• Home
  • Health
  • যোগ দিৱস আৰু ইয়াৰ তাৎপৰ্য

যোগ দিৱস আৰু ইয়াৰ তাৎপৰ্য

Image

ডাঃ নিতুল বৈশ্য
ফোনঃ ৭৮৯৬২৪৬০০১

যোগ বিদ্যাৰ জ্ঞান পাঁচ হাজাৰ বছৰ পুৰণি ভাৰতীয় বিজ্ঞান। শ্রুতি পৰম্পৰা অনুসৰি ভগৱান শিৱ যোগবিদ্যাৰ আদিগুৰু। হেজাৰ হেজাৰ বছৰ আগতে হিমালয় পর্বতৰ পাদদেশৰ কান্তি সৰোবৰৰ তীৰত আদিযোগী শিৱই যোগৰ গুঢ় জ্ঞান মহর্ষি সপ্তর্ষিক প্রদান কৰিছিল। গতিকে শিৱ হৈছে সর্বপ্রথম আৰু সর্বশ্রেষ্ঠ যোগী। হিন্দুধৰ্মৰ বেদ আৰু উপনিষদৰ লগতে মহাভাৰতৰ দৰে ধ্রুপদী গ্রন্থতো যোগৰ বিষয়ে উল্লেখ আছে। বৌদ্ধ আৰু জৈন ধৰ্মৰ গ্ৰন্থত যোগৰ সাৱলীল বৰ্ণনাই যোগৰ মহত্ব আৰু যোগ যে ধর্মীয় গোড়ামিৰ উর্দ্ধত – এই কথা সোঁৱৰাই দিয়ে। পিছৰ পৰ্যায়ত কুষান বংশৰ ৰজা কনিষ্কৰ ৰাজত্ব কালত প্রায় ২০০ খ্রীষ্টাব্দত মহর্ষি পতঞ্জলিয়ে যোগসুত্ৰৰ ৰচনাৰে যোগৰ প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে যোগদৰ্শনৰ সূচনা কৰে।

সংস্কৃত বাংময় অনুসৰি যোগ শব্দটো “যুজ” ধাতুৰ সৈতে “ঘঞ” প্রত্যয় সংযোগ হৈ নিস্পন্ন হৈছে।

পাণিনীয় ব্যাকৰণ অনুসৰি ই তিনিটা অৰ্থত ব্যৱহৃত হৈছে।

(১) যুজ সমাধো সমাধি

(২) যুজিৰ যোগ- সংযোগ

(৩) যুজ সংযমনে- সামঞ্জস্য

বিভিন্ন প্ৰকাৰৰ যোগৰ ভিতৰত ৰাজযোগ, হঠযোগ, জ্ঞানযোগ, ভক্তিযোগ, কর্মযোগ, কায়াযোগ আৰু ধ্যানযোগ আদি উল্লেখনীয়। সাধাৰণiতে প্রচলিত আৰু জনপ্রিয় যোগাভ্যাস সমূহে য়ম, নিয়ম, আসন, প্রাণায়াম, প্রত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি, বন্ধ আৰু মুদ্রা তথা ষটকর্ম আদিক সামৰি লয়।

য়ম প্ৰতিৰোধক আৰু নিয়ম অনুপালনীয়। সেয়েহে যোগচৰ্চাৰ আগতে য়ম পালন কৰিব লাগে আৰু যোগচৰ্চাৰ সময়ত নিয়মবোৰ সদায় মানি চলিব লাগে। আসন যোগৰ প্ৰধান অলংকাৰ। প্ৰাণায়ামে হাওঁফাওঁ সবলীকৰণৰ দ্বাৰা শ্বাস-প্রশ্বাসৰ স্বাভাৱিক গতি সুনিয়ন্ত্ৰিত কৰাৰ লগতে মানসিক সুস্থিৰতা বৃদ্ধি কৰে। ধ্যানৰ দ্বাৰাই মন আৰু শৰীৰ একত্ৰিত হয়। ধাৰণাই সুকর্ম সাধনৰ হকে মনক অগ্রগতি প্রদান কৰে। সমাধিত মন আৰু শৰীৰ কেন্দ্ৰীভূত হৈ শান্তিৰ সংযোগ ঘটায়। ষটকর্মই পার্থিব পঞ্চমহাভৌতিক শৰীৰৰ আভ্যন্তৰীণ বর্জিত পদার্থসমূহ নিষ্কাশন হোৱাত সহায় কৰে।

মন্ত্ৰজপ যোগৰ লগতে আয়ুর্বেদ শাস্ত্ৰৰো এক অনন্য অংগ তথা প্রাচীনতম চিকিৎসা পদ্ধতিৰ এক অভিন্ন অংশ। মন্ত্ৰজপে ইয়াৰ স্ব-প্ৰভাৱেৰে অন্তৰাত্মাক জাগ্রত কৰি মানসিক চাপ হ্রাস কৰাত অৰিহণা যোগায়।

