• Home
  • Weekly
  • হীৰা হৈ জিলিকা নাৰীগৰাকী

হীৰা হৈ জিলিকা নাৰীগৰাকী

Image

নিশা ভূঞা
ফোন-৯৭০৬৬২৫০২৫

কেন্দ্রা স্কট। বর্তমান সময়ত বিশ্বৰ এগৰাকী অতিকৈ সফল ব্যৱসায়ী। পিছে এই সফলতাৰ আঁৰত আছিল কেন্দ্ৰাৰ জীৱনৰ বহু ঘাত-প্রতিঘাত। সেয়া আছিল ২০০২ চনৰ কথা। ২৮ বছৰীয়া কেন্দ্রা তেতিয়া প্রথমবাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছিল। কিন্তু মাতৃত্ব অর্জনৰ সেই আনন্দ যেন কেন্দ্রাই উদযাপন কৰিব পৰা নাছিল। অনুভৱ কৰিব পৰা নাছিল তেওঁ মাতৃত্ব অৰ্জনৰ গৌৰব। সেই সময়ত অন্য এক সমস্যাই কেন্দ্ৰাৰ মন খুলি খুলি খাবলৈ আৰম্ভ কৰিছিল। কিয়নো কেন্দ্ৰাৰ স্বামীয়ে হঠাৎ কোনো বিশেষ কাৰণৰ বাবে নিজৰ চাকৰিটো ত্যাগ কৰিবলগীয়া হৈছিল। চাকৰি হেৰুৱাৰ পিচত তেওঁ নিজকে ঘৰৰ ভিতৰত আৱদ্ধ কৰি লৈছিল। কোনো কামত যেন কেন্দ্ৰাৰ স্বামীয়ে মন বহুৱাব পৰা নাছিল। চকুৰ সম্মুখতে শুই-বহি দিন কটোবা স্বামীক দেখি অন্তঃসত্তা কেন্দ্রা স্কটৰ দিনবোৰো পাৰ হৈছিল দুঃচিন্তাত। মাতৃত্ব অর্জনৰ ৰূপেৰে অহা আনন্দ কেন্দ্ৰাৰ বাবে যেন ভয়াবহ ভবিষ্যতৰ অন্য প্রতিচ্ছবিহে হৈ পৰিছিল। কেন্দ্রাই তেতিয়াই লাহে লাহে বুজি উঠিছিল- ‘কিবা এটা কৰিবই লাগিব।’ পিচে তেওঁৰ হাতত আছিল সাঁচতীয়া সম্পদৰূপে কেৱল পাঁচশ ডলাৰ। ভাৰতীয় টকাৰ জোখেৰে চল্লিশ হাজাৰ টকা। মাথোঁ পাঁচশ ডলাৰক মূলৰূপে লৈ জানো কোনো ব্যৱসায় আৰম্ভ কৰাটো সম্ভব? পাঁচশ ডলাৰক হাতৰ মুঠিত লৈ এটি নতুন জীবনক স্বাগতম জনাব পাৰিবনে? এই চিন্তাক বুকুত বান্ধি লৈ আমেৰিকা যুক্তৰাজ্যৰ টেক্সাছ অংগৰাজ্যৰ অষ্টিনত অৱস্থিত নিজৰ সৰু ঘৰটোৰ ভিতৰতে কেন্দ্ৰাই বহু দিন অনিদ্ৰাত পাৰ কৰিছিল। অৱশেষত এদিন কেন্দ্রাই হাতত তুলি ল’লে কাগজ আৰু কলম। অন্তঃসত্বা মহিলাগৰাকীয়ে বিছনাত শুই শুইয়ে তৈয়াৰ কৰিলে কেতবোৰ নক্সা। সেই নক্সা আছিল বিভিন্ন আৰ্হিৰ কাণফুলিৰ। এনে অনিশ্চতাৰে ভৰা দিনবোৰৰ মাজতে কেন্দ্রাই জন্ম দিয়ে এটি সন্তান। পিচে কেন্দ্ৰাৰ নিজৰ সন্তানৰ সৈতে ওমলাৰ তেতিয়া তিলমানো সময় নাছিল। কিয়নো পৰিয়ালটোক আর্থিকভাবে সবল কৰি তুলিবৰ বাবে তেওঁ আছিল বদ্ধপৰিকৰ। সন্তানক বুকুত সাবটি লৈয়ে কেন্দ্ৰাই নিজৰ ঘৰতে তৈয়াৰ কৰে কিছু কাণফুলি, কিছু অন্য গহনা। তাৰ পিচতে কেন্দ্ৰাই নিজৰ সন্তানটিক ওচৰৰে এটি শিশুগৃহত দিনটোৰ বাবে থৈ ব্যৱসায় ক্ষেত্রখনত প্রত্যক্ষভাবে নামি পৰাৰ সিদ্ধান্ত লয়। তেওঁ অষ্টিনৰ দোকানে দোকানে গৈ নিজেই তৈয়াৰ কৰা গহনাসমূহ বিক্ৰী কৰিবলৈ আৰম্ভ কৰে। প্রথম দিনাই তেওঁ সফলতা লাভ কৰে।তেওঁৰ সকলো গহনা বিক্রী হৈ যোৱাৰ বিপৰীতে তেওঁ কেইবাখনো দোকানৰ পৰা লাভ কৰে নতুন গহনাৰ অৰ্ডাৰ। এই চমকপ্রদ সাফল্য লাভে কেন্দ্ৰাক কৰি তোলে আত্মবিশ্বাসী।

এই সকলো ঘটনা আজিৰ পৰা ২৪ বছৰৰ পূৰ্বৰ, ২০০২ চনৰ। বৰ্তমান তেওঁৰ বয়স ৫৪ বছৰ । সময়ৰ সমান্তৰালভাৱে কেন্দ্ৰাৰ জীৱন সম্পূর্ণ পৃথক হৈ পৰিল। কেন্দ্রা এতিয়া সমগ্ৰ বিশ্বৰ ভিতৰতে এগৰাকী অতিকৈ সফল গহনা ব্যৱসায়ী তথা জনপ্রিয় মহিলা উদ্যোগী। ফেশ্বনৰ জগতত ‘কেন্দ্রা স্কট ডিজাইন’ৰ নাম বর্তমান অতি জনপ্রিয়। তদুপৰি মার্কিন আলোচনী ফ’বছে ২০১৭ চনত তৈয়াৰ কৰা যুক্তৰাষ্ট্ৰৰ ধনী ব্যক্তিৰ নামৰ তালিকাত কেন্দ্ৰাই লাভ কৰিছে ৩৬ সংখ্যক স্থান। সঁচাকৈয়ে এই সাফল্য চকুত লগাবিধৰ নহয় নে বাৰু? কিন্তু কিদৰে কেন্দ্ৰাই লাভ কৰিবলৈ সক্ষম হ’ল এই উচ্চ স্থান। দৰাচলতে কেন্দ্ৰা স্কটৰ ব্যৱসায়িক মানসিকতা শৈশৱ কালৰ পৰাই আছিল। কেন্দ্ৰাৰ পিতৃ আছিল এগৰাকী পামৰ সৈতে জড়িত স্বাধীন ব্যৱসায়ী। কিন্তু যেতিয়া কেন্দ্ৰাৰ বয়স ওঠৰ বছৰ হৈছিল, তেতিয়াই তেওঁৰ পিতৃ হঠাৎ এদিন অসুস্থ হৈ পৰে। পৰৱৰ্তী সময়ত কেন্দ্ৰাৰ পিতৃৰ দুৰাৰোগ্য কৰ্কট ৰোগত আক্রান্ত হোৱা বুলি চিহ্নিত হয়। কেম’থেৰাপি দিয়াৰ সময়ত কেন্দ্ৰাই নিজৰ পিতৃৰ যন্ত্রণা চকুৰ সন্মুখত দেখিবলৈ পায় । সেই থেৰাপিৰ পিছত কেন্দ্ৰাৰ পিতৃৰ চুলিবোৰ সৰি পৰাত কেন্দ্ৰাই মৰমতে পিতৃলৈ বুলি এটি টুপী তৈয়াৰ কৰি দিছিল। পৰৱৰ্তী সময়ত কেন্দ্রাই কৰ্কট ৰোগত আক্রান্ত ৰোগীসকলৰ বাবে বিভিন্ন আৰ্হিৰ টুপী তৈয়াৰ কৰি বিক্ৰী কৰিবলৈ লয়। কেন্দ্ৰাৰ পিতৃৰ অতি কম দিনৰ ভিতৰতে মৃত্যু হয় যদিও তেৱেঁই কেন্দ্রাক ব্যৱসায় আৰু স্বাৱলম্বিতাৰ আদিপাঠ শিকাই থৈ যায় বুলি