• Home
  • Ask & Answer
  • প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

question answer

এই মাহৰ বিশেষ অতিথি সকল-
মৌচুমী বৰগোহাঁই
লখিমপুৰ

১/ জীৱনত যদি ভয় আছে ,কিহৰ প্ৰতি ভয় আছে ,যিয়ে প্ৰতিপল বাধা দিয়ে?
উত্তৰ: জীৱনত কোনটো ভয়ে মোক সঁচাকৈয়ে বাধা দি আছে দকৈয়ে ভাবিবলগীয়া হৈছে। ভয় বৰ্তমান মুহূৰ্তৰ সাহস আৰু ভৱিষ্যত পৰিকল্পনাৰ চাবিকাঠি। অনবৰতে বুকুত লৈ ফুৰা ভয়টো হৈছে হেৰুৱাৰ ভয়| আকুলতা, সৰলতা, সততা, নিষ্ঠা, একাগ্ৰতা, বিশ্বাসৰ এনাজৰীডাল যদি সময়ৰ পাকচক্ৰত সুলুক-ঢোলোক হৈ পৰে তাৰ প্ৰতি সচেতন হ’বলৈ যত্ন কৰোঁ।

২/ হাতত টকা-পইচা নথকাকৈ মানুহে মানুহৰ বাবে কি কি কাম কৰিব পাৰে?
উত্তৰ: খুব চমুকৈ ক’বলৈ গ’লে মনৰ পৰা হিয়া উজাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ, সহায় আৰু বিশ্বাসৰ হাতখন আগবঢ়াই দিব পাৰোঁ।

৩/ জীৱনত এনে ৫ টা কাম ,যিকেইটাৰ বাবে আপুনি আপোনাক ধন্যবাদ দিব বিচাৰে?
উত্তৰ: এইটো উত্তৰ অলপ জটিল তথাপিও মই নিজকে সমালোচনা ও আলোচনা কৰোঁ নিজেই। প্ৰথমতে মই নিজেই কব খুজিছোঁ যে মই এগৰাকী ভাল শ্ৰোতা| দ্বিতীয়তে মানুহৰ লগত আত্মিকতা গঢ়া। ‌তৃতীয়তে গোপনীয়তা যদি নীতি সাপেক্ষে হয় কেতিয়াওঁ ভংগ নকৰা। চতুৰ্থতে বিশ্বাসৰ হাতখন আগবঢ়াই দিয়া। পঞ্চমতে দুই এখন কিতাপ পঢ়া।

৪/ আমি আচলতে কাৰ বাবে জীয়াই থাকোঁ । নিজৰ বাবে ,আনৰ বাবে?
উত্তৰ: প্ৰথম নিজৰ বাবে। নিজক ভাল পাওঁ বাবেই জীয়াই থাকি নিজক জীয়াই ৰাখিছো আত্মীয়সকলৰ বাবে।

৫ /আপুনি আপোনাৰ লগত কিমান সৎ?
উত্তৰ: নিজৰ লগত সৎ হৈ থাকিবলৈ চেষ্টা কৰোঁ। কিয়নো অসৎ আচৰণ কৰিলে হয়তু শান্তিত থাকিব নোৱাৰিম!!

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top