সেউজ সাহিত্যৰ পম খেদি (৩)

fortnightly1

অসমীয়া ছপা মাধ্যমত পৰিৱেশ সংৰক্ষণ আৰু সজাগতা বার্তা

(খণ্ড ১)
মানস প্রতিম দত্ত

পৰিৱেশ সাংবাদিকতা বা ইক’ জাৰ্নেলিজিম শব্দটো মূলতঃ দুটা শব্দ ইক’ আৰু জাৰ্ণেলিজিমৰ সমষ্টি৷ এই শব্দ দুটাৰ পৰা আমি বুজিব পাৰোঁ যে পৰিৱেশ সাংবাদিকতা হৈছে পৰিৱেশ বিষয়ক সংবাদ প্ৰেৰণ আৰু প্ৰকাশ কৰা এক নৱ্য ধাৰণা৷ ড॰ এণ্ডাৰ্চ হাঁচেনৰ মতে ইক’-জাৰ্নেলিজিম হ’ল- ‘News about the environment, environmental disasters, and environmentalissues or problems does not hahpen by itself, but is… ‘‘produced,” “manufactured,” or “constructed.” পৰিৱেশ সাংবাদিকতা আৰু পৰিৱেশগত সংবাদৰ মাজত পাৰ্থক্য আছে৷ পৰিৱেশ সাংবাদিকতা হ’ল উপযুক্ত পৰিৱেশকৰ্মীৰ দ্বাৰা গৱেষণা, অধ্যয়ন, পৰ্যালোচনা আৰু বিশে¡ষণৰ দ্বাৰা পৰিৱেশৰ সমস্যা সম্পৰ্কে ৰাইজৰ মাজত সজাগতা আনিব পৰাকৈ প্ৰস্তুত কৰা তথ্যসমৃদ্ধ বাৰ্তাবাহী সংবাদ৷ সাংবাদিকতাৰ অধ্যাপক শ্বাৰণ এম. ফ্ৰাইডমেন [২০০৪]এ পৰ্য্যবেক্ষণ কৰিছিল যে পাৰম্পৰিক গণমাধ্যমত কৰ্মৰত পৰিৱেশ সাংবাদিক সকলে এতিয়াও “shrinking news hole while facing a growing need to tell longer, complicated and more in-depth stories” এই কথাত বিশ্বাস কৰে৷ পৰিৱেশ বিষয়ক সমস্যা এটা, ইয়াৰ বিভিন্ন কাৰক আৰু আৰু সমস্যাৰ ক্ষেত্ৰত ল’ব পৰা সমাধান সূত্ৰ নিৰ্ণয় কৰাটো ইক’জাৰ্নেলিষ্টৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত৷ পৰিৱেশ সাংবাদিকসকলে পৃথিৱীৰ বিভিন্ন পৰিৱৰ্তনসমূহৰ বিকাশ সাধন কৰিব পাৰে বুলি বিশ্বাস কৰা হয়৷ তেওঁলোকে বায়ু, পানী, জীৱসমুদায় আৰু প্ৰাকৃতিক সম্পদৰ বিভিন্ন চিৰিয়াছ সমস্যাসমূহ শক্তিশালী গণমাধ্যম কাকত-চেটেলাইট চেনেলৰ জৰিয়তে জনগণক সজাগ কৰিব পৰাকৈ প্ৰস্তুত কৰে৷ বহু সময়ত পৰিৱেশ বিষয়ক কথাবোৰক গুৰুত্ব দিব খোজা নহয়৷ বহু লোক এনেবোৰ ক্ষেত্ৰত কম-বেছি পৰিমাণেহে আগ্ৰহী৷ সমাজৰ অধিকাংশই ভাৱে যে গছ-গছনি, পানী আৰু অন্যান্য প্ৰাকৃতিক সম্পদৰ ওপৰত তেওঁলোকৰ জীৱনশৈলী সংপৃক্ত হৈ আছে যেতিয়া ইয়াক ব্যৱহাৰ কৰাটো তেওঁলোকৰ অধিকাৰ৷

