• Home
  • Ask & Answer
  • শিক্ষকতাৰ আধুনিক দৃষ্টিভংগী: প্ৰশ্নোত্তৰৰ জৰিয়তে শৈক্ষিক চিন্তাধাৰা

শিক্ষকতাৰ আধুনিক দৃষ্টিভংগী: প্ৰশ্নোত্তৰৰ জৰিয়তে শৈক্ষিক চিন্তাধাৰা

question answer

ড° সুশান্ত কুমাৰ কাশ্যপ, মুৰব্বী অধ্যাপক, অৰ্থনীতি বিভাগ, বৰভাগ কলেজ


১ নং প্ৰশ্ন: আজিৰ ছাত্ৰই Google ত সকলো উত্তৰ পায়, তেন্তে আপোনাৰ ক্লাছত আহি তেওঁ কি পাব যিটো Google এ দিব নোৱাৰে?

উত্তৰ: Google-এ তথ্য দিব পাৰে, কিন্তু তথ্যক জ্ঞানলৈ আৰু জ্ঞানক প্ৰজ্ঞালৈ ৰূপান্তৰ কৰাৰ ক্ষমতা নিজে নিজে দিব নোৱাৰে। মোৰ ক্লাছত ছাত্ৰই কেৱল পাঠ্যপুথিৰ তথ্য নাপাব; তেওঁলোকে কোনো বিষয়ক কেনেকৈ বিশ্লেষণ কৰিব লাগে, প্ৰশ্ন কেনেকৈ কৰিব লাগে, যুক্তিৰে কেনেকৈ মত প্ৰকাশ কৰিব লাগে আৰু এটা তথ্যৰ সত্যতা কেনেকৈ পৰীক্ষা কৰিব লাগে, সেই কথা শিকিব। মই ভাবোঁ আজিৰ শিক্ষক Google-ৰ বিকল্প নহয়; শিক্ষক হ’ব লাগে Google-ৰ তথ্যক অৰ্থপূৰ্ণ জ্ঞানত পৰিণত কৰা এজন পথপ্ৰদৰ্শক। তাৰ লগতে এজন শিক্ষকে ছাত্ৰক আত্মবিশ্বাস, মূল্যবোধ, মানৱীয়তা আৰু সমাজৰ প্ৰতি দায়বদ্ধতাৰ শিক্ষা দিব পাৰে—যিটো কোনো search engine-এ দিব নোৱাৰে।

২ নং প্ৰশ্ন : আপোনাৰ চকুত এজন “ভাল ছাত্ৰ” মানে কি – বেছি নম্বৰ পোৱা জন, নে বেছি প্ৰশ্ন সোধা জন?

উত্তৰ: মোৰ বাবে ভাল ছাত্ৰ মানে কেৱল বেছি নম্বৰ পোৱা ছাত্ৰ নহয়। নম্বৰ হৈছে মূল্যায়নৰ এটা মাপকাঠি, কিন্তু শিক্ষাৰ সম্পূৰ্ণ পৰিমাপ নহয়। যিজন ছাত্ৰই প্ৰশ্ন কৰে, যুক্তি বিচাৰে, ভুল স্বীকাৰ কৰি পুনৰ শিকিবলৈ চেষ্টা কৰে আৰু শিকাখিনি জীৱন আৰু সমাজৰ সৈতে সংযোগ কৰিব পাৰে, মোৰ দৃষ্টিত তেওঁৱেই ভাল ছাত্ৰ। আচলতে এজন ছাত্ৰৰ “ছাৰ, কিন্তু কিয়?” বুলি কৰা এটা সঠিক প্ৰশ্নই কেতিয়াবা তেওঁৰ ৯০ শতাংশ নম্বৰতকৈও অধিক শিক্ষাৰ সম্ভাৱনা প্ৰকাশ কৰে।

৩ নং প্ৰশ্ন : আপুনি পঢ়োৱা বিষয়টোৰ পৰা আপুনি নিজে শেষৰবাৰ কেতিয়া কিবা নতুন শিকিছিল?

