
ড০ সুশান্ত কুমাৰ কাশ্যপ
ফ’ন- ৭০০২১১০৬৮৩
বাতৰি কাকত, আলোচনী আদিৰ পঠন আজিৰ নতুন প্ৰজন্মৰ মাজত দুখ লগাকৈ কমি গৈছে। অথচ আমাৰ শৈশৱ পাৰ হৈছিল কাকত আৰু আলোচনীৰ পাতৰ সৈতে। ৰাতিপুৱা বাতৰি কাকতখন অহালৈ আমি আগ্ৰহেৰে অপেক্ষা কৰিছিলোঁ। হকাৰে কাকতখন দি যোৱাৰ পিছত কোনে প্ৰথমে পঢ়িব, সেই লৈ ঘৰতেই টনা-আজোৰা লাগিছিল। কাকতখন আছিল আমাৰ বাবে পৃথিৱীখনক চিনি পোৱাৰ এখন খোলা খিৰিকী।
বাতৰি কাকতৰ জৰিয়তে আমি দেশ-বিদেশৰ খবৰ পাইছিলোঁ, বিভিন্ন ক্ষেত্ৰৰ বিখ্যাত ব্যক্তিৰ নাম জানিছিলোঁ আৰু তেওঁলোকৰ কৃতিত্ব আৰু মহান কৰ্মৰ বিষয়ে অৱগত হৈছিলোঁ। মুঠতে, বাতৰি কাকত আছিল জ্ঞান আহৰণৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। সেইবাবেই বাতৰি কাকত আৰু আলোচনীৰ অধ্যয়ন পাঠ্যপুথি পঢ়াৰ দৰেই প্ৰয়োজনীয়।
আজিৰ ছাত্ৰ-ছাত্ৰী মোবাইল আৰু ইণ্টাৰনেটৰ যুগত ডাঙৰ হৈছে। মোবাইলত মুহূৰ্ততে অসংখ্য তথ্য পোৱা যায় যদিও তথ্য আৰু জ্ঞান একে কথা নহয়। কাকত-আলোচনীয়ে বিষয়বস্তুৰ সৈতে চিন্তা, বিশ্লেষণ, ভাষাজ্ঞান আৰু সমসাময়িক পৃথিৱীৰ প্ৰতি সচেতনতা গঢ়ি তোলে। আনকি গুগলত কোনো বিষয় বিচাৰিবলৈ প্ৰয়োজন হোৱা কৌতূহলৰ বীজ বহু সময়ত ছপা মাধ্যমেই ৰোপণ কৰে।
নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলে মোবাইলৰ পৰ্দাৰ পৰা কিছু সময় আঁতৰাই প্ৰতিদিনে এখন বাতৰি কাকতৰ পাতত চকু দিয়ক। প্ৰতিদিনে কিছু সময় কাকত-আলোচনীৰ বাবে নিৰ্ধাৰণ কৰক। কিয়নো পৰ্দাত তথ্য পোৱা যায়, কিন্তু কাকতৰ পাতত তথ্যৰ সৈতে চিন্তা, বিশ্লেষণ আৰু দৃষ্টিভংগী গঢ় লৈ উঠে। আজিৰ প্ৰজন্ম যদি জ্ঞানী, সচেতন আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় লৈ উঠিব বিচাৰে, তেন্তে কাকত-আলোচনীৰ পৰা আঁতৰি নাথাকি তাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিবই লাগিব। অধ্যয়নৰ জৰিয়তে নিজৰ জ্ঞানৰ পৰিসৰ বহল কৰিব লাগিব, পৃথিৱীখনক জানিব লাগিব আৰু নিজৰ চিন্তাশক্তিক সমৃদ্ধ কৰিব লাগিব। অভিভাৱকসকললৈ অনুৰোধ—আন সামগ্ৰীৰ লগতে সন্তানৰ হাতত এখন বাতৰি কাকত আৰু আলোচনীও তুলি দিয়ক। ঘৰত কাকত পঢ়াৰ পৰিৱেশ সৃষ্টি কৰক, সন্তানৰ সৈতে বাতৰিৰ বিষয়ে আলোচনা কৰক। আজিৰ শিশুৰ হাতত আমি যি অভ্যাস তুলি দিম, কাইলৈ সেই অভ্যাসেই তেওঁলোকৰ চিন্তা আৰু চৰিত্ৰ গঢ়িব। মোবাইল হওক প্ৰযুক্তিৰ সঁজুলি, কিন্তু কাকত হওক জ্ঞানৰ সংগী। কাকতৰ পাত মেলক—ভৱিষ্যতৰ এখন অধিক সচেতন, যুক্তিবাদী আৰু জ্ঞানসমৃদ্ধ সমাজ গঢ়াৰ দুৱাৰখনো মেলক।