যথাৰ্থ ৰূপত পৰিৱেশ সাংবাদিকতা ধাৰণাটো বিকাশ হোৱা বেছি দিন হোৱা নাই যদিও অসমীয়া সাহিত্যত অৰুণোদইৰ পাতত পৰিৱেশ বিষয়ক বিভিন্ন লেখা প্ৰকাশৰ আৰম্ভণি ঘটিছিল৷ সেই লেখাসমূহৰ ভিতৰত– সিংহৰ বিবৰন, কাকতি ফৰিংৰ কথা, বলদ গৰুৰ বিবৰন, কেমতাই অৰ্থাৎ বনৰৌ পহুৰ বিবৰন, বাঘৰ বিবৰন, হাতিৰ বিবৰন, গঁৰৰ বিবৰন, তিমি মাচৰ বিবৰন, মঁহৰ বিবৰন, গাই গৰুৰ বিবৰন, তিমি মাচৰ বিবৰন, সিংহৰ কথা, মৌ-মাখিৰ বিবৰন, বেঙ্গ আদি অচেতন হৈ থকাৰ কথা, ঘোঁৰাৰ বিবৰন, পিৰু দেসৰ মেৰ চাগলি, জিৰাফ অৰ্থাত নাহৰফুটুকী পহুৰ বিবৰন, উট চৰাই আদি অন্যতম৷

অসমত পৰিৱেশ সংক্ৰান্তীয় বাতৰি অৱশ্যে ছেগা-চোৰুকাকৈ তেতিয়াৰ কাকততো প্ৰকাশ পাইছিল৷ এই সম্পৰ্কে ‘অসমত সেউজ সংৰক্ষণচেতনা আৰু সাহিত্য’ত ড॰ নৱ কুমাৰ চমুৱাই লিখিছে–‘…বাতৰি কাকতসমূহত অসমৰ বিভিন্ন ৰাষ্ট্রীয় উদ্যান, অভয়াৰণ্য অথবা বনাঞ্চল-বন্যপ্ৰাণী সম্পৰ্কীয় খবৰ-বাতৰি সণ্ঢালনিভাৱে প্ৰকাশিত হৈ হৈছিল৷ উদাহৰণস্বৰূপে আমি উল্লেখ কৰিব পাৰোঁ, নতুন দৈনিক কাকতত প্ৰকাশিত তেনেধৰণৰ দুটামান বাতৰিৰ শীৰ্ষক আছিল এনেধৰণৰ– ‘পানী দিহিং পক্ষী অভয়াৰণ্যত পূৰ্ণগতিত পক্ষী নিধন, হোটেলত বিক্ৰী হয় পক্ষীৰ সুস্বাদু মাংস’ ‘জলপ্ৰদূষণঃ গুৱাহাটী মহানগৰীৰ মৃত্যুদূত’ [১৫জানুৱাৰী,১৯৮৮] ‘গুৱাহাটীৰ পাহাৰবোৰ নিশ্চিহ্ন হোৱাৰ উপক্ৰম’ [১৩ ফেব্ৰুৱাৰী,১৯৮৮] ‘মহানগৰীত ভয়াবহ শব্দ প্ৰদূষণঃ জনস্বাস্থ্য বিপন্ন’ আদি উল্লেখযোগ্য৷’

