• Home
  • Literature
  • ‘ৰাভা-দিৱস’ৰ চিন্তা: বিষ্ণুপ্ৰসাদ ৰাভাৰ গণমুখী চেতনা আৰু আমাৰ ‘ৰাভাপ্রীতি’

‘ৰাভা-দিৱস’ৰ চিন্তা: বিষ্ণুপ্ৰসাদ ৰাভাৰ গণমুখী চেতনা আৰু আমাৰ ‘ৰাভাপ্রীতি’

Bishnu Prasad Rabha
ড° বিজয়কৃষ্ণ দলে
সহকাৰী অধ্যাপক
শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়

জনগণৰ জীৱন সংগ্ৰামৰ লগত বিষ্ণুপ্ৰসাদ ৰাভাৰ সম্পৰ্ক আছিল নিবিড় আৰু একাত্মবোধ। তেওঁৰ দৃষ্টি আৰু সৃষ্টিৰ মূল দর্শন আছিল খাটিখোৱা মানুহৰ জয়গান গোৱা; সমাজৰ শ্ৰেণী বৈষম্যৰ বিৰুদ্ধে থিয় দিয়া। যি সময়ত অসমৰ এচাম শিল্পী-সাহিত্যিকে কল্পনাৰ প্ৰলেপ সানি উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ ৰুগ্ন মানসিকতা বা সেইচামৰ মনস্তত্ত্ব বিচাৰত ব্যস্ত আছিল, সেই সময়ত ৰাভাদেৱে খাটিখোৱা মানুহৰ আৰ্থ-সামাজিক উত্তৰণৰ হকে কাম কৰিছিল। ৰাভাদেৱৰ দৃষ্টি আৰু সৃষ্টি তথা শিল্পীসত্তা আন বহু শিল্পীতকৈ ব্যতিক্রম। গণশিল্পী হেমাংগ বিশ্বাসে এই সম্পর্কত এনেদৰে কৈ গৈছে-“অসমৰ দাৰিদ্ৰ্যক্লিষ্ট জনসাধাৰণৰপৰা সম্পূৰ্ণ বিচ্ছিন্ন এই শিল্পী-সাহিত্যিকসকলে যেতিয়া ক্ষয়িষ্ণু আত্মমগ্ন দুর্বোধ্যতাৰ কল্পনাৰে গল্প-উপন্যাসত মধ্যবিত্তৰ অৱক্ষয়ী অসুস্থ মানসিকতাৰ মনস্তত্ত্ব বিশ্লেষণত ব্যস্ত তেতিয়া বিষ্ণু ৰাভাই বলিষ্ঠ জীৱনবেদ ইয়াৰ বিপৰীতমুখী এক বিস্ময়ৰ চেলেঞ্জ।” বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী শিল্পীসত্তাৰ অমল উৎস আছিল মার্ক্সীয় দর্শন। সর্বজনবিদিত যে, বিষ্ণুপ্ৰসাদ ৰাভাৰ সাম্যবাদী আৰু গণমুখী চিন্তা-চেতনাৰ পটভূমি নির্মাণত মার্ক্সবাদ-লেলিনবাদে বিশেষভাৱে ইন্ধন যোগাইছিল। সম্ভৱতঃ বিষ্ণুপ্ৰসাদ ৰাভাই সমাজত চলি থকা শোষণ-নিষ্পেষণ, শ্রেণী-বৈষম্য দূৰ কৰাৰ স্বপ্নত আতুৰ হৈ মার্ক্সবাদী ভাবাদর্শত আকৃষ্ট হৈছিল। তেওঁ সাম্যবাদী চিন্তা-চেতনাৰে উদ্বোধ হৈ অসমৰ পাহাৰ-ভৈয়ামৰ সকলো ভাষা-ভাষী, ধৰ্মাৱলম্বী কৃষক-বনুৱা, চাহ-শ্রমিক, কয়লাখনি, শোধনাগাৰৰ হিন্দীভাষী শ্রমিক আৰু ব্ৰহ্মপুত্ৰ পাৰৰ নেপালীসকলক একত্ৰিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল।

