ডেইজী গগৈ
জিলা মিডিয়া বিশেষজ্ঞ
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়
স্নেপশ্বট: ১
: বাইদেউ! বৰ সমস্যাত পৰিছোঁ আমি।
হঠাত্ টেঙাখাটৰ ব্লক কমিউনিটি ম’বিলাইজাৰ উচ্চজিতৰ ফোন মোলৈ।
: কোৱাচোন কি সমস্যা?
: “বাইদেউ আমাৰ ব্লকৰ হাতীবন্ধা স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ (এতিয়া আয়ুষ্মান আৰোগ্য মন্দিৰ) হাতীবন্ধা গাঁৱৰ নয়নমণি (নাম সলাই দিয়া হৈছে) নামৰ মহিলা এগৰাকীকলৈ বৰ চিন্তিত হৈ আছোঁ আমি। বাইদেউ! মানুহগৰাকী বিশেষভাৱে সক্ষম আৰু সহায় অবিহনে একেবাৰেই চলা-ফিৰা কৰিব নোৱাৰে। তেওঁ এতিয়া সন্তান সম্ভৱা। আমাৰ এতিয়া ভীষণ চিন্তা হৈছে। কিবাকৈ যদি তেওঁৰ অথবা সন্তানটিৰ ‘কিবা’ এটা হয়, তেন্তে কি হ’ব? মই, ৰশ্মি বাইদেউ (মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া) মেধি দাই (খণ্ড আঁচনি প্ৰৱন্ধক) ইতিমধ্যে তেওঁৰ ঘৰলৈ গৈ তেওঁক, তেওঁৰ স্বামী আৰু মাকক কেইবাবাৰো বুজালোঁ যে এনে অৱস্থাত গৰ্ভধাৰণ তেওঁৰ আৰু তেওঁৰ অনাগত সন্তানটিৰ বাবে বিপদজনক হ’ব পাৰে। কিন্তু বাইদেউ তেওঁ নাচোৰবান্দা আৰু তাইৰ ঘৰৰ বাটপথ, যাতায়াতৰ বাবে একেবাৰেই সুচল নহয়। এনে অৱস্থাত তাই যদি নিয়মীয়া প্রাক প্রসৱ পৰীক্ষাসমূহ কৰিবলৈ নাহে তেন্তে আৰু জটিলতাৰ উদ্ভৱ হ’ব পাৰে আৰু যদি ‘কিবা’ এটা হয় তেন্তে বৰ বেয়া কথা হ’ব। গতিকে বাইদেউ আমাক আপোনাৰ জিলা পখিলা গোটৰ সহায় লাগে।”
উচ্চজিতৰ পৰা পোৱা ফোনটোত স্বাভাৱিকতেই চিন্তিত হৈ পৰিলোঁ। তেওঁ বাৰে বাৰে উচ্চাৰণ কৰা এই ‘কিবা এটা’ হোৱা শব্দকেইটাৰ অন্তনিহিত অর্থটো মোৰ বুজিবলৈ হীন দেৰী নালাগিল। আমি যিকোনো কাৰণ বা পৰিস্থিতিতে মাতৃ অথবা শিশুৰ মৃত্যু কিম্বা আন যিকোনো জটিলতাৰ উদ্ভৱ হ’বলৈ দিব নোৱাৰোঁ। ততাতৈয়াকৈ আমাৰ জিলা পখিলা গোটৰ সদস্য সকলক যোগাযোগ কৰা হ’ল। ব্লকৰ পখিলা গোট আৰু হাতীবন্ধা আয়ুস্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্য কর্মীসকলক উপস্থিত হ’বলৈ কৈ আমি ওলালোগৈ নয়নমণিৰ ঘৰ। ইতিমেধ্য স্থানীয় ৱার্ড মেম্বাৰ গৰাকীকো খবৰ দিয়া হৈছিল। নয়নমণিক দেখা মাত্রকে আমিও চিন্তিত হৈ পৰিলোঁ। লাখুটিৰ ভৰ নহ’লে বা আনৰ সহায় অবিহনে চলা ফিৰা কৰিবলৈ অপাৰগ ছোৱালীজনীয়ে অনাগত ৯ মাহলৈ সন্তান ধাৰণ কৰি সুস্থ আৰু সুৰক্ষিত ভাৱে প্রসৱ কৰিবলৈ সমর্থ হ’বনে এই চিন্তাত আমি জিলা পখিলা গোটৰ সদস্য সকলো মনে- মনে শংকিত হৈ পৰিছিলোঁ। অৱশ্যেই আমাৰ মনৰ শংকাক বেকত নকৰি নয়নমণি আৰু তেওঁৰ স্বামীক একাষৰীয়াকৈ লৈ সন্তানটি জন্ম দিবৰ বাবে তেওঁলোক কিমান ইচ্ছুক সুধিলোঁ। অন্যথা সুৰক্ষিত গর্ভপাত বা MTP ৰো যে ব্যৱস্থা আছে আৰু ই সম্পূর্ণ নিৰাপদ সেই সন্দৰ্ভতো পৰামৰ্শ প্রদান কৰিলোঁ। কিন্তু নয়নমণি নাচোৰবান্দা। তাই যিকোনো কথাৰ বিনিময়ত, যি কোনো পৰিস্থিতিতে সন্তানটি জন্ম দিবই। ইতিমধ্যে ব্লকৰ তৰফৰ পৰা মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ ৰশ্মি ঠাকুৰীয়াৰ নেতৃত্বত যোৱা পখিলা গোটৰ সদস্যসকলেও এই বিষয়ে নয়নমণিক বুজাবলৈ যত্ন কৰিছিল। তেতিয়াও তাই নিজৰ মততে অটল আছিল। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত আৰু তাইৰ মানসিক স্থিতিলৈ চাই আমি সেই সময়ত তাইৰ সিদ্ধান্ত আৰু মৌলিক স্বাধীনতাক সম্মান জনোৱাই শ্রেয় বুলি ভাবিলোঁ। কিন্তু আন এটা চিন্তাই এইবাৰ মনত দোলা দিলে। যিহেতু তাইৰ ঘৰৰ বাট-পথ যাতায়াতৰ বাবে সুচল নহয় আৰু তাই সহায় অবিহনে খোজ কাঢ়িবলৈ অক্ষম তেনে স্থলত তাই বাৰু আটাইকেইটা প্রাক প্রসৱ স্বাস্থ্য পৰীক্ষা কিম্বা আলট্রাচন’গ্রাফী বা আন যাৱতীয় পৰীক্ষাসমূহ কৰিবলৈ যাব নে আৰু যদিহে এটাও স্বাস্থ্য পৰীক্ষা ৰৈ যায় বা যথা সময়ত প্ৰসৱৰ বাবে চিকিৎসালয়লৈ যাবলৈ অসমর্থ হয় তেন্তে পৰিস্থিতি আৰু অধিক জটিল নহ’বনে? এইবাৰ সেয়ে নয়নমণি, তেওঁৰ স্বামী আৰু মাতৃক প্রাক প্রসৱ পঞ্জীয়ন আৰু স্বাস্থ্য পৰীক্ষাৰ গুৰুত্ব সন্দৰ্ভত খৰচি মাৰি বুজোৱা গ’ল। নয়নমণিয়েও বাৰু আমাক আশ্বাস দিয়ে যে তাই সকলো প্রাক প্রসৱ স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাব। কিন্তু তথাপিও পখিলা গোটৰ সদস্যসকল আশ্বস্ত হ’ব পৰা নাছিল। কিয়নো তাইৰ ঘৰৰ বাট পথৰ অৱস্থা চায় তাইযে স্বাস্থ্য পৰীক্ষা কৰিবলৈ যাব পাৰিব বা এখন ১০৮ এম্বুলেঞ্চ তাইৰ ঘৰলৈ আহিব পাৰিব তাত সন্দেহ উপজিছিল। গতিকেএইবাৰ হাতীবন্ধা আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্যকর্মী সমন্বিতে পখিলা গোটৰ সদস্যসকলে সহায়ৰ বাবে কাষ চাপিল স্থানীয় ৱার্ড মেম্বাৰ গৰাকীৰ। তেখেতক আটাইসমূহ কথা বুজাই বঢ়াই কোৱা গ’ল আৰু তেওঁও ৱার্ড মেম্বাৰৰ লগত থকা পুঁজিৰে নয়নমণিৰ ঘৰৰ বাট টি যাতায়াতৰ বাবে সুচল কৰি দিব বুলি আশ্বাস দিয়ে। সেই মর্মে তেওঁ প্রায় ১.