• Home
  • Weekly
  • বৰ্ণময় অনলাইন মঞ্চৰ সৰল শিক্ষকগৰাকী

বৰ্ণময় অনলাইন মঞ্চৰ সৰল শিক্ষকগৰাকী

Image

নিশা ভূঞা
ফোন- ৯৭০৬৬২৫০২৫


প্রত্যেক ব্যক্তিৰে মনৰ নিভৃত কোণত কিছু সপোন থাকে। জীৱনৰ পৰা আশা কৰা বিভিন্ন প্রাপ্তি অথবা অনাকাংক্ষিতভাৱে কিছু অপ্রাপ্তিৰ ভৰত ব্যক্তিৰ অন্য বহুতো সপোন ভাগি গ’লেও সেই বিশেষ সপোনটোৱেই যেন জীয়াই থকাৰ নতুন কাৰণ বহন কৰে। কিন্তু সকলোৰে সেই বিশেষ সপোন বাস্তৱায়িত হয়নে? দায়িত্বৰ বোজাত ভাগৰি নপৰি নিজৰ সপোনক পূর্ণ কৰি সমাজত জনপ্রিয় হোৱাৰ লগতে এক ভিন্ন বার্তা কঢ়িয়াই অনা ৰৌশনী মুখার্জী বিশেষভাবে ব্যতিক্রম এগৰাকী নাৰী।কলকতাৰ এটি মধ্যবিত্ত পৰিয়ালত জন্মগ্রহণ কৰা ৰৌশনীৰ শৈশৱৰে সপোন আছিল শিক্ষকতা কৰা। নিজৰ বিদ্যালয়ৰ শিক্ষাগুকসকলৰ কথা-বতৰা আৰু শিক্ষাদানে যেন ৰৌশনীক শিক্ষকতাৰ প্রতি আগ্রহী কৰি তুলিছিল। সৰুৰে পৰাই অতি মেধাৱী ৰৌশনীক তেওঁৰ পিতৃ-মাতৃয়েও সাহস আৰু প্ৰেৰণা যোগাইছিল। বিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত প্রথম স্থান দখল কৰি ৰৌশনীয়ে বিজ্ঞান বিভাগত শিক্ষাগ্রহণ কৰে আৰু পিচলৈ বিজ্ঞানৰ বিশেষ বৃত্তি লাভ কৰি দিল্লীৰ হংসৰাজ কলেজত পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীৰ শিক্ষা লাভৰ বাবে নামভর্তি কৰে। কিন্তু অতি দুখজনকভাৱে সেই সময়ছোৱাতেই ৰৌশনীৰ পিতৃৰ আকস্মিক বিয়োগে পৰিয়ালটোৰ আর্থিক অৱস্থা নিম্নগামী কৰি তোলে।পৰিয়ালৰ দায়িত্ব বহন কৰাৰ বাবেই ৰৌশনীয়ে নিজৰ ‘শিক্ষক হোৱাৰ সপোন’ক তাতেই গাপ দি স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ পিচত বাঙ্গালুৰুৰ এটি বহুজাতিক কোম্পানীত যোগ দিয়ে। কিন্তু তেওঁ নিজৰ ইচ্ছা তথা সপোনক বেছিদিনলৈ দমন কৰি ৰাখিব নোৱাৰি ২০১১ চনত examfear.com নামৰ এক অনলাইন মঞ্চৰ সূচনা কৰে। বহুজাতিক কোম্পানীটোত কৰ্মৰত অৱস্থাতেই তেওঁ এই ইউটিউবৰ মঞ্চৰ জৰিয়তে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰম অনুসৰি পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীব বিজ্ঞান আৰু গণিত বিষয়ৰ কিছুসংখ্যক ভিডিঅ’ নির্মাণ কৰি আপলোড কৰিবলৈ লয়। সম্পূর্ণ বিনামূলীয়া এই শিক্ষাই ক্রমশঃ ছাত্র-ছাত্রীসকলক আকৰ্ষিত কৰিবলৈ ধৰে। এনেদৰে এটি ডাঙৰ সপোন পুৰণৰ সৰু পদক্ষেপে ৰৌশনীৰ জীৱনৰ প্ৰতি দৃষ্টিভংগী সলনি কৰে। পৰৱৰ্তী সময়ত এক সাক্ষাৎকৰতে সেই স্মৃতি সুঁৱৰি তেওঁ কয়, ’“ইউটিউবত আপোলোড কৰা প্ৰথম ভিডিঅ’ লাভ কৰা প্ৰথমটো মন্তব্য মোৰ আজিও মনত আছে। এজন ছাত্ৰই সেই মন্তব্যত লিখিছিল যে বিদ্যালয়ৰ শ্ৰেণীকোঠাত শিক্ষকে এসপ্তাহ নিৰ্দিষ্ট বিষয়টো পঢ়াইছিল। কিন্তু ছাত্ৰজনে ভালদৰে বুজি পোৱা নাছিল। মোৰ সেই ১০ মিনিটৰ ভিডিঅ’ চাই ছাত্ৰজনে বিষয়টো ভালদৰে আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। সেই কথাই মোক যথেষ্ট উৎসাহ দিছিল।”