
ড° চৱন কুমাৰ শৰ্মা
সহযোগী অধ্যাপক, পৰিসংখ্যা বিভাগ
বি. এইচ্ কলেজ
১ নং প্ৰশ্ন: আজিৰ ছাত্ৰই Google ত সকলো উত্তৰ পায়, তেন্তে আপোনাৰ ক্লাছত আহি তেওঁ কি পাব যিটো Google এ দিব নোৱাৰে?
উত্তৰ: এজন পাৰ্গত শিক্ষক আৰু পৰামৰ্শদাতা হিচাপে গঠনমূলক সহাঁৰিৰে ছাত্ৰ ছাত্ৰীৰ সান্নিধ্যত উৎসাহিত কৰিব পৰাটো ভাল শিক্ষকৰ বিশেষ আৰু প্ৰধান দক্ষতা যিটো Google বা আন যিকোনো এপে দিব নোৱাৰে।
২ নং প্ৰশ্ন : আপোনাৰ চকুত এজন “ভাল ছাত্ৰ” মানে কি – বেছি নম্বৰ পোৱা জন, নে বেছি প্ৰশ্ন সোধা জন?
উত্তৰ: সততা, একাগ্ৰতা, নিয়মানুৱৰ্তিতা আৰু সময়ানুৱৰ্তীতা এজন ভাল ছাত্ৰৰ বৈশিষ্ট্য। উপৰোক্ত গুণকেইটা ৰে শ্ৰেণীকোঠাত নিয়মিত ভাৱে উপস্থিত থাকি পাঠ্যক্ৰমৰ বিষয়বস্তু আয়ত্ত কৰি ভাল নম্বৰ পোৱা আৰু কিবা জানিবলৈ আন্তৰিকতাৰে প্ৰশ্ন সোধা দুয়োটা ধৰণৰ ছাত্ৰ ই ভাল ছাত্ৰ।
৩ নং প্ৰশ্ন : আপুনি পঢ়োৱা বিষয়টোৰ পৰা আপুনি নিজে শেষৰবাৰ কেতিয়া কিবা নতুন শিকিছিল?
উত্তৰ: শিক্ষক হিচাপে নিজৰ বিষয়টোৰ বহু বোৰ নতুন ধাৰণা প্ৰত্যেক দিনাই শ্ৰেণীৰ আগতেই শিকিবলগীয়া হয় অথবা ভাল শিক্ষকৰ বাবে শিকাটো গুৰুত্বপূৰ্ণ হৈ পৰে।
৪ নং প্ৰশ্ন : এজন ছাত্ৰই ফেইল কৰিলে আপুনি কাক দোষ দিয়ে – ছাত্ৰজনক, অভিভাৱকক, নে নিজকে?
উত্তৰ: শ্ৰেণীত উপস্থিত নথকা ছাত্ৰ ই ফেইল কৰিলে কোন জগৰীয়া সঠিক কৈ কোৱাটো টান। কিন্তু শ্ৰেণীকোঠাত নিয়মিত উপস্থিত থকা ছাত্ৰ ই ফেইল কৰিলে মই নিজেই দোষ স্বীকাৰ কৰিম আৰু নিজৰ দক্ষতা বঢ়াবলৈ চেষ্টা কৰিম।
৫ নং প্ৰশ্ন : ২০৪৭ চনত যেতিয়া ভাৰত বিকশিত হ’ব, তেতিয়াৰ শিক্ষক কেনেকুৱা হ’ব লাগিব বুলি আপুনি ভাবে?
উত্তৰ: ২০৪৭ চনত বিকশিত ভাৰতৰ শিক্ষক হ’ব লাগিব দক্ষ, প্ৰযুক্তিসম্পন্ন আৰু দূৰদৰ্শী। তেওঁ পাঠদানৰ ওপৰিও ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীলতা, নৈতিকতা, যুক্তি বোধ আদি বিকশিত কৰি নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাই প্ৰতিগৰাকী শিক্ষাৰ্থীৰ সামূহিক বিকাশৰ পৰিবেশ এটা সৃষ্টি কৰিব পাৰিব লাগিব। তেতিয়া শিক্ষক এজন বিশেষ শিক্ষকৰ শাৰী লৈ উন্নীত হ’ব লাগিব যিজনৰ বাবে শিক্ষানুষ্ঠানটোত ছাত্ৰ ছাত্ৰীৰ ভিৰ বাঢ়িব।








সুন্দৰ হৈছে
যুক্তিসন্মত।