উত্তৰ: মই বিশ্বাস কৰো এজন শিক্ষক যিদিনাখন “মই সকলো জানো” বুলি ভাবিবলৈ আৰম্ভ কৰে, সেইদিনাখন তেওঁৰ শিক্ষকৰূপে বিকাশ স্তব্ধ হয়। অৰ্থনীতিৰ শিক্ষক হিচাপে মই প্ৰতিদিনেই নতুনকৈ শিকি আছোঁ। নতুন তথ্য, নতুন অৰ্থনৈতিক পৰিস্থিতি, নতুন নীতি আৰু ছাত্ৰ-ছাত্ৰীৰ নতুন প্ৰশ্নই মোক পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰে। বিশেষকৈ এজন ছাত্ৰৰ এটা অগতানুগতিক প্ৰশ্নই শিক্ষকক নিজৰ জ্ঞানক নতুন দৃষ্টিৰে চাবলৈ বাধ্য কৰে। সেয়ে মোৰ বাবে “পঢ়োৱা” আৰু “শিকা”—এই দুটা পৃথক প্ৰক্ৰিয়া নহয়; দুয়োটা একেলগে চলা এক জীৱন্ত প্ৰক্ৰিয়া।

৪ নং প্ৰশ্ন : এজন ছাত্ৰই ফেইল কৰিলে আপুনি কাক দোষ দিয়ে – ছাত্ৰজনক, অভিভাৱকক, নে নিজকে?

উত্তৰ: মই প্ৰথমে কাকো দোষ দিবলৈ নিবিচাৰো। এজন ছাত্ৰৰ ব্যৰ্থতা সাধাৰণতে এটা কাৰণৰ ফল নহয়; ইয়াৰ আঁৰত শৈক্ষিক, পাৰিবাৰিক, সামাজিক, মানসিক আৰু ব্যক্তিগত বহু কাৰণ থাকিব পাৰে। সেয়ে প্ৰথম প্ৰশ্নটো হ’ব লাগে—“সি কিয় ব্যৰ্থ হ’ল?”, “কোন দোষী?” নহয়। শিক্ষক হিচাপে মোৰ নিজৰ ভূমিকাও মই পৰ্যালোচনা কৰিম—মই ছাত্ৰজনক যথেষ্ট বুজিব পাৰিলোঁনে, উপযুক্ত সহায় দিব পাৰিলোঁনে, তেওঁৰ অসুবিধাটো সময়মতে চিনাক্ত কৰিব পাৰিলোঁনে? অৱশ্যে ছাত্ৰজনৰ নিজৰ দায়িত্বও আছে আৰু অভিভাৱক তথা শিক্ষানুষ্ঠানৰো ভূমিকা আছে। কিন্তু এজন শিক্ষক হিচাপে মোৰ দৃষ্টিভংগী হ’ব লাগে দোষ বিচৰা নহয়, সমাধান বিচৰা।

৫ নং প্ৰশ্ন : ২০৪৭ চনত যেতিয়া ভাৰত বিকশিত হ’ব, তেতিয়াৰ শিক্ষক কেনেকুৱা হ’ব লাগিব বুলি আপুনি ভাবে?

উত্তৰ: ২০৪৭ৰ Viksit Bharat কেৱল উন্নত আন্তঃগাঁথনি, উচ্চ GDP বা প্ৰযুক্তিগত অগ্ৰগতিৰে নিৰ্ধাৰিত নহ’ব; ইয়াৰ মূল সম্পদ হ’ব মানৱ সম্পদ আৰু মানৱীয় মূল্যবোধ। সেয়ে ২০৪৭ৰ শিক্ষক কেৱল subject expert হ’লেই নহ’ব। তেওঁ digital technology আৰু AI বুজিব লাগিব, কিন্তু technology-ৰ দাস হ’ব নালাগিব। তেওঁ ছাত্ৰক তথ্যৰ ভিৰৰ মাজৰ পৰা সত্য, যুক্তি আৰু মূল্যবোধ বাছি ল’বলৈ শিকাব লাগিব।মোৰ মতে ২০৪৭ৰ শিক্ষক হ’ব লাগিব শিক্ষক, mentor, researcher, innovator আৰু ethical leader—এই সকলোৰে সমন্বিত ৰূপ। তেওঁ ছাত্ৰক চাকৰি বিচৰাৰ বাবে নহয়, চাকৰি সৃষ্টি কৰিব পৰা, সমস্যাৰ সমাধান কৰিব পৰা আৰু দেশৰ প্ৰতি দায়বদ্ধ নাগৰিক হিচাপে গঢ়ি তুলিব লাগিব।আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা—AI যিমানেই শক্তিশালী নহওক, এজন ভাল শিক্ষকৰ মানৱীয় স্পৰ্শৰ বিকল্প হ’ব নোৱাৰে। ২০৪৭ৰ ভাৰতক সঁচা অৰ্থত বিকশিত কৰিবলৈ আমাক কেৱল অধিক জ্ঞানী শিক্ষক নহয়, অধিক সংবেদনশীল, সৃষ্টিশীল, নৈতিক আৰু দায়বদ্ধ শিক্ষক লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top