ডাঃ নিতুল বৈশ্য
ফ’নঃ ৭৮৯৬২৪৬০০১
১৯৭৫ চনত ভাৰত চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে কৰ্কট ৰোগ নিয়ন্ত্ৰণ আঁচনি (National Cancer Control Program) আৰম্ভ কৰিছিল। কৰ্কট ৰোগৰ কাৰক আৰু ইয়াৰ হাৰৰ বিজ্ঞানসন্মত অধ্যয়নৰ বাবে ১৯৮২ চনত Indian Council of Medical Research-য়ে মুম্বাই, চেন্নাই আৰু বাংগালুৰু ৰেজিষ্ট্ৰি নামেৰে তিনিখন Population Based Cancer Registry আৰম্ভ কৰিছিল। বৰ্তমান আমাৰ দেশ ভাৰতবৰ্ষত সৰ্বমুঠ প্ৰায় ৪০-৪২ খন এনে Cancer Registry আছে। ইয়াৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলত থকা Cancer Registry-ৰ সংখ্যা ১২ খন। ২০০৩ চনত অসমত পোনপ্ৰথমবাৰৰ বাবে এই Cancer Registry আৰম্ভ হৈছিল। সম্প্ৰতি আমাৰ অসমত মুঠ ৪ খন এনে Cancer Registry আছে।
কেঞ্চাৰৰ চিকিৎসাৰ বোজা লাঘৱ কৰিবলৈ ৰাজ্য চৰকাৰে কৰ্কট চিকিৎসাৰ বিকেন্দ্রীকৃত পদ্ধতি গ্ৰহণ কৰিছে। অসম চৰকাৰৰ Assam Cancer Care Foundation-য়ে Tata Trust-ৰ সহযোগত ১৭ খন নতুন কর্কট চিকিৎসালয় নিৰ্মাণৰ প্ৰকল্প হাতত লৈছিল। সম্প্ৰতি ইয়াৰ ভিতৰত ৯ খনেই কার্যক্ষম হৈ উঠিছে।

কিন্তু পৰিতাপৰ কথা এয়ে যে ২০০১ চনত ভাৰতত ধপাত বিক্ৰীৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ আছিল ৫৩৭৫০ কোটি। ই সেই সময়ৰ সমগ্ৰ ভাৰতবৰ্ষৰ স্বাস্থ্য বাজেটৰ সমান আছিল। ২০২৫ চনত ভাৰতত ধপাত উদ্যোগৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ প্ৰায় ১১৬০০০ কোটি। ইয়াৰোপৰি ধপাত বিক্ৰীৰ জৰিয়তে GST আৰু Excise-ৰ পৰা সংগ্ৰহ হোৱা ৰাজহৰ পৰিমাণ প্ৰায় ৭৬০০০ কোটি। অকল ধপাত উদ্যোগ আৰু ধপাত বিক্ৰীৰ পৰা সংগ্ৰহ হোৱা ধনৰ পৰিমাণ ভাৰতবৰ্ষৰ স্বাস্থ্য বাজেট (প্ৰায় ১ কোটি, ২০২৫-২৬ বৰ্ষৰ বাবে)-ৰ তুলানাত বহুত বেছি। চৰকাৰে ধপাত বিক্ৰী কৰি পোৱা টকা স্বাস্থ্যসেৱাৰ বাজেতট ব্যয় কৰাৰ দৰে হৈ আছে। Assam Health (Prohibition of Manufacturing, Trade, Advertisement, Storage, Distribution, Sale And Consumption of Zarda, Gutkha, Panmasala etc. Containing Tobacco and/or nicotine) Act, ২০১৩ অনুসৰি ধপাত সম্বন্ধীয় অনেক বাধ্যবাধকতা আছে। ২০০৩ চনৰ COTPA আইনৰ ৪ নং অনুচ্ছেদ অনুসৰি ৰাজহুৱা স্থানত চিগাৰেট বা অন্য ধোৱাযুক্ত ধপাত খোৱা নিষেধ; ৫ নং অনুচ্ছেদ অনুসৰি চিগাৰেট বা অন্য যিকোনো ধপাতৰ বিজ্ঞাপন দিয়া নিষেধ; ৬ নং অনুচ্ছেদ অনুসৰি ১৮ বছৰতকৈ (শেহতীয়া সংশোধনী মতে ২১ বছৰ) তলৰ ল’ৰা-ছোৱালীলৈ চিগাৰেট বা অন্য যিকোনো ধপাত বিক্ৰী কৰা আৰু শিক্ষা প্ৰতিস্থানৰ ১০০ গজ ব্যাসাৰ্ধৰ ভিতৰত চিগাৰেট বা অন্য যিকোনো ধপাত বিক্ৰী কৰাৰ ওপৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আছে। শীৰ্ষ পাঁচ ৰাজ্যৰ স্বপ্ন দেখা অসম চৰকাৰে অসমত ধপাত ৰদ কৰিব নোৱাৰাৰ কোনো কাৰণ থাকিব নালাগে।
জনমানসত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে ৪ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব কৰ্কট দিৱস হিচাবে আৰু ৩১ মে’ তাৰিখটো বিশ্ব ধপাত প্ৰতিৰোধী দিৱস হিচাবে পালন কৰি অহা হৈছে। কেঞ্চাৰ হাস্পতাল গঢ়াৰ সমান্তৰালকৈ চৰকাৰে জন-সজাগতা সৃষ্টিৰ উদ্দেশ্যে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা উচিত। ধপাতৰ অবাধ প্ৰচলন ৰদ কৰা উচিত। অন্যথাই আমি এটা কেঞ্চাৰ প্ৰজন্মৰ ফালে ধাৱমান হৈ আছোঁ।