৫ কিঃমিঃ পথ মেৰামতি কৰি যাতায়াতৰ বাবে উপযোগী কৰি তোলে। হাতীবন্ধা আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্যকর্মীৰ তৎপৰতাত পিছৰ পৰ্যায়ত তাইৰ সকলো প্রাক প্ৰসৱ পৰীক্ষা সুকলমে হৈ যায়। যথাসময়তে প্রসৱৰ দিন অহাত ১০৮- এম্বুলেঞ্চ সেৱাৰে নয়নমণিক অসম চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয় আৰু এটি ল’ৰা সন্তান নয়নমণিয়ে সুকলমে জন্ম দিয়ে। বর্তমান নয়নমণিৰ দুবছৰীয়া সন্তানটি সম্পূর্ণ সুস্থ আৰু নিৰোগী l
স্নেপশ্বট: ২
: নাই… মই নাই যাম।
: কিন্তু কিয়? ইমান এটা ডাঙৰ অপাৰেশ্যন হৈ যোৱাৰ পিছত আৰু কিবা অসুবিধা আছে নেকি জানিবলৈ তুমি ল’ৰাটোক অপাৰেশ্যন কৰা ডাক্তৰ ছাৰৰ ওচৰলৈ এবাৰ নিব লাগিব। তাতে জন্মৰ পৰা সি বেজী এটাও লোৱা নাই। তাৰ আগলৈ যদি আৰু অসুবিধা হয় তেতিয়া তুমি কি কৰিবা? তুমি ডাক্তৰ চাৰৰ ওচৰলৈ তাক লৈ যোৱা।
: নাই ৰে, ফিৰ ভি নাই যাব।
: কিন্তু কিয়?
: যাইকলেই মন নাইখে।
এয়া ডিব্ৰুগড় জিলাৰ টিংৰাই আয়ুষ্মান আৰোগ্য মন্দিৰৰ এ.এন.এম মনোৰমা ফুকন আৰু টিংৰাই অঞ্চলৰে নদীকাষৰীয়া আৰু অতি দুর্গম, বাট-পথহীন পাণবাৰী গাঁওৰ অজয় কিষাণ (নাম সলনি কৰা হৈছে।) ৰ মাজৰ বাৰ্তালাপ। এই বাৰ্তালাপৰ আঁৰৰ কথা জানিবলৈ ঘূৰি যাব লাগিব ইয়াৰ পৃষ্ঠভূমিলৈ। দৰাচলতে অজয় কিষাণৰ পত্নী সত্যভামা (নাম সলনি কৰা হৈছে) কৃষাণে ২০২২ বৰ্ষৰ ২৩ জানুৱাৰী তাৰিখে অসম চিকিৎসা মহাবিদ্যালয়ত এটি ল’ৰা সন্তানৰ জন্ম দিয়ে। জন্মতে শিশুটিৰ ওজন আছিল ২.৩৫ কিঃগ্রাম কিন্তু চিকিৎসালয়ৰ পৰা ঘুৰি অহাৰ পিছত শিশুটিৰ ওজন ক্রমান্বয়ে কমি অহা লক্ষ্য কৰে আশাই। পঞ্চমটি গৃহভিত্তিক সাক্ষাতলৈ যাওঁতে স্থানীয় আশা মালতী ৰুহি দাসে শিশুটিক ভালদৰে পৰ্যবেক্ষণ কৰি পেটত এটি টেমুনা থকাৰ দৰে উমান পায় আৰু ইয়াৰ পিছতে আৰম্ভ হয় আন এখন সংঘৰ্ষৰ। এইবাৰ টিংৰাই আয়ুষ্মান আৰোগ্য মন্দিৰৰ সামূহিক স্বাস্থ্য বিষয়াকে ধৰি সমূহ স্বাস্থ্য কর্মী অজয়ৰ ঘৰত উপস্থিত হয় আৰু কণমাণিটিক ততাতৈয়াকৈ চিকিৎসকৰ ওচৰলৈ লৈ যাবলৈ বুজনি দিয়ে। কিন্তু অজয় নিজৰ মতত অলৰ অচৰ। চিকিৎসকৰ ওচৰলৈ নাযায়। অৱশেষত তৃণমূল পৰ্যায়ৰ পখিলাগোটৰ কৰ্মীসকল প্ৰমুখ্যে CHO, আশা, এ.