• Home
  • Featured Fortnightly
  • সেউজ সাহিত্যৰ পম খেদি: শতিকাগৰকা পবা বর্ষাৰণ্য আৰু পবা বিষয়ক প্রকৃতি সাহিত্য

সেউজ সাহিত্যৰ পম খেদি: শতিকাগৰকা পবা বর্ষাৰণ্য আৰু পবা বিষয়ক প্রকৃতি সাহিত্য

fortnightly1

(খণ্ড ২)
মানস প্রতিম দত্ত
৮৮১২০৯৭৭১৬


২০২২ চনত প্ৰকাশিত কবি, লেখক, পৰিৱেশকর্মী তোষেশ্বৰ মিৰি আগৰৱালাৰ গ্ৰন্থ চিয়াং প্ৰান্তৰৰ সেউজ সুষমাত পবা বৰ্ষাৰণ্য সুৰক্ষা আন্দোলনৰ আৰম্ভণিৰ পৰা সাম্প্ৰতিক সময়লৈকে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ঐতিহ্য আৰু ইতিবৃত্ত সম্বলিত এখন আটকধুনীয়া গৱেষণামূলক গ্রন্থ। গ্ৰন্থখনত পবা বনাঞ্চলক অভয়াৰণ্যৰ মৰ্যাদা প্ৰদানৰ বাবে স্থানীয় ৰাইজে কৰি অহা দাবী, ত্যাগ, প্ৰত্যাহ্বানৰ নিখুঁত চিত্ৰায়ন ঘটিছে। লেখক নিজে এই দীৰ্ঘদিনীয়া সংগ্ৰামৰ সৈতে ওত:প্ৰোতভাৱে জড়িত থকাৰ বাবে তেওঁৰ অভিজ্ঞতাৰ বৰ্ণনা অত্যন্ত বিশ্বাসযোগ্য আৰু সুখপাঠ্য হৈ পৰিছে। পবাৰ জৈৱবৈচিত্ৰ্যৰ সুৰক্ষাৰ লগতে ইয়াক এক সুসংহত পৰিৱেশ নীতিৰ আৱৰ্তলৈ আনিবলৈ কৰা অবিৰত প্ৰচেষ্টা এই গ্ৰন্থৰ মূল উপজীব্য।

পৰিসৰৰ ফালৰ পৰা কিতাপখন কেৱল বনাঞ্চল সংৰক্ষণৰ ধৰ্মীয় নথিপত্ৰ নহয়, ই এক সামাজিক দস্তাবেজস্বৰূপ। ‘চিয়াং প্ৰান্তৰৰ সেউজ সুষমা’ত মুৰ্কংচেলেক আৰু জ’নাই অঞ্চলৰ আর্থ-সামাজিক জীৱনপ্ৰবাহ তথা জনজাতীয় চেতনাৰ বাস্তৱ ৰূপ নিখুতভাৱে তুলি ধৰিবলৈ লেখক আগৰৱালাই যত্ন কৰা পৰিলক্ষিত হৈছে। পবাৰ সংৰক্ষণত জ’নাইবাসীৰ অৱদান আৰু অৰণ্যখনৰ সৈতে তেওঁলোকৰ নিবিড় আত্মিক সম্পৰ্কক গ্ৰন্থখনে অতি কৌশলেৰে সাৱলীলভাৱে তুলি ধৰিছে। গ্রন্থখন অসমৰ বৰ্ষাৰণ্য সংৰক্ষণ আন্দোলনৰ এক প্ৰামাণিক অভিগাথা বুলিব পাৰি। ইয়াৰ অনন্য কথনশৈলী আৰু ঐতিহাসিক দৃষ্টিভংগীয়ে পবা সংৰক্ষণৰ বাবে জনমত গঠনত এক বিশেষ প্ৰভাৱ পেলাব বুলি আশা কৰিব পাৰি। বৰ্ষাৰণ্যৰ সেউজ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত এই গ্ৰন্থই ভৱিষ্যত প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হিচাপে কাম কৰিব।

