• Home
  • Health
  • ইনফৰমেশ্যন ফেটিগ চিন্ড্ৰোম

ইনফৰমেশ্যন ফেটিগ চিন্ড্ৰোম

Image
আৰাধনা বৰুৱা
কাউন্সেলিং চাইক’লজিষ্ট

দৃশ্যপট ১:
১০ বছৰীয়া এটি শিশু৷ মাতৃয়ে মনোবৈজ্ঞানিক পৰামৰ্শৰ বাবে লৈ আহিছে৷ শিশুটিৰ সমস্যাবোৰ আছিল খিঙখিঙিয়া,বিদ্যালয়ৰ পৰা ঘৰত কৰি নিবলৈ দিয়া গৃহকাৰ্য কৰিবলৈ মন নকৰা, টোপনিৰ সমস্যা, সৰু সৰু কথাতে খং কৰা ইত্যাদি৷ বিশেষকৈ সন্ধিয়াৰ পৰা অসুবিধাবোৰ বেছি হয়৷
যেতিয়া আমি ভালদৰে কথা পাতিলোঁ তেতিয়া জানিব পাৰিলোঁ যে বিদ্যালয়ৰ পাঠদানৰ পিছত অধিকাংশ গৃহকাৰ্য হোৱাটছএপ গ্ৰুপৰ জৰিয়তে বিদ্যালয়ৰ পৰা প্ৰেৰণ কৰে। তাৰোপৰি শিশুটিয়ে ইউটিউবত ভিডিঅ আৰু ম’বাইল গেমত যথেষ্ট সময় কটায়৷ শিশুটিৰ দৈনিক Screen time পাঁচঘন্টাৰো অধিক৷

দৃশ্যপট ২:
১৫ বছৰীয়া এগৰাকী কিশোৰী৷দৈনিক Screentime দহঘণ্টাৰো অধিক৷ তেওঁ এগৰাকী ব্লগাৰ৷দিনটোৰ প্ৰতিটো কাম তেওঁ ভিডিঅ কৰে আৰু সামাজিক মাধ্যমত আপলোড কৰে৷ কেতিয়াবা কিবা কাৰণে যদি ভিডিঅ আপলোড কৰিব নোৱাৰে তেন্তে অত্যাধিক উদ্বিগ্নতাত ভোগে৷ কেতিয়াবা তেওঁৰ সকলো ব্লগত একেধৰণৰ সহাৰি নাপায় বা মানুহৰ ঋনাত্মক মন্তব্য পায়৷ তেনে পৰিস্থিতিৰ মুখামুখি হওঁতে তেওঁ ইমান বেছি উদ্বিগ্নতাৰৰ চিকাৰ হ’ল যে বহুবাৰ চিকিৎসালয়ত ভৰ্তি হব লগাও হৈছে৷

দৃশ্যপট ৩:
৬৫ বছৰ বয়সীয়া এজন ব্যক্তি৷ পুৱা শুই উঠাৰ পৰা ৰাতি শোৱাপাটীত পৰালৈকে তেখেতৰ Screen time ১২ ঘন্টাৰো অধিক৷ ইৰান, আমেৰিকাৰ পৰা আৰম্ভ কৰি নিৰ্বাচনৰ প্ৰতিটো বাতৰি, স্বাস্থ্য বাৰ্তা, ধৰ্মীয় ৰীলছ তেওঁ পুংখানুপুংখকৈ চায়৷ বিভিন্ন চেনেলে প্ৰচাৰ কৰা শুদ্ধ বা অশুদ্ধ প্ৰতিটো তথ্যই তেওঁক কেৱল মনোৰঞ্জনেই দিয়ে যে তেনে নহয়৷ এইবোৰে সময়ে সময়ে তেওঁক বিভ্ৰান্ত কৰে, উদ্বিগ্নতাত ভোগায়, টোপনিৰ সমস্যা আৰু ৰক্তচাপৰ সমস্যাতো ভোগে৷

বৰ্তমানৰ দ্ৰুতগতিত ডিজিটেল হৈ উঠা পৃথিৱীত তথ্যৰ আধিক্যই এক নতুন মানসিক সমস্যাৰ সৃষ্টি কৰিছে, যাক ইনফৰমেশ্যন ফেটিগ চিন্ড্ৰোম (Information Fatigue Syndrome – IFS) বুলি কোৱা হয়। এই ধাৰণাটো প্ৰথমে মনোবিজ্ঞানী ডেভিড লুইছে আগবঢ়াইছিল, যিয়ে বেছি পৰিমাণৰ তথ্য গ্ৰহণৰ ফলত হোৱা মানসিক ক্লান্তিক বুজায়।

