সীমা ডেকা
ওদালগুৰি
“কামৰূপা মোৰ সুৱদী সুৰীয়া
অসমীয়া ভাষা জগত সভালৈ যাব
উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হ'ব।”
-- জ্যোতিপ্ৰসাদ আগৰৱালা
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে। এনে মৰ্যাদাই ভাষাটোক উচ্চতা প্ৰদান কৰিছে আৰু অৱধাৰিতভাৱে ইয়াৰ গুৰুত্বও বাঢ়িল। তদুপৰি অসমীয়া সমাজ জীৱনলৈও ই এক আশাৰ বাৰ্তা কঢ়িয়াই আনিছে। কেইবাটাও চৰ্তৰ ওপৰত ভিত্তি কৰিহে ভাষা এটাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হয়। সাহিত্য অকাডেমীৰ চৰ্ত অনুসৰি- ভাষাটোৰ প্ৰামাণিক ইতিহাস বা প্ৰাৰম্ভিক লেখাসমূহৰ প্ৰাচীনত্ব কমেও ১০০০-১৫০০ বছৰ পুৰণি হ’ব লাগিব। প্ৰাচীন সাহিত্য তথা লেখাৰ সমলসমূহক বহু প্ৰজন্মই বছৰ বছৰ ধৰি ঐতিহ্য হিচাপে গণ্য কৰি আহিছে। তদুপৰি ভাষাটোৰ ক্ৰমবিৰ্ৱতনৰ প্ৰামাণিক তথ্যকে আদি কৰি ভালেমান দিশ সূক্ষ্ম পৰ্যবেক্ষণৰ যোগেদিহে ভাষা বিশেষজ্ঞ সমিতিয়ে ভাষা এটাক ধ্ৰুপদী মৰ্যাদা প্ৰদান কৰে। অসমীয়া ভাষাৰ এক দীঘলীয়া গৌৰৱময় ইতিহাস আছে। খ্ৰীষ্টীয় দশম শতিকাৰ পৰাই অসমীয়া ভাষাই স্বকীয় ৰূপ লয়। অসমীয়া ভাষা বিকাশৰ উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰে চৰ্যাপদবোৰে। বৌদ্ধ ধৰ্ম চৰ্চাত ব্যৱহৃত এই চৰ্যাপদৰ ধ্বনিতত্ত্ব, শব্দমালা, বাক্যবিন্যাস আদি সকলো ক্ষেত্ৰতে অসমীয়া ভাষাৰ প্ৰয়োগ দেখা যায়। প্রাচীন শিলালিপি, তাম্রলিপি, মুদ্রা, সাঁচিপাত আদিয়ে অসমীয়া ভাষাৰ প্রামাণিত ইতিহাস বহন কৰিছে। ষোড়শ শতাব্দীৰ শেষৰ ফালে অসমীয়া গদ্যৰো বিকাশ হয়। এইদৰেই অসমীয়া ভাষাই ধর্মীয় ভাবাপন্ন পদ-পুথি, সাঁচিপাত, ৰজাদিনীয়া লিপি, মুদ্রা, ভাস্কর্য, বুৰঞ্জী, সাহিত্য আদিৰ মাজেদি বিকশিত হৈ আজিৰ ৰূপ পৰিগ্রহ কৰিছে।
অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা প্ৰদানে ভাষাকেন্দ্ৰিক বহু বিৰ্তকৰ অৱসান ঘটালে। অসমীয়া ভাষা যে আমদানিকৃত নহয় সেয়া প্ৰমাণ হ’ল। কিন্তু বহুতৰে মনত প্ৰশ্ন হৈছে যে- ধ্ৰুপদী মৰ্যাদা লাভ কৰা ভাষাটো আগন্তুক সময়ত জীয়াই থাকিব নে? নে সংস্কৃত ভাষাৰ দৰে কালৰ বুকুত হেৰাই যাব! বৰ্তমান সংস্কৃত ভাষাটো কেৱল পাঠ্যক্ৰমৰ মাজতেই সীমাবদ্ধ। শিক্ষানুষ্ঠানত পঢ়োৱা হয় যদিও ভাষাটোৰ চৰ্চা নহয়। ভাৰতৰ কোনো এখন ৰাজ্যতেই হয়তো সংস্কৃত ভাষাত কথোপকথন নহয়। কোনোৱে কৰিলেও সংখ্যা একেবাৰেই তাকৰ। এনেদৰে ক্ৰমাত সংস্কৃত ভাষাটো কালৰ বুকুত হেৰাই যাবলৈ ধৰিছে। ধ্ৰুপদী মৰ্যাদা