অসমত পৰিৱেশ সাংবাদিকতাৰ ক্ষেত্ৰত মূল ভূমিকা লৈ পোনপ্ৰথমবাৰৰ বাবে ‘আমাৰ পৰিৱেশ’ নামৰ পৰিৱেশ সম্পৰ্কীয় এটা পৃষ্ঠা অন্তৰ্ভুক্ত কৰা হৈছিল পৰাগ কুমাৰ দাস সম্পাদিত ‘সাপ্তাহিক বুধবাৰ’ত৷ তাৰ পাছতে ১৯৯১ চনৰ পৰা প্ৰকাশিত ‘আজিৰ বাতৰি’ত প্ৰতি শনিবাৰে প্ৰকাশ পাইছিল ‘বন্য বিশ্ব’ নামৰ প্ৰকৃতি সম্পৰ্কীয় এটা পৃষ্ঠা৷’ বৰ্তমান অসমৰ প্ৰায়বোৰ কাকতেই পৰিৱেশ সম্পৰ্কীয় লেখা-মেলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্ব দিছে৷ অসমৰ প্ৰতিখন কাকততে পৰিৱেশ সম্পৰ্কীয় একোটাকৈ পৃষ্ঠা প্ৰকাশ হোৱা দেখা যায়৷ বৰ্তমান প্ৰকাশ হৈ থকা বিভিন্ন প্ৰকৃতি বিষয়ক পৃষ্ঠাসমূহ হ’ল– দৈনিক অসমৰ সুন্দৰ পৃথিৱী, নিয়মীয়া বাৰ্তাৰ প্ৰকৃতি-পৰ্যটন, অসম আদিত্যৰ প্ৰকৃতি-পৰিৱেশ, আমাৰ অসমৰ প্ৰকৃতি ইত্যাদি৷ ইয়াৰ উপৰিও দৈনিক জনমভূমি, সাপ্তাহিক জনমভূমি, অসমীয়া খবৰ, অসম বাণী, দৈনিক অগ্ৰদূত, দৈনন্দিন বাৰ্তা আদিতো মাজে-সময়ে প্ৰকৃতি বিষয়ক বাতৰি আৰু লেখা প্ৰকাশ পাই আহিছে৷ অসমীয়া প্ৰতিদিনৰ সম্ভাৰৰ ৰ’দালি পৃষ্ঠাৰ উপৰিও প্ৰকৃতি বিষয়ক পৃষ্ঠা আৰু প্ৰকৃতি বিষয়ক লেখা বিভিন্ন সময়ত প্ৰকাশ হৈ থকা দেখা যায়৷ প্ৰতি বছৰে প্ৰকৃতি বিষয়ক বিভিন্ন লেখা এই পৃষ্ঠাসমূহে সামৰি লৈছে৷ অসমীয়া কাকতৰ উপৰিও অসমীয়া আলোচনী গৰীয়সী, সাতসৰী, প্ৰান্তিক, অন্যযুগ, নক্সা, ৰহস্য আদিতো প্ৰকৃতি বিষয়ক বাৰ্তা আৰু বিভিন্ন লেখা প্ৰকাশ হোৱা দেখা যায়৷অসমীয়া প্ৰকৃতি সাহিত্যৰ ক্ষেত্ৰত বাটকটীয়া হিচাপে অভিহিত কৰা প্ৰথমখন গ্ৰন্থই হৈছে ১৯৬০ চনত প্ৰকাশ পোৱা শ্ৰীধনিৰাম দত্তৰ উদ্‌ভিদ বিৱৰণ৷ আৰম্ভণ অধ্যায়ক বাদ দি আন সাতটা অধ্যায়ত ভাগ কৰা গ্ৰন্থখনত উদ্ভিদৰ বিভিন্ন অংশৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণমূলক দিশটোক গুৰুত্ব প্ৰদান কৰা হৈছে৷ উদ্‌ভিদ বিৱৰণ কোনো অনুবাদ গ্ৰন্থ নহয়৷ অৱশ্যে এই গ্ৰন্থ প্ৰস্তুতৰ বেলিকা লেখকে বিভিন্ন প্ৰবন্ধ-পাতিৰ সহায় লৈছে৷ এই সম্পৰ্কে তেওঁ পাতনিত লিখিছে– “এই পুথিখন কোনো পুথিৰ অনুবাদ নহয়৷ ইয়াক সংগ্ৰহ কৰোতে ডাক্তাৰ যদুনাথ চট্টোপাধ্যায়ৰ উদ্ভিদ বিচাৰজ্ব বাবু জগদানন্দ দাসৰ গাছপালাজ্ব বি, চি, বসুৰ কৃষিবিজ্ঞানজ্ব মাননীয় মজিদ চাহাবৰ নিম্ন প্ৰাইমাৰী পাঠ আৰু কোনো কোনো মাহিলী কাকতৰ উদ্ভিদ সম্বন্ধীয় প্ৰবন্ধৰ সহায় লোৱা হৈছে৷’’

ধনিৰাম দত্তই গ্ৰন্থখন প্ৰস্তুত কৰা বেলিকা বহুকেইটা বৈজ্ঞানিক পৰিভাষিক শব্দ নিজে তৈয়াৰ কৰাৰ লগতে সেই সময়ত নিম্ন প্ৰাথমিক পাঠ্যপুথিত ব্যৱহূত মৌলবী আব্দুল মজিদৰ [যাক তেওঁ মজিদ চাহাব হিচাপে সম্বোধন কৰিছিল] উদ্ভিদ পৰিভাষিক শব্দ ব্যৱহাৰ কৰিছে৷ লেখকে আৰম্ভণ অধ্যায়ত আচাৰ্য জগদীশ চন্দ্ৰ বসুৱে প্ৰমাণ কৰা উদ্ভিদৰ অনুভৱপ্ৰৱণ গুণৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ সংজ্ঞা দিছে এনেদৰে– “যিবিলাক শৰীৰী বস্তুৰ জীৱন আছে আৰু যিবিলাকে মাটিৰ ৰস দেহলৈ আনি বাঢ়ে, যিবিলাকে প্ৰাণীবোৰৰ নিচিনা সুখ দুখ অনুভৱ কৰিব পাৰে কিন্তু ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে সেইবিলাকক উদ্ভিদ বোলে৷’’

সপুষ্পক উদ্ভিদক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়৷ এটা হৈছে দুশহীয়া উদ্ভিদ আৰু আনটো হৈছে এশহীয়া উদ্ভিদ৷ লেখকে দুশহীয়া আৰু এশহীয়া উদ্ভিদৰ সংজ্ঞা দিছে এনেদৰে– ‘‘সকলোৱে দেখিছে যে, আম, উৰহী, মাহ, তেঁতেলী, কোমোৰা প্ৰভৃতিৰ গুটিত দুফাল শাহ থাকে আৰু পুলি গজোতে সেই শাহ দুফাল কেতিয়াবা পুলিৰ দুফালে দুটা শাহ হৈ পাত ওলায়৷ এনেকুৱা বিলাক উদ্ভিদক দুশহীয়া উদ্ভিদ বোলে৷ তামোল, নাৰিকল, ধান প্ৰভৃতি উদ্ভিদৰ শাহ গোটা আৰু পুলি গজোতে এটা মাথোন শাহ পাত ওলায় আৰু পুলিটো এটা ঢাকনি বা থোৰৰ ভিতৰত থাকে৷ এই বিলাকৰ এশহীয়া বা গুটীয়া উদ্ভিদ বোলে৷’’ লেখকে প্ৰথম আধ্যাত মূল বা আলু, শিপাৰ কাম, ৰস আকৰ্ষণ বিষয়কেইটা অন্তৰ্ভুক্ত কৰিছে৷ এই আধ্যাতে তেওঁ শিপা আৰু উদ্ভিদৰ আন্তঃসম্বন্ধৰ কথা