পবা বিষয়ক চর্চা কৰি থকা আন এজন বিশিষ্ট লেখক, গৱেষক, পৰিৱেশকর্মী ড° নৱ কুমাৰ চমুৱা। অসমৰ জীৱবৈচিত্ৰ্য, বনসম্পদ, বন্যপ্ৰাণী সংৰক্ষণ আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কে তেওঁৰ দীৰ্ঘদিনীয়া অধ্যয়ন, গৱেষণা আৰু ক্ষেত্ৰ-অভিজ্ঞতাই তেওঁক এই ক্ষেত্ৰৰ এজন নিৰ্ভৰযোগ্য লেখক হিচাপে প্ৰতিষ্ঠা কৰিছে। বিজ্ঞানভিত্তিক তথ্যক সহজ-সৰল ভাষাত পাঠকৰ ওচৰলৈ আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁৰ বিশেষ দক্ষতা লক্ষ্য কৰা যায়। ড° নৱ কুমাৰ চমুৱাৰ ৰচিত ‘অসমৰ বৰ্ষাৰণ্য’ গ্ৰন্থখন অসমৰ দিহিং-পাটকাই আৰু পবা বৰ্ষাৰণ্যক কেন্দ্ৰ কৰি প্ৰস্তুত কৰা এখন তথ্যসমৃদ্ধ আৰু গৱেষণাধৰ্মী গ্ৰন্থ। গ্ৰন্থখনত দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু পবা বনাঞ্চলৰ প্ৰাকৃতিক বৈশিষ্ট্য, পৰিৱেশগত গুৰুত্ব, জৈৱবৈচিত্ৰ্য আৰু বৰ্ষাৰণ্য হিচাপে ইয়াৰ বৈজ্ঞানিক মৰ্যাদা সুস্পষ্টভাৱে বিশ্লেষণ কৰা হৈছে। একে সময়তে পৃথিৱীৰ উল্লেখযোগ্য বৰ্ষাৰণ্যসমূহৰ চমু পৰিচয় দি বিশ্ব পৰিপ্ৰেক্ষিতত অসমৰ বৰ্ষাৰণ্যৰ স্থান আৰু তাৎপৰ্যও ব্যাখ্যা কৰা হৈছে। ইয়াৰ উপৰি অসমৰ বৰ্ষাৰণ্যত পোৱা বৃক্ষ, লতা, গুল্ম, অর্কিড, বনৌষধি, স্তন্যপায়ী প্ৰাণী, চৰাই, সৰীসৃপ, উভচৰ, মাছ, পতংগ আদি জীৱবৈচিত্ৰ্যৰ তথ্য-তালিকা আৰু বৰ্ণনাই গ্ৰন্থখনক অধিক সমৃদ্ধ কৰিছে। তথ্যৰ যথাৰ্থতা, সহজ উপস্থাপন আৰু চিত্ৰসহায়ক বৰ্ণনাই গ্ৰন্থখনক ছাত্ৰ-ছাত্ৰী, গৱেষক, শিক্ষক, প্ৰকৃতিপ্ৰেমী আৰু সাধাৰণ পাঠকৰ বাবে এক মূল্যৱান তথ্য-সমল হিচাপে গঢ়ি তুলিছে। অসমৰ বৰ্ষাৰণ্য সম্পৰ্কে প্ৰাথমিক জ্ঞান আহৰণৰ লগতে সংৰক্ষণৰ প্ৰয়োজনীয়তা উপলব্ধি কৰাত এই গ্ৰন্থই নিঃসন্দেহে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
পবা বিষয়ক আন এখন গুৰুত্বপূর্ণ পৰিচয়মুলক গ্রন্থ হৈছে কবি, সাংবাদিক, পৰিৱেশকর্মী, লেখক ৰয়েল পেগুৰ ‘বর্ষাৰণ্য পবা শতিকা গৰকা দুলুঙৰ জীৱ-বৈচিত্র্য’ এখন গুৰুত্বপূৰ্ণ হাতপুথি। ৰয়েল পেগুৱে তেওঁৰ ৰচনাৰ জৰিয়তে পবাৰ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়াৰ বাবে চলাই অহা সংগ্ৰামক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

মানস প্ৰতিম দত্তৰ পৰিৱেশ বিষয়ক গ্ৰন্থ সংকট-সম্ভাৱনাৰ আলিবাটেৰে মানুহ আৰু প্ৰকৃতিতো পবা বৰ্ষাৰণ্যৰ ঐতিহ্য আৰু সাহিত্য সম্পৰ্কে আলোকপাত কৰা হৈছে।

বিভিন্ন কাকত-আলোচনীত পবাকেন্দ্ৰিক লেখা-মেলা কৰা লেখকসকলৰ ভিতৰত সৌম্যদ্বীপ দত্ত, তোষেশ্বৰ মিৰি আগৰৱালা, যুগল সন্দিকৈ, কৰুণা দত্ত চৌধুৰী, ৰয়েল পেগু, মানস প্ৰতিম দত্ত, বিজয় বৰি, ভাস্কৰজ্যোতি টায়েং আদি অন্যতম৷

পবাক অভয়াৰণ্য ঘোষণাৰ আশ্বাস বহুবাৰেই দিয়া হ’ল৷ বিধানসভাৰ শৰৎকালীন অধিৱেশনত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৩০ আগষ্ট ২০২৪ তাৰিখে পবাক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰিব বুলি জনাইছিল যদিও আজি পর্যন্ত এই ঘোষণা কার্যকৰী কৰা নহ’ল। এতিয়া সময় ইয়াক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ৷ অন্যথা আমাৰ মনত প্ৰশ্ন হৈয়ে থাকিব– পবাই অভয়াৰণ্যৰ স্বীকৃতি পাব কেতিয়া

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top