ক্ৰমশঃ ৰৌশনী মুখার্জীয়ে বিজ্ঞান আৰু গণিতৰ কঠিন পাঠ্যক্রম দৈনন্দিন জীৱনৰ সৰু সৰু উদাহৰণৰ দ্বাৰা বুজাবলৈ প্ৰয়াস কৰে। ক্ৰমাৎ ইউটিউবৰ সুবিধা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ সংখ্যা বাঢ়িবলৈ ধৰাত তেওঁ অধিক প্ৰেৰণা লাভ কৰে। আপল’ড কৰা ভিডিঅ’ সমূহৰ সন্দৰ্ভত দিয়া মন্তব্যসমূহ তেওঁ দৈনিক গুৰুত্বসহকাৰে পঢ়ি চায়। দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ পৰা লাভ কৰা মন্তব্য আৰু বাৰ্তাই তেওঁক অধিক দায়িত্বশীল কৰি তোলে। পিছে সেই সময়ত ভিডিঅ’ বনাবলৈ তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল। দিনৰ সময়ত তেওঁ নিজৰ কাৰ্যালয়ত ব্যস্ত থাকিবলগীয়া হৈছিল। সন্ধিয়া বা নিশাৰ সময়ত ঘৰৰ কাষৰ হুলস্থুলীয়া পৰিৱেশৰ বাবে ভিডিঅ’ বনাবলৈ অসুবিধা হৈছিল। সেইবাবে তেওঁ নিশা এপৰতে উঠি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভিডিঅ’ বনাইছিল। পিছলৈ ২০১৪ চনত তেওঁ এই ক্ষেত্রত অধিক সময় দি মনোযোগেৰে কাম কৰিবৰ বাবে চাকৰিটো এৰি দিয়ে। ১৫ লাখ টকা পেকেজৰ চাকৰি কেৱল অনলাইন শিক্ষকতা কৰিবৰ বাবে এৰি দিয়াত বহু লোকে তেওঁক কৰ্কথনা কৰে। কিন্তু নিজৰ লক্ষ্য স্থিৰে ৰাখি ৰৌশনীয়ে অনলাইনত কামবোৰ কৰি যায়। ২০১৭ চনলৈ তেওঁ কিছু সমস্যাৰ সন্মুখীন হয় যদিও তেওঁ সাহস নেহেৰুৱায়। ইতিমধ্যে শিক্ষৰ্থীসকলৰ সুবিধা হোৱাকৈ exam fear নামৰ তেওঁ এটা ৱেবছাইটো মুকলি কৰিছিল। বিশেষ কোনো কাৰণত তেওঁ নিজৰ সেই ৱেবছাইটৰ নাম সলনি কৰি larnohub ৰাখে। সমান্তৰালভাৱে তেওঁ নিৰ্বাচিত শিক্ষকৰ এটা দল তৈয়াৰ কৰে। তেওঁৰ তত্বাৱধানত সকলো শিক্ষকে অনলাইন মঞ্চৰ জড়িয়তে শিক্ষৰ্থীসকলক শিক্ষাদান কৰিবলৈ লয়। বৰ্তমান মুঠ ৩০ জন শিক্ষকে এই ৱেবছাইটৰ জৰিয়তে শিক্ষাদান কৰি আছে বুলি জানিবলৈ পোৱা গৈছে। বর্তমানেও ইউটিউবত সম্পূর্ণ বিনামূলীয়া এই শিক্ষাৰ সন্দৰ্ভত ৰৌশনী মূখাৰ্জীয়ে এনেদৰে কয়, ‘‘মোৰ শিক্ষকতাৰ প্রতি আগ্রহে examfear.com সূচনা কৰিছিল| বৰ্তমান larnohubৰ জড়িয়তে আমি অনলাইন শিক্ষাৰ এই যাত্ৰা অব্যাহত ৰাখিছোঁ। মই লক্ষ্য কৰিছো যে উন্নত শিক্ষা দিয়া শিক্ষানুষ্ঠানৰ মাচুল অতি বেছি। মাচুল কমকৈ লোৱা শিক্ষানুষ্ঠানসমূহত খৰচি মাৰি পঢ়োৱা নহয়। সেয়েহে মই সকলো বৰ্গৰ ছাত্ৰ-ছাত্ৰীৰ সহায়ৰ বাবে এই পদক্ষেপ গ্রহণ কৰিলো।’’