যোগ হৈছে আধ্যাত্মিক আৰু অতি সূক্ষ্ম বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত জ্ঞান, যিয়ে মন আৰু শৰীৰৰ মাজত সামঞ্জস্য স্থাপন কৰে। ই স্বাস্থ্য জীৱনৰ এক কলা, ই এক বিজ্ঞানো। যোগ হৈছে সকলো প্ৰকাৰৰ বন্ধনৰ পৰা মুক্তি লাভৰ একমাত্ৰ সম্ভৱপৰ সাধন। ই এনে এটা পদ্ধতি যাৰ দ্বাৰা সমৃদ্ধ, পৰিপক্ক আৰু পৰিপূৰ্ণ জীৱনৰ সোপান সাজিব পাৰি। যোগাভ্যাসে শৰীৰ আৰু মন, চিন্তা আৰু কৰ্ম, প্রাপ্তি আৰু আত্মসংযম, মানুহ আৰু প্ৰকৃতিৰ মাজত এক নিবিড় সামঞ্জস্যতা বজাই ৰাখে। প্রকৃতিগতভাৱে শৰীৰত হোৱা পৰিবৰ্তনসমূহৰ প্রতি সহনশীলতা গঢ়ি তোলাৰ লগতে যোগাভ্যাসে সুস্বাস্থ্য প্রাপ্তিত সহায় কৰে। যোগ হ’ল মানৱ চেতনা বিকাশৰ এক বিৱৰ্তনমূলক প্রক্রিয়া। পশ্চিমীয়া মনোবিজ্ঞান য’ত শেষ হয়, ভাৰতীয় মনীষীসকলৰ মনন-চিন্তন তাৰ পৰাই আৰম্ভ হয়। মুঠৰ ওপৰত, যোগ হৈছে মানৱ জাতিৰ প্ৰতি প্ৰাচীন ভাৰতীয় দৰ্শন, পৰম্পৰা আৰু সংস্কৃতিৰ অমুল্য অৱদান। ই জীৱাত্মাৰ লগত পৰমাত্মাৰ মিলন ঘটায়। ই ব্যক্তিসত্তাক বিশ্বসত্তাৰ সৈতে বিলীন কৰায়।

সাপ্রতিক সময়ত সততে উচ্চাৰিত “জীৱনশৈলীজনিত ৰোগ” (Life Style Diseases)-সমূহৰ প্ৰতিৰোধত যোগাভ্যাসৰ ভূমিকা অনস্বীকার্য। বিভিন্ন ধৰণৰ যোগাভ্যাসসমূহৰ পৰা হ’ব পৰা শাৰীৰিক আৰু মানসিক উপকাৰিতাসমূহ অতি বিস্তৃত বাবে ইয়াক থোৰতে উল্লেখ কৰা সম্ভৱ নহয়। কিন্তু এই কথা সংক্ষেপতে উল্লেখ কৰিব পাৰি যে যোগাভ্যাসে তিনিটা মূল পথৰ জৰিয়তে কাম কৰে। প্ৰথমতে, স্থানীয় প্রভাৱ (Local Effect)। শৰীৰৰ কোনো অংগ বা অংশত হৈ থকা ৰোগ (যেনে- কঁকাল বা ডিঙিৰ বিষ) যোগাভ্যাসৰ গতি (Movement)-য়ে শিথিলতা, সুস্থিৰতা বা শক্তিযুক্ততা প্রদান কৰে।

দ্বিতীয়তে সামগ্রিক প্রভাৱ (Systemic Effect), যেনে- মন্দুকাসন কৰিলে অগ্নাশয় (Pancreas)-ৰ অগ্নাশয়ৰ আলফা কোষবোৰ সক্রিয় হয় আৰু ইয়াৰ পৰা ইনছুলিন নিঃসৰণ আৰম্ভ হয়। এই নিঃসৰিত ইনছুলিনে তেজৰ লগত মিহলি হৈ ৰক্ত সঞ্চালন তন্ত্ৰৰ জৰিয়তে সৰ্বশৰীৰতে সঞ্চালিত হৈ তেজৰ পৰা শৰ্কৰা শোষণ কৰি তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এনেদৰে মন্দুকাসনে মধুমেহ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধত সহায় কৰে।

আকৌ অধিকাংশ যোগাভ্যাসতে শ্বাস-প্রশ্বাসৰ গতি নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰা হৈছে। শ্বাস-প্রশ্বাসৰ নিয়ন্ত্রণে হাওঁফাওঁ ৰ Tidal Volume বঢ়াই তোলে। ৰক্তসঞ্চালন তন্ত্ৰত অম্লজানৰ পৰিমাণ বৃদ্ধিৰ ফলত অক্সিহিম’গ্লবিন হিচাপে ই শৰীৰৰ অন্তিমটো কোষ পর্যন্ত বিয়পি গৈ শৰীৰটো উৰ্বৰ, সতেজ আৰু কাৰ্যক্ষম কৰি তোলে। ই যোগৰ সামগ্রিক প্ৰভাৱৰ আন এক উদাহৰণ।