এন.এম. বাইদেউসকলে বুজায়-বঢ়াই অজয়ক চিকিৎসালয়লৈ যাবলৈ সৈমান কৰায়। অজয়ে নিজাববীয়াকৈয়ে তিনিচুকীয়াৰ AM মেডিকেললৈ (নাম উহ্য ৰখা হৈছে) যোৱাৰ কথা কয়। চিকিৎসকৰ কাষ চপাৰ পিছতে শিশুটি IPHS (Infartile Hypertrophic pylotic Stenosis) ত আক্রান্ত হোৱাৰ কথা পোহৰলৈ আহে। অৱশ্যে পখিলাগোটৰ সময়োপযোগী নেৰানেপেৰা পদক্ষেপৰ বাবে কণমাণিটিৰ অস্ত্রোপচাৰ সুকলমে সম্পন্ন হয় আৰু নিৰাপদে কণমাণিটি পিতৃ-মাতৃ সহিতে ঘৰলৈ ঘূৰি আহে। ইয়াৰ পিছত আৰম্ভ হয় আন এক পৰ্বৰ। এইবাৰ অজয় আৰু তেওঁৰ পত্নী কোনোপধ্যেই মান্তি নহয় অস্ত্রোপচাৰৰ পিছত পুনৰীক্ষণৰ বাবে কণমাণিটিক চিকিৎসকৰ ওচৰলৈ Follow upৰ বাবে নিবলৈ। আনহাতে তেতিয়ালৈ শিশুটিৰ টীকাকৰণো আগবঢ়া নাছিল। প্রত্যেকবাৰেই বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকে চিকিৎসকৰ ওচৰলৈ যোৱা আৰু টীকাকৰণৰ পৰা বিৰত আছিল। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত পুনৰ এবাৰ পখিলা গোটৰ সদস্য সমন্বিতে স্বাস্থ্য কেন্দ্রটিৰ আটাইসকল স্বাস্থ্যকর্মী অজয়ৰ ঘৰত উপস্থিত হয় আৰু অস্ত্রোপচাৰ সম্পন্ন কৰা চিকিৎসকজনৰ সৈতে ফোনযোগে কথা পতাই দি পুনৰীক্ষণ বা Follow up ভিজিটব প্রয়োজনীয়তা তথা টীকাকৰণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। এনেকি, আশাকর্মী মালতী ৰুহি দাসে তেওঁলোকক নির্দিষ্ট চিকিৎসক জনৰ ওচৰলৈ লৈও যায়। চিকিৎসকে যাৱতীয় পৰীক্ষা সম্পন্ন কৰাৰ পিছত কণমাণিটো সম্পূর্ণ বিপদমুক্ত বুলি জানিবলৈ দি টীকাকৰণৰ পৰামর্শ দিয়ে। কিন্তু ইয়াৰ পিছতো অজয় আৰু অজয়ৰ পত্নীয়ে সন্তানটিৰ টীকাকৰণৰ বাবে স্বাস্থ্যকেন্দ্ৰ বা গ্রাম্য স্বাস্থ্য পৰিপুষ্টি দিৱসত উপস্থিত নহয়গৈ। অৱশেষত উপায়ন্তৰ হৈ টিংৰাই আৰু ব্লক পখিলাগোটে জিলা পখিলা গোটক খবৰ দিয়ে। ঘটনাৰ বুৰঞ্জী ক্রম জানিবলৈ পাৰি ব্লক আৰু জিলা পখিলা গোট গৈ পাণবাৰীত উপস্থিত হয়। সমূহ স্থানীয় ৰাইজ, গাঁওবুঢ়া আৰু স্থানীয় ৱার্ড মেম্বাৰকো সেই একেদিনাই আমন্ত্রণ জনোৱা হয় আৰু আয়োজন কৰা হয় এখন সজাগতা সভাৰ। সভাখনিত টীকাকৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰা হয় আৰু সমূহ ৰাইজৰ উপস্থিতিত শিশুটিৰ টীকাকৰণ কৰিবৰ বাবে অজয় আৰু সত্যভামাক সৈমান কৰোৱা হয়। অৱশেষত পখিলাগোটৰ নেৰানেপেৰা প্ৰচেষ্টাত অজয় আৰু তেওঁৰ পৰিবাৰে শিশুটিৰ টীকাকৰণ কৰিবলৈ স্বাস্থ্যকেন্দ্রলৈ লৈ যায়। বর্তমান অজয়ৰ শিশুটি পাবলগীয়া সমূহ টীকা গ্ৰহণ কৰি সম্পূৰ্ণ সুস্থ|
