
প্লাৱন ভূঞা,
সহকাৰী অধ্যাপক, ইতিহাস বিভাগ,
ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়, জামুগুৰিহাট,
শোণিতপুৰ, অসম।
ফোন নং: ৭০০২২৮৮৯৬৬
Q১. আজিৰ ছাত্ৰই Google ত সকলো উত্তৰ পায়, তেন্তে আপোনাৰ ক্লাছত আহি তেওঁ কি পাব যিটো Google এ দিব নোৱাৰে?
উত্তৰঃ কৃত্ৰিম বুদ্ধিমত্তাৰ ধামখুমীয়াত আচ্ছন্ন সাম্প্ৰতিক প্ৰেক্ষাপটত ছাত্ৰ সমাজে সততে বৌদ্ধিক উৎকৰ্ষ সাধনৰ নিমিত্তে গুগল ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰাধান্যতা দিয়া দেখা যায়। এই ব্যৱস্থাই ছাত্ৰ সমাজক ভাৰ্চুৱেল জগতৰ কৰালগ্ৰাসত মোহাচ্ছন্ন কৰি আৰু অধিক যান্ত্ৰিক কৰি তুলি শিক্ষা ব্যৱস্থাক সহজসাধ্য কৰি তুলিছে। এই কথা সত্য যে একবিংশ শতিকাৰ প্ৰতিযোগিতাৰ জগতখনত গুগলে ছাত্ৰ-ছাত্ৰীক যিকোনো বিষয়ত লাগতিয়াল তথ্য তথা সমল যোগান ধৰি অনুসন্ধিৎসাৰ অন্ত পেলাব পাৰে; কিন্তু ইয়ে শিকন প্ৰক্ৰিয়াৰ একমাত্ৰ সম্বল বা আহিলা হ’ব নোৱাৰে। ব্যক্তিগতভাৱে এই কথা বিশ্বাস কৰো যে এজন আদৰ্শ শিক্ষকে শ্ৰেণীকক্ষত কেৱল পুথিগত শিক্ষাকে প্ৰদান নকৰে বৰঞ্চ তাৰ সমান্তৰালকৈ নৈতিক প্ৰমূল্যবোধ, জীৱন দৰ্শন, সামাজিক দায়ৱদ্ধতা ইত্যাদি বিষয়ৰ প্ৰাসংগিক অৱতাৰণাৰে বিষয়বস্তু অধিক মনোগ্ৰাহী আৰু সাৱলীল ৰূপত উপস্থাপন কৰি ছাত্ৰ-ছাত্ৰীৰ মন মগজুত নতুন চিন্তাৰ সঞ্চাৰ কৰিব পাৰে। গুগলে ছাত্ৰ-ছাত্ৰীক চিন্তাৰ সমিধানহে দিব পাৰে, কিন্ত চিন্তা কৰিবলৈ শিকাব নোৱাৰে।
Q২.আপোনাৰ চকুত এজন “ভাল ছাত্ৰ” মানে কি – বেছি নম্বৰ পোৱা জন, নে বেছি প্ৰশ্ন সোধা জন?
উত্তৰঃ যিদৰে এখন কিতাপৰ বেটুপাত নিৰীক্ষণ কৰি কিতাপখনৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰিব নোৱাৰি ঠিক একেদৰেই এজন ভাল ছাত্ৰৰ সংজ্ঞা নিৰূপন কৰাৰ ক্ষেত্ৰত বেছি নম্বৰ পোৱাটো একমাত্ৰ মাপকাঠি হ’ব নোৱাৰে। একাগ্ৰতা, নিয়মানুৱৰ্তিতা আৰু আত্মবিশ্বাসৰ আধাৰত যিজন ছাত্ৰই নিতৌ নতুন নতুন কথা শিকি জিজ্ঞাসাৰ পৰিধি অতিক্ৰম কৰি প্ৰজ্ঞাৰ আলোকেৰে নিজৰ মনোজগত পোহৰাই তুলিব পাৰিব তেনে ছাত্ৰই উদ্গতি লাভ কৰাৰ সম্ভাৱনা থাকে। অৱশ্যে নিজৰ কৌতুহলৰ অন্ত পেলাবলৈ ছাত্ৰই প্ৰশ্ন কৰাটো সদায় আদৰণীয় কিন্তু তেনে প্ৰশ্ন সদায় প্ৰাসংগিক হোৱাতো কাম্য।
Q৩. আপুনি পঢ়োৱা বিষয়টোৰ পৰা আপুনি নিজে শেষৰবাৰ কেতিয়া কিবা নতুন শিকিছিল?
