(খণ্ড ১)
মানস প্রতিম দত্ত
৮৮১২০৯৭৭১৬
অসমত থকা ঐশ্বৰ্যশালী অৰণ্যসমূহৰ ভিতৰত এখন অন্যতম অৰণ্য হ’ল ধেমাজি জিলাৰ জোনাই মহকুমাত থকা পবা সংৰক্ষিত বনাঞ্চল৷ ধেমাজি জিলাত থকা ৯ খন বনাঞ্চলৰ ভিতৰত একমাত্ৰ জীৱিত অৰণ্যখনেই হ’ল পবা৷ ১৯২৪ চনত ইংৰাজ আমোলৰ সময়ত সংৰক্ষিত বনাঞ্চলৰূপে স্বীকৃতিপ্ৰাপ্ত মুঠ ১০,২২১ হেক্টৰ মাটিকালিৰ এই বিস্তীৰ্ণ অৰণ্যভূমি জোনাই মহকুমা সদৰৰ পৰা পূবে ৮ কি.মি. আৰু উত্তৰে ৪ কি.মি. দূৰত্বত অৱস্থিত৷ পবা বনাঞ্চলৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশৰ অন্তৰ্গত চিৰসেউজ অৰণ্যাঞ্চল সংলগ্ন হৈ আছে৷ উত্তৰ-পূব কোণেৰে বৈ অহা চিয়াং নৈ পশ্চিমলৈ ১০ কি.মি. বৈ গৈ ব্ৰহ্মপুত্ৰত পৰিছেগৈ৷ পূব দিশত কবু চাপৰি আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান৷ অৰুণাচলৰ ডি ইৰিং, লক্ষী ৰিজাৰ্ভ আৰু ৰুকচিন মহকুমাৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলসমূহে পবাক সংগঠিত ৰূপত ৰাখিছে৷
পবা এখন সাধাৰণ অৰণ্য নহয়৷ ই মূলতঃ এখন বৰ্ষাৰণ্য৷ অন্য অৰণ্যৰ তুলনাত বৰ্ষাৰণ্য সমূহত সাধাৰণতে চাৰিটা স্তৰ থাকে৷ সেইকেইটা হৈছে শীৰ্ষস্তৰ, মধ্যস্তৰ, নিম্নস্তৰ আৰু ভূমি সংলগ্ন স্তৰ৷ পবা বনাঞ্চলটো বৰ্ষাৰণ্যৰ প্ৰতিটো চৰিত্ৰই বিদ্যমান৷ ইয়াত বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ গ্ৰীষ্মকালত প্ৰায় ৩৬০০ মি.মি.ৰ পৰা ৪০০০ মি.মিটাৰ পৰ্যন্ত৷ সৰ্বোচ্চ তাপমান ৩৫ ডিগ্ৰী চেণ্টিগ্রেড, সৰ্বনিম্ন ৭ ডিগ্ৰী চেণ্টিগ্রেড৷ ইয়াত চিৰসেউজীয়া, পৰ্ণপাতী ঘাঁহনি, জোপোহা তৃণাঞ্চল, জলাশয় আৰু পিতনিৰে ভৰা আর্দ্ৰভূমি আছে৷ ভূ-প্ৰাকৃতিক গঠন অনুসৰি পাহাৰৰ নামনি অংশত অৱস্থিত গেজেপনি, বনভূমি আৰু ছিয়াং, দিবং নৈৰ অৱবাহিকা অঞ্চলত অৱস্থিত প্লাৱন ভূমিয়ে পবাক সমৃদ্ধ কৰিছে৷ পবা বৰ্ষাৰণ্যত পোৱা জলাহভূমিৰ উদ্ভিদকূলৰ ভিতৰত কচু, বেত, বনকল, দল, এৰালি, ভেঁট, মেটেকা, কলমৌ, পানী শিঙৰি, নল, ইকৰা, এজ’লা, চাইপেৰাছ আদিয়েই প্ৰধান৷ একেদৰে লতাজাতীয় উদ্ভিদসমূহৰ ভিতৰত ভেদাইলতা, টিকনি বৰুৱা, জেতুলিপকা, কাউৰীমণি, মাধৈমালতী, বেলিপকা, প্ৰেমলতা, ভীমৰাজ, আমৈ লতা আদিয়েই প্ৰধান৷ পবাত পোৱা প্ৰাণীকুলৰ ভিতৰত লাজুকী বান্দৰ, বাঘ, হাতী, লতামেকুৰী, জহামাল, কেটেলা পহু আদিয়েই প্ৰধান৷ পবা বৰ্ষাৰণ্যৰ অন্যতম বৈশিষ্ট্য হ’ল শলখ গছৰ বিচিত্ৰতা৷ শলখ গছৰ উপৰিও পবাত থকা ভেঁৰ গছ হ’ল অসমৰ জাতীয় পক্ষী দেওহাঁহৰ আদৰ্শ বাসস্থান৷ ইয়াৰ উপৰিও পবাত বিভিন্ন প্ৰকাৰৰ গ্ৰাউণ্ড অৰ্কিড দেখিবলৈ পোৱা যায়৷