উল্লেখ কৰি লিখিছে– “গছবিলাক সদায় একে ঠাইতে থাকে, এঠাইৰ পৰা আন ঠাইলৈ ইচ্ছামতে লৰচৰ কৰিব নোৱাৰে৷ এতেকে য’ত উদ্ভিদৰ তলৰ মাটিত সময়ত সেই উদ্ভিদৰ পোষণোপযোগী খোৱা বস্তুৰ অভাৱ হয়, তাত উদ্ভিদক জীয়াই ৰাখিবলৈ আন উপায় হোৱা উচিত৷ মাটিৰ ভিতৰত শিপা বিস্তাৰেই সেই উপায়৷ মাটিৰ তলত যিফালে উদ্ভিদৰ আহাৰ [সাৰ] বেচি থাকে স্বভাৱতে শিপাও সেইফালে বাঢ়ি যায়৷ এইদৰে শিপাবিলাক বহুদূৰলৈ বাঢ়ে৷ সচৰাচৰ গছৰ ঠাল ঠেঙ্গুলি যিমান দূৰলৈ যায়, মাটিৰ ভিতৰত শিপাও সিমান দূৰলৈ যায়৷ কঁঠাল-প্ৰভৃতি কোনো কোনো উদ্ভিদৰ শিপা তাতোকৈ দূৰৈলৈ যোৱা দেখা যায়৷ উদ্ভিদৰ ওচৰৰ মাটি কুৰি দিলে শিপা বঢ়াত সুবিধা হয়৷ সেই কাৰণে কোনো গছক সতেজ কৰিব খুজিলে মাজে সময়ে তাৰ গোৰৰ মাটি কুৰি দিব লাগে৷”

দ্বিতীয় আধ্যাত লেখকে ঠাৰি বা কাণ্ড আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে বৰ্ণনা কৰিছে৷ মাটিৰ ওপৰত থকা ঠাৰিক বাহ্যঠাৰি আৰথ তলত থকা ঠাৰিক অন্তৰ্ভৌমঠাৰি বুলি কোৱা হয়৷ এই অন্তৰ্ভৌমঠাৰি আকৌ চাৰিপ্ৰকাৰৰ৷ এইবোৰ হৈছে কন্দ, বজ্ৰকন্দ, সংযুক্ত গোটা কন্দ আৰু ওফোন্দা কন্দ৷ একেদৰে বাহ্য ঠাৰিক তৃণ, লতা, গুল্ম আৰু বৃক্ষত ভাগ কৰিছে৷ এই আধ্যাতে লতাৰ তিনিটা ভাগ নখীয়া লতা, পৰিৱেষ্টিকা আৰু আকৰ্ষিকাৰ কথাও উনুকিয়াই বৰ্ণনা কৰিছে৷ ইয়াৰ উপৰিও এই আধ্যাত কাঠ, ছাল, ঠাল আদিৰ পৰিচয়মূলক বৰ্ণনা দাঙি ধৰিছে৷তৃতীয় আধ্যাত লেখকে পাত, পাতৰ দাঁতি, পাতৰ অংগ, লতিপাত, পাতৰ শুং আৰু কাঁইট, পাতৰ শিৰ আদি বিষয়কেইটা সামৰি¸ লৈছে৷ উপপাত সম্পৰ্কীয় সৰ্বসাধাৰণৰ মাজত থকা ভুল ধাৰণা ভাঙিবলৈ লেখকে লিখিছে–‘‘নেমুটেঙ্গা, ৰেবাবটেঙ্গা প্ৰভৃতি কিছুমান গছৰ পাতৰ গুৰিৰ ফালে চৰাইৰ পাখিৰ নিচিনা একোটি সৰু পাত দেখা যায়৷ এইবিলাক হ’ল সেই সেই গছৰ উপপাত নহয়৷ উপপাতে প্ৰায়ে কোমল পাতক ঢাকি ৰাখে৷ সেইকাৰণে কোমল পাতবিলাক