স্নেপশ্বট: ৩
তাইৰ নাম পিংকী কৰ্মকাৰ (নাম গোপনে ৰখা হৈছে)|
ঘৰ ডিব্ৰুগড়ৰ খেৰমীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ অন্তৰ্গত বালিজান চাহ বাগিচাৰ সমীপৰ বালিজান গাঁৱত। ২০২২ বৰ্ষৰ ২০ আগষ্টত পিংকীয়ে ১.২ কিঃগ্রাঃ ওজনৰ এটি সন্তান জন্ম দিয়ে। নৱজাতকটিৰ ওজন দেখি স্থানীয় খেৰমীয়া আয়ুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্যকর্মীসকল স্বাভাৱিকতেই চিন্তিত হৈ পৰিছিল। সেয়েহে তেওঁলোকে পিংকী আৰু তেওঁৰ স্বামীক শিশুটিক ততাতৈয়াকৈ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেলত ভর্তি কৰোৱাৰ দিহা দিয়ে। আর্থিক দীনতাত ভোগা পিংকী আৰু স্বামীৰ সন্তানটিক চিকিৎসালয়ত ভর্তি কৰাবলৈ নাছিল ইচ্ছা কিম্বা সমীচিন জ্ঞান। সেয়েহে সম্পূর্ণ অনীহাৰে তেওঁলোকে বিষয়টোক এৰাই চলিছিল। কিন্তু আমাৰ স্বাস্থ্যকর্মীসকলৰ বাবে এয়া এৰাই চলিব পৰা বিষয় কদাপি নাছিল। খেৰমীয়া স্বাস্থ্য কেন্দ্ৰৰ সমূহ স্বাস্থ্যকর্মীয়ে তেওঁলোকক চিকিৎসালয়লৈ যাবলৈ অহৰহ প্রেৰিত কৰাৰ লগতে কাউন্সেলিং দিয়ে। কিন্তু তেওঁলোক কোনোপধ্যেই মান্তি নহয়। অৱশেষত উপায়ন্তৰ হৈ তেওঁলোকে ব্লক পখিলা গোটৰ সদস্য সকলক খবৰ দিয়ে। একেদৰে ব্লকৰ পৰাও পাৰ্যমানে চেষ্টা কৰাৰ পিছত সফল নোহোৱাত ব্লকৰ পৰা জিলা পৰ্যায়ৰ পখিলাগোটলৈ খবৰ দিয়া হয়। অৱশেষত ব্লক পখিলাগোটৰ সদস্যসকল, জিলা পৰ্যায়ৰ পখিলা গোটৰ সদস্যসকলৰ উপস্থিতিত আৰু খেৰমীয়া স্বাস্থ্যকেন্দ্রব স্বাস্থ্যকর্মীসকলৰ নেৰানেপেৰা বুজনি আৰু কাউন্সেলিঙৰ অন্তত ১০৮ এম্বুলেঞ্চেৰে তেওঁলোক গৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভর্তি হয়। কিন্তু হস্পিতেলত মাত্র দুটা দিন থাকিয়ে ঘৰলৈ সন্তানসহ ঘূৰি আহে পিংকী। ইতিমধ্যে প্ৰসৱৰ পিছতে আন কেতবোৰ আনুসংগিক কাৰণত পিংকীৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে আৰু সন্তানটিক স্তনপান কৰোৱাবলৈ সম্পূর্ণৰূপে অসমর্থ হৈ পৰে। এইবাৰ পখিলাগোটৰ সদস্যসকলৰ বাবে উদ্ভৱ হয় আন এক প্রত্যাহ্বান। পিংকীৰ সন্তানটি জন্মৰে পৰাই কম ওজনৰ। গতিকে মাতৃদুগ্ধ শিশুটিৰ বাবে মহৌষধ। আনহাতে মাতৃ পিংকী দুগ্ধপাণ কৰাবলৈ অপাৰগ। তেনেতেই পখিলা গোটে সন্ধান পায় পিংকীৰ চুবুৰীয়া আৰু সদ্য-মাতৃত্বপ্রাপ্ত ৰাধিকা তাঁতীৰ। এইবাৰ পখিলা গোটৰ সদস্যসকল ৰাধিকাৰ কাষ চাপে আৰু ৰাধিকাক পিংকীৰ সন্তানটিক দুগ্ধপাণ কৰাবৰ বাবে অনুৰোধ কৰে। অতিকৈ সুখৰ কথা যে পখিলা গোটৰ কাউন্সেলিং আৰু বুজনিৰ বাবেই ৰাধিকাই কেৱল দুগ্ধপাণ কৰোৱাবৰ বাবেই নহয় শিশুটিক নিজৰ বুকুৰ উম দি কেংগাৰু মাডাৰ কেয়াৰ দিবৰ বাবেও মান্তি হয়। অৱশেষত খেৰমীয়া আষুষ্মান আৰোগ্য মন্দিৰৰ স্বাস্থ্যকর্মী, ব্লক আৰু জিলা পৰ্যায়ৰ পখিলাগোটৰ সংঘবদ্ধ আৰু ঐকান্তিক প্রচেষ্টাৰ অন্তত আৰু ৰাধিকাৰ সহযোগত পিংকীৰ সন্তানটিয়ে প্রাণ পায় উঠে। সন্তানটিৰ ওজন ক্রমাগত ভাৱে বৃদ্ধি পায়। এতিয়া চাৰি বছৰত ভৰি দিয়া পিংকীৰ সন্তানটি সম্পূর্ণ সুস্বাস্থ্যবান আৰু নিৰোগী।
ওপৰত উল্লেখ কৰা এই তিনিটি ঘটনাক্রম ডিব্ৰুগড় জিলাৰ পখিলাগোটে সম্বোধন কৰা বহু ঘটনাৰ প্রতিবিম্বহে মাথোন। দৰাচলতে দেখাত সাধাৰণ যেন লাগিলেও সেই মুহুৰ্তবোৰত এই ঘটনাসমূহ স্বাস্থ্যকর্মীৰ বাবে একোখন যুদ্ধতকৈ কোনো গুনেই কম নহয়। কিন্তু ‘পখিলা’ৰ ধাৰণাক কাৰ্যকৰী কৰাৰ পিছত এই যুদ্ধ সমূহত সামূহিকভাবে অৱতীর্ণ হোৱাটো কিছু সহজ হৈ পৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে পৰামৰ্শদান প্রক্রিয়াটোক সংঘবদ্ধ আৰু সু সংগঠিত কৰি পৰামৰ্শদানৰ কাৰ্যকাৰিতা আৰু ফলপ্রসূতা বৃদ্ধি কৰিবৰ বাবে ৰূপায়ণ কৰা পখিলা কাৰ্যসূচীৰ সফল ৰূপায়ণ হৈছে ডিব্রুগড় জিলাত। তৃণমূল তথা ব্লক, জিলা পর্যায়ত গঠিত পখিলা গোটৰ জৰিয়তে স্বাস্থ্যসেৱা লাভৰ প্রতি চূড়ান্ত অনীহা থকা বহুলোকক জিলাখনত স্বাস্থ্যসেৱাৰ আওতালৈ আনিবলৈ সক্ষম হৈছে।
ডিব্রুগড় জিলাত এই পখিলাগোটৰ কাৰ্যাৱলী সমূহ আলোকপাত কৰিব পাৰি এইদৰে-
১) যিকোনো স্বাস্থ্যসেৱাৰ প্রতি উদাসীন ব্যক্তিক পৰামৰ্শ প্রদানেৰে স্বাস্থ্য সেৱাক গ্রহণ কৰিবলৈ উদ্বুদ্ধ কৰা।
২) মানসিক স্বাস্থ্য সম্পর্কে সজাগতা সৃষ্টি কৰা আৰু কাউন্সেলিং প্রদান কৰা।
৩) শিক্ষা, তথ্য আৰু যোগাযোগৰ (IEC)ৰ বিভিন্ন আহিলা তথা কাউন্সেলিঙৰ মাধ্যমেৰে জনসচেতনতা বৃদ্ধি কৰা আৰু পৰামর্শ প্রদান কাৰ্যসূচীৰ জৰিয়তে ব্যক্তিক স্বাস্থ্যজনিত এক শুদ্ধ সিদ্ধান্তত উপনীত হ’বলৈ সমৰ্থ কৰা।
