ড০ অর্ণৱ নাৰায়ন পাটোৱাৰী
সহকাৰী অধ্যাপক
অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়, নগাওঁ
“ভাৰত” শব্দটোৰ গভীৰ দাৰ্শনিক অৰ্থ আছে। “ভা” মানে হৈছে আলো বা জ্ঞান, আৰু “ৰত” মানে নিয়োজিত বা নিমগ্ন। সেইবাবে “ভাৰত” মানে হৈছে —“যি দেশৰ মানুহে জ্ঞান, সত্য আৰু আধ্যাত্মিক আলোকৰ সন্ধানত নিমগ্ন থাকে।” প্ৰাচীন ভাৰতীয় সভ্যতাৰ মূল আদৰ্শ আছিল — ভৌতিক উন্নতিৰ উপৰিও আত্মিক বিকাশৰ সন্ধান কৰা। সেইকাৰণে ভাৰতক আলোক আৰু জ্ঞানৰ ভূমি বুলি কোৱা হয়। ভাৰত এখন জ্ঞানৰ ৰাষ্ট্ৰ। “জ্ঞানেই ধৰ্মত সৰ্বস্ব সম্পদ”- এই আদৰ্শ ভাৰতীয় সভ্যতাই বহু হাজাৰ বছৰ আগতেই গ্ৰহণ কৰিছিল। প্ৰাচীন ভাৰত বিশ্বৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে পৰিচিত আছিল। ইতিহাসৰ পাত লুটিয়ালে দেখা যায় বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ এক সোণোৱালী ঐতিহ্য আছিল। আমি আমাৰ গৌৰৱময় ইতিহাসৰ বিষয়ে নিচেই সামান্য ভাৱেহে জানো। এনে এটা সময় আছিল বৈজ্ঞানীক চিন্তা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত পৃথিৱীৰ আন দেশ সমূহে ভাৰতলৈ অধীৰ আগ্ৰহৰে বাট চাবলগীয়া হৈছিল। পশ্চিমীয়া সভ্যতা যেতিয়া অ-বিকশিত আছিল, তেতিয়া ভাৰতীয় ঋষি-মুনি, পণ্ডিত আৰু বিজ্ঞানীসকলে প্ৰকৃতিৰ গুপ্ত ৰহস্য উন্মোচন কৰি চিকিৎসা, গণিত, জ্যোতিৰ্বিজ্ঞান, ধাতুবিদ্যা, কৃষি, স্থাপত্য আৰু দৰ্শন শাস্ত্ৰত অমূল্য অৱদান আগবঢ়াইছিল। যেনে, পাঁচ হাজাৰ পূর্বে আয়ুর্বেদ শাস্ত্ৰক সংগঠিত কৰা ধন্বন্তৰীৰ নাম প্ৰথমে ল’ব লাগিব। সুশ্ৰুত সংহিতাত ধন্বন্তৰীৰ শল্য চিকিৎসা কৌশলৰ বিভিন্ন উদাহৰণ পোৱা য়ায়। ধন্বন্তৰীক ভাৰতীয় পৰম্পৰাত আয়ুৰ্বেদৰ জনক আৰু চিকিৎসাৰ দেৱতা বুলি গণ্য কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি, সমুদ্র মন্থনৰ সময়ত ধন্বন্তৰী অমৃতৰ কলহ লৈ সমুদ্ৰৰ পৰা ওলাই আহিছিল। তেতিয়াৰ পৰা তেওঁক অমৰত্বৰ প্রতীক হিচাপে মান্যতা দিয়া হয়। সেয়েহে, দীপাৱলীৰ প্ৰথম দিনা ধন (অর্থ)ৰ আৰু সু-স্বাস্থ্যৰ কামনাৰে ধন্বন্তৰীৰ নামেৰে “ধনতেৰাছ বা ধন ত্ৰয়োদশী”ৰ পূজা কৰা হয়।
আনহাতে, সুশ্ৰুতত সংহিতাৰ ৰচক খ্ৰীষ্টপূর্ব ১০০০ ৰ সুশ্ৰুতৰ কথা আমি সকলোৱে জানো। সুশ্ৰুত ধন্বন্তৰীৰ ছাত্ৰ আছিল। শল্য চিকিৎসাৰ জনক সুশ্ৰুতৰ “সুশ্ৰুতসংহিতা” এক সর্বকালৰ অমূল্য গ্ৰন্থ। সুশ্ৰুতে জন্তুৰ নখ আৰু চৰাইৰ ঠোঁটৰ আর্হিত ১২৫ বিধ বিভিন্ন ধৰণৰ শল্য চিকিৎসাৰ সঁজুলি উদ্ভাৱন কৰিছিল। তাৰোপৰি, অস্ত্ৰোপচাৰৰ আগতে সংক্রমণ ৰোধ কৰিবলৈ ভেষজ দৰৱ ব্যৱহাৰ কৰিছিল। অংগ পুনর্নিমাণ বা প্লাষ্টিক ছাৰ্জাৰী আৰু চকুত ছানি পৰা শল্য চিকিৎসা পদ্ধতি- সুশ্ৰুতৰ সৰ্বশ্ৰেষ্ঠ অৱদান আছিল। পিছত ব্ৰিটিছ উপনিবেশবাদী যুগত সুশ্ৰুতৰ এই জ্ঞান-প্ৰণালীক চুৰি কৰি পশ্চিমীয়া চিকিৎসা-বিজ্ঞানৰ নামত প্ৰচাৰ কৰা হৈছিল। বিশেষকৈ, ১৮শ শতিকাত ব্রিটিছ চিকিৎসকসকলে ভাৰতীয় শল্য চিকিৎসকসকলৰ পৰা প্লাষ্টিক ছাৰ্জাৰীৰ দ্বাৰা মানুহৰ নাক পুনৰ গঠন (Rhinoplasty) আৰু ছানি দূৰ কৰা চিকিৎসা পদ্ধতি শিকি লয়। ইতিহাসবিদ ডেভিড আৰ্নল্ডৰ মতে, ব্ৰিটিছ উপনিবেশবাদী শাসকে ভাৰতীয় চিকিৎসাশাস্ত্ৰক দমন কৰি পশ্চিমী চিকিৎসাক বিশ্বত আধিপত্যশীল হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল (Arnold, 1993)। কিছুমান সমলত উল্লেখ পোৱা যায় যে, সেই সময়ৰ ভাৰতীয় দক্ষ চিকিৎসক সকলৰ আঙুলি কাটি পেলোৱা হৈছিল যাতে তেওঁলোকে সুশ্ৰুতৰ চিকিৎসা পদ্ধতি প্ৰয়োগ কৰিব নোৱাৰে। <br>ইয়াৰ উপৰিও, খ্ৰীষ্টপূর্ব ৮০০ ৰ আশে পাশে চিকিৎসক চৰকে “চৰকসংহিতা” লিখি উলিয়াই। বর্তমান সময়তো এই গ্ৰন্থ খন পণ্ডিত সকলৰ বাবে আশ্চর্য্যৰ বিষয়। চৰক সংহিতা ৮ম শতিকাত আৰবী ভাষালৈও অনুবাদিত হৈছিল। গ্ৰন্থ খনত চৰকে শতাধিক গছ-গছনিৰ ঔষধি গুণৰ বৰ্ণনা দিছে। তাৰোপৰি, শৰীৰ-মন সুস্থ ৰখিবলৈ জীৱনশৈলী, আহাৰ, সামাজিক নীতিৰ ভূমিকা বৰ্ণনা কৰিছিল। খ্ৰীষ্টপূৰ্ব ৩০০ ৰ আশে পাশে মহির্ষী পতঞ্জলীয়ে “যোগসূত্রসংহিতা” ৰচনা কৰিছিল। এই গ্ৰন্থই যোগক এক দৰ্শন, বিজ্ঞান আৰু সাধনা-পদ্ধতি ৰূপে প্ৰতিষ্ঠা কৰিলে। পতঞ্জলীয়ে যোগক কেৱল শাৰীৰিক ব্যায়াম নহয়, বৰঞ্চ মানসিক শৃংখলা আৰু আধ্যাত্মিক মুক্তিৰ পথ হিচাপে উপস্থাপন কৰিছিল। সাম্প্ৰতিক সময়ত বিশ্বব্যাপী যোগৰ বিস্তাৰ পতঞ্জলীৰেই দান। মানসিক স্বাস্থ্য, দীৰ্ঘস্থায়ী ৰোগ, আৰু জীৱনশৈলী সংশ্লিষ্ট সমস্যাৰ সমাধানত যোগক বর্তমান সময়ত বিজ্ঞান ভিত্তিকভাৱে ব্যৱহাৰ কৰা হৈছে। আন্তৰাষ্ট্ৰীয় স্বীকৃতি হিচাপে প্ৰতি বছৰে “আন্তৰাষ্ট্ৰীয় যোগ দিৱস” ২১ জুন তাৰিখে সমগ্ৰ বিশ্বজুৰী উদযাপন কৰা হয়। পদার্থ বিজ্ঞানৰ ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব ২০০ত কানাদ নামৰ মহান দাৰ্শনিক-গণিতজ্ঞই প্ৰকৃতিৰ মৌলিক গঠনক লৈ অমূল্য মত আগবঢ়াইছিল। তেওঁ কৈছিল যে এই বিশ্বব্ৰহ্মাণ্ড পৰমাণু (anu)ৰে নিৰ্মিত আৰু প্ৰতিটো বস্তু অতি সূক্ষ্ম কণাৰ সংযোগে গঠিত। তদুপৰি, তেওঁ গুৰুত্বাকর্ষণ বলৰ বৰ্ণনা দিছিল—অৰ্থাৎ, প্ৰতিটো বস্তুৰ এক প্ৰাকৃতিক আকৰ্ষণ বল থাকে যাৰ ফলত বস্তু মাটিত পৰে।
