খণ্ড ১৮
CTET ৰ Child Development and Pedagogy খণ্ডটোত সফলতা লাভ কৰিবলৈ বিখ্যাত ৰুছ মনস্তত্ত্ববিদ লেভ ভাইগটস্কিৰ (Lev Vygotsky) সামাজিক-সাংস্কৃতিক তত্ত্বটোক গভীৰভাৱে বুজি পোৱাটো অত্যন্ত অপৰিহাৰ্য। ভাইগটস্কিয়ে শিশুৰ জ্ঞানাত্মক বিকাশৰ ক্ষেত্ৰত সমাজ, সংস্কৃতি আৰু ভাষাৰ ভূমিকা কেনেদৰে বিশেষভাৱে ক্ৰিয়া কৰে সেয়া অতি সুন্দৰভাৱে ব্যাখ্যা কৰিছে। এজন ভাবী শিক্ষক হিচাপে এই তত্ত্বৰ মৌলিক ধাৰণাসমূহ সঠিকভাৱে বুজি পালে পৰীক্ষাত ধাৰণাগত প্ৰশ্নৰ উত্তৰ দিয়াই নহয়, ভৱিষ্যতে শ্রেণীকোঠাৰ শিক্ষাদান প্ৰক্ৰিয়াও ফলপ্ৰসূ কৰি তুলিব পৰা যায়।
ভাইগটস্কি আছিল এজন সামাজিক নিৰ্মাণবাদী (Social Constructivist)। তেওঁৰ মতে শিশুৱে নিজৰ সামাজিক পৰিৱেশ, বয়োজ্যেষ্ঠসকল আৰু সমনীয়াৰ সৈতে মত বিনিময় তথা আদান-প্ৰদানৰ যোগেদিহে জ্ঞান গঠন কৰে। পিয়াজেৰ বিপৰীতে ভাইগটস্কিয়ে বিশ্বাস কৰিছিল যে শিক্ষণে বিকাশক গতি প্ৰদান কৰে। অৰ্থাৎ শিশুৱে যেতিয়া সমাজৰ অন্য লোকসকলৰ সৈতে ভাব আৰু অভিজ্ঞতাৰ আদান-প্ৰদান কৰে তেতিয়া তেওঁলোকৰ জ্ঞানাত্মক ক্ষমতাৰ দ্ৰুত বিকাশ ঘটে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত সংস্কৃতিয়ে প্ৰাথমিক ভেঁটিৰ কাম কৰে আৰু শিশুক চিন্তাধাৰা, মূল্যবোধ তথা ব্যৱহাৰ গঠন কৰাত সহায় কৰে।
ভাইগটস্কিৰ সামাজিক-সাংস্কৃতিক তত্ত্বৰ অন্যতম কেন্দ্ৰীয় বিষয় হৈছে সমীপস্থ বিকাশৰ মণ্ডল (Zone of Proximal Development বা ZPD)। মূলতঃ শিশুৱে নিজৰ প্ৰচেষ্টাৰে স্বতন্ত্ৰভাৱে সমাধান কৰিব পৰা সমস্যা আৰু কোনো শিক্ষক বা অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত সমাধান কৰিব পৰা কাৰ্যৰ মাজৰ যি দূৰত্ব বা ব্যৱধান তাকেই ZPD বুলি কোৱা হয়। এই ধাৰণাই স্পষ্ট কৰি দিয়ে যে শিক্ষণ প্ৰক্ৰিয়াত উপযুক্ত সমৰ্থন আৰু পৰামৰ্শ লাভ কৰিলে শিশুৱে নিজৰ স্বাভাৱিক সীমা অতিক্ৰম কৰি নতুন তথা জটিল শিক্ষণ লক্ষ্যত উপনীত হ’ব পাৰে।
এই ZPD ৰ ভিতৰত শিশুক আগবঢ়াই নিয়াৰ বাবে প্ৰয়োগ কৰা অস্থায়ী সহায় বা সমৰ্থনৰ ব্যৱস্থাক স্কেফ’ল্ডিং (Scaffolding) বোলা হয়। স্কেফ’ল্ডিং হৈছে শিক্ষক, প্ৰাপ্তবয়স্ক বা অভিজ্ঞ সমনীয়াই প্ৰদান কৰা ইঙ্গিত, উদাহৰণস্বৰূপে, প্ৰশ্ন সোধা বা সমস্যা সমাধানত কৰা সহায়। শিশুটিয়ে কোনো কাৰ্য নিজে সম্পূৰ্ণ কৰিব পৰা হোৱাৰ লগে লগে এই অস্থায়ী সহায় লাহে লাহে প্ৰত্যাহাৰ কৰা হয়। CTET পৰীক্ষাত প্ৰায়ে স্কেফ’ল্ডিং সম্পৰ্কীয় বাস্তৱিক পৰিস্থিতিভিত্তিক প্ৰশ্ন সোধা দেখা যায়।