কেন্দ্রাই আজিও শ্ৰদ্ধাৰে স্মৰণ কৰে। কেন্দ্ৰাই যেতিয়া ব্যৱসায় কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া বজাৰত কেৱল দুই প্ৰকাৰৰ গহনাই উপলব্ধ আছিল- ভাল মানৰ অতি দামী গহনা আৰু অতি নিম্নমানৰ সস্তীয়া গহনা। কেন্দ্রাই এই দুয়ো প্ৰকাৰৰ গহনাৰ মধ্যবর্তী অর্থাৎ কম মূল্যত কিছু উন্নত মানৰ গহনা নিৰ্মাণৰ কথা চিন্তা কৰে, যি গহনা প্রতিগৰাকী নাৰীয়ে ক্রয় কৰি পৰিধান কৰিব পাৰে। তেওঁ বুজি পাইছিল- আর্থিক অবস্থা যেনেকুৱাই নহওক, প্ৰতিগৰাকী নাৰীয়েই আত্মপ্রত্যয়ী আৰু সুন্দৰী হ’বলৈ বিচাৰে। এই চিন্তাক সম্মুখত ৰাখিয়েই তেওঁ নিজৰ ঘৰৰে এটি পৰিত্যক্ত কোঠাত এনে গহনা নির্মাণ কৰি নিজেই বিক্ৰী কৰাৰ পথ উলিয়াই লয়। তাৰ মাজতে কেন্দ্ৰাৰ দ্বিতীয় সন্তানো জন্ম হয় আৰু তাৰ কিছুদিন পিচতে কেন্দ্ৰাৰ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হয়। এনে অবস্থাতো কিন্তু কেন্দ্ৰা বিচলিত হৈ পৰা নাছিল। দুটি সন্তানক নিৰাপদ ভবিষ্যৎ উপহাৰ দিয়াৰ মানসেৰে তেওঁ দুগুণ উদ্যমেৰে নিজৰ ব্যৱসায়ত ব্ৰতী হৈ পৰে। তেনে সময়তে এটি মেধারী দলে কেন্দ্রাক যথেষ্ট সহায় কৰে। তেওঁ মুঠ সাতগৰাকী কৰ্মচাৰীক সাৰথিৰূপে লৈ গহনাৰ উক্ত ব্যবসায় চলাই নিয়ে। এটি সাক্ষাৎকাৰত কেন্দ্ৰাই কৈছিল- মূল্যবান পাথৰ খচিত গহনা তৈয়াৰ কৰিবলৈ কেন্দ্ৰাৰ বৰ মন আছিল। কিন্তু সেই পাথৰ ক্ৰয় কৰিবলৈ তেওঁৰ সামর্থ্য নাছিল। সেয়েহে অন্য কেতবোৰ সামগ্রী প্রয়োগ কৰি তেওঁ কেতবোৰ গহনা নির্মাণ কৰিছিল, যিসমূহ দেখিলে কোনেও সেয়া মূল্যবান পাথৰখচিত নহয় বুলি ক’বলৈ সক্ষম হোৱা নাছিল। কিন্তু অতিকৈ সৎকেন্দ্রা স্কটে নিম্ন মূল্যতে সেই গহনাসমূহ বজাৰত মুকলি কৰি দিছিল। তেতিয়াৰে পৰা কেন্দ্ৰাৰ গহনাৰ প্ৰতি নাৰীসকলৰ আকৰ্ষণ বৃদ্ধি পাইছিল। ২০১০ চনত কেন্দ্রাই নিজৰ প্রথমখন ষ্ট’ৰ অষ্টিনতে মুকলি কৰিছিল। ‘কেন্দ্রা স্কট ডিজাইন’ নামৰ সেই ষ্ট’ৰতো কেন্দ্রাক পূৰ্বৰ সাতগৰাকী কৰ্মচাৰীয়েই সহযোগ কৰিছিল। নিজৰ জীৱনৰ সেই মধুৰ ক্ষণৰ কথা সুঁৱৰি তেওঁ অন্য এক সাক্ষাৎকাৰত কৈছিল- ‘নিজৰ হাতেৰে তৈয়াৰী গহনাৰ এখন ষ্ট’ৰ মুকলি কৰাৰ জৰিয়তে মই গহনা দোকানৰ প্ৰচলিত ধাৰণাক সলনি কৰিবলৈ যত্ন কৰিছিলো। আইনাৰ বাকছত সজাই থোৱা গহনাবোৰ অন্য দোকানত দেখিয়েই মূল্যৰ সন্দর্ভত বহু লোকে ভয় খাইছিল। এই ধাৰণা সলনি কৰিবৰ বাবে মই অতি সাধাৰণভাৱে ষ্ট’ৰখন মুকলি কৰিছিলো, য’ত গ্রাহকক অতি সহৃদয়তাৰে উষ্ম আদৰণি জনোৱা হৈছিল। বর্তমানেও এই প্রথা আছে।’ বৰ্তমান কেৱল আমেৰিকা যুক্তৰাষ্ট্ৰতে তেওঁৰ কোম্পানীৰ মুঠ আশীখন ষ্ট’ৰ আছে। সেই ষ্ট’ৰসমূহত দুহাজাৰতকৈ অধিক কৰ্মচাৰী কৰ্মৰত; তাৰ মাজৰ ৯৬%ই নাৰী। তদুপৰি অনলাইন ৱেবচাইটৰ জড়িততে তেওঁ সমগ্ৰ বিশ্বৰতে নিজৰ ব্যৱসায় বিস্তৃত কৰিবলৈ সক্ষম হৈছে। কেন্দ্রা স্কটে কেৱল বিশ্বৰ গহনা ক্ষেত্ৰতে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই, তেওঁ নাৰী সৱলীকৰণৰ এক পথ মুকলি কৰি সেই পথত বিশ্বৰ বহু নাৰীকো সংযুক্ত কৰিছে। উল্লেখযোগ্য নিজে, এই ব্যৱসায়ত বিনিয়োগকাৰীসকলৰ অংশ থাকিলেও কেন্দ্রাই কিন্তু লাভ কৰে সিংহভাগ। বিশ্বৰ গহনা বজাৰৰ সৈতে জড়িত বহু অভিজ্ঞ ব্যক্তিৰ মতামত অনুসৰি কেন্দ্ৰাৰ সাফল্যৰ মূল চাবিকাঠী হ’ল ‘বাস্তৱ চুক্তি’। কেন্দ্ৰাই নিজৰ জীৱনত যিধৰণৰ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছিল, তাৰ দ্বাৰাই তেওঁ হৈ উঠিছিল দৃঢ় প্রত্যয়ী। তদুপৰি এটি সাক্ষাৎকাৰত কেন্দ্রা স্কটে কৈছিল- ‘দৃঢ়বিশ্বাস মোৰ মনৰ পৰা দূৰ হোৱা নাছিল। তদুপৰি গ্ৰাহকৰ মনৰ খবৰো মই ৰাখিবলৈ যত্ন কৰিছিলো। সেইবাবেই হয়তো মই গ্ৰাহকৰ পৰা মৰম আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।’সঁচাকৈয়ে কেন্দ্ৰা স্কটৰ সাফল্যৰ এই দীর্ঘ যাত্ৰা আমাৰ বাবে প্ৰেৰণাৰ উৎস। জীৱন যুঁজত পৰাজয়বৰণ কৰিবলৈ অমান্তি হোৱা কেন্দ্রা স্কটে শেহতীয়াভাৱে আমেৰিকাৰ এণ্টাৰপ্ৰিনৰ অব্ দ্য ইয়েৰ, বঁটাও লাভ কৰিছে। ৫০০ ডলাৰ হাতত লৈ সন্তানৰ খৰছ বহন কৰি আৰম্ভ কৰা তেওঁৰ এই ব্যৱসায়ৰ বর্তমান বার্ষিক আয় প্রায় ৯০০ মিলিয়ন ডলাৰ । সঁচাকৈ, জীৱনে ব্যৱসায়ৰ আদিপাঠ শিকোৱা কেন্দ্রা স্কট প্রকৃতাৰ্থত এগৰাকী ‘ডায়মণ্ড কুইন’।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top