৰতহে আধাৰিত সেয়েহে ইয়াত ভুল বা বিভ্ৰান্তিকৰ উত্তৰ পোৱাৰ সম্ভাৱনা নগণ্য।

উদাহৰণস্বৰূপে, এজন শিক্ষাৰ্থীয়ে ইতিহাসৰ এটি জটিল বিষয় পঢ়িবলৈ চাৰিখন পৃথক গ্ৰন্থৰ সহায় লৈছে। এতিয়া প্ৰতিখন কিতাপৰ পৃষ্ঠা লুটিয়াই সময় নষ্ট কৰাৰ পৰিৱৰ্তে তেওঁ উক্ত গ্ৰন্থসমূহৰ পিডিএফ নোটবুকএলএমত আপল’ড কৰি মাত্ৰ এটা প্ৰশ্নৰ জৰিয়তেই আটাইকেইখন কিতাপৰ একত্ৰিত সাৰাংশ লাভ কৰিবলৈ সক্ষম হ’ব। নোটবুকএলএমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য ইয়াৰ ‘Audio Overview’। চলমান সময়ত বহু শিক্ষাৰ্থীয়ে পঢ়াতকৈ শুনি তথ্য আহৰণ কৰিবলৈ অধিক স্বাচ্ছন্দ্য অনুভৱ কৰে। নোটবুকএলএমৰ এই বৈশিষ্ট্যৰ সহায়ত দীঘলীয়া আৰু জটিল নোটসমূহক কথোপকথনমূলক প’ডকাষ্টলৈ ৰূপান্তৰ কৰিব পাৰি। ইয়াৰ ফলত যাত্ৰা কৰি থকাৰ সময়ত বা অন্য কামৰ মাজতো হেডফোন ব্যৱহাৰ কৰি পাঠ্যক্ৰমৰ পুনৰীক্ষণ (Revision) কৰাটো সম্ভৱ হৈ পৰে। পৰম্পৰাগত শিক্ষা পদ্ধতিত এনে নমনীয়তা সচৰাচৰ দেখা নাযায়। অডিঅ’ বৈশিষ্ট্যৰ উপৰি নোটবুকএলএমৰ আন এক উল্লেখনীয় দিশ হ’ল উৎসৰ উদ্ধৃতি (Citations) প্ৰদানৰ ক্ষমতা। গতানুগতিক কৃত্ৰিম বুদ্ধিমত্তাৰ মাধ্যমসমূহে ব্যৱহাৰকাৰীক সাধাৰণতে তথ্যৰ উৎস উল্লেখ নকৰাকৈ সঁহাৰি দিয়ে।

কিন্তু নোটবুকএলএমে প্ৰতিটো সঁহাৰিৰ সৈতে সংশ্লিষ্ট ফাইলৰ নিৰ্দিষ্ট পৃষ্ঠাৰ লিংক প্ৰদান কৰে। তথ্যৰ সত্যতা নিৰূপণ আৰু অতিৰিক্ত জ্ঞান আহৰণৰ ক্ষেত্ৰত এই সুবিধাই শিক্ষাৰ্থীসকলক পৰ্যাপ্ত সহায় কৰে। বিশেষকৈ গৱেষণাৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিবেদন প্ৰস্তুত কৰোতে সঠিক তথ্য বিচাৰি উলিওৱাত এয়া অপৰিহাৰ্য সঁজুলি হৈ পৰিছে। অধ্যয়নৰ লগতে আত্মমূল্যায়নৰ বাবেও নোটবুকএলএম অনন্য মাধ্যম। নোটবুকএলএমে এইক্ষেত্ৰত শিক্ষাৰ্থীক এজন ডিজিটেল গৃহশিক্ষকৰ দৰে সহায় কৰিব পাৰে। ই ব্যৱহাৰকাৰীয়ে প্ৰদান কৰা উৎসসমূহৰপৰা স্বয়ংক্ৰিয়ভাৱে চুটি (MCQ) বা দীঘল প্ৰশ্ন প্ৰস্তুত কৰি ব্যৱহাৰকাৰীৰ দুৰ্বলতাসমূহ মূল্যায়ন কৰাত সহায় কৰে। এই ধৰণে নিয়মীয়াকৈ অনুশীলন কৰিলে পৰীক্ষাৰ বাবে প্ৰয়োজনীয় আত্মবিশ্বাস আৰু মানসিক দৃঢ়তা স্বাভাৱিকভাৱেই গঢ়ি উঠে।

নোটবুকএলএমৰ আন এক আকৰ্ষণীয় বৈশিষ্ট্য হ’ল ‘মাইণ্ড মেপ’ প্ৰস্তুত কৰাৰ ক্ষমতা। এই সুবিধাই আপল’ড কৰা উৎসসমূহৰ পৰা স্বয়ংক্ৰিয়ভাৱে দৃশ্যমান মাইণ্ড মেপ প্ৰস্তুত কৰি জটিল বিষয়সমূহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কসমূহ অতি সহজতে বুজি উঠাত সহায় কৰে। তদুপৰি এজন ব্যৱহাৰকাৰীয়ে নিজৰ প্ৰয়োজন অনুসৰি প্ৰতিটো নোটবুকত সৰ্বাধিক পঞ্চাছটালৈকে তথ্যৰ উৎস (Sources) আপল’ড কৰি এক সমৃদ্ধ ব্যক্তিগত ডিজিটেল লাইব্ৰেৰী গঢ়ি তুলিব পাৰে।