ভাৰতীয় সভ্যতা-সংস্কৃতি যিমান পুৰণি গণিতশাস্ত্ৰ আৰু জ্যোতির্বিজ্ঞান চর্চাৰো ইতিহাসো সিমানেই পুৰণি। বৌধ্যায়ন প্ৰায় খ্ৰীষ্টপূৰ্ব ৮ম–৭ম শতিকাৰ ভিতৰত থকা এজন প্ৰাচীন ভাৰতীয় ঋষি আৰু গণিতজ্ঞ। তেওঁৰ “বৌধ্যায়ন শ্ৰৌতসূত্র” বিশেষকৈ “শুল্বাসূত্র” বিশ্বখ্যাত, য’ত যজ্ঞ-বেদী নিৰ্মাণৰ বাবে প্ৰয়োজনীয় জ্যামিতিক নিয়ম লিখা হৈছিল। এই শুল্বাসূত্রতেই পাইথাগ’ৰাছৰ তত্ত্বৰ আভাস উল্লেখ আছে—“দীৰ্ঘচতুৰস্ৰৰ কর্ণৰ বৰ্গফল দুয়োখন বাহুৰ বৰ্গফলৰ যোগফলৰ সমান।” অৰ্থাৎ পাইথাগৰাছৰ বহু শতাব্দী পূৰ্বে ভাৰতত এই গণিতীয় সত্য প্ৰচলিত আছিল। লগতে বৌধ্যায়নে পাইৰ মান প্ৰায় ৩.০৮ বুলি নিৰ্ণয় কৰিছিল আৰু বৃত্ত, চতুৰ্ভুজ, আয়তক্ষেত্ৰ, ত্ৰিভুজ আদি আকাৰৰ ক্ষেত্ৰফল গণনাৰ নিয়ম দিছিল। তেওঁৰ কামত ভগ্নাংশ আৰু অনুপাতৰ দৰে মৌলিক গাণিতিক নিয়মো পোৱা যায়। বৌধ্যায়নৰ এই অৱদান আগলৈ আৰ্যভট, ব্ৰহ্মগুপ্ত, ভাস্কৰাচাৰ্য্য আদিৰ দৰে বিজ্ঞানীয়ে বিস্তাৰ কৰিছিল। সেইবাবে বৌধ্যায়নক ভাৰতীয় গণিত আৰু জ্যামিতিৰ আদি পথিকৃৎ হিচাপে মান্য কৰা হয়। আকৌ, ইটালীৰ গণিতজ্ঞ ফিবনাচ্চিয়ে (Fibonacci) ১২০২ খ্ৰীষ্টাব্দত তেওঁৰ গ্ৰন্থ -Liber Abaci ত সংখ্যাৰ এটা বিশেষ ধাৰণাৰ বিষয়ে লিখিছিল, যাক আজি ফিবনাচ্চি সংখ্যা ধাৰা বুলি জনা যায়। আচৰিত ধৰণে, তাৰ প্ৰায় পঞ্চাশ বছৰ আগতেই হেমচন্দ্ৰ (1089–1172 খ্ৰী.) নামৰ এজন জৈন ঋষি আৰু গণিতজ্ঞই এই ধাৰণাৰ বিষয়ে লিখিছিল।
হেমচন্দ্ৰেই বিশেষকৈ “ছন্দশাস্ত্ৰ (Chandas-śāstra)”-ৰ প্ৰসঙ্গত এই সংখ্যা ধাৰাৰ উল্লেখ কৰিছিল। লগতে আন বহুতো প্ৰাচীন ভাৰতীয় গণিতজ্ঞে এই সংখ্যা ধাৰা জানিছিল আৰু বিভিন্ন গাণিতিক সমস্যা সমাধানত ব্যৱহাৰ কৰিছিল। অৰ্থাৎ, পশ্চিমত যাক “Fibonacci numbers” বুলি কোৱা হয়, সেই গণিতীয় ধাৰণাৰ মূল উৎস বহু আগতেই ভাৰতীয় গণিতত উপস্থিত আছিল। বৈদিক যুগত মানুহে সূর্য্য আৰু চন্দ্ৰৰ গতিৰ সহায় লৈ সময় নিৰুপণ কৰিব পাৰিছিল। তেওঁলোকে চন্দ্ৰ সাতাইশটা অৱস্থানৰ প্ৰত্যেকটোৰে নামাকৰণ কৰিছিল, পূর্ণিমা আৰু অমৱস্যাৰ সময় হিচাপ কৰি উলিয়াবলৈ সক্ষম হৈছিল। লাগধ নামৰ এগৰাকী মনীষীয়ে খ্ৰীষ্টপূৰ্ব ৯০০ মানত “বেদঙ্গ জ্যোতিষ” নামৰ এখন পুথি ৰচনা কৰিছিল, পুথিখনত সেই সময়লৈকে জ্যোতির্বিজ্ঞানৰ যি সমূহ কথা জানিব পৰা গৈছিল সেইসমূহ অন্তর্ভূক্ত কৰা হৈছিল। সেই অনুযায়ী তাহানি কালত পৃথিৱীখন সূর্য্যৰ চাৰিওফালে উপবৃত্তকাৰ পথেদি ঘূৰি থাকে বুলি ধাৰণা কৰা হৈছিল। সেই উপবৃত্তিয় পথটোক সাতাইশটা নক্ষত্ৰৰ নাম অনুসৰি সাতাইশটা