সীমা ডেকা
নৃত্যশিল্পী
দৰং আৰু দাঁতিকাষৰীয়া অঞ্চলৰ বৰশলীয়া (বৰখেলীয়া) ভক্তিপন্থাৰ ভকতসকলে তেওঁলোকৰ ভকত সেৱা অনুষ্ঠানত ওৰে নিশা কিছুমান ভক্তিমূলক গীত আৰু কিছুমান এই পন্থাৰ আচাৰ -নীতি সম্পৰ্কীয় গীত পৰিবেশন কৰে। এই গীতবোৰকে চিয়াগীত বুলি কোৱা হয়। উল্লেখযোগ্য যে এনে চিয়াগীত কিছুমান দৰং অঞ্চলৰ পুথিনেচীয়া ভকতসকলেও পৰিৱেশন কৰা দেখা যায়। চিয়া শব্দৰ অর্থ হ’ল ঈশ্বৰৰ নাম বা ধর্মৰ নাম স্মৰণ কৰা। এতেকে চিয়া গীত মানে ঈশ্বৰ বা ধর্মৰ নাম স্মৰণ কৰা গীত।
জনশ্রুতিমতে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ সৈতে এবাৰ তেৰাৰ প্রপন্ন শিষ্য সকল উজনিৰ পৰা নাৱেৰে ব্রহ্মপুত্রৰে ভটিয়াই আহিছিল। ব্রহ্মপুত্রৰ মাজত নাৱেৰে আহি থাকোতে হঠাৎ বতাহ বৰষুণ, ধুমুহাই ব্রহ্মপুত্রত প্রবল ঢৌৰ সৃষ্টি কৰিছিল। সেই ঢৌত নাৱে তুলুং-ভুটুং কৰিবলৈ লৈছিল। তেনে পৰিস্থিতিত ভয় খাই গোপালদেৱ নামৰ শিষ্যগৰাকীয়ে বৰুণদেৱতাক ৰক্ষা কৰা ৰক্ষা কৰা বুলি স্তুতি কৰিবলৈ ল’লে। তেতিয়া গুৰুজনাৰ খং উঠিল। যিহেতু তেওঁ একশৰণৰ দীক্ষা বা মন্ত্র শিষ্যসকলক দিছিল। একশৰণীয়া কোনো ভকতে অন্য দেৱ দেৱীত শৰণ লোৱাটো নিষিদ্ধ। সেয়ে গুৰুজনাই গোপালদেৱক ভৰ্ৎসনা কৰিলে আৰু নাৱৰ পৰা নামি যাবলৈ দিলে। তেনে পৰিস্থিতিত গোপালদেৱ নাৱৰ পৰা নামি যাবলৈ বাধ্য হ’ল আৰু গুৰুজনাৰ ভক্তি ধর্মকে প্ৰচাৰ কৰিম বুলি তেওঁ নাৱৰ পৰা নামি গৈ ব্রহ্মাপুত্র সাঁতুৰি পাৰত উঠিল। তেওঁ যি ঠাইত উঠিল প্ৰবাদমতে সেই ঠাইখিনি নগা আৰু জনজাতীয় লোকৰ বসতি স্থল আছিল। তেওঁ গৈ সেই জনজাতীয় এলেকাত গুৰুজনাৰ ভক্তি ধর্ম প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু মদ, মাংসহাৰী জনজাতীয় নগা লোকসকলে গোপালদেৱে প্ৰচাৰ কৰা নিৰামিষ আহাৰী ভক্তি ধর্ম গ্রহণ কৰিবলৈ ইচ্ছা কৰা নাছিল। পিছলৈ গোপালদেৱে তেওঁলোকক মদ, মাংস খাবলৈ অনুমতি দি ভক্তি ধর্মত প্ৰৱেশ কৰাৰ পথ মুকলি কৰি দিছিল। জনজাতীয় লোকসকলেও আমিষ আহাৰ গ্রহণ কৰি মদ, মাংস খাই যদি ভক্তি ধর্ম গ্রহণ কৰিব পাৰি, তেনেহ’লে তেওঁলোকৰো এই ধর্ম গ্রহণ কৰাত আপত্তি নাই বুলি এই ভক্তি ধর্মত দীক্ষিত হয়। এইদৰে মদ, মাংস, মাছ আদি আমিষ আহাৰ গ্রহণ কৰিও গোপালদেৱে প্ৰচাৰ কৰা ভক্তি ধর্মই বৈষ্ণৱ ধর্ম ৰূপে স্বীকৃতি লাভ কৰে। পৰবৰ্তী কালত অন্যান্য সম্প্রদায়েও এই ধর্মীয় পন্থা গ্রহণ কৰে।
লোকসংস্কৃতিৰ গৱেষক, গণবন্ধু তৰুণ আজাদ ডেকাৰ মতে এটা কিংবদন্তি বা জনশ্রুতিক সত্য বুলি মানি ল’ব নোৱৰি। কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গোপালদেৱ নামৰ কোনো শিষ্য নাছিল। গোপালদেৱ আছিল মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ অন্যতম শিষ্য। গতিকে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৈতে গোপালদেৱক সর্ম্পকৃত কৰাটো এটা জনশ্রুতি মাত্র।
দ্বিতীয়তে, শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা বৈষ্ণৱ ধৰ্মত বৌদ্ধ তান্ত্ৰিকতাবাদ, শৈৱ, শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ ক’তো সমন্বয় হোৱা নাই। কিন্তু বৰশলীয়া ভক্তি ধর্মত তন্ত্ৰ-মন্ত্ৰৰে বা তান্ত্রিক আচাৰেৰে পানী চতিয়াই গাহৰি মৰা, হাহঁ, পাৰ, কুকুৰা আদি মৰা কার্যত বৌদ্ধ তান্ত্ৰিকতাবাদ সম্পৃক্ত হৈ আছে। আনহাতে বৰশলীয়া ভকতৰ গুৰু বা মহন্তজনাই ডিঙিত ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰে। হাতত ডম্বৰু আৰু ত্ৰিশূল থাকে। তদুপৰি একালত তেওঁ বাঘৰ ছাল পৰিধান কৰিছিল বুলি জনা যায়। এইবোৰ শৈৱ উপাদান অর্থাৎ শৈৱ সংস্কৃতি এই ধর্মত সংমিশ্রিত হৈ আছে। আকৌ ভকতনী অবিহনে এই ভক্তি ধর্ম নিসিজে। ভকতনী এই ধর্মৰ অবিচ্ছেদ্য অংগ। ভকতনী সকলক আই বোলা হয়। আইক মাতৃ বুলিও কোৱা হয়। এতেকে মাতৃ বা শক্তিও এই ধর্মত নিশ্চিতভাৱে সংযুক্ত হৈ আছে। গতিকে কিছুমানে কোৱাৰ দৰে এই ভক্তিধর্ম মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ পিছত সৃষ্টি হোৱা ভক্তিধর্ম কেতিয়াও হ’ব নোৱাৰে। শংকৰদেৱ বা মাধৱদেৱৰ শিষ্যই প্রচাৰ কৰা ভক্তিধর্মত এনে খিচিৰি আচাৰ-নীতি প্ৰৱেশ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। অৰ্থাৎ কোনো কোনোৱে কোৱাৰ দৰে কাল সংহতিৰ প্ৰৱৰ্তক গোপালদেৱে প্ৰচাৰ কৰা ভক্তিধর্ম কেতিয়াও বৰশেলীয়া ভক্তিধর্ম হ’ব নোৱাৰে। ই নিশ্চিতভাৱে প্ৰাক্ শংকৰী যুগৰ।