বৰ্তমান ভাৰতত প্ৰায় ৯৫০ নিযুত ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে আৰু তাৰ মাজত প্ৰায় ৫০০ নিযুত মানুহ সামাজিক মাধ্যমত সক্ৰিয়। হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু ইউটিউব দৰে প্লেটফৰ্মত মানুহে দিনে গড়ে ৩ ঘণ্টাতকৈ অধিক সময় কটায়৷স্বাস্থ্য, ৰাজনীতি আৰু ধৰ্ম সম্পৰ্কীয় অসংখ্য ফৰৱাৰ্ড বাৰ্তা লাভ কৰে, যাৰ ফলত সেইবোৰ পঢ়া, অনুধাৱন কৰা আৰু প্ৰতিক্ৰিয়া জনোৱাৰ ফলত মগজুত অবিৰাম তথ্য প্ৰবাহ চলি থাকে আৰু মানসিক বিশ্ৰাম কমি যায়। তেনেদৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা শিক্ষাৰ্থীসকলে অধিক অধ্যয়ন সামগ্ৰী, অনলাইন ভিডিঅ’ আৰু কৌশল ব্যৱহাৰ কৰি বিভ্ৰান্তিত পৰে। ২৪ ঘণ্টীয়া সংবাদ মাধ্যমেও সংকটৰ সময়ত একে তথ্য বাৰে বাৰে প্ৰচাৰ কৰি দৰ্শকক মানসিকভাৱে ক্লান্ত কৰি তোলে। উদাহৰণ স্বৰূপে COVID-19 মহামাৰীৰ সময়ত ভুল আৰু বিপৰীত তথ্যই মানুহৰ চিন্তা-উদ্বেগ বৃদ্ধি কৰিছিল, বৰ্তমান ইৰান ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ বিভিন্ন বাতৰিয়ে মানুহক বিভ্ৰান্ত কৰা, উদ্বিগ্নতাত ভোগোৱা আমি দেখি আছোঁ ৷
এই সমস্যাত ভোগা সকলৰ ক্ষেত্ৰত সততে দেখা দিয়া লক্ষণ সমুহ এনেধৰণৰ
• মনোযোগ বৰ্তাই ৰখাত সমস্যা
• মানসিক অৱসাদ
• সিদ্ধান্ত গ্ৰহণত সমস্যা
• উদ্বিগ্নতা বা এংজাইটি
• অযথা উত্তেজিত হোৱা
• কৰ্মদক্ষতা কমি যোৱা
• স্মৃতিজনিত সমস্যা

আমাৰ মগজুটো এটা পানীৰ পাত্ৰৰ দৰে৷ আমি ভৰা পাত্ৰ এটাত উপৰ্যুপৰি চেষ্টা কৰিলেও যেনেদৰে অতিৰিক্ত পানী ভৰাব নোৱাৰোঁ তেনেদৰে আমাৰ মগজুকো আমি প্ৰয়োজনীয় জিৰণি, পদ্ধতি গত চিন্তন আৰু মননৰ বাবে সময় নিদিয়াকৈ সুস্থিৰ অৱস্থাত ৰখাতো অসম্ভৱ৷
এই চিন্ড্ৰোমৰ পৰা বাচি থাকিবলৈ আমি কিছুমান পদ্ধতিৰ আশ্ৰয় ল’ব পাৰোঁ-
• ডিজিটেল ডেটস্ক পিৰিয়ড (Digital Detox Period) দিনটোৰ এটা নিৰ্দিষ্ট সময় সম্পূৰ্ণকৈ নিজক সকলো ধৰনৰ ডিজিটেল মাধ্যমৰ পৰা আঁতৰাই ৰাখক৷
• অত প্ৰয়োজনীয়খিনিৰ বাহিৰে আন নটিফিকেশ্যন বোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰক৷
• দৈনিক প্ৰয়োজনীয় ইন্টাৰনেট বা ডিজিটেল কামৰ বাবে নিৰ্দিষ্ট এটা সময় বান্ধি ৰাখক আৰু সময়ৰ সেই সীমাৰ ভিতৰতহে তাক ব্যৱহাৰ কৰক৷
• খোজকঢ়া, শাৰীৰিক ব্যায়াম, প্ৰাৰ্থনা, ধ্যান আদিত নিজক নিয়োজিত কৰক৷
• ঘৰুৱা কাম কাজ, পৰিয়ালৰ মানুহৰ লগত গুণগত সময় পাৰ কৰা, সামাজিক কাম কাজত নিজক জড়িত কৰি ৰখাৰ চেষ্টা কৰক৷
• শিক্ষাৰ্থী সকলে পোনপটীয়াকৈ স্ক্ৰীণত চাই পঢ়াশুনা কৰাতকৈ ইন্টাৰনেটৰ পৰা ডাউনলড্ কৰা তথ্য সমুহ ছপা কৰি পঢ়িবলৈ চেষ্টা কৰা উচিত৷
• ছপা বাতৰি কাকত বা আলোচনী, কিতাপ পঢ়া আদিৰ অভ্যাস কৰক৷
• নিজক ভালপাবলৈ শিকক, নিজৰ শৰীৰ আৰু মনৰ যতন লোৱা, ভাৰ্ছুৱেল পৃথিৱীতকৈ চৌপাশৰ স্পৰ্শ আৰু অনুভৱেৰে ঢুকি পোৱা পৃথিৱীখনহে অধিক আপোন বুলি নিজক বুজাবলৈ চেষ্টা কৰক৷
• ডিজিটেল খণ্ডত কাম কৰা সকলে একেলগে বহুকেইটা কাম হাততলৈ কাম কৰাতকৈ একেলগে এটা কাম বা সীমিত কাম কৰাৰ চেষ্টা কৰক৷
শেষত কওঁ যে আধুনিক পৃথিৱীত তথ্য এক শক্তি হলেও, ইয়াৰ অনিয়ন্ত্ৰিত ব্যৱহাৰে মানসিক চাপ আৰু বিভ্ৰান্তি সৃষ্টি কৰে। সেয়ে তথ্য এৰাই চলাৰ প্ৰয়োজন নাই, বৰং ইয়াক সঠিকভাৱে নিয়ন্ত্ৰণ আৰু বাছনি কৰি ব্যৱহাৰ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top