পবা বৰ্ষাৰণ্যত বৰ্তমানলৈকে ২১৮ প্ৰজাতিৰ চৰাই, ২১ প্ৰজাতিৰ স্তন্যপায়ী, ২৬০ প্ৰজাতিৰ বৃক্ষ আৰু বহুতো পখিলাৰ সন্ধান পোৱা গৈছে৷ পবাৰ বনভূমিত নদীকাষৰীয়া অৰণ্যৰ বৈশিষ্ট্য দেখিবলৈ পোৱা যায়৷ যিহেতু পবাৰ কাষেৰে বৈ যোৱা ছিয়াং নদীয়ে পবাক ভৰপূৰ উপচাৰ প্ৰদান কৰিছে ছিয়াংপৰীয়া পবাৰ অঞ্চল বিশেষত প্ৰচুৰ শিমলু গছ দেখা যায়৷ পবাৰ পূব দিশে ব্ৰহ্মপুত্ৰৰ দ্বিতীয় বৃহৎ নদীদ্বীপ কবু চাপৰি৷ ১৯৭৭-৭৮ চনৰ সময়চোৱাত কবু চাপৰি বনৰীয়া ম’হৰ আবাসস্থল আছিল৷ এতিয়াও কবু চাপৰিৰ জীৱ-বৈচিত্ৰ প্ৰাচুৰ্যময়৷ এই কবু চাপৰিৰ পূবলৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্রীয় উদ্যান৷ পবাৰ উত্তৰ দিশত থকা অৰুণাচলৰ অখণ্ড বনভূমি আৰু পবা, কবু চাপৰি, ডিব্ৰু-ছৈখোৱা এই চাৰিওখন অৰণ্যভূমি যেন একেডাল সূতাৰে গঁঠা৷ পবাক কেন্দ্ৰ কৰি এই বনাঞ্চলকেইখনে সমকোণী অৱস্থান গ্ৰহণ কৰিছে৷ বন্যপ্ৰাণীসমূহে পবা আৰু কবু চাপৰিক কৰিড’ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ এই কৰিডৰে বন্যপ্ৰাণীসমূহৰ সৈতে পবা আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্ক সূত্ৰ স্থাপন কৰে৷ অনেক পৰিভ্ৰমী চৰাইৰ বাবে পবা আৰু ছিয়াং নৈৰ উপকণ্ঠ অঞ্চল আদৰ্শ বাসভূমি৷ পবাৰ মুঠ বনভূমিৰ ৬০ ভাগ কাঠনি আৰু ২০ ভাগকৈ ক্ৰমে পিতনি আৰু ঘাঁহনি অঞ্চল৷

পবা বৰ্ষাৰণ্যকেন্দ্ৰিক অসমীয়া গ্ৰন্থঃ
পবা বৰ্ষাৰণ্যক কেন্দ্ৰ কৰি কেইবাখনো অসমীয়া গ্ৰন্থ তথা পত্ৰিকা প্ৰকাশ পাইছে৷ তাৰ ভিতৰত ২০১০ চনত নেচাৰ্চ বেকনৰ দ্বাৰা প্ৰকাশিত আৰু যুগল সন্দিকৈ, ঘনকৃষ্ণ বড়া, প্ৰৱণ বৰুৱা, গিৰীণ কছাৰী আৰু শিৱজ্যোতি বুঢ়াগোহাঁইৰ সহযোগত নৱ কুমাৰ চমুৱাৰ দ্বাৰা সংকলিত আৰু সম্পাদিত বৰ্ষাৰণ্য আৰু পবাৰ চমু ইতিবৃত্ত নামৰ গ্ৰন্থখনেই পবা বিষয়ক প্ৰথম গ্ৰন্থ৷ নৱ কুমাৰ চমুৱা ৰচিত আৰু অসমীয়া প্ৰতিদিন কাকতৰ ৩১ অক্টোবৰ, ২০০৭ সংখ্যাৰ প্ৰকৃতি শিতানত প্ৰকাশিত পবাঃ ব্ৰহ্মপুত্ৰ উপত্যকাৰ আন এখন বৰ্ষাৰণ্য শীৰ্ষক লেখাটোৱেই বৰ্ষাৰণ্য পৰিচয়েৰে প্ৰকাশিত পবা বৰ্ষাৰণ্য বিষয়ক প্ৰথমটো লেখা৷ আনহাতে পবা বিষয়ক আন দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল– ৰয়েল পেগুৰ বৰ্ষাৰণ্য পবাঃ ধেমাজিৰ প্ৰথমখন অভয়াৰণ্য হ’ব আৰু বৰ্ষাৰণ্য পবা, শতিকা-গৰকা দুলুঙৰ জীৱ-বৈচিত্ৰ্য৷ অৱশ্যে বৰ্ষাৰণ্য হিচাপে চিনাক্ত হোৱাৰ পূৰ্বে লেখক, পৰিৱেশকৰ্মী ৰয়েল পেগুকে আদি কৰি জোনাইৰ স্থানীয় লেখক-সাংবাদিকসকলে পবা বনাঞ্চলক লৈ বা-বাতৰি আৰু লেখা-মেলা কৰিছিল৷
পবা বনাঞ্চলৰ পটভূমিত ৰচিত একমাত্ৰ উপন্যাসখন হ’ল– অনন্ত কুমাৰ শৰ্মাৰ ঠাংফাই৷ ২০১৬ চনত প্ৰকাশিত এই গ্ৰন্থখনে ঊনবিংশ শতিকাৰ জোনাই আৰু ইয়াৰ পৰিৱেশ, আৰ্থ-সমাজিক আৰু প্ৰাকৃতিক অবয়ব ফুটাই তুলিবলৈ যত্ন কৰিছে৷ ঠাংফাই মূলতঃ বড়ো ভাষাৰ শব্দ৷ ইয়াৰ অৰ্থ হ’ল আঁতৰি যোৱা৷
উপন্যাসখনৰ নায়ক প্ৰাঞ্জল বৰুৱাই শৈশৱতে ঘৰৰ পৰা আঁতৰি অহা স্বাভিমানী ভ্ৰাতৃক লগ পোৱা আৰু যুক্তিবাদী পৰিৱৰ্তনকামী চহা মানুহৰ প্ৰতিনিধি ভ্ৰাতৃৰ আচল পৰিচয় পোৱাৰ আগতে এখন চিঠি দি পুনৰ এদিন ঘৰলৈ যোৱাৰ প্ৰতিশ্ৰুতিয়ে আঁতৰি যোৱাক মূল উপজীৱ্য হিচাপে লৈ কাহিনীভাগ সামৰণি পৰিছে৷