বহুজাতিক কোম্পানীৰ ব্যস্ততাপূর্ণ জীৱনশৈলীত তেওঁ সপ্তাহৰ ছদিনেই কোম্পানীত কাম কৰি ৰাতি অথবা দেওবাবে ভিডিঅ সমূহ প্রস্তুত কৰিছিল। কিন্তু এই বিষয়ত সম্পূর্ণ মনোযোগ দিবৰ বাবেই ৰৌশনীয়ে চাকৰি এৰিছিল। সেই সিদ্ধান্তই তেওঁক আজিও অনুশোচনাৰ বিপৰীতে জীৱনত সকাহ দিয়ে। বৰ্তমান সময়ত ৰৌশনীৰ ইউটিউব চেনেলত আছে য’ত ২০ লাখতকৈ অধিক চাবস্ক্ৰাইবাৰ আৰু ৮,০০০ৰো অধিক ভিডিঅ’ আছে যিয়ে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান, গণিতৰ পাঠ শিক্ষাৰ্থীসকলৰ বাবে সৰল কৰি তুলিছে|ৰৌশনীৰ শৈক্ষিক ৱেবছাইটৰ জৰিয়তে অতিৰিক্ত কোচিং ক্লাছ আৰু টিউচনৰ খৰচ বহন কৰিব নোৱাৰা বহু শিক্ষৰ্থী লাভান্বিত হৈছে। ৱেবছাইটত থকা ভিডিঅ’, তেওঁ প্ৰদান কৰা বক্তৃতা আৰু অধ্যয়ন কৰ্মপুস্তিকা সকলো বিনামূলীয়া। ৰৌশনীয়ে বাস্তৱ জীৱনৰ উদাহৰণ ব্যৱহাৰ কৰি গণিত আৰু বিজ্ঞানৰ ধাৰণাবোৰ সহজে বুজিব পৰাকৈ ব্যাখ্যা কৰে। প্ৰয়োজন সাপেক্ষে তেওঁ বহু এনিমেচন আৰু ছবিও ব্যৱহাৰ কৰে। তেওঁৰ ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ বক্তৃতা ৰেকৰ্ডিং কৰি পুনৰাবৃত্তি কৰিব পৰাকৈও সুবিধা কৰি দিছে। প্ৰতিটো পাঠৰ শেষত তেওঁ জটিল ধাৰণাবোৰৰ ক্ষন্তেকীয়া পুনৰাবৃত্তি যোগ কৰে। সাধাৰণতে উত্থাপিত সমস্যা আৰু প্ৰশ্নৰ ওপৰত একো একোটা খণ্ডও তেওঁ আগবঢ়ায় য’ত সৰলভাৱে সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। ফলত শিক্ষৰ্থীসকলৰ বাবে ধাৰণাসমূহ অধিক সৰল হৈ পৰে। তেওঁলোকৰ মূল কাৰ্যালয় বাঙ্গালুৰুত আছে যদিও শিক্ষৰ্থী তথা অভিভাৱকে অতি সহজে অনলাইনত তেওঁৰ সৈতে যোগাযোগ কৰিব পাৰে।জীৱন বাটত বিভিন্ন সমস্যাৰ সম্মুখীন হৈও নিজৰ সপোন পূৰণ কৰিবৰ বাবে অহোপুৰুষার্থ কৰা তথা শিক্ষা বিলাই দিয়াৰ এনে ব্যতিক্রমী প্রচেষ্টাই ৰৌশনীক অনন্য ৰূপ প্রদান কৰিছে। উল্লেখযোগ্য যে, তেওঁ ইতিমধ্যে এডুটিউবাৰ প্ৰেচিডেণ্ট বঁটা লাভ কৰিছে। লগতে লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত ভাৰতৰ ১০০ গৰাকী মহিলা এচিভাৰছৰ তালিকাত ৰৌশনী মুখাৰ্জীৰ নামো অন্তৰ্ভুক্ত হৈছে। TEDx Talks আৰু SEE Talks আদি বিশিষ্ট অনুষ্ঠানত তেওঁৰ ভাষণে বহুতকে অনুপ্ৰাণিত কৰিছে। সম্পূর্ণ বিনামূলীয়াকৈ স্বার্থহীনভাৱে শিক্ষা প্রদান কৰা ৰৌশনী মুখার্জীৰ কৰ্মৰাজি কেৱল শৈক্ষিত দিশতেই নহয়, সামাজিক দিশতো অতি প্রশংসনীয়।

1 Comments Text
  • Chris Walker's avatar Chris Walker says:
    Your comment is awaiting moderation. This is a preview; your comment will be visible after it has been approved.
    Rất cảm ơn những chia sẻ này. Nếu cần tư vấn du học Hàn Quốc, hãy tìm đến Letco — kinh nghiệm nhiều năm, dịch vụ uy tín. Chi tiết tại letco.vn.
  • Leave a Comment

    Your email address will not be published. Required fields are marked *

    Scroll to Top