খণ্ড ১০
CTET-ৰ শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান (Child Development and Pedagogy) শাখাৰ নম্বৰ লাভৰ অন্যতম মূল উৎস হৈছে শিকন বা লার্নিং (Learning)ৰ ধাৰণা। এজন সফল শিক্ষক হ’বলৈ বা এই পৰীক্ষাত সফলতা অৰ্জন কৰিবলৈ শিকন প্ৰক্ৰিয়া গভীৰভাৱে বুজি পোৱাটো অত্যন্ত প্ৰয়োজনীয়। মনোবিজ্ঞানৰ দৃষ্টিত শিকন হৈছে কোনো ব্যক্তিৰ অভিজ্ঞতা আৰু অনুশীলনৰ ফলত হোৱা আচৰণৰ তুলনামূলকভাৱে স্থায়ী পৰিৱৰ্তন। ইয়াক নিৰন্তৰ বা আজীৱন চলি থকা প্ৰক্ৰিয়া বুলি গণ্য কৰা হয়। এই প্ৰক্ৰিয়া জন্মৰ পৰা আৰম্ভ হৈ মৃত্যুৰ সময়লৈকে অব্যাহত থাকে। CTET পৰীক্ষাৰ দিশৰ পৰা চালে দেখা যায় যে শিকনৰ অৰ্থ, বিশেষত্ব আৰু বিভিন্ন মনোবিজ্ঞানীৰ মতবাদসমূহৰ ওপৰত ভিত্তি কৰি বহু প্ৰশ্ন সোধা হয়।
শিকনৰ আটাইতকৈ লক্ষ্যণীয় বৈশিষ্ট্য হ’ল ই এক সক্ৰিয় প্ৰক্ৰিয়া। অৰ্থাৎ শিক্ষাৰ্থীজন ইয়াত নিষ্ক্ৰিয় হৈ নাথাকি সক্ৰিয়ভাৱে নিজৰ জ্ঞান গঠন কৰে। ইয়াক কোৱা হয় গঠনবাদ বা কন্সট্ৰাকটিভিজিম (Constructivism)। পৰীক্ষাৰ বাবে পিয়াজে (Jean Piaget), ভাইগটস্কি (Lev Vygotsky) আৰু ব্ৰুনাৰ (Jerome Bruner) ৰ তত্ত্বসমূহ অতি গুৰুত্বপূৰ্ণ। পিয়াজেৰ মতে শিশুৱে পৰিৱেশৰ সৈতে নিজে সক্ৰিয়ভাৱে ক্ৰিয়া কৰি নিজৰ মানসিক আৰ্হি (Schema) সলনি কৰে। ইয়াক তেওঁ আত্মীকৰণ (Assimilation) আৰু সমাযোজন (Accommodation) বুলি অভিহিত কৰিছে। আনহাতে ভাইগটস্কিয়ে সামাজিক ক্ৰিয়া-কলাপ (Social Interaction), জ’ন অৱ প্ৰক্সিমেল ডেভেলপমেণ্ট (Zone of Proximal Development বা ZPD) আৰু স্ক্যাফ’ল্ডিং (Scaffolding বা সহায় যোগান) ৰ ওপৰত বিশেষ গুৰুত্ব দিছে। এই ধাৰণাসমূহ শিক্ষণ বিজ্ঞানৰ বাবে অপৰিহাৰ্য আৰু পৰীক্ষাত প্ৰায়ে এনে পৰিস্থিতিভিত্তিক প্ৰশ্ন আহে য’ত এগৰাকী শিক্ষকে শিশুৰ ZPD বুজি উপযুক্ত স্ক্যাফ’ল্ডিং প্ৰদান কৰিব লাগে।
CTET পৰীক্ষাৰ আন এক দিশ হৈছে শিকনক প্ৰভাৱিত কৰা কাৰকসমূহ। ইয়াক প্ৰধানকৈ ব্যক্তিগত কাৰক যেনে মনোযোগ, প্ৰেৰণা (Motivation), বুদ্ধিমত্তা আৰু আগ্ৰহ, আৰু পৰিৱেশগত কাৰক যেনে শ্ৰেণীকোঠাৰ পৰিৱেশ, শিক্ষকৰ ভূমিকা আৰু সমাজ আদি ভাগত বিভক্ত কৰা হয়। CTET পৰীক্ষাত আভ্যন্তৰীণ প্ৰেৰণা (Intrinsic Motivation) আৰু বাহ্যিক প্ৰেৰণা (Extrinsic Motivation) ৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি প্ৰশ্ন সোধা দেখা যায়, য’ত আভ্যন্তৰীণ প্ৰেৰণাক শিকনৰ বাবে আটাইতকৈ ফলপ্ৰসূ বুলি ধৰা হয়। ইয়াৰ উপৰিও শিশুৰ শিকন অক্ষমতা (Learning Disabilities) যেনে ডিস্ক্লেক্সিয়া (Dyslexia – পঢ়াৰ সমস্যা), ডিস্ক্যালকুলিয়া (Dyscalculia – গণিতৰ সমস্যা) আৰু ডিস্গ্ৰাফিয়া (Dysgraphia – লিখাৰ সমস্যা) আদিৰ দৰে গুৰুত্বপূৰ্ণ শব্দাৱলীসমূহ নিখুঁতভাৱে জনাটো গুৰুত্বপূৰ্ণ| কিয়নো ইয়াৰ পৰা প্ৰতি বছৰে প্ৰশ্ন নিশ্চিতভাৱে আহে।
শিকন হৈছে অৰ্থপূৰ্ণ জ্ঞানৰ নিৰ্মাণ (Meaning-making) আৰু নতুন পৰিস্থিতিত তাৰ প্ৰয়োগ। পৰীক্ষাৰ্থীসকলে এই ধাৰণাসমূহ কেৱল সংজ্ঞা হিচাপে পঢ়াৰ সলনি শ্ৰেণীকোঠাৰ বাস্তৱ পৰিস্থিতিত ইয়াৰ প্ৰয়োগ কেনেকৈ হ’ব পাৰে সেই বিষয়ে অধ্যয়ন কৰিলেহে CTET-ত উন্নত নম্বৰ লাভ কৰিব পাৰিব।
শিকন (Learning) ৰ ধাৰণা অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়টোৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ৩০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব-
বিগত বৰ্ষৰ শিকন (Learning) ৰ ৩০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।










