ফ’নঃ ৮৬৩৮৪৪৬৫৯৩
ঊষাৰ নিয়ৰে সেমেকাব খোজা
আহিনপতীয়া গধূলিবোৰ
এঙেৰুৱা বতাহ এজাক হৈ
বুকুৰ ভিতৰলৈ সোমাই আহে..
একাপ ধোঁৱাময় চাহ আৰু জাকৰুৱা স্মৃতিয়ে
সামৰিব নোৱাৰা মনটো
ক্ৰমাৎ উন্মাদ হৈ উঠিব খোজে
এখন নিথৰ হৃদয়ে
মৌনতাৰ পৰা পৰিত্ৰাণ বিচাৰি
আৰ্তনাদ কৰে
বিমূৰ্ত্ত এযোৰ ওঁঠ বাংময় হ’বলৈ
কোলাহল পিন্ধিব খোজে
শাব্দিক সোঁৱৰণত
অজানিতে আঙুলিয়ে
কীপেডত হাত বুলাই লিখে
জুবিনৰ গান জুবিনৰ বিষাদৰ গান
জুবিনৰ প্ৰেমৰ গান
তেওঁৰ গানত
বিষাদ নামিছিল নে
বিষাদত ভাঁহি আহিছিল
তেওঁৰ গান নাজানো..
অথচ প্ৰতিখন চহৰলৈ
বিষাদ নামিছিল
কোনেও নজনাকৈ
প্ৰতিখন বৰফ হোৱা অন্তৰৰ
সংগী হৈ
প্ৰতিটো মৰহি যোৱা
মনৰ একাকীত্বৰ অবুজ সান্তনা হৈ
প্ৰতিটো মৰি যোৱা
আত্মাৰ কফিনৰ এপাহ গোলাপ হৈ
এসময়ত এখন চহৰ জুবিনময় আছিল
তেওঁৰ গানত
দুখেও দুখক উদ্যাপন কৰিছিল
অমানিশাৰ এটা বছৰ…
পাৰ হ’বৰ হ’ল
অথচ বিষাদবোৰ
একেটা নামতে খোদিত ৰৈ গ’ল
নষ্টালজিয়াত সুৰ তোলা
মানুহজনৰ মৰমত
এইবাৰ বিষাদ উদ্যাপন কৰিব
চহৰৰ প্ৰতিখন অন্তৰে
গানে কবিতাই কিতাপে নাহৰে….
গানে কবিতাই কিতাপে নাহৰে….।