জাৰ, ৰ’দ, বৰষুণ পৰা ৰক্ষা কৰে৷ টেঙ্গাৰ পাতৰ গুৰিৰ সেই সৰু পাতে কোমল পাতক নাঢাকে৷ এতেকে এইবিলাক উপপাত নহয়৷”ফুল, ফুলৰ বিভাগ, ফুলৰ কাম, প্ৰজনন আদিৰ বিষযে চতুৰ্থ আধ্যাত, ফলোৎপত্তি, পাতৰ পৰিৱৰ্তন, ফল, স্ফোটক ফল, অস্ফোটক ফল, যুক্ত ফল, বীজ, ফলৰ কাম আদিৰ বিষয়ে পঞ্চম আধ্যাত, উদ্ভিদৰ উষ্ণতা, তাপ আদি সম্পৰ্কে ষষ্ঠ আধ্যাত আৰু সপ্তম আধ্যাত অপুষ্পক উদ্ভিদৰ বিষয়ে প্ৰণালীবদ্ধভাৱে উদ্ভিদৰ জীৱনচক্ৰ আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে পৰিচয়মূলক বৰ্ণনা আগবঢ়াইছে৷ ইয়াৰ উপৰিও ওপৰঞ্চি আধ্যাত উদ্ভিদৰ বিকাশত মাটি আৰু সাৰ সম্পৰ্কে নিখুঁত বৰ্ণনা কৰিছে৷

এই গ্ৰন্থখনৰ উপৰিও শ্ৰীধনিৰাম দত্তই আৱাহন আলোচনীৰ ১৮৫৪ শঁকৰ চত মাহৰ ৪র্থ বছৰ, ৬ষ্ঠ সংখ্যাতো উদ্ভিদ বিষয়ক লেখা লিখিছিল৷ এই লেখাত তেওঁ ফকৰা যোজনাৰ পৰা আৰম্ভ কৰি চৰক সংহিতা, বৃহৎ সংহিতা আদিত উদ্ভিদৰ পৰিচয়মূলক বৰ্ণনা সম্পৰ্কেও উদ্ধৃতি দিছে৷ অসমীয়া পৰিৱেশ সাহিত্যৰ বাটকটীয়া হিচাপে শ্ৰীধনিৰাম দত্ত চিৰস্মৰণীয় হৈ থাকিব৷

অসমীয়া ভাষাত প্ৰকাশিত পৰিৱেশ বিষয়ক অন্যান্য গ্ৰন্থসমূহৰ ভিতৰত ১৯৫৩ চনত প্ৰকাশিত কুমুদ চন্দ্ৰ দত্তৰ অদ্ভূত গছ, ১৯৭৮ চনত প্ৰকাশিত শান্তনু তামুলীৰ অসমৰ বনৌষধ, ১৯৮৬ চনত প্ৰকাশিত অলক কুমাৰ বুঢ়াগোহাঁই আৰু নীলমণি বৰাৰ বিপন্ন উদ্ভিদ, ১৯৮৯ চনত প্ৰকাশিত শান্তা শৰ্মাৰ অসমৰ চৰাই-চিৰিকতি, ১৯৯০ চনত প্ৰকাশিত ফটিক চন্দ্ৰ গগৈৰ অসমৰ বনজ সম্পদ, ১৯৯০ চনত প্ৰকাশিত ফটিক চন্দ্ৰ গগৈৰ অসমৰ বিৰল পশু-পক্ষী, ১৯৮৬ চনত প্ৰকাশিত পবিত্ৰ কুমাৰ পাটোৱাৰীৰ অসমৰ বিবিধ চৰাই, ১৯৯০ চনত প্ৰকাশিত ডিম্বেশ্বৰ চলিহাৰ প্ৰাণী জগতৰ ৰহস্য, ১৯৮৯ চনত প্ৰকাশিত অপৰাজিত বৰকটকীৰ প্ৰাণীজগতত এভূমুকি, ১৯৮৬ চনত প্ৰকাশিত দীনেশ বৈশ্যৰ বিলুপ্ত প্ৰাণী, ১৯৯৩ চনত প্ৰকাশিত পুলক বিশ্বাসৰ ব্যস্ত পৰুৱাবোৰ, ১৯৯১ চনত প্ৰকাশিত ভূৱনেশ্বৰ শৰ্মাৰ লুপ্তপ্ৰায় বন্যপ্ৰাণী, ১৯৭২ চনত প্ৰকাশিত শান্তনু তামুলীৰ সৰীসৃপ,১৯৭৪ চনত প্ৰকাশিত ডিম্বেশ্বৰ চলিহাৰ চৰাই, ১৯৯২ চনত ভোলানাথ তামুলীৰ জীৱ-তত্ত্ব, ১৯৯৮ চনত জীৱন দাসৰ প্ৰকৃতি প্ৰেমীৰ দৃষ্টিপাত, সৌম্যদ্বীপ দত্তৰ অপৰূপা অৰুণাচল, কৰুণা দত্ত চৌধুৰীৰ অৰণ্য আৰু মানুহ, সৌম্যদ্বীপ দত্তৰ অৰণ্য পথৰ পথিক, ৰঞ্জন কুমাৰ দাসৰ পখীৰ কাকলিত ডিব্ৰু-চৈখোৱা, মলয় বৰুৱাৰ অৰণ্যৰ ছাঁ গচকি, ৰয়েল পেগুৰ অৰণ্য-জনাৰণ্য, ঘনশ্যাম ৰাজবংশীৰ অৰণ্যৰ ভিতৰচৰা, সৌম্যদ্বীপ দত্তৰ অসমৰ বনৰীয়া মেকুৰী, ৰেখা চেত্ৰী আৰু দিলীপ চেত্ৰীৰ সোণালী বান্দৰ, সৌম্যদ্বীপ দত্তৰ অসমৰ প্ৰাইমেট, যোগেন্দ্ৰনাথ শইকীয়াৰ পতংগৰ কথা, প্ৰফুল্ল ডেকাৰ বুল্লুম বুথুৰ, শৰৎ চন্দ্ৰ চিৰিংফুকনৰৰ প্ৰকৃতি, ড° দীনেশ চন্দ্ৰ গোস্বামীৰ পৰিৱেশৰ বাবে সামান্য কাম, প্ৰীতি কাকতিৰ অৰ্কিড, অদীপ কুমাৰ ফুকনৰ অসমৰ অৰ্থনীতিত বনৌষধি আৰু সুগন্ধি উদ্ভিদ, সৌম্যদ্বীপ দত্তৰ নামচাঙৰ অন্তেষপুৰ, ধৰণীধৰ বড়োৰ কাজিৰঙাত ২৪ বছৰ, অমৃত চেতিয়াৰ কাজিৰঙা অ কাজিৰঙা, দিব্যলোচন দাসৰ আস্তে আস্তে আগেত যা, পুলিন কলিতাৰ কাজিৰঙাৰ কাহিনী, অন্নজ্যোতি গগৈৰ উদ্ভিদ বৈচিত্ৰ্য প্ৰসংগ আৰু অনুসংগ, সৌম্যদ্বীপ দত্তৰ বিপন্ন ধৰিত্ৰী, সংকটত বন্যপ্ৰাণী, ড° নৱ কুমাৰ চমুৱাৰ অসমৰ বৰ্ষাৰণ্য, মুনীন বৰগোহাঁইৰ দেশ-বিদেশৰ বনানীকৰণৰ ৰূপৰেখা, অপূৰ্ব বল্লভ গোস্বামীৰ নামবৰৰ পৰা ম্যানমাৰলৈ, ৰূপম বৰুৱাৰ প্ৰসংগঃ প্ৰকৃতি, অমূল্য কুমাৰ হাজৰিকাৰ প্ৰকৃতি প্ৰকৃত বন্ধু, সৌম্যদ্বীপ দত্তৰ অসমৰ চৰাই পৰ্যবেক্ষণৰ হাতপুথি, পংকজ কুমাৰ দত্তৰ অৰণ্যৰ ৰ’দ-বৰষুণ, কুমুদ ঘোষৰ মানুহ, প্ৰকৃতি আৰু ৰবীন্দ্ৰনাথৰ পৰিৱেশ ভাৱনা, বুবুল শৰ্মাৰ বিশ্বৰ বিপদাপন্ন প্ৰাণী গঁড়, মানস প্ৰতিম দত্তৰ কোলাহল আৰু নীৰৱতাৰ সিপাৰে, সুমিত দাসৰ বিচিত্ৰ প্ৰকৃতি, মানস