তৃতীয়তে, যোগাভ্যাস আৰু প্ৰাণায়ামে প্ৰভাৱৰ জৰিয়তে অন্তৰাত্মাক উদ্বুদ্ধ কৰি প্ৰশান্তি প্ৰদান কৰে। ই ক্ষিপ্ৰতৰ দৈনন্দিন কার্যক্রমণিকা আৰু দ্রুততৰ বিশ্বায়নৰ ধামখুমীয়াত আমাৰ বাবে অতীৱ প্রয়োজনীয়।

ভাৰতৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৬৯তম সংযুক্ত ৰাষ্ট্ৰৰ মহাসভা (UNGA)-ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ আগবঢ়ায়। ২০১৪ চনৰ ১১ ডিচেম্বৰত সংযুক্ত ৰাষ্ট্ৰ মহাসভাৰ সদস্যভুক্ত ১৯৩ খন দেশৰ ভিতৰত অভিলেখসংখ্যক ১৭৭ খন ৰাষ্ট্ৰৰ সমৰ্থনত প্ৰতিবছৰে ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইমৰ্মে ২০১৫ চনৰ ২১ জুন তাৰিখে নতুন দিল্লীৰ ৰাজপথত আয়ুস মন্ত্রালয়ৰ দ্বাৰা ৮৪ খন ৰাষ্ট্ৰৰ অংশগ্ৰহণ আৰু ৩৫,৯৮৫ গৰাকী লোকৰ উপস্থিতিৰে প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্যাপন কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া হৈছিল। ইয়াৰ পিছত ২০১৬ চনৰ ২১ জুনত চণ্ডীগড়ত কেন্দ্রীয় কাৰ্যসূচীৰে আয়োজিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ত্রিশ সহস্রাধিক লোকৰ অংশগ্ৰহণৰ লগতে ১৫০ গৰাকী দিব‍্যাংগ ব্যক্তিয়ে একেলগে যোগচৰ্চা কৰে। ৰাষ্ট্ৰসংঘৰ ১৯২ খন সদস্য ৰাষ্ট্ৰই অংশগ্রহণ কৰা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত “Yoga for Body” শীর্ষক এক আন্তঃৰাষ্ট্ৰীয় সমাৰোহ নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হয়। ২০১৭ চনত “Yoga for Health”, ২০১৮ চনত “Yoga for Peace”, ২০১৯ চনত “Yoga for Climate Action” শীর্ষক বাণীৰে যোগ পালন কৰা হয়। ২০২০ বর্ষত “Yoga at Home, Yoga with Family”, ২০২১ বর্ষত “Yoga for well-being”, ২০২২ বর্ষত “Yoga for Humanity”, ২০২৩ বর্ষত “Yoga for Vasudhaiva Kutumbakam”; ২০২৪ বর্ষত “Yoga for self and society” শীৰ্ষক বাণীৰে যোগ দিৱস পালন কৰা হয়। ২০২৫ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয় হ’ল “Yoga for One Earth, One Health.” এই বছৰ অৰ্থাৎ ২০২৬ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয় হ’ল “Yoga for Healthy Ageing.”

যোগ হ’ল সমগ্র পৃথিৱীলৈ ভাৰতবৰ্ষৰ এক অমূল্য উপহাৰ। ভাৰতবৰ্ষ উত্তৰ গোলার্ধত অৱস্থিত। ২১ জুন তাৰিখে ভাৰতবৰ্ষকে ধৰি সমগ্ৰ উত্তৰ গোলার্ধত আটাইতকৈ দীঘল দিন হয়। সেয়েহে এই কথা সাৰোগত কৰিয়েই ২১ জুন তাৰিখটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ সিদ্ধান্ত গ্রহণ কৰা হয়।

মানসিক শান্তি, শক্তি তথা সুস্থিৰতা বজাই ৰখাত যোগে বিশেষ ভূমিকা পালন কৰিব পাৰে। মানসিক সুস্থিৰতাই শাৰীৰিক সবলতা আৰু ৰোগ প্ৰতিৰোধী শক্তিবৰ্ধনত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।

সেয়েহে যোগক এটা মাত্ৰ দিৱসত সীমাবদ্ধ নাৰাখি জাতি, ধর্ম, ভাষা, বর্ণ নির্বিশেষে সকলোৱে যোগৰ সৰ্বজনীনতা আৰু উপকাৰিতা সম্পৰ্কে সজাগ হৈ সুস্বাস্থ্যৰ হকে নিয়মীয়া যোগাভ্যাসৰ জৰিয়তে সুস্থ, শান্তিপূর্ণ আৰু স্বাস্থ্যৱান সমাজ তথা দেশ গঢ়াত অৰিহণা যোগাওঁ আহক।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top