এইখিনিতে বহুতৰে মনত প্ৰশ্ন উদয় হ’ব পাৰে যে এই সুবিধাসমূহ লাভৰ বাবে কোনো বিশেষ কাৰিকৰী দক্ষতাৰ আৱশ্যক নেকি। প্ৰকৃততে ইয়াৰ ব্যৱহাৰ অতি সহজ আৰু যিকোনো লোকেই ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰে। ই অত্যন্ত ব্যৱহাৰকাৰী-অনুকূল। এই শক্তিশালী মাধ্যমটোৰ ব্যৱহাৰ বিধি তেনেই সহজ আৰু সুলভ হোৱাৰ বাবে যিকোনো শিক্ষাৰ্থীয়ে অতি কম সময়ৰ ভিতৰতে আয়ত্ত কৰি ল’বলৈ সক্ষম। ব্যৱহাৰ আৰম্ভ কৰিবলৈ কম্পিউটাৰ বা ম’বাইলৰ ব্ৰাউজাৰত গৈ নোটবুকএলএমৰ অফিচিয়েল ৱেবছাইট (https://notebooklm.google/) খুলি নিজৰ গুগল একাউণ্টেৰে লগ-ইন কৰিব লাগিব।

পৰৱৰ্তী পদক্ষেপত ‘নিউ নোটবুক’ (New Notebook)ত ক্লিক কৰি নিজৰ পঢ়াৰ সমলসমূহ যেনে পিডিএফ ফাইল, গুগল ডক্‌ছ, গুগল শ্লাইড বা কোনো ৱেবছাইটৰ লিংক ‘এড চ’ৰ্ছ’ বুটামটো ব্যৱহাৰ কৰি সহজে আপল’ড কৰিব পাৰে। এই উৎসসমূহ সংযোগ কৰাৰ পৰৱৰ্তী পৰ্যায়ত চাট বক্সৰ জৰিয়তে যিকোনো প্ৰশ্ন সুধিব পাৰে আৰু নোটবুকএলএমে মুহূৰ্তৰ ভিতৰতে ইতিমধ্যে আপল’ড কৰা ফাইলসমূহৰ পৰা তথ্য বিচাৰি উত্তৰটো প্ৰস্তুত কৰি দিব। প্ৰকৃততে এই সহজ ব্যৱহাৰ বিধিয়েই নোটবুকএলএমক আজিৰ দ্ৰুতবেগী শৈক্ষিক জীৱনৰ বাবে অধিক অপৰিহাৰ্য কৰি তুলিছে।

এইখিনিতে বিশেষভাৱে উল্লেখযোগ্য যে নোটবুকএলএম সম্পূৰ্ণ বিনামূলীয়া। যিকোনো গুগল একাউণ্টধাৰীয়ে কোনো মাচুল নিদিয়াকৈ এই সেৱা ব্যৱহাৰ কৰিব পাৰে। গুগলে ‘নোটবুকএলএম প্লাছ’ নামৰ প্ৰিমিয়াম সংস্কৰণো আগবঢ়াইছে যদিও সাধাৰণ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া সংস্কৰণেই যথেষ্ট। অৱশ্যে এই মাধ্যমটোৰ কিছু সীমাবদ্ধতাও আছে। বৰ্তমান নোটবুকএলএমে প্ৰধানকৈ ইংৰাজী ভাষাত সঁহাৰি দিয়ে। অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলে ইয়াক মূলতঃ ইংৰাজী বিষয়বস্তুৰ বাবে কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ উপৰি ব্যক্তিগত নথিপত্ৰসমূহ গুগলৰ চাৰ্ভাৰত আপল’ড কৰাৰ আগতে ব্যৱহাৰকাৰীয়ে গোপনীয়তাৰ বিষয়টো মনত ৰখা উচিত। এই সেৱাৰ ব্যৱহাৰৰ বাবে নিৰৱচ্ছিন্ন ইণ্টাৰনেট সংযোগো অপৰিহাৰ্য। আজিৰ প্ৰতিযোগিতামূলক যুগত সফলতাৰ চাবিকাঠি হ’ল সময়ৰ সঠিক পৰিচালনা।

বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে একেসময়তে একাধিক প্ৰকল্প আৰু পৰীক্ষাৰ বোজা চম্ভালিবলগীয়া হোৱা পৰিস্থিতিত মানসিক চাপত ভোগাটো স্বাভাৱিক। এনে সন্ধিক্ষণত গুগল নোটবুকএলএম (NotebookLM) নিৰ্ভৰযোগ্য সহযোগী হিচাপে থিয় দিয়ে। ই তথ্যৰ বিশাল ভাণ্ডাৰৰ পৰা প্ৰয়োজনীয় সমলসমূহ ক্ষিপ্ৰতাৰে বিচাৰি উলিয়াই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক বোজা লাঘৱ কৰে। সময় ৰাহি কৰাৰ উপৰিও এই আধুনিক প্ৰযুক্তিয়ে জ্ঞান আহৰণৰ গতানুগতিক ধৰণটোকেই অধিক সৃজনীশীল কৰি তুলিছে। বৰ্তমানৰ ডিজিটেল যুগত সফল শিক্ষাৰ্থী হিচাপে নিজকে গঢ়ি তুলিবলৈ এনে বুদ্ধিদীপ্ত সাৰথিৰ সহায় লোৱাটো নিতান্তই অপৰিহাৰ্য। সফলতাৰ যাত্ৰাত স্মাৰ্ট অধ্যয়নৰ কোনো বিকল্প নাই আৰু নোটবুকএলএম সেই পথৰ বিশ্বাসযোগ্য পথপ্ৰদৰ্শক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top