ধেমাজিৰ সমস্যা সমূহৰ ভিতৰত এক গুৰুত্বপূৰ্ণ সমস্যা হৈছে বানপানীৰ সমস্যা৷ বানপানীয়ে ধেমাজিৰ ৰাইজক জ্বলা-কলা খুৱাই আহিছে৷ সম্প্ৰতি বান সমস্যা কিছু পৰিমাণে হ্ৰাস পাইছে যদিও ঊনবিংশ শতিকাতো বানপানীৰ মাজত বুৰ গৈ থকা জিলা হিচাপেই পৰিচিত আছিল ধেমাজি জিলাখন৷ তাৰেই আভাস দি ঠাংফাইত বৰ্ণনা কৰা হৈছে এনেদৰে- “এয়া বানে গৰকা ধেমাজি৷ বাৰিষাৰ আৰম্ভণিৰ পৰা জীয়াধল, বৰলুইত, গাই, কুমটিয়া নদীয়ে ধেমাজিক বাতৰিৰ শিৰোনামলৈ তোলে৷ দুৰ্যোগৰ লগতহে যেন ধেমাজিৰ নামটো সাঙোৰ খাই আছে৷ কিছুদিনৰ আগতে অৰুণ বাপট নামৰ ভূমিকম্প বিজ্ঞানী এজনে সগৰ্বে ঘোষণা কৰিছিল— ধেমাজি প্ৰলয়ংকৰী ভূমিকম্পৰ উৎপত্তি ভুল হ’ব বুলি৷ আতংকই হাজাৰ হাজাৰ মানুহৰ চকুৰ টোপনি কাঢ়ি নিছিল৷ অবিজ্ঞানসন্মত এই ভবিষ্যদ্বাণীয়ে৷ এফালে ভূমিকম্পৰ আতংক আনফালে জীয়াধলৰ ঢৌৱে ধুই লৈ যোৱা খেতিৰ বাচি থকাখিনি লুইতৰ বানে শুওৱাই থৈ যায়৷ নিজে নেদেখিলে ধেমাজি-জোনাইৰ মানুহৰ দুৰ্দশাবোৰ ছবি আঁকিও বুজাব নোৱাৰি৷ ৰাজনীতি আৰু বানপানী দুয়োটাৰে চাকনৈয়াত জুৰুলা হোৱা গ্ৰামীণ এই জিলাখনে জিলাৰ নামহে পালে, পূৰ্ণতা কিন্তু এতিয়াও পোৱা নাই৷ দুটিমান চৰকাৰী বিভাগ, মুষ্টিমেয় চাকৰি, বেহা-বেপাৰৰ বিকাশ হোৱাৰ কোনো সম্ভাৱনা নথকা, চৰকাৰী-বেচৰকাৰী ঔদ্যোগিক বিকাশৰ কোনো কাথামো নথকা এই অঞ্চলৰ জনসাধাৰণে কিহৰ ভিত্তিত অৰ্থনীতি গঢ়ি তুলিব? হাজাৰ হাজাৰ নিবনুৱা ডেকা-গাভৰুৰ মুখত হতাশাৰ প্ৰতিচ্ছবি স্পষ্ট৷ জিলাখনৰ একমাত্ৰ কুটীৰ শিল্প ৰেচম শিল্পইও গা কৰি উঠিব পৰা নাই৷ জিলাখনত অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ সম্ভাৱনা থকা মুগা শিল্পৰ প্ৰতি চৰকাৰে আন্তৰিকতাৰে সহায়ৰ হাত আগবঢ়োৱা হ’লে সোণালী সূতাৰ এই উদ্যোগে অসমৰ এই আপুৰুগীয়া সম্পদে বিশ্বৰ দৰবাৰত জিলিকি উঠিবলৈ সমৰ্থ হ’লহেঁতেন৷ মুগা শিল্পক লৈ বৰ্তি থকাসকলৰ আক্ষেপ— কাউৰী, চিলনী খেদাই ৰাতি-দিনক অভিন্ন কৰি কষ্টৰ বিনিময়ত পোৱা মুগাৰ গুৱাহাটীৰ বেপাৰীয়ে উচিত মূল্য নিদিয়ে৷ দুপইচা বেছি পাম বুলি গুৱাহাটীলৈ নিজে লৈ গ’লেও বেপাৰীয়ে কাতিয়া মুগাকো জেঠুৱা মুগা বনাই পেলায়৷” [পৃষ্ঠা ৯৩]
জোনাইৰ কাষেৰে বৈ গৈছে চিয়াং নদী৷ চিয়াঙক অসম আৰু অৰুণাচলৰ সমন্বয়ৰ উৎস বুলিও অভিহিত কৰা হয়৷ চিয়াঙৰ মনোমোহা সৌন্দৰ্যত মোহ যায় প্ৰতিজন ব্যক্তি৷ “সৌখন চিয়াং৷ বালিবোৰ ৰ’দত সোণ যেন হৈ জিলিকিছে৷ বাৰিষা আহিবলৈ৷ এতিয়াও বহু দিন বাকী৷ তথাপি চিয়াংখনৰ বুকু ভৰি আছে৷ ব’হাগত চিয়াঙত বৰফ গালা পানীৰ ঢল আহে বোলে৷ পবা ৰিজাৰ্ভৰ মাজেৰে আহি লুইতৰ বুকুত মিলিছেহি চিয়াং৷” [পৃষ্ঠা৭] চিয়াং পাৰত