বিষ্ণুপ্ৰসাদ ৰাভাই জনতাৰ মাজত থাকি জনতাৰ হকে চিন্তা কৰা বিপ্লৱী গণশিল্পী আছিল। তেওঁৰ শিল্পীসত্তা নাইবা সাংস্কৃতিক মনটো খাটিখোৱা মানুহৰ বুকুত বগাই ফুৰিছিল; অসম আৰু অসমীয়াৰ নামত সমর্পিত আছিল তেখেতৰ চিন্তা আৰু কৰ্ম। মানৱ-দৰদী বিষ্ণুপ্ৰসাদ ৰাভাই দুখীয়া-নিছলাসকলৰ দুৰৱস্থাৰ কথা বাৰুকৈ অনুভৱ কৰিছিল। অসমৰ দুখীয়া-নিছলা, কৃষক-বনুৱাৰ অৱস্থা দেখি তেওঁৰ মন ক্রমে কঠোৰ আৰু বিপ্লৱী হৈ উঠিছিল। সেয়ে তেওঁ সেই মানুহবোৰৰ আৰ্থ-সামাজিক মুক্তিৰ হকে কেৱল মুখেৰে নহয়, কামেৰে যুঁজি গৈছিল। শোষণত জৰ্জৰিত হৈ মূক হৈ পৰা এই শ্ৰেণী লোকক জগাই তুলিবলৈ ৰাভাদেৱে অহৰহ চেষ্টা কৰিছিল। ৰাভাদেৱে বাৰুকৈয়ে বুজি পাইছিল যে, সমাজৰ শোষণকাৰীসকলক ধ্বংস কৰি এখন সমাজবাদী তথা সাম্যবাদী সমাজ গঢ়ি তুলিব নোৱাৰিলে খাটিখোৱা মানুহবোৰৰ লগতে সমাজৰ প্ৰগতি কেতিয়াও সম্ভৱ নহয়। সমাজৰ শোষণকাৰীসকলক ধ্বংস কৰি এখন শ্রেণীহীন সমাজবাদী সমাজ গঢ়াৰ পোষকতাৰে অসমীয়া হালোৱা-বনুৱাৰ ৰূপটোক লৈ বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰিলে ‘অ’ মোৰ নিছলা অসমী আইৰ দুখীয়া আদিম ভাই’ শীর্ষক গীতটি-কবিতাটি। ইয়াত ৰাভাদেৱৰ সাম্যবাদী ভাবাদৰ্শৰ প্ৰতিফলন ঘটিছে। ১৯৪৬ চনত নগাঁও জিলাৰ ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সাংস্কৃতিক সভাৰ সভাপতিৰ ভাষণ প্ৰদান কৰি উঠি বিষ্ণুপ্ৰসাদ ৰাভাই উদাত্ত কণ্ঠেৰে আবৃত্তি কৰিছিল ‘ফাঁকিবাজ/ধুড়িবাজ/ধনী জমিদাৰ’ শীর্ষক এটি কবিতা। এই কবিতাৰে অধিৱেশনত উপস্থিত সকলোৰে আগত সামন্তবাদী সমাজৰ ধনী জমিদাৰৰ শোষণ-লুণ্ঠনৰ বিৰুদ্ধে প্রতীকী প্রতিবাদ সাব্যস্ত কৰিলে। কবিতাটিত ৰাভাদেৱৰ সাম্যবাদী ভাবাদৰ্শৰ সুৰ শুনা যায়। ভাৰত স্বাধীন হোৱাৰ পিছত ইংৰাজৰ শোষণৰ অৱসান ঘটিল। ইংৰাজৰ হাতৰ পৰা ভাৰতৰ জাতীয় কংগ্ৰেছৰ হাতলৈ দেশৰ শাসন ক্ষমতা হস্তান্তৰিত হ’ল। কিন্তু খাটিখোৱা মানুহৰ অৱস্থা কোনো পৰিৱৰ্তন নহ’ল। তাৰ পৰিৱৰ্তে আৰম্ভ হ’ল স্বাধীনতাৰ স্বপ্ন দেখা এচাম সুবিধাবাদী ভাৰতীয় মানুহৰ শাসন আৰু শোষণ-যজ্ঞ। সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে দলিত, শোষিত জনগণৰ উন্নতিৰ হকে চিন্তা কৰা লোকৰ মনত বিদ্ৰোহৰ উমি উমি জুই জ্বলি উঠিছিল। একেমুখে চিঞৰিলে-‘এই স্বাধীনতা মিছা’। সেয়ে শ্রমজীৱী আৰু ভূমিহীন লোকসকলৰ মাজত অসমতো গঢ়ি তুলিলে বৃহৎ কৃষক আন্দোলন।