প্ৰতিম দত্ত, ধ্ৰুৱ জ্যোতি চেতিয়া আৰু বিমান সন্দিকৈৰ দ্বাৰা ৰচিত শগুন বিষয়ক প্ৰথমখন অসমীয়া পূৰ্ণাংগ গ্ৰন্থ প্ৰকৃতিৰ জমাদাৰ, গিৰিমল্লিকা শইকীয়াৰ অনন্য অৰণ্য আৰু অৰণ্য, পৰিৱেশ আৰু বন্যপ্ৰাণী মানস প্ৰতিম দত্তৰ পাৰিপার্শ্বিক শিশু গল্প সংকলন ‘পোনাকণৰ পৃথিৱী’, শব্দ শিল্পই প্রকাশ কৰা চন্দনা ভাগৱতী সম্পাদিত পাৰিপার্শ্বিক গল্প, পাৰিপার্শ্বিক উপন্যাসৰ ভিতত পংকজ গোবিন্দ মেধিৰ চৰাই চুবুৰী, গোবিন কুমাৰ খাউণ্ডৰ ৰুময়াং, চৰাংচোঙত সন্ধ্যাতৰা, মানস প্রতিম দত্তৰ আয়াংহঁতৰ জমাদাৰ অভিযান, দীনেশ চন্দ্র গোস্বামীৰ মণ্টুৰ পৰিৱেশ, যতীন্দ্র কুমাৰ বৰগোহাঞিৰ পৃথিৱীৰ মৰম, কেশদা মহন্তৰ ৰূপ মনোলোভা গোন্ধ মনোহৰা আদি অন্যতম৷

অতি সম্প্ৰতি কবিতাৰ জৰিয়তেও পৰিৱেশ সুৰক্ষাৰ প্ৰতি কবিসকল আগবাঢ়ি অহা দেখা গৈছে৷ পৰিৱেশ সংৰক্ষণকেন্দ্ৰিক কবিতাসমূহক পাৰিপার্শ্বিক কবিতা হিচাপে অভিহিত কৰা হয়৷ পাৰিপাশ্বিৰ্ক কবিতা হ’ল এনেধৰণৰ কবিতা য’ত কাব্যিক বৈশিষ্ট্যৰ লগতে পৰিৱেশ সংৰক্ষণ চেতনাও প্ৰতিফলিত হয়৷ অসমীয়া ভাষাত প্ৰকল্প ৰঞ্জন ভাগৱতীৰ সম্পাদনাত অসম পাবলিচিং কোম্পানীয়ে প্ৰকাশ কৰা পাৰিপাশ্বিৰ্ক কবিতা [২০২৩] শীৰ্ষক অসমীয়া ভাষাৰ প্ৰথমখন পাৰিপাশ্বিৰ্ক কবিতা সংকলন প্ৰকাশ পাইছে৷ অসমীয়া ভাষাত প্ৰকাশিত আন তিনিখন উল্লেখযোগ্য পাৰিপাশ্বিৰ্ক কবিতা সংকলন হৈছে সত্যজিৎ গগৈৰ আজিও আহিছিল অৰণ্যখন [২০২৪], অনিৰ্বাণ দত্তৰ গছ আৰু অন্য কবিতা [২০২৩] আৰু মানস প্ৰতিম দত্তৰ বিলখন নোহোৱা হ’ল আয়াং [২০২৫], অনির্বাণ দত্ত সম্পাদিত পাৰিপার্শ্বিক কবিতা সংকলন ‘চৰাইচোং’ (২০২৪, ২০২৫) আদি অন্যত। তদুপৰি মানস প্ৰতিম দত্ত সম্পাদিত পু এন ফ’ ৱাইল্ডৰ পৰিৱেশ বিষয়ক ই-আলোচনী সেউজবুলীয়াত পাৰিপাশ্বিৰ্ক কবিতাক বিশেষ গুৰুত্ব দিয়া হৈছে৷ (ক্রমশ:)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top