সুহুৰি বজাই যেন ৰৈ থাকে পবা বনাঞ্চলে৷ শলখ আৰু শিমলুৰ বিস্তৃত বনভূমিয়ে আপোন পাহৰা কৰি তোলে মানুহক৷ এই অৰণ্যাঞ্চলেই গৰাখহনীয়া আৰু বানৰ প্ৰকোপৰ পৰা ৰক্ষা কৰি আহিছে জোনাই আৰু ধেমাজিক৷ “চিয়াঙৰ সোণোৱালী বালিৰ বুকুৰ পৰাই পোখা মেলিছে পবা ৰিজাৰ্ভখনে৷ অৰুণাচলৰ পাহাৰলৈকে বিস্তৃত হৈ থকা পবাৰ দক্ষিণ পাৰৰ সীমাহীন শিমলুৰ অকল ৰিজাৰ্ভখনকে সুৰক্ষা দিয়া নাই, দাঁতি-কাষৰৰ গাঁওবিলাককো লুইতৰ খহনীয়াৰ পৰা ৰক্ষা কৰিছে৷” [পৃষ্ঠা ৭]
“জৈৱ বৈচিত্ৰ্যৰে ভৰা বৰ্ষা অৰণ্যৰে আৱৰা অসমৰ সীমামূৰীয়া জোনাই আৰু ধেমাজিৰ লগতোতে লাগি থকা অৰুণাচলৰ পাহাৰৰাশিৰ পাদদেশলৈকে আগুৰি থকা অঞ্চলবোৰত ভূ-তাত্ত্বিক অণুজীৱ বিজ্ঞানৰ অধ্যয়নৰ জৰিয়তে ভূ-গৰ্ভৰ তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান আৰু লগতে বৰ্ষা অৰণ্যবোৰত মানৱ কল্যাণৰ সম্ভাৱনীয়তা থকা সুক্ষ্ম অণুজীৱৰ সন্ধানৰ বিশেষ প্ৰকল্পৰ অধ্যয়নৰ বাবে জোনাইলে আহিব লগা হৈছে প্ৰাঞ্জল বৰুৱা৷” [পৃষ্ঠা ১৪]
পবাত থকা ঔ-টেঙাৰ বৈচিত্ৰ্য খুবেই বিস্তৃত পৰিসৰৰ৷ ইয়াৰ ঔটেঙা খাবলৈ জাক-জাক হাতীয়ে ভিৰ কৰেহি৷ সেয়েহে বনৰীয়া হাতীৰ পৰা পৰাপক্ষত আঁতৰি থকাটোৱেই যুগুত৷ “জাক পাতি ঔটেঙা খাবলৈ অহা হাতীজাকৰ পৰা বহু নিলগত থকাই আত্মৰক্ষাৰ উত্তম উপায়৷ শুঁৰেৰে ঔটেঙাবোৰ ছিঙি অকলে যে খায়েই এনে নহয়৷ ঔটেঙাবোৰ ছিঙি দূৰলৈ দলিয়াই দিয়াটো দেখিলে হাতীবোৰে বল খেলাৰ নিচিনা লাগে? কুমলীয়া ঔটেঙাতকৈ খৰালি থকা উটেঙাৰ গোন্ধে প্ৰবল ঘ্ৰাণ শক্তিৰ অধিকাৰী হাতীবোৰক বহু দুৰৈৰ পৰাই আকৰ্ষণ কৰে৷” [পৃষ্ঠা২৩]
বৰ্ষাৰণ্যৰ ভিতৰত জিলি আৰু জোকৰ সংখ্যা খুব বেছী৷ গভীৰ অৰণ্যৰ মাজত জিলিৰ মাতবোৰো তীব্ৰ হৈ উঠে৷ “গভীৰলৈ সোমাই যোৱাৰ লগে লগে প্ৰখৰ ৰ’দত জিলিৰ মাতবোৰ যেন বেছি তীব্ৰ হৈ পৰিছিল৷ বেছিকৈ গাড়ী-মটৰ নচলাৰ বাবে ৰাস্তাবোৰত ঘাঁহবোৰ লহপহকৈ গজি উঠিছিল৷ লাহে লাহে যোৱা গাড়ীখনৰ পৰা দুয়োকাষলৈ চাই থাকোঁতে এটা অদ্ভুত দৃশ্য দেখিলে৷ এজোপা বুঢ়া হোলোং গছ, গছজোপা ইমানেই ওখ যে গছজোপাৰ আগটো চাবলৈ গাড়ীৰ পৰা নামি অহা প্ৰাঞ্জল বৰুৱাই দেখিলে ওখ ভালবোৰত কমেও পঞ্চাশটামান মৌবাহ৷ মৌ পৰাত খুউব পাকৈত মানুহজনেও ৰূপৰ লগতে আন কিছুমান মূল্যবান বস্তু পালে৷ মান সেনাই দক্ষিণ পাৰৰ পৰা লুট কৰি অন্য মূল্যবান বস্তুবোৰ এই পাৰৰ ৰাইজৰ সংহত আক্ৰমণত তিষ্ঠি থাকি নোৱাৰি পলাই যাবলৈ চেষ্টা কৰোঁতে সেইবোৰ চাপৰিত সিঁচৰতি হৈ পৰিছিল৷ শতক নিপাত কৰাটোৱেই ৰাইজৰ মূল উদ্দেশ্য আছিল৷ উদ্দেশ্য সফল হোৱাত আনন্দ মনেৰে ৰাইজ ঘৰলৈ উভতিছিল৷ মান সেনাই লুটি অনা ধন-টকা-পইচাৰ প্ৰতি কোনো খবৰেই নাছিল৷” [পৃষ্ঠা২৩]