উত্তৰঃ এজন শিক্ষক হিচাপে মই এই কথা হাড়ে-হিমজুৱে বিশ্বাস কৰো যে শিক্ষকতাৰ বৃত্তিটোৱে হ’ল দৈনন্দিন নতুন কথা শিকা তথা জনাৰ এক অন্তহীন কছৰৎ। যি কছৰতে শিক্ষকক সদায় প্ৰজ্ঞা আৰু জ্ঞানৰ অনাবিল সম্ভাৰেৰে চহকী কৰি ৰাখে। ইতিহাস বিভাগৰ এজন শিক্ষক হিচাপে বিগত সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ মাজত সততে প্ৰত্যক্ষ কৰা এক ভ্ৰান্ত বদ্ধমূল ধাৰণা হ’ল যে ইতিহাস ছাত্ৰ-ছাত্ৰীৰ বাবে এটা ৰসহীন বিষয়। য’ত নতুনত্ব একো নাথাকে বাবে পঢ়াৰ আমেজ একো নাই বুলি এক নেতিবাচক চিন্তা চেতনা বিৰাজমান হোৱা দেখা যায়। শুকান জেঙৰা খৰি চেপি ৰস উলিয়াৰ দৰে ইতিহাসৰ প্ৰতি থকা ছাত্ৰ-ছাত্ৰীৰ পৰম্পৰাগত ধাৰণা নস্যাৎ কৰি বিষয়টোক প্ৰাসংগিক, মননশীল, বোধগম্য আৰু সাৱলীল কৰিবলৈ ব্যক্তিগতভাৱে অহোপুৰুষাৰ্থ কৰা হৈছে। ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে বিষয়বস্তুৰ লগত আত্মিক সম্পৰ্ক স্থাপন কৰি মনোজগতত স্বকীয় চিন্তাৰ বীজ ৰোপন কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী। সেইবাবে নতুন তথ্য সম্ভাৰৰ সমন্বয় আৰু ব্যাখ্যাৰ দ্বাৰা সমৃদ্ধ হৈ ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক আসোঁৱাহ দূৰ কৰিবলৈ নিৰলভাৱে প্ৰচেষ্টা চলাই অহা হৈছে।
Q৪. এজন ছাত্ৰই ফেইল কৰিলে আপুনি কাক দোষ দিয়ে – ছাত্ৰজনক, অভিভাৱকক, নে নিজকে?
উত্তৰঃ এজন ছাত্ৰ কোনো এটি পৰীক্ষাত অনুত্তীৰ্ণ হ’লে প্ৰত্যক্ষভাৱে কাকো দোষাৰোপ কৰিব নোৱাৰি। অনুত্তীৰ্ণ হোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত এজন ছাত্ৰৰ মানসিক, পাৰিবাৰিক, অৰ্থনৈতিক আদি বিভিন্ন দিশ বিদ্যমান হৈ থাকে। সংশ্লিষ্ট ছাত্ৰজন কিয় বিফল হ’ল সেই সম্পৰ্কে নিৰ্মোহ আলোচনা হ’ব লাগে। সেই ক্ষেত্ৰত শিক্ষকজনৰ ফালৰ পৰা কৰণীয় আৰু কি আছে তাক চালি জাৰি চোৱাৰো থল নোহোৱা নহয়। তাৰ ওপৰিও এই ক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকাও লক্ষণীয় হৈ পৰে। বহু অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ মনোজগতৰ লগত সংযোগ স্থাপনত ব্যৰ্থ হয়। সৰ্বোপৰি ছাত্ৰ এজনৰ সফলতাৰ বুনিয়াদ বহুলাংশে নিৰ্ভৰ কৰে ছাত্ৰজনৰ দায়ৱদ্ধতা, একাগ্ৰতা তথা নিয়মানুৱৰ্তিতাৰ ওপৰত।
Q৫. ২০৪৭ চনত যেতিয়া ভাৰত বিকশিত হ’ব, তেতিয়াৰ শিক্ষক কেনেকুৱা হ’ব লাগিব বুলি আপুনি ভাবে?
উত্তৰঃ এখন বিকশিত ভাৰতৰ স্বপ্নক সাৰ্থকতা প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষকসকলে সূত্ৰধাৰৰ ভূমিকা পালন কৰিব লাগিব। সময়ৰ পৰিক্ৰমাৰ লগত ৰজিতা খোৱাই বিকশিত ভাৰতত নিজকে কেৱল পাঠ্যপুথিৰ সীমিত গণ্ডীৰ ভিতৰতে আৱদ্ধ কৰিলে নহ’ব। বৰঞ্চ শিক্ষকজন হ’ব লাগিব এজন পথ প্ৰদৰ্শক, পৰামৰ্শদাতা আৰু ছাত্ৰৰ বন্ধু। তেওঁ নিজৰ দক্ষতাৰ আধাৰত ছাত্ৰসকলৰ মাজত সুপ্ত হৈ থকা প্ৰতিভা চিনাক্ত কৰি ব্যৱহাৰিক জীৱনত সন্মুখীন হ’ব পৰা যিকোনো সমস্যা কিদৰে মোকাবিলা কৰিব পাৰি সেই সম্পৰ্কে বাস্তৱসন্মত শিক্ষা প্ৰদান কৰিব লাগিব। শিক্ষক মানেই হ’ল যোগাত্মক চিন্তাৰ কৰ্ষণৰ প্ৰতিভূ। গতিকে বৰ্ধিত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ লগত সংগতি ৰাখি ইতিবাচক চিন্তাৰে উদ্ধুদ্ধ হৈ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত হাত উজান দিয়াতো সমীচীন হ’ব।