ভাগত ভগোৱা হৈছিল। আর্য্যভট্ট, বৰামিহিৰ আৰু ব্ৰহ্মগুপ্ত-মুখ্যত: এই তিনিগৰাকী পণ্ডিতৰ অৱদানেৰে ভাৰতীয় জ্যোতির্বিজ্ঞানৰ ভেটি স্থাপন হৈছিল। গণিতজ্ঞ ভাস্কৰাচার্য্যৰো (২য়) যথেষ্ট অৱদান আছে। এই সকল মনীষীৰ অৱদান সম্পর্কে প্ৰতিজন ভাৰতীয়ই পৰিচয় হোৱাটো প্ৰযোজনীয়। ৪৭৫ বা ৪৭৬ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰা আর্য্যভট্টক বিশ্বৰ প্ৰথম গৰাকী জ্যোতির্বিজ্ঞানী বুলি অনেকে অভিসিত কৰে। মাত্ৰ ২৩ বছৰ বয়সতে লিখা তেওঁৰ প্ৰসিদ্ধ গ্ৰন্থ “আৰ্যভটীয়” (খ্ৰী. ৪৯৯ চন)ত গণিত আৰু জ্যোতিৰ্বিজ্ঞানেৰ বিস্তৃত বিৱৰণ দিয়া হৈছে। এই গ্ৰন্থত ১১৮ টা শ্লোকত সংখ্যাপদ্ধতি, বীজগণিত, ত্ৰিকোণমিতি আৰু জ্যোতিৰ্বিজ্ঞানৰ জ্ঞান সন্নিৱিষ্ট কৰা হৈছিল।
আৰ্যভটে শূন্যৰ গণিতীয় ব্যৱহাৰ আৰু সংখ্যাৰ স্থান-মূল্য পদ্ধতি সুস্পষ্টকৈ প্ৰকাশ কৰিছিল। পাশ্চাত্যৰ জ্যোতির্বিজ্ঞানী ৰ’জাৰ বিলার্ডে আর্য্যভট্টৰ কামক প্ৰশংসা কৰি কৈছিল,- আর্য্যভট্টৰ কর্মসমূহ ক্লডিয়াছ টলেমিতকৈও বেছি সঠিক আৰু উন্নত আছিল। পৃথিৱীযে গোলাকাৰ, ইযে নিজ মেৰুদণ্ডক আশ্ৰয় কৰি ঘূৰি আছে আৰু সূর্য্যৰো চাৰিওফালে পৰিভ্ৰমণ কৰে সেই কথা পোনপ্ৰথমে আর্য্যভট্টই হিচাপ কৰি উলিয়াইছিল। ইয়াৰ বিপৰীতে প্ৰায় ১০০০ বছৰৰ পাছত গেলিলিও এ টেলিস্কোপ পৰ্যবেক্ষণেৰে সূৰ্যকেন্দ্ৰিক তত্ত্ব প্ৰমাণ কৰোতে গোড়া আধুনিক বিজ্ঞানৰ ফোপজহা মৰা উদাৰ পশ্চিমীয়া সমাজে তেওঁক মৃত্যুদণ্ড দিছিল। আর্য্যভট্টই সূর্য্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ বৈজ্ঞানীক ব্যাখ্যা, কেতিয়া ঘটিব, কিমান সময় গ্ৰহণ চলিব আৰু কি পৰিমাণৰ হ’ব শুদ্ধকৈ গণনা কৰি উলিয়াব পাৰিছিল। জীৱনৰ বিয়লি বেলাত আর্য্যভট্টই দ্বিতীয় আৰু শেষ গ্ৰন্থ “আর্য্যভট্ট সিন্ধান্ত” ৰচনা কৰিছিল। আর্য্যভট্টই সেই যুগতে কেনেকৈ যে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰুৰ অৱস্থান নির্ণয় কৰিবলৈ সক্ষম হৈছিল আৰু সেইবোৰৰ বৰফে ঢকা প্ৰকৃতিৰ বর্ণনা দিব পাৰিছিল, সেয়া সঁচাকৈয়ে আশ্চর্য্যকৰ কথা। আজিৰ বিশ্বই নাজানে নিউটনে মধ্যাকর্ষণ শক্তিৰ আৱিস্কাৰৰ কেবাশ বছৰৰ পূর্বে আর্য্যভট্টই মধ্যাকর্ষণৰ ধাৰণা ডাঙি ধৰিছিল। প্ৰাচীন ভাৰতৰ আন এগৰাকী সুদক্ষ মনীষী আছিল বৰাহমিহিৰ। জন্ম হৈছিল ৪৯৯ খ্ৰীষ্টাব্দত। পোনতে নাম মিহিৰ আছিল যদিও তেওঁৰ নিখুঁত গণনাৰ প্ৰতিভাত মুগ্ধ হৈ গুপ্ত সম্ৰাট বিক্ৰমাদিত্যই মগধ সাম্ৰাজ্যৰ সবোর্চ্চ পুৰস্কাৰ হিচাপে তেওঁক ‘বৰাহ’ উপাধি প্ৰদান কৰে। বৰাহমিহিৰে বিক্ৰমাদিত্যৰ ৰাজকুমাৰ ১৮ বছৰ বয়সতে মৃত্যুমুখত পৰিব বুলি গণনা কৰি পাইছিল। শেষত সচাঁকৈয়ে সেই গণনা একেবাৰে শুদ্ধ বুলি প্ৰমাণিত হৈছিল। প্ৰখৰ বুদ্ধিমত্তাৰ কাৰণে বৰাহমিহিৰক বিক্ৰমাদিত্যই তেওঁ ৰাজসভাৰ নৱৰত্নৰ ভিতৰত এজন হিচাপে স্থান দিছিল। বৰাহমিহিৰেও পৃথিৱীখন ঘূৰণীয়া বুলি প্ৰচাৰ কৰিছিল। তেওঁৱেই পোন প্ৰথমে দাবি কৰিছিল যে কিবা এটা ‘বল’ৰ বাবেহে বস্তুবোৰ ঘূৰণীয়া পৃথিৱীখনত লাগি থাকে। এই বলকে পাছত মধ্যাকর্ষণ শক্তি বুলি বুজিব পৰা গৈছিল।
বৰাহমিহিৰৰ ‘পঞ্চ সিন্ধান্ত’ আৰু ‘বৃহৎ সংহিতা’ সবাতোকৈ উল্লেখনীয় গ্ৰন্থ। পঞ্চ সিন্ধান্তত সমসাময়িক ভাৰতত প্ৰচলিত পাঁচ ধৰণৰ জ্যোতিৰ্বিজ্ঞানৰ সিন্ধান্তৰ কথা বর্ণনা কৰিছে-পৌলিষ, ৰোমক, বশিষ্ঠ, সূর্য্য আৰু পৈতামহ। সূর্য্য সিন্ধান্তত ত্ৰিকোণামিতিৰ ‘ছাইন’ তালিকা আছে। এই ‘ছাইন’ তালিকাই হৈছে বিশ্বৰ প্ৰাচীনতম ছাইন তালিকা। সূর্য্য সিন্ধান্তত বহুতো জ্যোতির্বৈজ্ঞানিক সা-সৰঞ্জামৰ বিৱৰণো আছে। ভাৰতীয় গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ আন এগৰাকী মনীষী ব্ৰহ্মগুপ্তৰ জন্ম হৈছিল ৫৯৮ খ্ৰীষ্টাব্দত। ব্ৰহ্মগুপ্তৰ ‘ব্ৰহ্মস্ফুটসিদ্ধান্ত’ গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ আটাইতকৈ বিখ্যাত গ্ৰন্থ। ইয়াত শূন্য (0) আৰু ঋণাত্মক সংখ্যাৰ বৰ্ণনা সুস্পষ্টভাৱে কৰা হৈছিল। গ্ৰহণ, গ্ৰহৰ গতিবিধি, কেলেণ্ডাৰ নিৰ্মাণ আদি বিষয়ে গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। ব্ৰহ্মগুপ্তই শূন্যক গণিতত পূৰ্ণসংখ্যা হিচাপে স্বীকৃতি দিয়ে আৰু ধনাত্মক-ঋণাত্মক সংখ্যাৰ সৈতে গণিতীয় সমীকৰণ তৈয়াৰ কৰে। ব্ৰহ্মগুপ্তই কৈছিল—“প্ৰকৃতিৰ আকর্ষণ বলৰ ফলত বস্তু মাটিত পৰে।” এইটো মধ্যাকর্ষণৰ প্রাচীনতম বৰ্ণনাৰ ভিতৰত এটা। ব্ৰহ্মগুপ্তৰ গ্ৰন্থবোৰ আৰবি ভাষালৈ অনুবাদ কৰি মধ্য এছিয়া আৰু পিছত ইউৰোপলৈ নিয়া হৈছিল।
ভাস্কৰাচাৰ্য্য (Bhāskarāchārya বা Bhāskara II) খ্ৰীষ্টীয় ১১১৪ চনত বৰ্তমানৰ কৰ্ণাটকত জন্মগ্ৰহণ কৰিছিল । তেওঁক আৰ্যভট আৰু ব্ৰহ্মগুপ্তৰ উত্তৰসূৰী হিচাপে গণ্য কৰা হয়। ভাস্কৰাচাৰ্য্যৰ সৰ্বাধিক বিখ্যাত গ্ৰন্থ “সিদ্ধান্ত শিৰোমণি”, যি চাৰিটা ভাগত বিভক্ত— লীলাবতী (গণিত), বীজগণিত, গ্ৰহণীয় (গ্ৰহ আৰু জ্যোতিৰ্বিজ্ঞান), আৰু গোলাধ্যায় (গোলক আৰু আকাশৰ গতি)। লগতে তেওঁৰ আনখন গ্ৰন্থ “কাৰ্য্যকৌশল”ও জ্যোতিৰ্বিজ্ঞানৰ বাবে বিশেষ খ্যাত। গণিতত তেওঁ শূন্যৰ ব্যৱহাৰ, ধনাত্মক-ঋণাত্মক সংখ্যাৰ নিয়ম, বীজগণিতীয় সমীকৰণৰ সমাধান, ত্ৰিকোণমিতিৰ সঠিক মান, পাই (π)-ৰ উন্নত মান আৰু কেলকুলাছ (Calculus) ৰ আদি ৰূপ আগবঢ়াইছিল। এইবোৰ নিউটনৰ জন্মৰ বহু শতাব্দী আগৰ চিন্তা। তেওঁ সূৰ্য-চন্দ্ৰ গ্ৰহণৰ গণনা, গ্ৰহৰ গতি, দিন-ৰাতিৰ দৈৰ্ঘ্য নিৰ্ণয়ৰ সঠিক পদ্ধতি দাঙি ধৰিছিল। তেওঁৰ কন্যা লীলাবতীৰ নামত লিখা “লীলাৱতী” গ্ৰন্থ গণিত শিক্ষাৰ ক্ষেত্ৰত আজিও বিখ্যাত।