স্কেফ’ল্ডিং প্ৰদান কৰা এই ব্যক্তিজনক ভাইগটস্কিয়ে অধিক জ্ঞানসম্পন্ন ব্যক্তি বা এমকেঅ’ (More Knowledgeable Other – MKO) বুলি অভিহিত কৰিছে। এমকেঅ’ কেৱল শিক্ষক বা বয়োজ্যেষ্ঠ ব্যক্তিয়েই হ’ব লাগিব বুলি কোনো কথা নাই; কোনো বিষয়ত শিশুটিতকৈ অধিক জ্ঞান থকা সমনীয়া বা আনকি প্ৰযুক্তিগত মাধ্যমসমূহো এমকেঅ’ হ’ব পাৰে।
জ্ঞানাত্মক বিকাশৰ দিশত ভাষাৰ ভূমিকাক ভাইগটস্কিয়ে সৰ্বোচ্চ স্থান দিছে। তেওঁৰ মতে ভাষা কেৱল যোগাযোগৰ মাধ্যম নহয়, ই হ’ল চিন্তন প্ৰক্ৰিয়াৰ আটাইতকৈ শক্তিশালী সঁজুলি। শিশুৱে নিজৰ ক্ৰিয়া-কলাপ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা দিবলৈ উচ্চ শব্দৰে নিজৰ সৈতেই কথা পাতে, যাক ভাইগটস্কিয়ে প্ৰাইভেট স্পীচ (Private Speech) বুলি অভিহিত কৰিছে। এই প্ৰাইভেট স্পীচ পিয়াজেৰ মত অনুসৰি অহংকেন্দ্ৰিক হ’লেও ভাইগটস্কিৰ মতে ই শিশুৰ স্ব-নিয়ন্ত্ৰণ আৰু চিন্তন প্ৰক্ৰিয়াৰ বাবে অতি প্ৰয়োজনীয়। সময়ৰ লগে লগে এই ব্যক্তিগত বাক্য অন্তৰ্নিহিত চিন্তালৈ অৰ্থাৎ ইনাৰ স্পীচলৈ (Inner Speech) ৰূপান্তৰিত হয়।
ভাইগটস্কিৰ সামাজিক-সাংস্কৃতিক তত্ত্বই সহযোগীতামূলক শিক্ষণ (Cooperative Learning), দলগত আলোচনা আৰু শিক্ষাগুৰুৰ পথপ্ৰদৰ্শনক বিশেষ গুৰুত্ব প্ৰদান কৰে। CTET পৰীক্ষাৰ দৃষ্টিৰ পৰা ZPD, স্কেফ’ল্ডিং, MKO, আৰু প্ৰাইভেট স্পীচৰ ধাৰণাসমূহ অত্যন্ত গুৰুত্বপূৰ্ণ। এই তত্ত্বৰ মূল ভাৱমৰ্ম উপলব্ধি কৰিলে শিক্ষাৰ্থীসকলে শিক্ষাশাস্ত্ৰ সংক্ৰান্তীয় জটিল প্ৰশ্নসমূহ সহজেই আৰু সঠিকভাৱে সমাধান কৰিবলৈ সক্ষম হ’ব।
লেভ ভাইগটস্কিৰ সামাজিক-সাংস্কৃতিক তত্ত্ব আৰু ইয়াৰ প্ৰয়োগিক গুৰুত্ব- এই বিষয়টো অধিক স্পষ্ট কৰিবলৈ তলত এই বিষয়ৰ সৈতে জড়িত বিগত বৰ্ষসমূহৰ ২০ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ যোগ কৰা হৈছে। এই প্ৰশ্নসমূহে পৰীক্ষাৰ্থীসকলক CTET পৰীক্ষাত সোধা প্ৰশ্নৰ প্ৰকৃতি বুজাত আৰু নিজৰ প্ৰস্তুতি জুখি চোৱাত নিশ্চিতভাৱে সহায় কৰিব |
বিগত বৰ্ষৰ লেভ ভাইগটস্কিৰ সামাজিক-সাংস্কৃতিক তত্ত্ব আৰু ইয়াৰ প্ৰয়োগিক গুৰুত্ব সম্পৰ্কে আলোকপাত ৰ 2০ টা CTET প্ৰশ্ন। প্ৰতিটো প্ৰশ্নত উত্তৰ বাছনি কৰক — শুদ্ধ ✅ নে ভুল ❌ তৎক্ষণাৎ ওলাব।