পোৱা অসমীয়া ভাষাটোও হেৰাই যাব নেকি তাক লৈও চৰ্চা হৈছে। চৌপাশলৈ মন কৰিলে দেখা যায় যে- বহু অসমীয়াই অসমীয়া ভাষাক লৈ সচেতন নহয়। অসমীয়া ভাষাক লৈ গৌৰৱ কৰিবলৈও পাহৰিলে । আজিকালি অসমীয়া নজনাটো লাজৰ কথা নহয় ,ইংৰাজী নজনাটোহে লাজৰ কথা। সেয়ে অভিভাৱকসকলে অ মানে অসম বুলি শিকোৱাতকৈ A for Apple বুলিহে প্ৰথমে শিকোৱা হ’ল। অসমীয়া মাধ্যমত পঢ়োৱাৰ সলনি ইংৰাজীত পঢ়োৱা হ’ল। লাহে লাহে অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ নোহোৱা হ’ল। ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ সংখ্যা বাঢ়ি গ’ল। অসমতেই বহু ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অসমীয়া নিষিদ্ধ হ’ল। অসমীয়া ভাষাটো অসমতেই বাধাপ্ৰাপ্ত হ’ল। ইয়াতকৈ আৰু দুখৰ কথা কি থাকিব পাৰে। অসমত অসমীয়া কোৱা আৰু লিখা মানুহৰ সংখ্যা ভয়াৱহভাৱে হ্ৰাস হৈ আহিছে। অসমীয়া শিক্ষিত-অশিক্ষিত সকলোৱে অসমীয়াতকৈ ইংৰাজী শব্দৰ প্ৰয়োগ বেছিকৈ কৰা হ’ল। এইদৰে বাৰু ভাষা এটাই ধ্ৰুপদী মৰ্যাদা লাভ কৰিলেও দীৰ্ঘকাললৈ কিদৰে শক্তিশালী হৈ থাকিব!

লাহে লাহে অসমীয়া ভাষাৰ গ্ৰন্থৰ পঢ়ুৱৈৰ সংখ্যাও হ্ৰাস পাইছে। বহু কাকত-আলোচনী পঢ়ুৱৈৰ অভাৱত বন্ধ হোৱাৰ পথত। শিক্ষাৰ্থীসকলে কেৱল পাঠ্যপুথিত থকা আৰু পৰীক্ষাত অহা বিষয়সমূহহে পঢ়া হৈছে। ভাষা এটা আয়ত্ব কৰা আৰু চৰ্চা কৰাৰ ক্ষেত্ৰত বহুতৰে আগ্ৰহ নাথাকে। গাঁৱে-ভূঞে থকা কিতাপৰ বিপণীবোৰো আজি বন্ধ হৈ পৰিছে, কেৱল মাত্ৰ ক্ৰেতাৰ অভাৱত। এইবোৰেই বাৰু প্ৰমাণ নকৰেনে আমি যে নিজৰ ভাষাটোক অৱহেলা কৰিছো। নতুন প্ৰজন্মক আমি নিজৰ ভাষাটোক ভাল পাবলৈ, ভাষাটোৰ প্ৰতি দায়বদ্ধ হ’বলৈ শিকাব পাৰিছোনে? অসম চৰকাৰে ভাষা গৌৰৱ সপ্তাহ অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ জাৰি কৰিছিল, কিন্তু নিৰ্দেশনাৰে সপ্তাহ পালন কৰিলেই জানো ভাষাটোক জীয়াই ৰাখিব পৰা যাব? ভাষা এটা কেৱল নিৰ্দেশনা দি জীয়াই ৰাখিব নোৱাৰি। ভাষা গৌৰৱ সপ্তাহ পাতিবলৈ কোৱা সময়খিনিতো চৰকাৰে নিৰ্দেশনা ইংৰাজীতেই প্ৰকাশ কৰিছিল আচৰিত নহয়নে? তদুপৰি ভাষাৰ প্ৰসিদ্ধ পণ্ডিতসকলক প্ৰতি বছৰে দুটা মুখ্য আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰদান, শৈক্ষিক আৰু গৱেষণা ক্ষেত্ৰত নিযুক্তিৰ সুবিধা, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত ভাৰতীয় ধ্ৰুপদী ভাষাৰ শিক্ষাৰ্থীসকলৰ বাবে নিৰ্দিষ্ট সংখ্যক আসনৰ ব্যৱস্থাই জানো ভাষাটোক জীয়াই ৰাখিব?