ভাস্কৰাচাৰ্য্যক ভাৰতীয় মধ্যযুগীয় বিজ্ঞানৰ সৰ্বশ্ৰেষ্ঠ গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানীসকলৰ ভিতৰত এজন হিচাপে গণ্য কৰা হয়। তেওঁৰ গ্ৰন্থসমূহ আৰবলৈ অনুবাদ হৈছিল। ইউৰোপে এই জ্ঞান আৰবৰ পৰা আমদানি কৰিছিল। সেই বাবে তেওঁক “গণিত আৰু জ্যোতিৰ্বিজ্ঞানৰ ভাৰতীয় আলোকস্তম্ভ” বুলি অভিহিত কৰা হয়। ভাস্কৰাচাৰ্য্যই বহু শতাব্দী আগতেই পৃথিৱী সূৰ্যক চক্ৰাকাৰে পৰিক্ৰমা কৰিবলৈ লোৱা সময় গণনা কৰিছিল। তেওঁৰ গণনা অনুসৰি এই সময় আছিল ৩৬৫.২৫৮৮ দিন। আধুনিক বিজ্ঞানে নির্ণয় কৰা সঠিক সময় হৈছে ৩৬৫.২৫৬৩৬ দিন, অৰ্থাৎ ভাস্কৰাচাৰ্য্যৰ ফলাফল আৰু আধুনিক ফলাফলৰ মাজত কেৱল ৩.৫ মিনিটৰ পাৰ্থক্য আছে। বিশেষকৈ লক্ষ্যণীয় বিষয়টো হ’ল যে তেওঁ কোনো আধুনিক যন্ত্র বা কম্পিউটাৰৰ সহায় নোলোৱাকৈ কেৱল গণিত আৰু পৰ্যবেক্ষণৰ জৰিয়তেই এই গণনা কৰিছিল। ভাস্কৰাচাৰ্য্যৰ সময়ত পশ্চিমত মানুহে সূৰ্যক পৃথিৱীৰ চক্ৰত ঘূৰে বুলি বিশ্বাস কৰিছিল, কিন্তু তেওঁ স্পষ্টকৈ কৈছিল যে পৃথিৱী সূৰ্যক চক্ৰাকাৰে ঘূৰে। ইয়াৰ জৰিয়তে প্ৰমাণ হয় যে ভাৰতীয় বিজ্ঞানীৰ জ্ঞান পশ্চিমৰ বহু শতাব্দী আগতেই অত্যন্ত উন্নত আছিল। প্ৰাচীন ভাৰতীয় ৰসায়নবিদ নাগাৰ্জুনক ভাৰতীয় ৰাসায়ন শাস্ত্ৰৰ জনক বুলি কোৱা হয়। বিশেষকৈ, তেওঁ ৰচনা কৰা গ্ৰন্থ “ৰসশাস্ত্ৰ (Rasashastra)”-ৰ বাবে নাগাৰ্জুনক ভাৰতীয় ৰসায়নৰ প্ৰবক্তা বুলি ধৰা হয়। তেওঁ প্ৰায় অষ্টম–দশম শতাব্দীত দাক্ষিণাত্যত বাস কৰিছিল আৰু ভাৰতীয় বিশ্ববিদ্যালয় নালন্দাৰ সৈতে জড়িত আছিল।
নাগাৰ্জুনে ধাতু আৰু খনিজাত পদার্থৰ পৰা ঔষধ প্ৰস্তুত কৰাত এক অগ্ৰণী ভুমিকা গ্ৰহণ কৰিছিল। বিশেষকৈ মাৰকিউৰি (Mercury) আৰু চালফাৰ (Sulphur) যৌগৰ ব্যৱহাৰে ঔষধ প্ৰস্তুত কৰাত তেওঁৰ বিশেষ অবদান আছিল। কিম্বদন্তি অনুসৰি তেওঁ ধাতু ৰূপান্তৰ কৰি সোণ সৃষ্টিৰ প্ৰয়াস কৰিছিল। সম্পূর্ণকৈ তেওঁ সফল হ’ব পৰা নাছিল যদিও সোণ পানী চৰোৱা বা কৃত্ৰিম সোণ তেওঁৰে সৃষ্টি। তেওঁৰ ৰচনা- ‘ৰসেন্দ্র মঙ্গল’, ‘অৰোগ্য মঞ্জৰী’ আৰু ‘যোগসাৰ’ আদি গ্ৰন্থত ঔষধ প্ৰস্তুত, ধাতু শোধন, ধাতুৰ খাদ তৈয়াৰ, কাচ আৰু ধাতব পাত্ৰ নিৰ্মাণৰ নানা কৌশল বৰ্ণিত আছে। নাগাৰ্জুনৰ কাম কেৱল ভাৰততেই সীমাবদ্ধ নহয়, ই চীন আৰু আৰব দেশতো প্ৰসাৰিত হৈছিল।