বিষ্ণুপ্ৰসাদ ৰাভাৰ সংগ্ৰামী জীৱনৰ প্ৰতিটো দিনেই জনতাৰ নামত উৎসর্গিত আছিল। মানুহৰ মাজত থাকি মানুহৰ জয়গান গোৱাটো তেওঁৰ জীৱনৰ ব্ৰত আছিল। তেওঁৰ সৃষ্টিশীকৰ্ম আৰু ৰাজনৈতিক জীৱনাদর্শ আছিল মাটি-মানুহৰ লগত সম্পর্কিত। ৰাভাদেৱৰ বিপ্লৱী অথচ সাংস্কৃতিৱান মনটোৱে সদায় খাটিখোৱা মানুহৰ আৰ্থ-সামাজিক উত্তৰণ কামনা কৰিছিল। ৰাভাদেৱৰ সংগ্ৰামী জীৱনৰ পৰা অসমীয়াই শিকিবলগীয়া, জানিবলগীয়া বহু আছে। অতিকৈ মেধাসম্পন্ন এইগৰাকী ব্যক্তিয়ে ১৯৩২ চনত পুলিচৰ ডি এছ পি চাকৰি লাভ কৰিছিল যদিও সেই চাকৰি প্রত্যাখ্যান কৰি যাযাবৰী জীৱনৰ সৰহভাগ সময় তেওঁ সংগীত-শিল্প-কলা-সংস্কৃতি সাধনাত আৰু শ্রমজীৱী মানুহৰ হিতৰ হকে কাম কৰিছিল। তেখেতে পৈত্তিক সম্পত্তি হিচাপে প্রায় আঢ়ৈ হাজাৰ বিঘা মাটি লাভ কৰিছিল যদিও তাক গ্রহণ নকৰি দুখীয়া-দৰিদ্ৰৰ মাজত বিলাই দি নিজেই কষ্টেৰে জীৱন অতিবাহিত কৰিছিল। ৰাভাদেৱে ১৯৪৫ চনৰ শেহৰ ফালে ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহি ১৯৫৭চনৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিছিল যদিও জয়লাভ কৰিব নোৱাৰিলে। কিন্তু পৰৱৰ্তী সময়ত অর্থাৎ ১৯৬৭ চনত নির্দলীয় প্রার্থীৰূপে বিধান সভালৈ নির্বাচিত হয় আৰু এনেদৰে তেওঁৰ সমাজমুখী তথা গণমুখি চেতনাক ৰাইজৰ মাজত বিলাই দিবলৈ সক্ষম হৈছিল। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাই নিজৰ জীৱন সমাজৰ দৰিদ্ৰ-নিপিড়িত তথা খাটিখোৱা মানুহৰ হকে সমর্পিত কৰি গৈছে। তেওঁৰ দৃষ্টি-দৰ্শন আৰু সৃষ্টিৰ অমল উৎস হ’ল খাটিখোৱা মানুহ; অসম আৰু অসমীয়া মানুহ।

আজি অসমৰ ৰাজনীতিত বিষ্ণুপ্ৰসাদ ৰাভা কিমান প্ৰাসংগিক? আজিৰ ৰাজনৈতিক নেতা তথা মন্ত্রী-বিধায়কসকলে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱনাদর্শক কেনেকৈ সঠিক মূল্যায়ন কৰিব? জনতাৰ মূৰত কঠাল ভাঙি খোৱা তথাকথিত নেতাসকলে জানো ৰাভাদেৱৰ সাম্যবাদী ভাবাদর্শ আৰু গণমুখি চিন্তা-চেতনাক আঁকোৱালি ল’ব পাৰিব? তাৰ পৰিৱৰ্তে সেইচামে নিজা ৰাজনৈতিক লাভালাভৰ অংশতহে ‘ৰাভা-দিৱস’ আয়োজন কৰি নিজৰ ‘ৰাভাপ্ৰীতি’ জাহিৰ কৰিব খোজে। গতিকে এনে প্রেক্ষাপটত বিষ্ণু ৰাভাৰ গণমুখি চেতনাৰ সঠিক মূল্যায়ন কস্মিনকালেও সম্ভৱ নহয়। ৰাভাদেৱে কৈ গৈছে ৰাজনীতি ক্ষমতা আৰু ভোগ-বিলাসৰ আহিলা নহয়। ৰাজনীতি ৰাজনীতিৰ সৈতে জড়িত এচাম মানুহৰ পৈত্তিক সম্পত্তি নহয়; ই সৰ্বসাধাৰণৰো জীৱন-জীৱিকাৰ উপায়। ৰাজনীতি তেনে কোনো জটিল তত্ত্ব বা বস্তু নহয়। ই জনসাধাৰণৰ আহাৰ, আশ্ৰয় আৰু আৱৰণৰ আহিলা। ৰাজনীতি সকলোৰে বাবে। গতিকে বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন-দর্শন আছিল অতি গণমুখি।

