হৃদয়া নন্দ বৰা
শিক্ষা বিভাগ
উত্তৰ গুৱাহাটী মহাবিদ্যালয়
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড.(B.Ed) পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত হ’ব লগা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. সাধাৰণ প্ৰৱেশ পৰীক্ষা (GUBEDCET-২০২৬) কেনেদৰে প্ৰস্তুতি কৰিবা?
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. (Bachelor of Education) প্ৰৱেশ পৰীক্ষা অসমৰ অন্যতম গুৰুত্বপূৰ্ণ শিক্ষক-প্ৰশিক্ষণমূলক প্ৰৱেশ পৰীক্ষা। যিসকল শিক্ষাৰ্থীয়ে ভৱিষ্যতে বিদ্যালয়ত শিক্ষক হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকৰ বাবে বি.এড. ডিগ্ৰী অতি প্ৰয়োজনীয়। এই প্ৰৱেশ পৰীক্ষাত সফল হ’বলৈ কেৱল কঠোৰ পৰিশ্ৰমেই যথেষ্ট নহয়; সুপৰিকল্পিত অধ্যয়ন, সময় ব্যৱস্থাপনা আৰু নিয়মীয়া অনুশীলনৰো সমানভাৱে প্ৰয়োজন হয়।
প্ৰতিবছৰে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে এই পৰীক্ষাত অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা অধিক হোৱাৰ বাবে আৰম্ভণিৰে পৰা সুসংগঠিতভাৱে প্ৰস্তুতি লোৱাটো অত্যন্ত জৰুৰী। সঠিক কৌশল অবলম্বন কৰিলে কম সময়তো ভাল ফলাফল লাভ কৰিব পাৰিবা। যিহেতু পৰীক্ষা অনুষ্ঠিত হোৱাৰ তাৰিখ ১৯ জুলাই ২০২৬, এতিয়াৰ পৰা নিয়মীয়াকৈ দৈনিক অধ্যয়ন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা বহুত বেছি আছে । GUBEDCET-২০২৬ এটা কঠিন পৰীক্ষা নহয়, কিন্তু ই এটা প্ৰতিযোগিতামূলক পৰীক্ষা। সেয়েহে সঠিক পৰিকল্পনা থাকিলে নিশ্চয় ভাল ফলাফল লাভ কৰিব পাৰিবা। প্ৰথমে পৰীক্ষাৰ সম্পূৰ্ণ পাঠ্যসূচী ভালদৰে বুজি কোন বিষয়ত কিমান নম্বৰ আছে, সেই অনুসৰি সময় ভাগ কৰি অধ্যয়ন কৰা। যিহেতু সাধাৰণ জ্ঞান আৰু ইংৰাজী বিষয়ত অধিক নম্বৰ থাকে, সেই দুয়োটা বিষয়ত বিশেষ গুৰুত্ব দিব লাগে। যিহেতু ভুল উত্তৰৰ বাবে -১ নম্বৰ কটা হয়, সেয়েহে নিশ্চিত নোহোৱা প্ৰশ্নত অনুমানভিত্তিক উত্তৰ দিয়া এৰাই চলিব লাগে। প্ৰথমে সহজ প্ৰশ্নসমূহ সমাধান কৰি তাৰ পিছত কঠিন প্ৰশ্নলৈ যোৱাটো এক উত্তম কৌশল।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশ পৰীক্ষাত সফলতা লাভ কৰিবলৈ প্ৰতিভাতকৈ অধিক গুৰুত্বপূৰ্ণ হৈছে নিয়মীয়া অধ্যয়ন, সঠিক পৰিকল্পনা আৰু ধৈৰ্য। সকলো বিষয় একেলগে পঢ়িবলৈ চেষ্টা নকৰি দৈনিক অলপ অলপকৈ আগবাঢ়িব লাগে। প্ৰতিদিনে নিয়মিত ৪-৬ ঘণ্টা অধ্যয়ন, Mock Test, Revision আৰু আত্মবিশ্বাস বজাই ৰাখিলে ভাল ফলাফল লাভ কৰাটো সম্ভৱ হৈ উঠিব ।
মনত ৰাখিবা—এই পৰীক্ষা কেৱল এটা চাকৰিৰ পথ নহয়; ই এজন দায়িত্বশীল শিক্ষক আৰু সমাজ গঢ়াৰো সুযোগ। সেয়েহে লক্ষ্য স্থিৰ ৰাখি অধ্যৱসায়েৰে আগবাঢ়ি যোৱা। নিয়মীয়া অনুশীলন আৰু ইতিবাচক মনোভাৱে তোমালোকক নিশ্চয় সফলতাৰ দিশে আগুৱাই নিব। “আজিৰ অধ্যৱসায়েই কাইলৈৰ সফলতাৰ ভেটি।”

GUBEDCET-২০২৬ ৰ যোগ্যতা (NCTE-ৰ নিয়ম অনুসৰি) :-
a) এজন প্ৰাৰ্থীয়ে GUBEDCET-২০২৬ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব, যদি তেওঁ তলত দিয়া যিকোনো এটা শিক্ষাগত অৰ্হতা পূৰণ কৰে—
i) স্বীকৃত বিশ্ববিদ্যালয় বা শিক্ষাব’ৰ্ডৰ পৰা BA/BSc/B.Com উত্তীৰ্ণ হোৱা। অথবা ii)স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা MA/MSc/M.Com বা সমমানৰ ডিগ্ৰী পাঠ্যক্ৰম উত্তীৰ্ণ হোৱা।
b) নুন্যতম নম্বৰ:
i) সাধাৰণ শ্ৰেণী (General): কমেও ৫০% নম্বৰ
ii) SC/ST/OBC/PWD শ্ৰেণী: কমেও ৪৫% নম্বৰ।
c) GUBEDCET-২০২৬ ৰ আবেদন আৰু প্ৰৱেশ পৰীক্ষাৰ মাচুল
i) আবেদন আৰু প্ৰৱেশ পৰীক্ষাৰ মাচুল: ২০০০ টকা, লগতে বেংকৰ লেনদেন মাচুল (যদি প্ৰযোজ্য হয়)।
d) GUBEDCET-২০২৬ ৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ:
i)অনলাইন আবেদন আৰম্ভ: ১২ জুন, ২০২৬
ii) আবেদন কৰাৰ অন্তিম তাৰিখ: ২২ জুন, ২০২৬
iii) প্ৰৱেশ-পত্ৰ (Admit Card) ডাউনলোড: ৮ জুলাই, ২০২৬
iv) পৰীক্ষাৰ তাৰিখ: ১৯ জুলাই, ২০২৬
v) মেধা তালিকা প্ৰকাশ: ২৮ জুলাই, ২০২৬
e) গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশ পৰীক্ষাৰ ধৰণ:
i) প্ৰৱেশ পৰীক্ষা OMR-ভিত্তিক আৰু ইয়াত প্ৰাৰ্থীসকলক ১০০টা বহু-বিকল্পীয় প্ৰশ্ন (MCQ)ৰ জৰিয়তে মূল্যায়ন কৰা হ’ব।
ii) মুঠ নম্বৰ ৪০০।
iii) সময়সীমা: ২ ঘণ্টা
iv) নম্বৰ প্ৰদান পদ্ধতি: শুদ্ধ উত্তৰৰ বাবে +৪ নম্বৰ আৰু ভুল উত্তৰৰ বাবে -১ নম্বৰ কটা হ’ব।