প্ৰাচীন ভাৰত প্ৰযুক্তিৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া আছিল। ভাৰতীয় প্ৰযুক্তিৰ সূচনা মেহৰগঢ়ত (এতিয়া পাকিস্তানত অৱস্থিত) হৈছিল আৰু ইয়াৰ ধাৰা ভাৰতীয় ইতিহাসৰ জুৰি চলি আহিছে। খ্ৰীষ্টপূৰ্ব ৩০০০ চনৰ ভিতৰতেই ভাৰতীয় লোকসকলে বিভিন্ন ধৰণৰ কৃষি, জলসিঞ্চন, কৃত্ৰিম খাল আৰু পানী সংৰক্ষণ পদ্ধতিৰ কাৰণে কৃত্ৰিম হ্ৰদ নিৰ্মাণ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫০০০–৪০০০ চনত ভাৰতত কপাহ উৎপাদন হৈছিল। খ্ৰীষ্টপূৰ্ব ২৫০০ চনত সিন্ধু সভ্যতাৰ মানুহে পশুৰে টনা নাঙল ব্যৱহাৰ কৰি খেতি কৰিছিল। সিন্ধু-সৰস্বতী অঞ্চলৰ মানুহে ওজন আৰু মাপৰ ব্যৱস্থা উদ্ভাৱন কৰিছিল। বিশ্বৰ প্ৰথম জাহাজ বন্দৰ গুজৰাটৰ লোথালত আছিল, য’ত জাহাজ থোৱা আৰু মেৰামতি কৰা হৈছিল। ভাৰতীয় ধাতুবিদ্যা অত্যন্ত উন্নত আছিল—খ্ৰীষ্টপূৰ্ব ৫০০ চনৰ পৰা ভাৰতত তীখা উৎপাদন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৩২৬ ত ৰজা পুৰে এ আলেকজেণ্ডাৰক এখন তীখাৰে নির্মিত তলোৱাৰ উপহাৰ দিছিল। দিল্লীৰ কুটুবমিনাৰৰ সমীপত থকা গুপ্ত যুগৰ সাত মিটাৰ ওখ লৌহ স্তম্ভত হাজাৰ বছৰৰ পাছতো আজিও মামৰ ধৰাৰ কোনো চিহ্ন নাই। প্ৰায় ৫০০০ বছৰ আগতেই সিন্ধু-সৰস্বতী সভ্যতাৰ মানুহে দন্ত চিকিৎসা কৰিছিল বুলি আধুনিক বিজ্ঞানীয়ে প্ৰমাণ পাইছে।
প্ৰায় ৯০০০ বছৰ আগৰ মৃতদেহৰ দাঁতৰ ওপৰত কৰা গৱেষণাত পোৱা যায় যে সেই সময়ত দন্ত চিকিৎসকে দাঁতত ড্ৰিল কৰাৰ প্ৰযুক্তি ব্যৱহাৰ কৰিছিল। ঠিক তেনেদৰে, ইলোৰাৰ কৈলাশ মন্দিৰ ভাৰতীয় স্থাপত্যকলাৰ এক আশ্চৰ্য্যকৰ কৰ্ম। মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ওচৰত অৱস্থিত এই মন্দিৰটো খ্ৰীষ্টীয় অষ্টম শতিকাত ৰাষ্ট্ৰকুটৰ ৰজা কৃষ্ণ প্ৰথমে নিৰ্মাণ কৰিছিল। এই মন্দিৰটো সম্পূৰ্ণভাৱে এখন পাহাৰ কাটি নির্মাণ কৰা হৈছিল। নির্মাণৰ বাবে পাহাৰখনৰ পৰা প্ৰায় এক লক্ষ টন পাথৰ কাটি উলিয়াই দিয়া হৈছিল—যি নিজেই এক অনুপম কৃতিত্ব আৰু বর্তমানৰ বিজ্ঞানী সকলৰ বাবে আশ্চর্য্যকৰ বিষয়। মন্দিৰত ভগৱান শিৱৰ কৈলাশ পর্বত প্ৰতীক, সূক্ষ্ম শিলৰ মূৰ্তিশিল্প, গর্ভ গৃহ, প্ৰাঙ্গণ, স্তম্ভ, গৰুড় মণ্ডপ আদি একে পাহাৰতে খোদিত। আধুনিক যান্ত্ৰিক সুবিধা নথকাৰ যুগত এনে নিখুঁত আৰু বিশাল স্থাপত্য গঢ়া ভাৰতীয় মানৱ সভ্যতাৰ প্ৰযুক্তিৰ এক অনন্য নিদৰ্শন। উৰিষ্যাৰ কোনাৰ্ক সূৰ্য মন্দিৰ ভাৰতীয় স্থাপত্যকলাৰ আন এক অতুলনীয় নিদৰ্শন।