আমি খাৰখোৱা অসমীয়াই ৰাভাদেৱৰ আদৰ্শ আৰু কৰ্মৰাজিত অনুপ্রাণিত হৈ মাজে সময়ে আৱেগত সিক্ত হওঁ। ‘ৰাভা দিৱস’ আহিলেই ধুমধামেৰে নৃত্য-গীতৰ ‘ফাংচন’ পাতি আমি বিষ্ণুপ্ৰসাদ ৰাভাক বছৰেকৰ মূৰত এবাৰ মনত পেলাই আমাৰ ‘জাতীয় দায়িত্ব’ পালন কৰোঁ। আমাক ডাঙৰবোৰে সৰুৰেপৰা এই কথা শিকাই আহিছে যে, বিষ্ণু ৰাভা মানেই ‘কলাগুৰু’ আৰু ‘ৰাভা-দিৱস’ মানেই বিষ্ণু ৰাভা ৰচিত কেইটিমান গীত-নৃত্যৰ এক অনুষ্ঠান। ‘পৰজনমৰ শুভ লগনত’, ‘মোৰ কবিতাৰ ছন্দ লাগি’, ‘লগন উকলি গ’ল’, ‘সুৰৰে দেউলৰে ৰূপৰে শিকলি’, ‘বিশ্বৰে ছন্দে ছন্দে মহানন্দে আনন্দে’, ‘আজলী ছোৱালী নানা ফুলি তুলি’, এয়ে মোৰ শেষ গান’ আদি ৰাভা-সংগীতেৰে ‘ৰাভা-দিৱস’ পাতি আমি ‘ৰাভা-চৰ্চা’ কৰি আহিছোঁ। আমি কোনজন ৰাভাক চিনি পালোঁ?- ৰোমান্টিক তথা প্ৰেমিক ৰাভাক! যাযাবৰী শিল্পী তথা নাট্যকাৰ আৰু নৃত্যবিশাৰদ ৰাভাক! সংগীতজ্ঞ, অভিনেতা আৰু চিত্ৰকৰ ৰাভাক! ৰাজনীতিজ্ঞ, খেলুৱৈ আৰু সমাজ সংগঠক ৰাভাক! নে জনতাৰ মুক্তিৰ স্বপ্ন দেখোঁতা, দার্শনিক, নির্ভীক আৰু খাটিখোৱা মানুহৰ শিল্পী ৰাভাক! সম্প্ৰতি অসমীয়া মানুহৰ ‘চৌবাজী ৰাভাপ্রীতি’য়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ গণমুখী চেতনাক সমাজৰ আগত তুলি ধৰিব পাৰিছেনে? বিষ্ণু ৰাভাক আমি কিমান চিনি পালোঁ? ড° হীৰেন গোহাঁইদেৱে ক’ব দৰে-“বিষ্ণু ৰাভাৰ জীৱন বৃত্ত নতুনকৈ পৰীক্ষা কৰি চোৱাৰ সময় আহিছে। বিশ্লেষণ বাদ দি ভাবাবেগত উটি গ’লে সেইসকলৰো ভাল হ’ব, যিসকলে এটা ৰাভা পূজা (Rava Cult) সৃষ্টি কৰি তাৰ দ্বাৰা নিজৰ সংর্কীণ ‘মতলব হাচিল’ কৰিবলৈ বিচাৰিছে।”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top