পেটে-ভাতে খাই নিজৰ জীৱন সংগ্ৰাম চলাই যোৱা সৰ্বসাধাৰণ ৰাইজৰ সমস্যাৰ প্ৰতি উদাসীনতা দেখা পোৱা যায়৷ “ড০ প্ৰাঞ্জল বৰুৱা নিজৰেই অদেশখনৰ সীমামূৰীয়া এই নগৰখনৰ প্ৰতি এই অঞ্চলৰ মানুহবোৰৰ অভাৱ-অভিযোগবোৰৰ প্ৰতি থাকিবলগীয়া জ্ঞানৰ দৈন্য অনুভৱ কৰি৷” [পৃষ্ঠা ১২]
জিলাখন বানেগৰকাৰ সমান্তৰালভাৱে শস্যে-মৎস্যে উভৈনদী হৈ আছিল৷ প্ৰকৃতিয়ে দিবলগীয়া সকলো উপাদানৰে সমাহাৰ ঘটিছে ধেমাজি জিলাখনত৷ “এফালে অৰুণাচলৰ বিস্তীৰ্ণ পৰ্বতৰাশি, আনফালে হিয়াৰ আপোন বৰ লুইতখন মাজতে থকা সীমামূৰীয়া এই সৰু চহৰখনলৈ কংক্ৰিটৰ নগৰীৰ কোলাহলৰ পৰা আঁতৰি আহি গ্ৰামীণ অসমৰ চিৰ সেউজীয়া বাটেৰে বাট বুলোতে হিয়া-মন আপ্লুত হৈ পৰিছিল প্ৰাঞ্জল বৰুৱাৰ৷ ধেমাজিৰ পৰা জোনাই মহকুমা যেতিয়া সোমাইছিলহি এক নতুন পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ একাশী কিলোমিটাৰ পথত কাষৰ পাহাৰৰ পৰা নামি অহা সৰু-বৰ বাৱাখন নৈ৷ চিমেন, ডিখাৰী আৰু ডিমৌৰ বাহিৰে বাকীবোৰ সৰু সৰু৷ কোনোখনক নৈ নুবুলি জুৰি বুলিবহে পাৰি৷ ৰে’লৰ দলঙৰ বাদে পথচাৰী অথবা গাড়ী-মটৰৰ বাবে দলং কিন্তু কোনোখনত নাই৷ ডাঙৰ নদী তিনিখনত থকা ৰেলৰ দলংকেইখনৰ ৰে’লৰ চিৰি দুটাৰ কাষে কাষে গাড়ীৰ চকাকেইটা পাৰ হৈ যাব পৰাৰ জোখাৰে পকা কৰি দিয়া হৈছে৷ ৰে’ল নোযোৱাৰ সময়ত সেই বাটেৰে মানুহ, গাড়ী আৰু জীৱ-জন্তুও পাৰ হয়৷ সৰু সৰু নৈবিলাকৰ বুকু ফালি আহোতে কেতিয়াবা বালিত লাগি ৰৈ যাব লাগে৷ পাহাৰত বৰষুণ হ’লে নৈবোৰত ঢল আছে৷ অৱশ্যে বৰষুণ শাম কাটিলে নৈবোৰ আগৰ দৰেই চিলচিলীয়া পানীৰেই বৈ যায়৷” [পৃষ্ঠা ১২-১৩]
জোনাইত দেওবাৰে বজাৰ বহে৷ পাহাৰৰ আলু-কচুৰ পৰা ভৈয়াৰ শাক-পাচলিলৈকে উভৈনদী হৈ পৰে দেওবৰীয়া জোনাই বজাৰ৷ “জোনাই তিনিআলিৰ পৰা জোনাই বজাৰলৈকে বহা দেওবৰীয়া এই বজাৰখনলৈ কাষৰ পাহাৰৰ পৰা আদি লোকসকলো আছে, কোনোজনে বজাৰ আৰু কোনোজনে বেপাৰ কৰিবলৈ৷ পাহাৰীয়া আলু-কচু-বন দৰবৰ লগতে আদিসকলে অনা আদি চাউলৰ চাহিদা যথেষ্ট আছে জোনাই বজাৰত৷ সকলোধৰণৰ বস্তু গুলোৱা বজাৰখনৰ দুটা দৃশ্যই প্ৰাঞ্জল বৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিলে৷ মৌ আৰু সাজপানী বনাবলৈ ব্যৱহাৰ কৰা সাজ পিঠা বিক্ৰী কৰা লোকৰ সংখ্যা অসমৰ যি কোনো গাঁৱলীয়া বজাৰবিলাকৰ ভিতৰত বোধকৰো সৰ্বাধিক হ’ব? [পৃষ্ঠা ১৯]
মুৰ্কংচেলেক নামটোৰ এক ঐতিহ্য আছে৷ ঠাংফাইত এই ঐতিহ্যৰ বিশ্লেষণ কৰি ঔপন্যাসিক অনন্ত কুমাৰ শৰ্মাই লিখিছে- ‘মূৰকং’ মানে টকা আৰু ‘চেলেক’ মানে চাপৰি৷ এই মূৰকংচেলেকেই এই অঞ্চলত ৰাইজৰ বীৰত্বৰ কথা মনত পেলাই দিয়ে৷
মূৰৰ্কংচেলেকৰ মাটিত ধন-সোণ লগতে এই অঞ্চলৰ ৰাইজে অলিখিত বীৰত্ব আৰু গৌৰৱৰ ইতিহাস বিচাৰি পাইছিল৷ পঞ্চাশ চনৰ বৰ ভুইকঁপৰ পিছতে হোৱা প্ৰবল বানপানীয়ে ‘মূৰ্কংচেলেক’ক লুইতে নিজৰ বুকুত সামৰি ল’লে৷ চিকাৰূপৰ চাপৰিটো আজি নাই, কিন্তু এই অঞ্চলৰ লোকসকলৰ বীৰত্বৰ কাহিনী লুইতৰ বলিয়া বানে মানুহৰ মনৰ পৰা মচি নিব নোৱাৰিলে৷ চিকাৰূপৰ চাপৰি ‘মূৰ্কংচেলেক’ৰ স্মৃতি আজিও সজীৱ কৰি ৰাখিছে ‘মূৰ্কংচেলেক’ ৰেল ষ্টেচনে৷ [পৃষ্ঠা ২৩-২৪]