খ্ৰীষ্টীয় ১৩শ শতিকাত গঙ্গ বংশীয় ৰজা নৰসিংহদেৱে নিৰ্মাণ কৰা এই মন্দিৰটো সূৰ্যদেৱৰ ৰথৰ ৰূপত গঢ়া হৈছে। মন্দিৰৰ দুৱাৰ আৰু দেৱালত খোদিত সূক্ষ্ম মূৰ্তিশিল্পৰ সৈতে ১২টা বিশাল ৰথৰ চকাৰ প্ৰতিটোৱে সূৰ্যৰ দৈনন্দিন গতিক প্ৰতিনিধিত্ব কৰে। সূৰ্যৰ ৰশ্মি নিৰ্দিষ্ট সময়ত গর্ভগৃহৰ ভিতৰলৈ পৰে। ইয়ে প্ৰমাণ কৰে যে তেতিয়াৰ ভাৰতীয় স্থপতিসকলৰ সূৰ্যৰ গতি আৰু পৃথিৱীৰ ঘূর্ণন সম্বন্ধে গভীৰ জ্ঞান আছিল। কৰ্ণাটকৰ হাম্পিত অৱস্থিত বিত্তল মন্দিৰটো ভাৰতীয় প্ৰাচীন স্থাপত্যকলাৰ আন এক বৈজ্ঞানিক ৰত্নস্বৰূপ নিদৰ্শন। বিজয়নগৰ সাম্ৰাজ্যৰ সময়ত নিৰ্মিত এই মন্দিৰটোত সূৰ্যৰ গতি, সময়চক্র আৰু ভৌগোলিক দিশৰ নিখুঁত সমন্বয় দেখা যায়। মন্দিৰৰ স্তম্ভ আৰু মণ্ডপসমূহ এনে ৰূপত গঢ়া হৈছে যে সূৰ্যৰ কিৰণৰ দিশ অনুসৰি স্তম্ভৰ ছাঁ আৰু আকৃতি দিনটোত সলনি হয়। হাম্পিৰ বিত্তল মন্দিৰ কেৱল ধৰ্মীয় স্থাপত্যই নহয়, প্ৰাচীন ভাৰতীয় স্থপতি আৰু জ্যোতিৰ্বিদ্য সকলৰ সূৰ্যৰ গতি আৰু পৃথিবীৰ ঘূর্ণন সম্বন্ধে গভীৰ বৈজ্ঞানিক জ্ঞান লাভ কৰিছিল।
উপৰোক্ত আলোচনাই প্ৰমাণ কৰে যে ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিৰ ইতিহাস কিমান প্ৰাচীন আৰু সমৃদ্ধ। শূন্যৰ আবিষ্কাৰ, সূৰ্য্য-কেন্দ্ৰিক তত্ত্ব, মহাকর্ষণৰ ধাৰণা, চিকিৎসা-বিজ্ঞানত শল্য চিকিৎসাৰ উদ্ভাৱন, আয়ুর্বেদ চিকিৎসা, জ্যামিতি আৰু বীজগণিতৰ ভিত্তি, লো-তীখা নিৰ্মাণ, ধাতুবিদ্যা আদিয়ে বিশ্বৰ বৈজ্ঞানিক ঐতিহ্যত ভাৰতক এক পূৰ্ণাঙ্গ স্থান প্ৰদান কৰিছে। দুর্ভাগ্যবশতঃ, উপনিবেশবাদী যুগত পশ্চিমে এই জ্ঞানসমূহৰ যথাযথ কৃতিত্ব স্বীকাৰ নকৰি অনেক ক্ষেত্ৰত চুৰি কৰি নিজৰ বুলি প্ৰতিপন্ন কৰিছিল (Arnold, 1993)। তথাপি, সাম্প্ৰতিক সময়ত আধুনিক গৱেষণা আৰু ইতিহাস-চৰ্চাই দেখুৱাইছে যে ভাৰতীয়সকলৰ এই জ্ঞান-অৱদান বিশ্বৰ বৈজ্ঞানিক যাত্ৰাৰ এক মজবুত ভেটি আছিল। সেয়ে, নতুন প্ৰজন্মক এই ঐতিহ্যৰ সৈতে পৰিচিত কৰাটো অতি প্ৰয়োজনীয়—যাতে তেওঁলোকে নিজৰ বৈজ্ঞানিক গৌৰৱৰ ওপৰত গর্বিত হ’ব পাৰে আৰু ভৱিষ্যত ভাৰতৰ বিজ্ঞানৰ ভেটি গঢ়িবলৈ অনুপ্ৰেৰিত হয়।
সমল:
১. বিজ্ঞান বিশ্বৰ উচ্ছল দিগন্ত (২০২০), ড০ ৰমেশ চন্দ্ৰ গোস্বামী, অসম বিজ্ঞান লেখন সংস্থা, গুৱাহাটী।
২. Arnold, David (1993). Colonizing the Body: State Medicine and Epidemic Disease in Nineteenth-Century India. University of California Press.
৩. শতাধিক মহান বিজ্ঞানী (১৯৯৯), ড০ দীনেশ চন্দ্ৰ গোস্বামী, ষ্টুডেন্ট ষ্ট’ৰচ, গুৱাহাটী।










