• Home
  • Ask & Answer
  • প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

প্ৰদীপ গগৈৰ সৈতে ছাঁ-পোহৰ

question answer

nisha bhuyan

এই মাহৰ বিশেষ অতিথি সকল- নিশা ভূঞা, গুৱাহাটী

১/ জীৱনত যদি ভয় আছে, কিহৰ প্ৰতি ভয় আছে, যিয়ে প্ৰতিপল বাধা দিয়ে?

  • জীৱনটোত মাথোঁ এটা ভয়েই অহৰহ খেদি ফুৰে। সেই ভয় হেৰাই যোৱাৰ…ভয় হেৰুৱাই পেলোৱাৰ। এই সুন্দৰ জীৱনটোত অবাঞ্ছিতভাৱেই আপোন বহুতকে হেৰুৱাইছোঁ! প্ৰতিবাৰেই যেন জীৱনৰ একো একোটা অংশহে হেৰুৱাই পোলাইছোঁ, তেনে অনুভৱ হয়। সেইবাবেই তেনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ভয়ে প্ৰায়ে খেদি ফুৰে।

২/ হাতত টকা-পইচা নথকাকৈ মানুহে মানুহৰ বাবে কি কি কাম কৰিব পাৰে?

  • টকা-পইচা নথকাকৈ মানুহ মানুহৰ সকাহ হ’ব পাৰে। টকা-পইচাৰো উৰ্দ্ধত মানুহে মানুহক মানসিক আৰু আৱেগিকভাৱে দৃঢ় হৈ থকাৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। মুখৰ মিঠা মাত এষাৰি দি হতাশ হৈ পৰা কোনোজনক জীপাল কৰি তুলিব পাৰে।

৩/ জীৱনত এনে ৫ টা কাম ,যিকেইটাৰ বাবে আপুনি আপোনাক ধন্যবাদ দিব বিচাৰে?

  • জীৱনত সদায়ে ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰোঁ। কোনো কোনো সময়ত কঠিন পৰিস্থিতিৰ সন্মুখীন হওঁ যদিও সাহসেৰে মোকাবিলা কৰিবলৈ চেষ্টা কৰোঁ। হতাশাৰে পূৰ্ণ সময়ছোৱাত মানসিকভাৱে স্থিৰ হৈ থাকিবলৈ অহৰহ প্ৰয়াস কৰাৰ বাবেই নিজকে ধন্যবাদ দিব বিচাৰোঁ।
  • আপোনসকলৰ লগতে একাংশ বন্ধুবৰ্গক টকা-পইচাৰে নহ’লেও অন্য প্ৰয়োজনীয় দিশত- নিৰ্দিষ্ট সময়ত সহায় কৰিবলৈ চেষ্টা কৰি আহিছোঁ। সেইবাবেও নিজকে ধন্যবাদ দিবলৈ বিচাৰোঁ।
  • নিজৰ মাতৃভাষাক সৰুৰে পৰাই ভালপাই আহিছোঁ। মাতৃভাষাতেই আদি শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাও লাভ কৰিছোঁ। শেহতীয়াকৈ বহুজনৰ ইংৰাজী ভাষাৰ মাধ্যমৰ শিক্ষা ভৱিষ্যতৰ কথা বিষয়ক উপদেশক সন্মান সহকাৰেই নাকচ কৰি নিজৰ সন্তানকো আমাৰ মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰাই দিছোঁ। সেইবাবেও নিজক ধন্যবাদ দিবলৈ বিচাৰোঁ।
  • শৈশৱৰ পৰাই কিতাপ পঢ়ি ভাল পাইছিলোঁ, এই অভ্যাস গঢ়ি তুলিছিল মোৰ মা-দেউতাই। সেই সুবাদতে ক্ৰমশঃ আমাৰ মাতৃভাষাত সাহিত্য চৰ্চাৰ প্ৰয়াস কৰোঁ। বর্তমানলৈ এই ক্ষেত্ৰত যৎসামান্য কাম কৰিবলৈ সক্ষম হোৱাৰ বাবে নিজকে ধন্যবাদ দিবলৈ বিচাৰোঁ। অৱশ্যে বৰ্তমানেও বহু কাম কৰিবলৈ বাকী।

৪/ আমি আচলতে কাৰ বাবে জীয়াই থাকোঁ । নিজৰ বাবে ,আনৰ বাবে?

  • সামান্য সংখ্যক মানুহে নিজৰ বাবে জীয়াই থকাৰ বিপৰীতে অধিকাংশ মানুহেই আনৰ বাবে জীয়াই থাকে। কিন্তু সকলোৰে উৰ্দ্ধত আমি আশাত বন্দী হৈয়েই জীয়াই থাকোঁ। আনৰ বাবে কিবা এটা কৰাৰ সুখ, সময়ত আনৰ সকাহ হৈ পৰাৰ তাড়না , নিজৰ কথা পাহৰি – নিজৰ চকুলো মচি আনৰ বাবে জীয়াই থকাৰ হেঁপাহে আচলতে নিজকো জীপাল কৰে। আনৰ কথা ভাবিয়েই উকা হৈ পৰা জীৱনত হাৰি মুমূর্ষু হৈ পৰা জানো পুনৰ জী উঠে…

৫ /আপুনি আপোনাৰ লগত কিমান সৎ?

  • সম্পূৰ্ণ সৎ হ’বলৈ হয়তো আজিও কিছু বাকী আছে!

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top