জোনাইৰ অভ্যন্তৰত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক সংযোগ কৰা এটা চাপৰি হ’ল কবু চাপৰি৷ অৱশ্যে ঔপন্যাসিকে এই চাপৰিক কবো চাপৰি বুলি উল্লেখ কৰিছে৷ কবু চাপৰিৰ পুৰণি ঐতিহ্যৰ অৱলোকনো উপন্যাসখনৰ পাতত দেখা গৈছে৷ “ব্ৰিটিছ চাহাবে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অগাধ অৰণ্যৰ পৰা মূল্যৱান কাঠ কাটি ফলিবলৈ নেপালী সম্প্ৰদায় শ্ৰমিকক এই অঞ্চললৈ আনিছিল৷ সেইসকল শ্ৰমিকৰ মাজত বাহাসুখৰ বাপেকো আছিল৷ প্ৰথমে কৰতেৰে কাঠবোৰ হাতেৰেই ফালিছিল৷ যদিও পিছলৈ কবু চাপৰিত বৰ ডাঙৰ কাঠ ফলা মিল বহুৱাইছিল ব্ৰিটিছ চাহাবে৷ কাঠ কাটিবলৈ আহি এই অঞ্চলত ৰৈ গৈছিল সেইসকল নেপালী লোক৷ গালিৰ ৰিজাৰ্ভৰ উত্তৰফালে এসময়ত তিনিখনমান নেপালী সম্প্ৰদায়ৰ লোকৰ গাঁৱেই গঢ়ি উঠিছিল৷ সেই গাঁওকেইখনৰ এখন বাহাদুৰহঁতৰ গাঁও আছিল৷ অগাধ অৰণ্য ভাঙি গঢ়ি উঠা গাঁওকেইখন গালি ৰিজাৰ্ভ আৰু অৰুণাচলৰ পাহাৰৰ মাজতেই আছিল৷ অসম অথবা অৰুণাচল বুলিবলৈ তাত কোনো সীমা নাছিল৷ অসম আৰু অৰুণাচলৰ দুয়ো পাৰৰ মানুহখিনিৰ মাজত বাহাদুৰহঁতৰ গাঁওকেইখন সমন্বয়ৰ সেতু আছিল৷ সময়ৰ লগে লগে সকলো সলনি হৈ গ’ল৷ মানৱতা-ভাতৃত্ববোধৰ মূল্যবোধে ৰাজনৈতিক প্ৰতিন্দ্বন্দিতাৰ ওচৰত হাৰ মানিব লগা হৈছিল৷”[পৃষ্ঠা২৮]

ব্ৰিটিছ চাহাবৰ কাঠ ফলা কলৰ স্মৃতিৰে জীয়ান কবু চাপৰি৷ গভীৰ অৰণ্যত বাচি বাচি শ শ বছৰীয়া মূল্যৱান গছবোৰ কাটি হাতী আৰু মানুহ সকলোৰে প্ৰচেষ্টাত লুইতৰ সুঁতিৰে আনি কবো চাপৰিৰ কাঠ ফলা কল পোৱাওঁতে ভাগৰত অতীষ্ঠ হোৱা মানুহবোৰে খন্তেক জিৰাই লৈ দেহাবোৰক শাত পেলাবও পৰা নাছিল৷ “সামান্য অজুহাততে ব্ৰিটিছ চাহাবৰ সৌকাৰ কোব খাব লগা হোৱা শ্ৰমিকবোৰৰ বেছিভাগেই কিছুদিন থাকি পলাই গৈছিল৷ সেয়েহে ব্ৰিটিছ চাহাবে শ্ৰমিক হিচাপে স্থানীয় লোকতকৈ দুৰৈৰ পৰা অনা শ্ৰমিকক বেছি অগ্ৰাধিকাৰ দিছিল৷ শ্ৰমিক যোগাৰ কৰাৰ কোনো সমস্যাৰ সন্মুখীন নহৈছিল ব্ৰিটিছ চাহাব৷ পৰাধীনতাৰ শিকলি পিন্ধি থকা মানুহখিনিৰ মাজত ব্ৰিটিছ চাহাবৰ পদধূলা লৈ ধন্য মনা লোকো বহুত আছিল৷ সেইসকলেই প্ৰভুৰ আদেশ মানি চাহাবক বিপদত পৰাৰ পৰা ৰক্ষা কৰি আছিল৷ পৰিশ্ৰমী নেপালীসকলক বিশ্বাসত লোৱাৰ বাবেই প্ৰথমে আহোঁতেই চাহাবে নাও ভৰাই লগত লৈ আহিছিল নেপালী সম্প্ৰদায়ৰ ভালেমানক ৷” [পৃষ্ঠা ১১৪]
“ কবু চাপৰিৰ মাজেদিয়েই পবাৰ ফালৰ পৰা খৰালি হাতীবোৰ লুইত পাৰ হৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ যায়৷ গাঁৱৰেই বিয়া এখনত এনেদৰে যোৱা হাতী এজাক সোমালেহি৷ চাৰিওফালে হুলস্থূল লাগিল— যিয়ে যেনি পাৰে পলাল৷ হাতীয়েও বিনা বাধাৰে সিহঁতৰ ঘ্ৰাণ শক্তিৰ অধীনত অন্য খোৱা বস্তুৰ লগতে সাজপানীৰ কলহ বিচাৰি পালে৷ সাজপানী খাই আঁতৰি গ’ল হাতী৷ বিপদ সিমানতে শেষ হোৱা নাছিল৷ সেয়া আৰম্ভণিহে আছিল ৷ ইয়াৰ পাছত মাইক অথবা ঢোলৰ শব্দ শুনিলে হাতী আহি গাঁও পায়হি সাজপানীৰ সোৱাদ ল’বলৈ৷ সেয়েহে আজিকালি বিয়াবোৰত ঢোলো নবজায় মাইকো নবজায় হাতী আহে বুলি৷” [পৃষ্ঠা ১১৫]