প্ৰকৃততে অসমীয়া ভাষাক জীয়াই ৰাখিবলৈ আমি এক পৰিৱেশ সৃষ্টি কৰিব লাগিব। অসমৰ প্ৰতিটো পৰিয়ালে ঘৰত অসমীয়া ভাষাতেই কথা পাতিব লাগিব। বিদ্যালয়ত ভাষা প্ৰেম কি শিকাব পাৰিব লাগিব। বিষয়টো গুৰুত্ব সহকাৰে শিকাব লাগিব। অসমৰ বেচৰকাৰী বিদ্যালয়সমূহতো অসমীয়া ভাষা বাধ্যতামূলক কৰিব লাগিব। লগতে অসমীয়া ভাষা নিষিদ্ধ কৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়-বিশ্ববিদ্যালয়ত প্ৰতিটো বিভাগ বা শ্ৰেণীতেই হাতে লিখা আলোচনী বা পত্ৰিকা প্ৰস্তুত কৰিবলৈ শিক্ষাৰ্থীসকলক শিকাব লাগিব, আগ্ৰহী কৰিব লাগিব। উচ্চ শিক্ষাৰ যিকোনো বিষয় অসমীয়াত পঢ়িব পৰা সুবিধা কৰিব লাগিব। অসমৰ প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত জাননী-নিৰ্দেশনা অসমীয়াত দিয়া ব্যৱস্থা কৰিব লাগিব। শিক্ষানুষ্ঠানত শিক্ষাৰ্থীক গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ দিব পাৰিব লাগিব। গ্ৰন্থৰ প্ৰতি শিক্ষাৰ্থীক আগ্ৰহী কৰিব লাগিব। প্ৰতিটো অঞ্চলত নামঘৰ থকাৰ দৰে একোটাকৈ পুথিভঁৰাল থাকিব লাগে। এই ক্ষেত্ৰত চৰকাৰে সহায় কৰিব পাৰে। সমাজৰ কল্যাণকামী সকলৰ সহায়তো সম্ভৱ হ’ব পাৰে।
মুঠতে প্ৰাণৰ অসমীয়া ভাষাটো প্ৰজন্মৰ পৰা প্ৰজন্মলৈ শক্তিশালী কৰি জীয়াই ৰাখিবলৈ প্ৰতিজন অসমীয়া আৰু অসম চৰকাৰৰ প্ৰধান দায়িত্ব। তেতিয়াহে ভাষাটোৱে আজীৱন উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি জীয়াই থাকিব। মাত্ৰ ৩৩ শতাংশ অসমীয়াৰ মাজতহে প্ৰচলিত অসমীয়া ভাষাই ইতিমধ্যেই সংখ্যালঘু ভাষালৈ পৰ্যবসিত হৈছে। চৰকাৰে ভাষা আইন প্ৰয়োগ কৰি হ’লেও অসমীয়া ভাষাক স্থায়িত্ব দিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। অন্যথা জ্যোতিপ্ৰসাদৰ সপোন সপোন হৈয়ে ৰ’ব। জগত সভালৈ যোৱাৰ পৰিৱৰ্তে অসমতে অসমীয়া ভাষাৰ অপমৃত্যু ঘটিব। ভাষা-সাহিত্যৰে সমৃদ্ধিশালী, বিশ্বৰ সংস্কৃতিবান জাতিসমূহৰ মাজত অসমীয়া জাতি অপাংক্তেয় হৈ ৰ’ব। সেয়ে ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অত্যুৎসাহী হোৱাৰ বিপৰীতে অসমীয়া ভাষাৰ প্ৰচাৰ-প্ৰসাৰ আৰু সাৰ্বিক উত্তৰণত আত্মনিয়োগ কৰাতহে প্ৰতিগৰাকী অসমীয়া এতিয়াৰে পৰা সজাগ-সচেষ্ট হোৱাটো সবাতোকৈ গুৰুত্বপূৰ্ণ দায়িত্ব অথবা কৰ্তব্য ৰূপে চিহ্নিত হৈছে।