৪) পৰামৰ্শ প্ৰদানৰ জৰিয়তে প্রজনন, মাতৃ-নৱজাতকৰ স্বাস্থ্য শিশু আৰু কিশোৰৰ সু-স্বাস্থ্য সম্পর্কীয় বিভিন্ন কাৰ্যসূচীৰ কাৰ্যকাৰিতা বৃদ্ধি কৰা।
৫) স্থানীয় লোক আৰু সমূহৰ সদস্যসকলক জড়িত কৰাই (Community Engagement) যিকোনো স্বাস্থ্য সম্পর্কীয় প্রত্যাহ্বানৰ সদুত্তৰ উলিওৱা।
৬) সমাজত প্রচলিত স্বাস্থ্যকেন্দ্রিক কু-সংস্কাৰ, অনাৱশ্যকীয় ধ্যান ধাৰণা সমূহ আওঁৰাই বিজ্ঞান সম্মত মানসিকতা সৃষ্টি কৰি স্বাস্থ্য সম্পর্কীয় জনসচেতনতা বৃদ্ধিৰে স্বাস্থ্যসেৱাক সকলোৰে কাষলৈ লৈ যোৱা।
ডিব্রুগড় জিলাত মূলতঃ এই সমূহ কাৰ্যক্ৰমণিকাৰ ক্ষেত্ৰত কাম কৰি আছে পখিলা গোটসমূহে। প্রতিবাৰেই কোনো এজন অনভিজ্ঞ, স্বাস্থ্যৰ প্রতি অসচেতন-উদাসীন লোক অথবা এটা সমূহক বিজ্ঞান মনষ্কতাৰে সুস্বাস্থ্যৰ অমিয়া বাটৰ সন্ধান দিয়াৰ এই যাত্রা পখিলা গোটৰ সদস্যসকলৰ বাবে কোনোদিনেই মসৃণ নাছিল বা নহয়। অদ্যপি অজ্ঞানতা আৰু অসচেতনতাৰ কলীয়া ডাৱৰ আঁতৰাই আটাইৰে মাজত স্বাস্থ্য চেতনাক জগাই তুলিবলৈ ডিব্ৰুগড় জিলাৰ পখিলা গোট বদ্ধপৰিকৰ।
এপাহ ফুলৰ পৰা আন এপাহ ফুল বিচাৰি যিদৰে পখিলাই অহৰহ পৰিভ্ৰমণ কৰে, ঠিক একেদৰে আমাৰ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য খণ্ডতো এজাক পখিলাই সমস্যাগ্রস্ত, স্বাস্থ্যৰ প্রতি অসচেতন কিম্বা অনভিজ্ঞ এদল লোকক বিচাৰি অহৰহ পৰিভ্ৰমণ কৰে আৰু যেতিয়াই জিলাখনৰ কোনো এক প্রান্তীয় গাঁও, চাহ বাগিছাৰ লাইন নাইবা নগৰৰ কোনো এক গলিৰ পৰা স্বাস্থ্য সম্পর্কীয় জটিলতাত আৰ্তজন পৰাৰ খবৰ আহে, তেতিয়াই ততাতৈয়াকৈ তেওঁলোকৰ কাষত ঠিয় হয়গৈ আমাৰ পখিলাগোটৰ সদস্যসকল। শত-সহস্র ধুলিয়ৰি বাট বুলি, সাঁকো বগাই, নাও বায়, বাৰে বাৰে একে পথেৰে যাত্ৰা কৰিও নাভাগৰা এই পখিলা গোটৰ সদস্যসকল দৰাচলতে স্বাস্থ্যখণ্ডৰ একো একোজন অত্যন্দ্ৰ প্ৰহৰী, কেতিয়াও হাৰ নমনা অক্লান্ত সেনানী। স্বাস্থ্যসেৱাৰ প্ৰতি উদাসীন প্রতিটো মনক স্বাস্থ্য চেতনাৰে জাগ্ৰত কৰিবলৈ পখিলাগোটে কৰা এই যাত্রা ৰৌদ্রোজ্জ্বল, স্বাস্থ্য সচেতনতা সৃষ্টিৰ এই ৰৌদ্রোজ্জ্বল যাত্ৰাৰ গতি অবিৰাম.. অনিৰুদ্ধ। ডিব্ৰুগড় জিলাৰ স্বাস্থ্যখণ্ডত পখিলাগোটে সুস্বাস্থ্যৰ সু-বার্তা কঢ়িয়াই স্বাস্থ্যৰূপী পৰম ধনৰ উপহাৰ আৰ্তজনৰ জীৱনত বিলাই জ্যোতিষ্মান হৈ ৰওঁক, তাকেই কামনা কৰিলোঁ।