ধেমাজি-জোনাইৰ এখন অন্যতম জীৱিত নদী হ’ল চিমেন নদী৷ দেখাত বহল অথচ কম গভীৰতাৰ এই নদীখন ঠায়ে ঠায়ে বামো৷ “নদীখন দেখাত বহল হ’লেও গভীৰতা কিন্তু নাই৷ কোনো কোনো ঠাইত একেবাৰে বাম৷ নিচেই কাষতে থকা পাহাৰৰ পৰা হুৰহুৰাই নামি অহা পানীৰ ঢলৰ লগত অহা শিল-বালিয়ে বাম কৰি ৰখা নদীখন দেখাত কিন্তু বৰ ধুনীয়া৷ ডাঙৰ দলংখনৰ পৰা হাত মেলিলেই ঢুকি পাম যেন লগা পাহাৰটোৰ সৈতে অপৰূপ পৰিৱেশটোৰ পৰাই জৰীপৰ কাম আৰম্ভ কৰিবলৈ লোৱা হ’ল৷” [পৃষ্ঠা ৬৫]
ঊনবিংশ শতিকাত উগ্ৰপন্থী সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী প্ৰায় অপহৰণ হ’বলগীয়া হৈছিল৷ ভুল খবৰৰ ফলত ঠাংফাইৰ নায়ক প্ৰাঞ্জল বৰুৱাও অপহৃত হৈছিল৷ তেখেতক উগ্ৰপন্থী সংগঠনে অপহৰণ কৰি মুক্তিপণ দাবী কৰিছিল৷ “আপোনাৰ মুক্তিৰ বাবদ অইল কোম্পানীয়ে আমাৰ সংগঠনৰ আৰ্থিক দিশত সহায় কৰিবলৈ পাঁচ লাখ টকা দিব লাগিব৷ টকা নোপোৱালৈকে আপোনাক আমাৰ মাজত ৰাখিম৷” [পৃষ্ঠা ১৩৪] অৱশ্যে সঠিক তথ্য লাভ কৰাৰ পাছত ঘন জংঘলৰ মাজত নায়ক বৰুৱাক মুকলি কৰি থৈ গৈছিলহি৷
জোনাইৰ কাষেৰে বৈ গৈছে বহুকেইটা জান-জুৰি৷ তেনে এটা জুৰি হ’ল ৰুকচিন৷ “ৰুকচিন এখন পাহাৰীয়া জুৰিৰ নাম৷ এই ৰুকচিন নামেৰে নামকৰণ হোৱা অঞ্চলটোতেই ভৌগোলিকভাৱে বিভক্ত হৈছে অসম আৰু অৰুণাচল৷ প্ৰকৃতিয়ে তাত কোনো প্ৰাকৃতিক বিভাজন কৰা নাই৷ ৰাজনৈতিকভাৱে বিভাজিত হোৱা সেই ঠাইত লক্ষ্মণ ৰেখাৰ ৰূপত ৰে’লগেটত থকাৰ দৰে এডাল ডাঙৰ লোহাৰ পাইপেৰে দুয়োখন প্ৰদেশক বেলেগ কৰাৰ লগতে দুয়ো ফালৰ পৰা মানুহবোৰৰ মনত ৰাজনৈতিক প্ৰভেদতাক সচেতন কৰি ৰাখিছে৷ আন্তঃৰাজ্যিক পাৰ-পত্ৰ নহ’লে অৰুণাচলৰ ফালে যাবলৈ গেটখন খোল নাখায়৷ সেয়ে হ’লেও একচিনৰ আশে পাশে দুয়ো কাষৰ মানুহবোৰৰ মনবোৰ কিন্তু অতীতৰে পৰা সদা-উন্মুক্ত হৈয়ে আছে৷” [পৃষ্ঠা ২৬]
বনভূমিৰ বেদখল আৰু ইয়াৰ পুনৰ সংস্থাপনৰ সমস্যা আজিও জোনাইৰ এক গুৰুত্বপূৰ্ণ সমস্যা হৈয়ে আছে৷ সেই সমস্যাক উপস্থাপন কৰিবলৈ গৈ উপন্যাসৰ নায়ক প্ৰাঞ্জল বৰুৱাক স্থানীয় লোকে কৈছেগৈ – ‘‘আপুনি জানে আমাৰ গাঁওকেইখন পবা ৰিজাৰ্ভৰ অন্তৰ্গত৷ যোৱা দহ বছৰত দুবাৰ উচ্ছেদ কৰিছে আমাক৷ কিন্তু আমি ক’লৈ যাম? গালি ৰিজাৰ্ভ ওচৰত আছিলোঁ৷ তাৰ সীমা বিবাদ অনি(য়তাত দিন কটাব লাগে৷ কেতিয়াবা হিংসাৰ জুই জ্বলি উঠে৷ সেইবাবে ইয়ালৈ উঠি আহিলোঁ৷ ইয়াত চিয়াংখনেই দুয়োখন প্ৰদেশৰ সীমা হোৱা বাবে বিবাদ নাই, কিন্তু নিজ চৰকাৰৰেই উচ্ছেদৰ বিভীষিকাৰ মাজত থাকিব লাগে৷ মাজতে চৰকাৰে চিমেন চাপৰিৰ ফালে মাটি দিছিল— গালি ৰিজাৰ্ভৰ পৰা উঠি আহিবলৈ বাধ্য হওঁতে৷ গাই প্ৰতি এবিঘাকৈ দিয়া মাটিবোৰ অকণো সাৰুৱা নোহোৱাৰ লগতে বালিৰ পৰিমাণ বেছি হোৱাৰ বাবে খেতি-বাতি ভালকৈ নহয়৷ এবিঘা মাটিত খেতি কৰি পৰিয়াল এটা জীয়াই থাকিব নোৱাৰে৷ জীয়াই থকাৰ উপায় নোহোৱাৰ বাবে ইয়ালৈ গুচি আহিলোঁ৷ গাঁওকেইখনত বড়ো, কছাৰী, মিচিং সম্প্ৰদায়ৰ লগতে কেইঘৰমান নেপালী সম্প্ৰদায়ৰ লোকো আছে৷ ইয়াত গৰু-ছাগলী পুহি, হাবিৰ বৰ মৌ কাটি লগতে শাক-পাচলিৰ খেতি কৰি কোনোমতে দুবেলা দুসাঁজ মোকোলাই আছে৷ পৰাজনে অৰুণাচলৰ আদি মানুহৰ মাটি ভাঙিও খেতি কৰিছে আধি হিচাপত৷ স্থায়ীৰূপে থকাৰ নিশ্চয়তা নথকাৰ বাবে মানুহবোৰ সতৰ্ক হৈ থাকে, মানুহৰ মুখত আপোনালোকে ৰিজাৰ্ভৰ কিমান মাটি বেদখল হৈছে তাৰেই জৰীপ কৰিবলৈ আহিছে বুলি শুনাতহে মানুহখিনি আতংকিত হৈ পৰিছে৷” [পৃষ্ঠা ৫৪]
এখন উপন্যাস হিচাপে ধেমাজিৰ পৰিৱেশ-পৰিস্থিতিক উপস্থাপন কৰাত ঔপন্যাসিক বহু পৰিমাণে সফল হৈছে৷ উপন্যাসখনৰ কথন ৰীতিৰ ফালৰ পৰাও পাঠকক তথ্যসমৃদ্ধ উপন্যাস এখনত মনোৱদ্ধ কৰি ৰাখিব পাৰিছে৷ লেখকে কল্পনা আৰু বাস্তৱৰ সমাহাৰেৰে এখত নিখুঁত ছবি আঁকিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে৷ অসমৰ জৈৱ-বৈচিত্ৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ মূল কাৰণ হ’ল বান আৰু গৰাখহনীয়া৷ ভূমিকম্পপ্ৰৱণ অঞ্চলৰ অন্তৰ্গত এই জিলাখনত থকা বিভিন্ন জলাশয়, বিল আদি পোত খাই যোৱাৰ লগতে নদীসমূহো বাম হৈ গৈছে৷ ফলত জীৱন আৰু জীৱিকালৈ সংকট নামি অহাৰ সমান্তৰালভাৱে পৰিৱেশলৈয়ো ভাবুকি আহিছে৷ এটা সময়ত বানেগৰকা জিলা হিচাপে পৰিচিত ধেমাজিৰ চৌপাশৰ পৰিস্থিতি বৰ্ণনাৰ লগতে জনসাধাৰণৰ জীৱনশৈলী উপস্থাপনত ঔপন্যাসিকে ত্ৰুটি কৰা নাই বুলিব পাৰি৷ উল্লেখযোগ্য যে, জোনাইৰ হাওঁফাওঁস্বৰূপ পবা বৰ্ষাৰণ্যৰ দাঁতিকাষৰীয়া মানুহৰ জীৱনৰ সমস্যাসমূহো চিন্তনীয় হৈ পৰিছে৷ জীৱবৈচিত্ৰ্যৰ ভঁৰালস্বৰূপ পবায়ো সম্প্ৰতি ইয়াৰ বৰ্ষাৰণ্যৰ চৰিত্ৰ হেৰুৱাই পেলাইছে৷ ফলত বন, বন্যপ্ৰাণী আৰু ধেমাজিৰ প্ৰতি ভাবুকি আহিছে৷ পবাক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি অবিহনে ইয়াৰ স্থায়ী সমাধান অসম্ভৱ৷ সম্প্ৰতি জিলাখনত উগ্ৰপন্থীৰ সমস্যা হ্ৰাস পাইছে৷ যাতায়ত ব্যৱস্থা সুচল হৈছে যদিও দিনক দিনে দুৰ্ঘটনাৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ জিলাখনৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াত মুগা শিল্পৰ ভূমিকা সৰ্বজন বিদিত৷ ধেমাজিৰ ৰেচম সম্পদে চহা ৰাইজক আৰ্থিকভাৱে টনকিয়াল কৰাতো সহায় কৰি আহিছে৷ ধেমাজিৰ অৰ্থনৈতিক আৰু সামজিক প্ৰেক্ষাপটক ঠাংফায়ে নিটোল ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে৷ (ক্রমশঃ)








